দাপোণ- অত্ৰেয়ী গোস্বামী

নিজক চোৱাৰ তীব্ৰ হেঁপাহ অকণ
জীয়ন দি দি ভাগৰি পৰে সময়,
নিজক জুখিবলৈ তুলাচনীৰ
দগাত ওজনৰ অভাৱ৷

পৰিৱৰ্তনৰ সাঁকোত
ওলমি ওলমি ৰৈ যায় অস্তিত্ব৷

ভগা আইনাৰ টুকুৰাত
জুমি জুমি চালো এহালি নীলাভ চকু,
চকুৰ কথাই বুকু দহে
সলাজ চাৱনিত মৌপিয়াজনী
ভুৰুংকৈ উৰা মাৰে৷

মই মোক খুটিয়াই খুটিয়াই চাই থাকোঁতেই
দাপোণখন ভিতৰলৈ সোমাই গৈ থাকিল
মাজতে দ খাল এটা হৈ
চেহেৰাটো বিকৃত হ’ল৷
কোনেও চিনিব নোৱাৰাকৈ দাপোণখনে
মোক গোগ্ৰাসে গিলি থ’লে৷

দাপোণমতীক ফোঁট দিয়ে কোনে?
ফেঁচাই কুৰুলিয়াই ক’ত?
মুখাৰ আঁৰৰ মুখা খোল খাই
বান্ধোন সোলোক-ঢোলোক য’ত
দাপোণ ভাগে ত’ত৷

মই মোক চিনি নোপোৱাৰ অজুহাতত
সময়ে উজুটি খায়,
ভঙা-গঢ়াৰ খেলখনত দাপোণেও ৰং সলাই,
অসৎ প্ৰতিবিম্বৰে আভুৱা ভাৰে৷

দাপোণে মিছা নকয়, আঁৰ কাপোৰ তৰে
দাপোণে সঁচা ক’ব নোৱাৰে
আপোন ছবি থকথককৈ কঁপে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments