সংলাপ: নেপথ্যত ব’হাগ জ্যোতির্ময় শর্মা

সংলাপ:

নেপথ্যত ব’হাগ

জ্যোতির্ময় শর্মা

(বিহুলৈ তিনিদিন …..)

: হেল্ল’….!
: ক’!!!
: বিহুত সঁচাকৈয়ে নাহ নেকি?
: নাযাওঁ!
: কিয়?
: এনেয়ে।
: কি এনেয়ে? তাতে কোনোবা ওলাল নেকি? বিহুৱান দিবলে’!!
: অ !
: কি অ?
: অ, ওলাল!
: কোন????
: কোম্পানীৰ মালিকৰ জীয়েক!! আমেৰিকাত থাকে!!
: ত‍ই দেখোন গুজৰাটতহে থাক!
: বিহুৱান দিবলে’ আহিম বুলি কৈছে!
(ফোন কাট খাই গ’ল)

(বিহুৰ দিনাখন……)
: হেল্ল’
: ক’!!!
: মোলৈ বিহুৱান আছেনে নাই?
: আমেৰিকাৰজনী নাহিল নেকি?
: আহিল চাগে! ম‍ইহে নাই!
: ত‍ই ক’ত? যা আকৌ তাইৰ কাষলে’!
: ম‍ই পালোঁহি!
: পালোহি মানে? ক’ত ত‍ই?
: শিমলুগুৰি জংচনত!
: …………
: কি হ’ল!!! মুখেৰে নামাত কেলেই?
: …………..
: ধেৎ এখনো গাড়ী দেখা নাই!!
: মোৰ মৰমত ইমান দূৰ আহিলি! এইকণ নোৱাৰিবি নে!! আহ!!!

(বিহুৰ ওলগ জনালোঁ।)

***********************************
“কিতাপ পঢ়ি পঢ়ি কান্দ তই মইনা
চিঠি পঢ়ি পঢ়ি কান্দ;
ভাতৰ পাতত বহি কান্দ তই মইনা
কালৈ চিন্তা কৰি থাক?”

“আহাৰে শাওনে আম-কঠাল পকিলে
কলীয়া হলৌৱে খায়;
চৰকাৰী কামতে মোৰ ধন আছেগৈ
ধেমালিৰ বতৰে যায়।”

“ঘৰতো নবহে মন সমনীয়া
পথাৰতো নবহে মন
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।”

“হেৰা মেঘ দেৱতা বৰষুণ নিদিবা
ৰাতি নুপুৱাই মানে;
মোৰে ঐ চেনাইটি আহিব ওলাইছে
নেদেখা ঈশ্বৰে জানে।”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments