আৰম্ভণিৰ দিন দেবব্রত গগৈ

আৰম্ভণিৰ দিন

দেবব্রত গগৈ

 

এইবাৰৰ সাতসৰী (এপ্ৰিল,২০১২) সংখ্যাত ভৱকান্ত নাথ নামৰ এজন পত্ৰ লিখকে কথা প্ৰসংগত লিখিছে – “ আলফা সংগঠনতো অসমৰ জনগণৰ আকুল আহ্বানৰ উমনিত জন্ম লোৱা জাতীয় অনুষ্ঠান নহয় , ই মাত্ৰ কেইজনমান উগ্ৰ জাতীয়তাবাদী তেজাল যুৱকৰ আছুতীয়া সংগঠনহে ‌‌‌‌- যিটোৱে নেকি ঐতিহ্যমণ্ডিত ৰংঘৰ বাকৰিৰ অন্ধকাৰ কক্ষত চাকিৰ পোহৰত জন্ম লাভ কৰিছিল”।

তেতিয়া মুক্তি বাহিনীৰ সোণালী দিন চলি আছিল । গাঁও অঞ্চলৰ কথা ক’বই নালাগে, চহৰ অঞ্চলতো চাৰিওফালে জয়-জয় ময়-ময় অৱস্থা তেওঁলোকৰ । ইয়ামাহা RX-100 , ভৰিত দামী ধুনীয়া জোতা, গাত শকত একোটাহঁত নোমাল জেকেট, অলপ গহীন দৃষ্টিভংগীৰ যুৱক দেখিলেই আমি চেঙেলীয়া উতনুৱামখাই মুখৰ হাঁহি বন্ধ কৰি, অলপ সমীহ আৰু উত্সুকতাৰ দৃষ্টিৰে তেওঁলৈ চাই ৰওঁ। লগৰ দুটা মানৰ মাজত আলোচনা হয় – “ পিষ্টলতো বাৰু কোনখিনিত লুকুৱাই আনিছে” ? অৱশ্যে আৰ্কষণৰ কেন্দ্ৰ সেই যুৱকজন এজন সাধাৰণ যুৱকও হ’ব পাৰে। কিন্ত তেনে বেশ-ভূষা আৰু আদব-কায়দাৰ বাবেই যুৱকজনক আমি মুক্তি বাহিনীৰ সদস্য বুলি সন্দেহ কৰোঁ। ডাঙৰসকলৰ বা আমাৰবোৰৰ আড্ডাৰ পৰা পোৱা অসমৰ্থিত খৱৰবোৰৰ পৰাই আমি তেতিয়া মুক্তি বাহিনীৰ বিষয়ে এনেধৰণৰ ধাৰণা কিছুমান কৰিছিলোঁ, সচাঁ-মিছাৰ উমান লোৱাৰ উপায় নাছিল তেতিয়া। ঠিক তেনেকুৱা দিনতে লগৰ এটাই এদিন মোক সুধিছিল – “আজি সাত এপ্ৰিলত কি আছে , ক’চোন ?” মই তাৰ উত্তৰটো দিব নোৱাৰিলোঁ। পোন্ধৰ আগষ্টৰ দিনা যদি কোনোবাই মোক সোধে যে আজি কি আছে আৰু মই যদি উত্তৰটো দিব নোৱাৰো তেনেহলে প্ৰশ্নকৰ্তাই মোৰ প্ৰতি যিটো ধাৰণা লৈ মোক সেই প্ৰশ্নটোৰ উত্তৰ দিব ঠিক তেনে এটা ধাৰণা লৈয়ে লগৰটোৱে মোক উত্তৰটো দিছিল “ হেৰৌ , আজি আলফা আৰম্ভ হৈছিল” । সেই ৰাতি বাতৰিত পাইছিলোঁ উজনিত অসমৰ বহুমূলীয়া সম্পদ খাৰুৱা তেলৰ ভাণ্ডাৰ এটা বিস্ফোৰণেৰে উৰুৱাই দিয়া হৈছে ।

আচলতে অসমবাসী আৰু অসমীয়া মাত্ৰেই আলফা নামৰ শব্দটোক আওকাণ কৰিব নোৱাৰে।
কাৰণ ই মাথোঁ এটা শব্দ নহয়। অসমীয়াৰ গাত যোৱা তিনিটা দশকে ই ছাঁৰ দৰে লাগি আছে। কাৰোবাৰ বাবে ই আলাদিনৰ চাকি হৈ আৰু কাৰোবাৰ বাবে দুখৰ কাৰক হৈ আহিছে। কেতিয়াবা ই হৈ পৰিছে উন্মাদ , নিয়ন্ত্ৰণহীন যৌৱনৰ প্ৰতীক আৰু কেতিয়াবা অসমীয়া জাতিটোক উদ্ধাৰ কৰিম বুলি শপত লোৱা স্থিতপ্ৰজ্ঞৰ প্ৰতিনিধি।

অসমক কাৰ পৰা স্বাধীন কৰিব ? আৰু কোনখিনি ভূমিক স্বাধীন কৰিব ? এই প্ৰশ্নদুটাৰ উত্তৰ মই যোৱা ৯০চনৰ পৰা বিচাৰি আছো । পাৰিবনে তেওঁলোকে উত্তৰ কাছাৰৰ হেজাৰ কৌটি টকা খোৱা সেই দৈত্যৰূপী ৰাজনীতিকবোৰৰ পৰা অসমৰ সমাজ জীৱনক স্বাধীন কৰিব ? নতুবা পাৰিবনে তেওঁলোকে ৰাণী, ডিমৰীয়া আদিৰ দৰে গুৱাহাটীৰ দাঁতি-কাষৰীয়া ট্ৰাইবেল বেল্টৰ মাটিবোৰ অনা-অসমীয়া বেপাৰীৰ পৰা পুনৰুদ্ধাৰ কৰিব ?

যোৱা তিনিটা দশকত বাৰহেজাৰ তেজাল যুৱকৰ প্ৰাণ হানি হোৱাৰ পাছত আজি তেওঁলোকে উপলব্ধি কৰিছে যে অসমক ভাৰতৰ পৰা স্বাধীন কৰিব নোৱাৰি। এই তিনিটা দশকত অসমৰ পৰা দুই ধৰণৰ যুৱকে আমাক এৰি থৈ গুচি গল। গাঁৱৰ খাটি খোৱা সেই সহজ-সৰল সাহসী যুৱকসকল , যিয়ে চেতন-অৱচেতন মনৰ দুইপাৰত দুটা ভৰি থৈ , হাতত এখন কাল্পনিক অসমৰ মানচিত্ৰ লৈ জন্মভূমিক স্বাধীন কৰিম বুলি ওলাই গ’ল আৰু কিছুবছৰৰ পাছত তেওঁলোকৰ নিথৰ দেহ উভতি আহিল আপোন ঘৰখনৰ আগচোতাললৈ। আনহাতে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবলৈ মুক্তি বাহিনীৰ এচাম নেতাই ( পাছলৈ এওঁলোকে “ছালফা”নামৰ জীৱবিধৰ ৰূপ ল’লে ) এই সহজ-সৰল , সংগ্ৰামী আৰু সাহসী যুৱকসকলৰ দ্বাৰা যি এক ৰুদ্ধশ্বাস পৰিৱেশ ৰাজ্যখনত সৃষ্টি কৰিলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ মেধাবী ছাত্ৰ-যুৱকসকল ওলাই গ’ল অসমৰ বাহিৰলৈ , নিজৰ কেৰিয়াৰৰ সুৰক্ষাত , কেতিয়াও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে আৰু বৰ্তমান সেই ভেকুৱামখিনি পূৰ্ণ কৰিছেহি ভাৰত ৰাষ্ট্ৰই দীৰ্ঘদিনীয়া লক্ষ্যৰ উদ্দেশ্যেৰে অসমলৈ প্ৰেৰণ কৰা উত্তৰ-ভাৰতীয়মূলৰ ব্যক্তিয়ে।

ৰাজনীতিৰ পাশাখেল আমাৰ দৰে সাধাৰণ ব্যক্তিয়ে বুজি পোৱাত অলপ অসুবিধা। সেয়ে আমি বুজি নাপাওঁ কি কাৰণৰ বাবে একেটা সংগঠনেৰে সভাপতিজনক ভাৰত চৰকাৰে জোঁৱাই আদৰা দি আদৰিছে আৰু সেনাধ্যক্ষজনক কিয় পলাতক আচামী বুলি ঘোষণা কৰি থৈছে।

যুদ্ধ কৰি বা আলোচনা কৰি অসমীয়া সমাজক পুনৰুদ্ধাৰ কৰিব নোৱাৰি আৰু গঢ়িবও নোৱাৰি। চুকাফাই সকলোৰে লগত মিতিৰ নপতাহেঁতেন , চিলাৰায়-নৰনাৰায়ণে শংকৰদেৱক আদৰি নোলোৱাহেঁতেন , শংকৰদেৱে নগা-কছাৰী-মিকিৰক দীক্ষা নিদিয়াহেঁতেন , লাচিতে ইছমাইল ছিদ্দিকক বাঘ হাজৰিকা নাম দি বিশ্বাসী সেনাপতি নপতাহেঁতেন অসমীয়া সমাজখন গঢ় লৈ নুঠিলহেঁতেন।

আমিও বিচাৰোঁ অসমীয়াই প্ৰতি বছৰে বাপোতি সাহোনকেইটাক শান্তিৰে আদৰক , উৰুকাৰ ভোজ খাই থকা অৱস্থাতেই সেনাই যেন আৰু কোনো অসমীয়াকে ধৰি লৈ নাযাওক। বিদেশত কৰ্মৰত মেধাবী অসমীয়াজনে যেন অসমলৈ ঘূৰি আহিবলৈ উত্সাহবোধ কৰে। হাতৰ মাৰণাস্ত্ৰ এৰি গাঁৱৰ সাহিয়াল ডেকাহঁতে মুঠিত নাঙল আৰু কান্ধত ঢোল আঁৰক। গুৱাহাটীৰ কোনোবা মাতৃৰ কাষলৈ যেনেকৈ বিদেশত কৰ্মৰত মেধাবী যুৱকজন ঘূৰি আহক বুলি আশা কৰোঁ, ঠিক তেনেকৈ জেৰাই গাঁৱৰ সেই আইতাজনীৰ বুকুখনো যেন পুনৰ ভৰি পৰক তাকে আশা কৰিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments