বিপত্তি, আপত্তি আৰু নিষ্পত্তি : উজ্জ্বল ফুকন

বিপত্তি, আপত্তি আৰু নিষ্পত্তি

উজ্জ্বল ফুকন

কাটখোৱা চিলাৰ দৰে গামোচাখন বতাহত লাহে লাহে উৰি আহি আছে। তলত ৰৈ থকা মানুহজাকৰ চকুবোৰো গামোচাখনৰ লগত তললৈ নামি আহি আছে। মদনে বতাহতে থপিয়াই গামোচাখন ধৰি ৰৈ থকা মানুহজাকলৈ চালে। গোটেই মানুহজাকে এতিয়া গামোচা বাদ দি তামোল গছৰ ওপৰত বহি থকা আদমৰূপী কলিতাক চাই আছে। তিৰোতা মানুহবোৰে লাজতে তললৈ মূৰ কৰিছে। সৰু ল’ৰা-ছোৱালীবোৰে কিবা নেদেখা বস্তু দেখা দি ৰ লাগি চাইছে। মদনে গোটেই জাককে চকু পকাই ভয় দেখুৱালে। “সৰু নেওতাখন মাতি তললৈ চাই থাক।” ৰমেনে পাঁচ পইচাবোৰক আদেশ দিলে।  “কলিতাদাই কঁকালৰ গাঁঠিটোনো ভালকৈ দিব নোৱাৰেনে আৰু কিহেনো পাইছিল তামোল গছত উঠিবলৈ। বনভোজত বাৰীৰ তামোল নাখালে নহয় নেকি?” গহীনে ভোৰভোৰাই ক’লে।

ইফালে কলিতাই ওপৰত তামোলগছৰ আঁৰ কৰি নিজকে লুকুৱাবলৈ চেষ্টা কৰিছে। তাকে দেখি কিৰিলি পাৰি সৰু সৰু ল’ৰা-ছোৱালী গোটেইজাকে কলিতাক ভালকৈ চাবলৈ গছডালৰ ওলোটা ফাললৈ
দৌৰিব ধৰিলে। এটাই ঢকুৱা চোঁচৰাই আন তিনিটা পেন্দুকণাক লৈ গৈছে। গৈ থাকোঁতে ঢকুৱা ড্রাইভাৰে চিঞৰি সুধিছে “কোন বাবাৰ জয়?” তিনিওটা পেন্দুকনা আৰু পিছে পিছে দৌৰি ধুলি উৰোৱাই আহি থকা এজাক পাঁচ পইচাই একেলগে চিঞৰিছে “লেংটা বাবাৰ জয়”। “মাৰৰ জপৰা মূৰটো চাবলৈ দৌৰিছ জহনিত যোৱাহঁত” কলিতাই তামোল গছৰ ওপৰৰ পৰাই ধমক দিলে।

কলিতাই হঠাতে তাৰ পিছপিনৰ আলিবাটটোৱেদি মহাজনক আহি থকা দেখি আকৌ ঘূৰি দিলে। নহ’লে ৰাতিপুৱাই মহাজনক জানি বুজি তাৰ পাছফালটো দেখুৱাইছে বুলি কলিতাৰ চৈধ্যগোষ্ঠী উজাৰি গালি দিব। পেন্দুকণা জাকটো আকৌ চিঞৰি আনন্দত মতলীয়া হৈ ওলোটাফাললৈ দৌৰ দিলে।
“তই ইয়াতে ৰৈ থাক। আমাৰ কাকো নেদেখিলে কলিতা দাই জপিয়াই দিব পাৰে। আমি কিবা এটা ব্যৱস্থা কৰি আহি আছোঁ।” মদনে ৰমেনক ক’লে।
“থিক আছে। সোনকালে আহিবি।” ৰমেনৰ উত্তৰ।

অলপ পিছত তিনিডাল পাতল বাঁহৰ মূৰত তিনিখন গামোচা বান্ধি মদন আৰু গহীন আকৌ তামোলগছৰ তল পালেহি। “কলিতাদা আমি ঢাকি দিছোঁ। আপুনি লাহে লাহে তললৈ নামি আহক।” গহীনে চিঞৰি ক’লে। কলিতাই কঁকালৰ পাছফালে আৰু দুকাষত তিনিখন গামোচা দেখি নিজকে গোঁসাই-ঈশ্বৰৰ দৰে সন্মান পোৱা যেন ভাবিলে। লাহে লাহেনামি অহা কলিতাক দেখি জুমৰ মাজৰপৰা কোনোবা এটা তীখৰে চিঞৰিলে “দেখহ এয়া লেংটা বাবাৰ প্রৱেশ। জয় বাবা লেঙটা”। সকলোৱে আকৌ চিঞৰে “জয়”। আন এটা অঘাইটঙে বিহুৱেই গাবলৈ ধৰিলে
“ফাগুনৰে পছোৱাই
ৰিহাৰ আঁচল নচুৱাই
তামোল গছত লেংটা বাবাই
কিবাকিবি খজুৱাই”

কলিতাই বুজি পালে তাৰ নৰোত্তম নামটোতো নোহোৱা হ’লেই ! আজিৰপৰা চাগৈ তাৰ কলিতা উপাধিটোও নোহোৱা হ’ব। এই পোৱালিমখাই লেংটা বাবা বা লেংটা দা বুলি নামাতিলেই ৰক্ষা।
যিমান পাৰে গহীন হৈ মাটিত ভৰি দিয়েই কাকো ভ্রূক্ষেপ নকৰাকৈ গামোচা এখন ককালত মেৰিয়াই গৰমৰ লগত কলিতা কোবাকুবিকৈ ঘৰমুৱা হ’ল। মদনৰ ৰঙা চকু দেখি পাঁচ পইচাবোৰো অহাবাটে উভটিল।

বুধিন বৰাৰ ঘৰৰ চোতাল পাইহে কলিতাই ভালকৈ উশাহটো ললে। “ভাল থগিলে দেই গামোচাখনে। নিজতকৈও বেছি বিশ্বাস কৰিছিলোঁ সেইখনক।” কলিতাই ভোৰভোৰাই ক’লে।
“কি হল অ’ নৰোত্তম। ইমান কি ভোৰভোৰাই আছ।” বুধিন বৰাই কলিতাক সুধিলে।
“বনভোজত খাবলৈ তামোল পাৰিবলৈ তামোলগছত উঠিছিল কলিতা দা। গছৰ ওপৰতে ফাগুনৰ পছোৱাই মহিমা দেখুৱালে ককা। গামোচাখন ফাগুনৰ প্রেমত পৰি উৰি গ’ল। তাৰপিছত আৰু কি হ’ব।
গছৰ ওপৰতে কলিতা দাৰ আকৌ জন্ম হ’ল।” মদনে ক’লে।
“ফাগুনৰ গুণেই সেইটো। বাৰু বাদ দে সেইবোৰ যি হ’ল ভালেই হ’ল। এতিয়াৰপৰা তয়ো এই গামোচা পিন্ধাটো এৰিবি। তয়েই ভাবছোন কাইলৈ বনভোজত বা গহীনৰ বিয়াত ঘটনাটো ঘটা হ’লে কি হ’লহেঁতেন।” বুধিন বৰাই কলিতাক সান্ত্বনা দি ক’লে।
“আৰু মই নানাৰ পুতেক মঙলুক কৈ থৈছোঁ ভোজ ৰান্ধিবৰ বাবে। আমি দিচাংমুখলৈ যাম বুলি কোৱাত নানাও যাব বুলি ক’লে। নৰোত্তম, সৰস্বতী অহাটো খাটাং নে?” বুধিন বৰাই কলিতাক সুধিলে।
“অঁ খাটাং। মই বাপেকৰ লগত কথা পাতি আহিছোঁ। একো সমস্যা নাই। মই লৈ আহিম ৰাতিপুৱাই তাইক। মই মাছ, পাচলি আৰু মূৰ্গীৰ বজাৰ কৰিবলৈ যাওঁ। ঐ তহঁত ওলা মোৰ লগত।” কলিতাই গৰমক ক’লে।
“নানা গ’লে কিন্তু সি দিচাংমুখত আপং খাই হাহাকাৰ কৰিব। সি কেতিয়াবা দিচাংমুখলৈ গৈ দুই তিনিদিন পিছতহে ঘূৰি আহে। আমাৰ লগত গ’লে ঘূৰি আহি ঘৰপোৱাত একো চিন্তা নাই সেইটো বুজিয়েই সি ওলাইছে” গহীনে ক’লে।
“হ’ব দে বনভোজ বুলি বছৰৰ মূৰত অলপ অলপ চেলেকিলে একো নহয়। কি কৱ নৰোত্তম?” বুধিন বৰাই কলিতাক সুধিলে।
“হয় দেউতা হয়।” কলিতাৰ যেন মনৰ কথাটোকে কৈ দিলে বুধিনে।
বুধিন বৰাৰ ভৰিত পৰি থকা জেকপটেও ভুউউউউউ বুলি চিঞৰি সন্মতি জনালে। সিও যেন বুজি পাইছে তাৰ দুই মালিকৰ মিলন লাহে লাহে চমু চাপি আহিছে।

“বনভোজ দিচাংমুখ” বাছত বেনাৰ লগাই যাত্রা আৰম্ভ হ’ল ৰাতিপুৱাই। নানা আৰু মঙলু ড্রাইভাৰৰ কেবিনত। বুধিন বৰা আৰু মহাজন সমুখৰ চিট দুটাত। লগত জেকপট। ওচৰৰে ঘটিৰাম বাটিৰাম দুটামানো ওলাল।
তাৰপিছতে বহিছে মহিলা সমিতি। জেতুকী বাই, পদুমীকে আদি কৰি সৰস্বতী বাহিনী। শেষৰ চিটকেইটাত গৰম আৰু কলিতা। কুকুৰা, মাছ, পাচলিকে আদি কৰি সকলো কেবিনত।
“নৰাধম তামোল এখন খোৱাচোন! চকলিয়াই দিবি দেই! তোৰ নিচিনাকৈ মুখত কটাৰি নিদিলে অ’ ভগৱন্তই। আৰু কালি বোলে তোৰ গামোচা উৰুৱাই লৈ গ’ল। মইহে দেখা নাপালোঁ হেৰৌ তোৰ সেই ৰূপটো। ”
জেতুকী বায়ে কলিতালৈ চাই ক’লে।
কলিতাই বুজি পালে এতিয়া আৰু ৰক্ষা নাই। নজনা কেইটাইও কথাটো গম পাব। “এহ বাই বাদ দিয়া সেইবোৰ। তামোল তোমাৰ কৰণে চকলিয়াই লৈ আহিছোঁ।” কলিতাই ভালৰি বোলাই ক’লে জেতুকীক।
“বইল ডিম খাব নেকি ৰে মালিক।” নানাই কেবিনৰ পৰা চিঞৰিলে।
“আমিতো কণী কিনা নাছিলোঁ কালি। কুকুৰাই বাছতে কণী পাৰিলে নেকি?” মদনে কলিতালৈ চাই ক’লে। ইতিমধ্যে নানা বইল দীম লৈ হাজিৰ হলহি।
“এই মালিক লওক হে। গুচাই দিম নেকি?” নানাই তাৰ লেতেৰা আঙুলিকেইটাৰে বইল ডিম গুচাব খুজিলে।
“নালাগে, নালাগে মই গুচাই লম।” বুধিন বৰাই খপজপাই ক’লে। নানাৰ খোজত পূৰণ চিন দেখি মদনে ক’লে “নানাই সৰু পোৱালি এটা বধিলেই যেন পাইছোঁ।” হঠাৎ সৰস্বতীয়ে পিচপিনে ঘূৰি গহীনক চোৱা যেন দেখি ৰমেনে দুয়োটাক চাই গাবলৈ ধৰিলে,

“কিয় চকুৱে চকুৱে চালা।
চাই কিবা জানো বুজি পালা।”

“গুহীন, তই ‘তোক দেখি মোৰ গা’টো গাই দে।” জেতুকী বায়ে সোলা হাঁহি এটা মাৰি গহীনক ক’লে।
“তোক দেখি মোৰ গা কেনেবা কেনেবা কৰে।” গহীনে লাজ লাজকৈ গাবলৈ ধৰিলে।
“নেৰিবা থাকে মানে।” মদন আৰু ৰমেনে প্রায় একেলগে চিঞৰি উঠিল।
“তোক দেখি মোৰ গা কেনেবা কেনেবা কৰে।
বনভোজৰে বাছতে নাচোঁ নাচোঁ লাগে।
অ সৰস্বতী এনেকৈ নাচাবি বৰ মৰম লগাকৈ।”
—গহীনে এইবাৰ টেঁটুফালি দিলে। কলিতাই বাছৰ ভিতৰতে এপাক ঘূৰি নাচি দিলে। আজি তেখেতে দীঘল পটলুং এটা পিন্ধি আহিছে যদিও তাৰ ওপৰতে গামোচা এখন মেৰিয়াই লৈছে। বুধিন বৰাই কলিতাৰ ৰূপটো চাই মহাজনক ক’লে “কুকুৰৰ নেজ যিমান গাতত পুতি ৰাখক তাৰ নেজ সদায় বেকাই হৈ থাকিব।” মহাজনে কিবা কোৱাৰ আগতেই জেকপটে নিজৰ নেজডাল চাই ভাবিবলৈ ধৰিলে, তাৰ নেজডালেনো কি দোষ কৰিলে।

থেকেচনি আৰু ৰিমিস্ক বিহুৰ মাজেৰে গাড়ী আহি দিচাংমুখ পালেহি। ততাতয়াকৈ মঙলু কামত লাগি গ’ল। ভোজ ৰন্ধাৰ মাজতে জেতুকী আৰু পদুমী গৈ সৰস্বতীৰ সাজযোৰ সলনি কৰি আহিল। পদুমীয়ে সৰস্বতীৰ বাবে অলঙ্কাৰো লৈ আহিছিল। জেতুকীয়ে তাকে দেখি সৰস্বতীক ক’লে “খজুৱতী তই কিন্তু বৰ ভাল শাহুআইতা পাইছ।”

হাঁহি ফূৰ্তিৰ মাজেৰে বনভোজৰ খোৱা বোৱা হৈ গ’ল। মঙলুৱে ভাত খাবলৈ নানাক বিচৰাত লাগিল।
ইফালে নানাই দিচাংৰ পানীত নামি গা ধুব খুজিছে। আপং কেইবাবাটিও খোৱা নানাক মদনে বুজাব ধৰিলে “আমি ভাত খাই চানবাথ কৰিম নানা।”
“কিইইইই চান বাট” নানাই জিভা পাক খুৱাই সুধিলে।
“সূৰ্য্যস্নান অ’ নানা” ৰমেনে মাত লগালে।
“অ ঠিক আছে আজি সূৰ্য্য দাদাকে গা ধুৱাম” মহাজনৰ ভাল নাম সূৰ্য্য। নানাই ভাবিলে ৰমেনে সূৰ্য্য মহাজনৰ কথা কৈছে।
“নানা বনভোজ বুলি গান এটাকে গাই দে তই।” গহীনে কথা সলনি কৰি ক’লে।
“বেলি নুডুবিবি ঐ, ঐ বেলি।” নানাই পশ্চিমত ডুবিব ধৰা বেলিটোলৈ আঙুলি টোৱাই গাবলৈ ধৰিলে।
“অ বেলি নুডুবিবি ঐ
দিচাংমুখৰ বেলি
আপংপানী চেলেকি কি যে লাগে জুতি
বেলি নুডুবিবি ঐ”
“আপুঙপানী নহয় ঐ নানা কুকুৰাৰে ঠেঙ চোবাই কি যে লাগে জুতি। আমি এতিয়া ভাত খাব লাগে ব’ল।” ৰমেনে ক’লে।

যেনেতেনে নানাক ভাত খুৱাই গাড়ীৰ পিছচিটত শুৱাই দিলে মদনে। বুধিন বৰাই খোৱা পাট গ্লাছবোৰ থানথিত লগাই থ’বলৈ মঙলুক নিৰ্দেশ দিলে।
“আমাৰ মানুহবোৰৰ এই অভ্যাসবোৰ বৰ বেয়া বুজিছে মহাজন। মদে মাংসই খাই বনভোজথলীতে পাত গ্লাছ পেলাই লেতেৰা কৰি গুছি যায়। আমি পিছে সেইদৰে ঘূৰি নাযাওঁ।” বুধিনে মহাজনক ক’লে।
“বৰ ভাল কথা। পিছে ইটো কথাহে অলপ বেয়া হ’ব নেকি! সিহঁতৰ ঘৰত এবাৰ ক’ব লাগিছিল। ময়ো এইবোৰত সোমাব খোজা নাই।” মহাজনে ইতিমধ্যে সৰস্বতী হৰণৰ কথাটো গম পাই বুধিনক ক’লে।
“একো নাই আপুনি লগত থাকিলেহে কামটো সুকলমে হব। আপোনাৰ আশীৰ্বাদকণো জৰুৰী দিয়কছোন।” বুধিনে শিয়াল হাঁহি এটা মাৰি ক’লে।
“তই কিন্তু কূটনীতিত শকুনি মামাতকৈও এখোপ ওপৰত।” জেতুকীয়ে বুধিনক ফুচফুচাই ক’লে।

বুধিন বৰাৰ ঘৰত সোমোৱাৰ অলপ পিছতেই অঞ্চলত বাতৰি বিয়পি পৰিল। আৰু পৰিকল্পনা মতে নিজা বাতৰি দিওতা জেতুকী বায়ে খবৰ বনজুইৰ দৰে বিয়পাই দিলে। “দেউতা বলক। আজি হয় ৰঙামাটি নহয় গুৱাহাটী” সৰস্বতীৰ ককায়েক ত্রিশূলে ভনীয়েকক পলুৱাই নিয়াৰ কথা শুনি দেউতাক ডম্বৰুক কলে। ‘ডম্বৰু বেজ’ নামটো নজনা মানুহ অঞ্চলটোত বৰ কমেই। ডম্বৰুৰ দেউতাক শিৱও এজন প্রখ্যাত বেজ আছিল। ডম্বৰুৰ ঘৰটোৰ নাম ‘কৈলাস’। ককাকৰ নামত দিছে।
“বল সোনকালে।” ডম্বৰুৱে ত্রিশূললৈ চাই ক’লে।
“কোনে মোৰ ছোৱালীক সাপ হৈ খুঁটে চাওঁ। ডম্বৰু বেজে জৰা দেখা নাই চাগৈ!” ডম্বৰুৱে বুধিন বৰাৰ ঘৰৰ জপনা খুলি চিঞৰিবলৈ ধৰিলে।
“এইটো ডম্বৰু নেকি? বজাওঁ নেকি আকৌ?” বুধিন বৰাই ভিতৰৰ পৰাই চিঞৰিলে। ডম্বৰুৰ কৰবাত শুনা যেন লাগিল মাতটো।
“বুধিন দা আপুনি? আপোনাৰ কোনোবা হয় নেকি ল’ৰাটো?”
“হেৰৌ সেইটো মোৰ নাতি আৰু তোৰ ছোৱালী এতিয়া মোৰ নাতিবোৱাৰী।” বুধিনে হাঁহি হাঁহি ক’লে। বুধিন বৰাই যে ডম্বৰুক আগৰে পৰা চিনি পাই গৰমে এতিয়াহে বুজি পালে।
“ককা তুমি সঁচাকৈয়ে আমাৰ ককা” গহীনে মুখৰ ভিতৰতে ভোৰভোৰালে।
“পিছে আপুনি মোক কোৱা হ’লেই হয়। আপুনিনো ছোৱালীজনী পলুৱাই আনিবলৈ উৎসাহ দিব লাগে নে?” ডম্বৰুৱে বুধিন বৰাক ক’লে।
“এহ্ ময়ো জানো পলুৱাই পতা নাছিলোঁ বিয়া। মোৰ নাতিয়ে আগ্রহ কৰাত মইনো কিয় বাধা দিওঁ? স্বয়ং ভগৱান কৃষ্ণই ৰুক্মিণীক হৰণ কৰি আমাক পথ দেখুৱাই গৈছে। আমি সাধাৰণ নৰ-মনীষ মাথোন। প্রভুৰ পথত আগবাঢ়ি যোৱাতে আমাৰ ভক্তি। আৰু মইতো জানো তই একো পয়মাল নকৰ বুলি।” বুধিন বৰাই হাঁহি হাঁহি ক’লে।
“থিক আছে তেন্তে আমি সমাজক সাক্ষী কৰি ইহঁতৰ বিয়াখন পাতোঁ কাইলৈ।” ডম্বৰুৱে ক’লে।
“বঢ়িয়া।” এইবাৰ গোটেইজাকটোৱে চিঞৰি উঠিল। সৰস্বতীৰ ককায়েক আৰু মদনেও পুৰণা খুন্দা-খুন্দি পাহৰি হাত মিলালে।
“ককাইদেউ মোক আৰু বেয়া নাপাব।” কলিতাই ডম্বৰুক ক’লে।
“এহ তুমিহে মিলালা দুয়োটাকে। তুমি আজিৰপৰা ঘটক কলিতা” ডম্বৰুৱে ক’লে। সকলোৱে হঁহালৈ চাই কলিতাই বুজি পালে তাৰ নামটো আকৌ সলনি হ’ল।

ধুমধামেৰে পিছদিনা বিয়া হৈ গ’ল। দৰাধৰা হোৱাৰ বাবে ৰমেন আৰু মদনৰ মাজত কাজিয়া আৰম্ভ হোৱাত আগ দাঁত দুটা চিকুণাই শেষত কলিতাই দৰাধৰা হ’ল।

বিয়া ভগাৰ পিছত মদন, কলিতা আৰু ৰমেনে গহীন আৰু সৰস্বতীক শুভেচ্ছা দি উভটি আহিল। ওভটাৰ পথত তিনিওটাই সিহঁতে শুনাকৈ গাবলৈ ধৰিলে,
“বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ
বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ।
বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ
কেঠা কম্বল লৈ
ঐ কেঠা কম্বল লৈ”
“অই যাৱ নে তহঁত। যা শুই থাক গৈ আৰু সিহঁতকো শুবলৈ দে।” বুধিন বৰাই ক’লে।

সিহঁত যোৱালৈ চাই জেতুকীয়ে বুধিন বৰাক ক’লে “সিহঁতে বুজিয়ে পোৱা নাই আজি ৰাতিটোৱে ‘গ’ক ‘গৰম’ৰ পৰা আঁতৰাই লৈ গ’ল। ‘গৰম’ৰ মাজত সৰস্বতী সোমাল যেতিয়া আহি থকা সময়বোৰ আৰু কেতিয়াও আগৰ দৰে নহয়। শৈশৱক যৌৱনে গচকি আগবাঢ়ি গৈ এতিয়া সংসাৰত সোমাল।”
“এৰা এতিয়া আৰু ইহঁতৰ হাঁহি তামাচাবোৰৰ ৰং সলনি হ’ব বা হেৰাই যাব। কিন্তু ‘গৰম’ ইমান সহজতে ভাঙি যাব বুলি মোৰ মনে নামানে।” বুধিন বৰাই সিহঁত যোৱাৰ ফালে চাই উত্তৰ দিলে।
দুৱাৰৰ ফাঁকৰ জেঠীটোৱে বুধিন বৰাৰ কথাৰ সঁহাৰি দিলে “শইত শইত শইত”।

***********************************
“আজি গধূলিকৈ যাম ঐ মইনা
বাটৰে নঙলা খুলি;
কুকুৰ ভুকিলে ওলাই তই আহিবি
ক’ত কি দেখিছে বুলি।”

“তোমালৈ চাওঁতে জপনা দিওঁতে
বিন্ধিলে অঘৈয়া হুলে;
তোমাৰ মন হ’লে আমাৰ মন হ’লে
কি কৰিব কলিতা কুলে।”

“তোলৈ চাই ৰাঙলী বান্ধি যাওঁ ডাঙৰি
গড়া চপাই বান্ধি যাওঁ নাও;
গা চমেচমাই দেহা টনেটনাই
তোক লগ কাহানি পাওঁ।”

“বিহু মাৰি থাকিবৰ মনে ঐ চেনাইধন
বিহু মাৰি থাকিবৰ মন;
বিহু মাৰি থাকোঁতে পলুৱাই নিনিবা
ভৰিব লাগিব ধন।”
***********************************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!