বসন্ত বিশেষ অনুভৱ: যেন হেৰাই গৈছে এটা সেউজীয়া সপোন : অঞ্জল বৰা

বসন্ত বিশেষ অনুভৱ:

যেন হেৰাই গৈছে এটা সেউজীয়া সপোন

অঞ্জল বৰা

অ’ মোৰ লাহৰী মনত পৰি পৰি
ৰাতি মোৰ টোপনি নাই
কোম্পানীৰ চাকৰি যাব যে নোৱাৰোঁ
অলপো আহৰি নাই৷
বিহু বুলিলেই অসমীয়া জাতিৰ বুকুলৈ যিদৰে এটা নতুন উলাহৰ ঢৌ বাগৰি আহে, প্ৰকৃতিৰ সেউজীয়া ৰূপে যিদৰে মানুহৰ বুকুলৈ প্ৰেমৰ বন্যা নমাই আনে, কপৌফুলৰ সুবাসে যিদৰে নাচনী গাভৰুৰ খোপাত এখোপা হৈ পাহুৱাল ডেকাৰ বুকুত বিশ্বাসৰ ভালপোৱা জগাই তোলে… তাক পৃথিৱীৰ অন্য কোনো জাতিয়ে অনুভৱ কৰিব নোৱাৰে৷
মাহ-হালধি সানি নদীৰ ঘাটত নোৱাবলৈ লৈ যোৱা গৰুবোৰৰ হেম্বেলনি, ‘চাক’ৰ পৰা চটিয়াই দিয়া ‘লাও খা বেঙেনা খা’ৰ সন্মিলিত শব্দবোৰ, পৰিষ্কাৰ গৰুবোৰক নতুন পঘা দিবৰ বাবে তুলসী, দূৱৰি আৰু ৰঙা সুতাৰে বন্ধা সেই আনন্দবোৰ, খুৱাবৰ বাবে তৈয়াৰ কৰা লাডুবোৰ, ধোৱাৰে আৱৰি ধৰা জাগটো… ক’ত বিচাৰি পোৱা যাব?
জাক জাক শিশুৰ পৰা নামঘৰৰ ভকতলৈকে ঘৰে ঘৰে আহি চোতালত হৰিধ্বনি দি গোৱা হুঁচৰি, বিহুনাম, হৰিনাম, বিহুগীতৰ মুখৰিত শব্দ, মিচিং ভাই-ভনীৰ মিচিং সুৰত গোৱা ঐনিতম… ঘৰে ঘৰে লাডু-পিঠা, দৈ-সান্দহ খাই শেষ কৰিব নোৱাৰা সমন্বয়ৰ প্ৰতীক এই বিহুৰ আনন্দ অসমীয়া জাতিৰ জাতীয় সংস্কৃতিৰ বাহক৷
সময়ৰ পৰিৱৰ্তন, জীৱনৰ ব্যস্ততা, সংস্থাপনৰ চিন্তাই হয়তো হাজাৰ হাজাৰ অসমীয়াৰ বুকুত এটা কঠিন প্ৰশ্নৰ সৃষ্টি কৰিছে৷ তাহানিতে কোনোবা গাঁৱৰ শিক্ষিত নিবনুৱাই হয়তো এই বিহু, এই প্ৰকৃতি, এই গাঁৱৰ সৰলতাৰ মোহ এৰিব নোৱাৰি চাকৰিৰ সন্ধানত নিজৰ পৈতৃক সম্পত্তি বিক্ৰী কৰিও গাঁৱতেই থাকিব বিচাৰিছিল৷ সেই বেদনাৰেই তেওঁ প্ৰকাশ কৰিছিল-
“পঢ়িলোঁ শুনিলোঁ বি-এ পাছ কৰিলোঁ
চাকৰিৰ মুখলৈ চাই
ভেটি বন্ধক দিলোঁ মাটিও বেচিলোঁ
চাকৰি পাবলৈ নাই৷”
কিন্তু সময়ৰ পৰিৱৰ্তন আৰু সংস্থাপনৰ চিন্তাই মানুহক আজি গাঁৱৰ সেই মোহ এৰিবলৈ বাধ্য কৰিছে৷ জীয়াই থকাৰ তাড়নাত আজি মানুহে নিজৰ শিক্ষা-সামৰ্থ অনুসৰি নিজৰ জাতিৰ সীমা এৰি আঁতৰি আহিছে এখন নতুন সমাজলৈ৷ সমাজৰ পৰিৱৰ্তনেও জন্ম দিয়ে এটা নতুন ৰুটিন মাফিক জীৱন৷ নিজৰ কৃষ্টি-সংস্কৃতিৰ আনন্দৰ মুহূর্তত কামৰ বোজা মূৰত লৈ আনৰ কৃষ্টি-সংস্কৃতিত কামৰ পৰা আঁতৰি থাকি আনন্দ কৰাৰ যন্ত্ৰণা হয়তো কোনো স্বদেশৰ মানুহেই বুজিব নোৱাৰিব৷
আজি বহু বছৰ হ’ল৷ ময়ো যেন হেৰুৱাই পেলাইছোঁ এই আনন্দ আৰু যন্ত্ৰণাত দগ্ধ হৈ কেতিয়াবা মনটো উৰা মাৰিছে নিজৰ গাঁওখনলৈ, বিহুৰ বতৰত লগে-ভাগে এসাঁজ ভাত খাবলৈ, চুবুৰিৰ আইতাৰ হাতৰ গাখীৰ দিয়া সান্দহ খাবলৈ আৰু নিজৰ আপোন-ভালপোৱা মানুহৰ সঙ্গত অলপ হাঁহিবলৈ৷
বিহু বুলিলেই প্ৰাণত জাগি উঠে ডেকা-গাভৰুৰ প্ৰেম আৰু ভালপোৱা৷ প্ৰকৃতিৰ ন-কুঁহিপাতে সেউজীয়া কৰি তোলা পৰিৱেশে মন-প্ৰাণত জগাই তোলে অনাবিল ভালপোৱাৰ৷ গাঁৱৰ পৰা চহৰলৈকে প্ৰতিখন দোকান, ৰেস্তোৰা, প্ৰতিঘৰ মানুহৰ ঘৰতে বাজি উঠা বিহুগীতৰ সুৰে, প্ৰেম আৰু যৌৱনৰ উন্মাদনাৰ শক্তিয়ে মনলৈ কঢ়িয়াই আনে জীয়াই থকাৰ প্ৰেৰণা৷ ডেকা-গাভৰুৰ সুখ-দুখ, বিৰহ-বেদনা, প্ৰেম, হৰ্ষ-বিষাদ, আশা-আকাংক্ষাৰ প্ৰতীক এই বিহুগীত শুনিলে আজিও মনটো দৌৰ মাৰে নিজৰ বন্ধু-বান্ধৱীৰ সঙ্গত জীৱনৰ সুখ-দুখ বিলাই দিবলৈ৷ আজি যেন চকুৰ চাৱনিত জীপাল হৈ উঠা হৃদয়ৰ ভালপোৱা ম’বাইলৰ মাজেৰে কুণ্ডলি পকাই পকাই যান্ত্ৰিক হৈ পৰিছে৷ চেনেহৰ গামোচাখন নহ’লেও কিনি দিয়া ৰুমালখন, খোপাত কপৌফুলপাহ নহ’লেও দোকানৰ পাৰফিউমটোৱেও যেন জীয়াই ৰাখিছে পৰিৱৰ্তনশীল সমাজৰ বিহুৰ পৰম্পৰা৷ কিন্তু শিক্ষা জীৱনত পৰীক্ষাৰ তাগিদা আৰু আজি কোম্পানীৰ চাকৰিৰ ব্যস্ততাই যেন ক্ৰমে ক্ৰমে শেষ কৰি দিছে এটা সেউজীয়া সপোন যেন জীৱনৰ মাদকতা৷ আজি বিহুৰ বতৰত নিজৰ গাঁৱখনৰ পৰা, ঘৰখনৰ পৰা, আপোনজনৰ পৰা, বন্ধু-বান্ধৱীৰ পৰা আঁতৰি থাকি বুকুৰ মাজত অনুভৱ কৰিছোঁ এটা পাহৰিব নোৱাৰা যন্ত্ৰণা৷
হয়তো আজি বহু প্ৰবাসীয়ে একেলগে গোটখাই স্বদেশ বা বিদেশ সকলোতে ৰঙালী উৎসৱ পালন কৰিছে৷ কিন্তু জকমকীয়া লাইটৰ পোহৰত, হাতে হাতে ৰেডিমেড লাডু-পিঠা লৈ আনন্দ কৰাৰ যন্ত্ৰণা হয়তো প্ৰতিজন অসমীয়াৰে বুকুত দাগ কাটি যায়৷ তথাপি সেই আনন্দ, অসমীয়া কৃষ্টি-সংস্কৃতিক বাহিৰৰ পৃথিৱীত প্ৰচাৰ কৰাৰ সেই সৎ প্ৰচেষ্টাই কিছু সময়লৈ হ’লেও নিজৰ মনত শান্তি দিয়ে, এৰি অহা আৰু যাব নোৱাৰাৰ যন্ত্ৰণাক শান্ত কৰে৷
এই বিহুৰে উৰুকা নিশা
মোৰ কপৌ ফুল পৰিলে ঢলি!
চিঠি দিম বুলিয়ো চিঠিও নিদিলি
তই পৰদেশী হ’লি;
এই বিহুৰে উৰুকা নিশা
মোৰ কপৌ ফুল পৰিলে ঢলি!
চিঠি দিম বুলিয়ো চিঠিও নিদিলি
তই পৰদেশী হ’লি
অ’ তই পৰদেশী হ’লি ৷ (ভূপেনদা)

***********************************
“কেহকলী নিকলী কপাহ সূতা ক’ত বলি
ঠেহ পাতি নেখালি ভাত;
এপুৰীয়া সেন্দুৰৰ যোৰফোঁট মাৰিলি
মুগা-ৰিহা মেৰালি গাত।”
“ৰাতি দুপৰলৈ কাটি সূতলাহী
ধনলৈ বিহুৱান বলোঁ;
ৰঙাকৈ আঁচুৰে বাছি পানেকটা
টিপতে লুকুৱাই থলোঁ।”
***********************************

—————–

ফটো: মিতালী বর্মন

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক