আন্তৰ্জাতিক ন্যায়, বাণিজ্য, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ভাৰত – ডাঃ হিতেশ্বৰ শৰ্মা

আজি বিশ্বত সৰ্বমুঠ ১৯৫ খন স্বাধীন ৰাষ্ট্ৰ আছে। প্ৰতিখন ৰাষ্ট্ৰই নিজৰ সাৰ্বভৌমত্ব, নিজস্ব ৰাজনৈতিক আদৰ্শৰে এক সামূহিক সহযোগিতাৰে আৰ্থসামাজিক উন্নয়নৰ প্ৰতি অগ্ৰসৰ হৈ আছে৷ কোনোবাখন ৰাষ্ট্ৰৰ উন্নয়ন যদি দ্ৰুত, কোনোবাখনৰ উন্নয়ন মন্থৰ৷ এই উন্নয়ন আকৌ নিৰ্ভৰ কৰিছে দেশৰ নিজস্ব নীতি আৰু পৰিকল্পনাৰ ওপৰত৷ চাবলৈ গ’লে শক্তি আৰু সামৰ্থ্যৰ ফালৰ পৰা ৰাষ্ট্ৰসমূহ সমান নহয়৷ সামৰিক বাহিনী, সমৰ কৌশল, যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ আদিৰ পৰা বহুতো ৰাষ্ট্ৰ দুৰ্বল৷ স্বাভাৱিকতেই প্ৰশ্ন হয় আন্তঃৰাষ্ট্ৰীয় জগতত এখন সাধাৰণ দেশ কিমান নিৰাপদ?

প্ৰথম বিশ্বযুদ্ধৰ পাছত বিশ্বত শক্তিশালী ৰাষ্ট্ৰ হিচাপে নাম কৰা ৰাষ্ট্ৰসমূহে এটা শান্তিৰ পৰিবেশ বিচাৰি ‘লীগ অব নেশ্যন’ বুলি সংস্থা এটা গঠন কৰিছিল৷ ইয়াৰ উদ্দেশ্য আছিল আন্তৰ্জাতিক নিৰাপত্তা সুনিশ্চিত কৰা, শান্তি বজাই ৰখা আৰু বিবাদসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা; প্ৰয়োজন হ’লে ফ্ৰান্স, ইটালী, ইংলেণ্ড আৰু জাপানৰ সামৰিক শক্তি ব্যৱহাৰ কৰি বিবাদসমূহ মধ্যস্থতা কৰা৷ এই কেইখন দেশ আছিল পৰিষদৰ স্থায়ী সদস্য৷ আমেৰিকই নিজকে এই সংস্থাৰ পৰা বাহিৰত ৰাখিছিল আৰু ছোভিয়েট ইউনিয়নে কেইবছৰমানৰ বাবে এই সংস্থাৰ অন্তৰ্ভুক্ত হ’লেও ফিনলেণ্ড আক্ৰমণ কৰাৰ বাবে বহিষ্কাৰ হবলগীয়া হয়৷ সৰু-সুৰা ক্ষেত্ৰত এই সংস্থাই কিছু সাফল্য লাভ কৰিলেও বহু সময়ত বৃহৎ শক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাত বিফল হৈছিল৷ আনকি ইথিওপিয়াৰ ঔপনিবেশিক যুদ্ধত মুচোলিনিয়ে ৰেডক্ৰছ চিকিৎসা সাহায্য শিবিৰত আক্ৰমণ কৰাৰ বাবে বাধা দিওঁতে ইটালীৰ মুচৌলিনিয়ে কৈয়েই উঠিছিল – “the League is very well when sparrows shout, but no good at all when eagles fall out.“ কথাখিনি জাৰ্মানীক উদ্দেশ্য কৰি কৈছিল৷ সেই সময়ৰ দুই মহাশক্তি ৰাছিয়া আৰু আমেৰিকাৰ সংস্থাটোৰ বাহিৰত থকাৰ বাবে স্বাভাৱিকতেই লীগৰ ক্ষমতা কম আছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ আগে আগে প্ৰায় সকলোবোৰ দেশেই এই লীগৰ লগ এৰে আৰু বিশ্বযুদ্ধ আৰম্ভ হয়৷ এইটোৱেই প্ৰমাণ কৰে বিশ্বৰ শক্তিশালী দেশে যি বিচাৰে, তাকেই হয়৷ শক্তিশালী ৰাষ্ট্ৰসমূহে ঔপনিবেশিক প্ৰসাৰ তথা বাণিজ্যিক সহযোগিতাৰ লাভ লোকচানৰ অংকত শত্ৰু আৰু মিত্ৰ হিচাপে ভাগ ভাগ হৈ পৰিছিল৷ যদি শক্তিশালী ৰাষ্ট্ৰই নিজৰ স্বাৰ্থৰ বাবে যুদ্ধৰ পৰিবেশৰ সৃষ্টি কৰে তেতিয়া লীগৰ দৰে সংস্থাৰ বাধা দিয়াৰ উপায় নাথাকে৷ লীগৰ দুৰ্বল স্থিতিৰ বাবে লাহে লাহে ইয়াৰ গুৰুত্ব কমি আহে। জাৰ্মানী, জাপান সকলোৱে লীগৰ পৰা সমৰ্থন আঁতৰাই লয় আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়৷ এইখিনিতেই এটা কথা নিশ্চিত হয় যে আন্তঃৰাষ্ট্ৰীয় জগতত ন্যায়-অন্যায় বুলি কোনো কথা নাই৷ ক্ষমতাশালীয়ে যেনেদৰে বিবেচনা কৰে, তেনেকৈয়ে গতিধাৰা নিৰ্ধাৰণ হয়। ইয়াত উচিত অনুচিত বুলি কথা নাই৷

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পুনৰ শান্তি বিচাৰি দেশসমূহৰ সেই একেই নাটক আৰম্ভ হয়৷ কাৰণ ইতিমধ্যে শক্তিশালী ৰাষ্ট্ৰসমূহে যুঁজ-বাগৰ কৰি থকাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যত যতি পৰে৷ ধনজন অজস্ৰ হানি হয়৷ গতিকে শান্তিৰ বাবে আগৰ দৰে লীগৰ আৰ্হিত ৰাষ্ট্ৰসংঘ গঠন কৰে লগতে এখন নিৰাপত্তা পৰিষদ৷ এই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য দেশ হ’ল চীন, ছোভিয়েট ইউনিয়ন, ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা এই পাঁচখন দেশ৷ আৰম্ভণিতে ৰাছিয়া আৰু আমেৰিকাৰ বিপৰীতমুখী স্থিতিৰ বাবে ৰাষ্ট্ৰসংঘই বহুতো অধিবেশন বা বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পৰা বিৰত থাকিবলগীয়া অৱস্থা হৈছিল৷ তথাপিও ৰাষ্ট্ৰসংঘই কোৰিয়াৰ যুদ্ধ, কংগোৰ যুদ্ধ, ছুৱেজ খালক লৈ চলা পশ্চিম আৰু মধ্য প্ৰাচ্যৰ অঁৰিয়া-অৰি আদিত এক বলিষ্ঠ ভূমিকা লবলৈ সক্ষম হৈছিল৷ আচৰিতভাবে ছোভিয়েট ইউনিয়নৰ পতন ঘটাত আমেৰিকাৰ অবাধ কৰ্তৃত্ব আৰম্ভ হয় আৰু নিৰাপত্তা পৰিষদত আমেৰিকাৰ হস্তক্ষেপ নাটকীয়ভাৱে বৃদ্ধি পায়৷

এতিয়া প্ৰশ্ন হয় আন্তঃৰাষ্ট্ৰীয় ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই নিৰাপত্তা পৰিষদ কিমান সক্ষম? ব্ৰিটিছ বুৰঞ্জীবিদ তথা আন্তঃৰাষ্ট্ৰীয় সম্বন্ধৰ গৱেষক পল কেনেডীয়ে “পাৰ্লিয়ামেণ্ট অব মেনঃ পাষ্ট, প্ৰেজেণ্ট এণ্ড ফিউচাৰ অৱ ইউনাইটেড নেচন” নামৰ গ্ৰন্থত ৰাষ্ট্ৰসংঘৰ ক্ষমতা আৰু নৈতিকতাক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহে কেনেদৰে জলাঞ্জলি দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰি আহিছে তাক উল্লেখ কৰিছে৷ বছনিয়া, ৰাৱাণ্ডাত লাখ লাখ গণহত্যা ৰোধত ৰাষ্ট্ৰসংঘ সম্পূৰ্ণ ৰূপে বিফল হোৱাৰ কাৰণো বৃহৎ শক্তিশালী ৰাষ্ট্ৰৰ গোপন বুজাবুজি যে নহয় তাক উলাই কৰিব নোৱাৰি৷ নিৰাপত্তা পৰিষদৰ গোটেইকেইখন স্থায়ী সদস্যই ইতিমধ্যে নিজে প্ৰযুক্তিৰ উন্নতি সাধি পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰে সমৃদ্ধ হৈ বিশ্বৰ আন আন দেশৰ ওপৰত অস্ত্ৰ প্ৰযুক্তিৰ বাবে নিষেধাজ্ঞা আৰোপ কৰি আহিছে৷ ইও এক চিন্তনীয় বিষয়৷ এই পাৰমাণৱিক শক্তিৰে নিজক অধিক শক্তিশালী কৰি আন আন সৰু সৰু ৰাষ্ট্ৰসমূহক ভীতি প্ৰদৰ্শন কৰি ৰাজনৈতিক আৰু বাণিজ্যিক মুনাফা আদায় কৰিব ধৰিছে৷ উদাহৰণস্বৰূপে কব পাৰি যে, ১৯৯১ চনত নিজৰ স্বাৰ্থৰক্ষাৰ বাবে তেলৰ বাবে কুৱেইটৰ সুৰক্ষা ঠিকেই কৰিছিল কিন্তু ১৯৯৪ চনত ৰাৱাণ্ডাত বিফল হৈছিল কাৰণ ৰাৱাণ্ডাত কেৱল মানুহ কেইটাৰ বাদে সম্পদ একো নাই৷ ইয়াৰ উপৰিও নিৰাপত্তা পৰিষদে ছুডানৰ গণহত্যা, বছনিয়া হত্যা আদিত বিশেষ মাত দিয়া নাছিল৷

লিবায়াৰ নেতা মোৱামাৰ গাড্ডাফিয়ে কঠোৰ সমালোচনা কৰি কয় যে নিৰাপত্তা পৰিষদৰ ‘ভেটো’ ক্ষমতাই ‘নিৰাপত্তা পৰিষদ’ক ‘আতংক পৰিষদ’লৈহে পৰিণত কৰিছে। ৰাষ্ট্ৰসংঘই এই নিৰাপত্তা পৰিষদক কাৰ্য্যপালিকা (executive), বিধানপালিকা (lagislative), আৰু ন্যায়পালিকা (judiciary)ৰ সকলো ক্ষমতা দি থৈছে৷ সমস্ত ক্ষমতা পোৱাৰ পাছতো চাইপ্ৰাছৰ গ্ৰীক আৰু তুৰ্কীৰ সমস্যাৰ ক্ষেত্ৰত, ইজৰাইল-পেলেষ্টাইনৰ ক্ষেত্ৰত বা চিৰিয়াৰ যুদ্ধ আদিত কোনো ধৰণৰ শান্তি আনিব পৰা নাই৷ আন্তঃৰাষ্ট্ৰীয় শান্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক সম্পূৰ্ণ বিফল বুলি কব পৰা নগ’লেও বহু ক্ষেত্ৰত সৰু সৰু ৰাষ্ট্ৰসমূহক ন্যায় দিব পৰা নাই সেইটো সঁচা৷ যদি এনেকুৱাই হয়, তেন্তে মানিব লাগিব যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ন্যায় বুলি কোনো কথা নাথাকে। থাকে কেৱল বানিজ্যিক লাভালাভৰ অংক আৰু কূটনৈতিক সম্বন্ধ৷

ভাৰতকে আদি কৰি জাৰ্মানী, ব্ৰাজিল আৰু জাপানে লগ লাগি G4 হিচাপে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে পোষকতা কৰি আহিছে৷ ইংলেণ্ড আৰু ফ্ৰান্সে এই G4 ৰাষ্ট্ৰ চাৰিখনক সমৰ্থন দি আহিছে৷ জাপানে ইংলেণ্ড আৰু আমেৰিকাৰ পৰা সমৰ্থন পাইছে৷ উল্লেখযোগ্য যে ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে গোটেই পাঁচখন স্থায়ী সদস্য দেশেই (P5) সহমত জনালেও চীনে জাপানক লগত লৈ ভাৰত আগবাঢ়ি অহাটোত সহমত জনোৱা নাই৷ এই সূত্ৰে ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ পোৱাটোত যথেষ্ট সম্ভাৱনীয়তা থকা দেখা যায়৷ কিন্তু ইটালীৰ নেতৃত্বত সহমতৰ বাবে সংযুক্ত (United for consensus) হৈ কেইখনমান ৰাষ্ট্ৰই এই G4 ৰাষ্ট্ৰসমূহৰ বিৰোধিতা কৰি আহিছে৷ প্ৰাৰম্ভিক অৱস্থাত পাকিস্তান, মেক্সিকো আৰু ইজিপ্তে ইটালীৰ লগত লগ লাগি এই বিৰোধ আৰম্ভ কৰে৷ এই সকলক Coffee Club বুলিও কোৱা যায়৷ লাহে লাহে এই Coffee Club সদস্য দেশৰ সংখ্যা বাঢ়ি ৫০ তকৈও ওপৰ হয়৷ এই Coffee Club দেশসমূহৰ মূল উদ্দেশ্য হ’ল যে স্থানীয় এখন প্ৰতিবেশী ৰাষ্ট্ৰই যাতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হৈ আধিপত্য বিস্তাৰ কৰিব নোৱাৰে৷ সেয়েহে ইউৰোপত জাৰ্মানীৰ বিৰুদ্ধে ইটালী, বুলগেৰিয়া, ডেনমাৰ্ক, হলেণ্ড, নৰৱে, পোলেণ্ড, ৰোমানিয়া, স্পেইন, হাংগেৰী, মালটা আৰু আফ্ৰিকাৰ নামিবিয়াই এই Coffee Club ত সমৰ্থন দিছে৷ ঠিক একেদৰেই লেটিন আমেৰিকাৰ আৰ্জেণ্টিনা, বলিভিয়া, পেৰু, ভেনিজুৱেলা, কষ্টাৰিকা, কলোম্বিয়া, উৰুগুৱে আৰু মেক্সিকোই ব্ৰাজিলৰ বিৰুদ্ধে Coffee Club ত সমৰ্থন আগবঢ়াইছে৷ আনহাতে নকলেও হব যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে এই Coffee Club দলত যোগদান কৰে৷

এই Coffee Club সদস্য ৰাষ্ট্ৰসমূহে কেৱল বিৰোধিতা নকৰি নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়েও মতামত আগবঢ়ায়৷ তেওঁলোকে অস্থায়ী সদস্য পদ ২০ টালৈ বৃদ্ধি কৰাৰ বাবে পোষকতা কৰে আৰু এই পদ সংঘৰ সাধাৰণ সভাৰ পৰা দুবছৰৰ বাবে নিৰ্বাচিত হোৱাটো বিচাৰে৷ এই প্ৰস্তাৱ গ্ৰহণ নকৰাত ২০০৯ চনত ইটালী আৰু কলম্বিয়াই এই Coffee Club ৰ হৈ নতুন আৰ্হি এটা প্ৰস্তাৱ কৰে৷ ইয়াৰ অস্থায়ী সদস্যৰ কাৰ্য্যকাল ৩ৰ পৰা ৫ বছৰৰ পোষকতা কৰাৰ উপৰিও Veto ক্ষমতাৰ বিৰুদ্ধে মত দিয়ে৷ G4 ৰাষ্ট্ৰৰ তীব্ৰ বিৰোধিতা কৰি কয় যে G4 ৰাষ্ট্ৰৰ অসংযত আচৰণে আৰু নতুন স্থায়ী সদস্যৰ সমাগমে সুস্থিৰ নিৰপেক্ষ সিদ্ধান্ত লোৱাত বাধাৰ সৃষ্টি কৰিব৷

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম গণতান্ত্ৰিক দেশ৷ ভাৰতে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সহযোগিতাৰে এক শক্তিশালী অৰ্থনৈতিক স্থিতি লাভ কৰি সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ভাৰতে ক্ৰয় ক্ষমতাৰ GDP (ppp GDP) ক্ষেত্ৰত তৃতীয় স্থানত আছে৷ আনকি 2018 চনত ভাৰতে ফ্ৰান্সকো অতিক্ৰম কৰিছিল৷ আন্তঃৰাষ্ট্ৰীয় শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত ভাৰতে ইতিমধ্যে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ৪৩ তকৈও অধিক বাৰ ভাৰতে ৰাষ্ট্ৰসংঘলৈ শান্তি সৈনিক পঠিয়াইছে৷ ১৮০,০০০ তকৈও অধিক সৈন্যবল কোৰিয়া, ইজিপ্ত, কংগো, ছোমালিয়া, লিবেৰিয়া, হেইটি, আংগোলা, লেবানন, ৰাৱাণ্ডা আদিলৈ পঠিয়াইছে৷ সেই হিচাপে ভাৰতৰ স্থান বিশ্বৰ ভিতৰতেই দ্বিতীয়৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ বাবে ভাৰতে এক বৃহৎ পৰিমাণৰ ধনৰ আৱণ্টন দি আহিছে৷ ২০১৫-১৬ বিত্তীয় বৰ্ষত ৩৫ নিযুত ডলাৰ ধন দিছিল যিটো আগৰ কেইবছৰতকৈ ৫৫% বেছি৷ ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু কূটনৈতিক সম্বন্ধেৰে ভাৰতে বিশ্বৰ ভিতৰত এক সন্মানীয় স্থান ইতিমধ্যে লাভ কৰিছে৷ গতিকে যদিহে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা বৃদ্ধি কৰা হয় তেতিয়া ভাৰতেই প্ৰথম দাবীদাৰ৷ কিন্তু বাস্তৱত দেখা গৈছে আন্তঃৰাষ্ট্ৰীয় জগতত কোনো বৈধ বা ন্যায় বুলি কথা নাথাকে। য’তেই বাণিজ্যিক আৰু কূটনীতিৰ জয়, তাতেই ন্যায়। য’তেই পৰাজয়, সেয়াই অবৈধ৷ সেয়েহে ভাৰতে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাহে কথা৷ ■■

তথ্যসূত্ৰঃ


১. League of Nations Covenant, Article 5(1).

২. UN Early years of the Cold War. www.peacekeeping.un.org Archived from the original on 22 November 2018. Retrieved 22 November 2018

৩. Jahanpour, Farhang. “The Elusiveness of Trust: the experience of Security Council and Iran“ (PDF). Transnational Foundation of Peace and Future Research. p. 2. Archived (PDF) from the original on 27 July 2014. Retrieved 27 June 2008.

৪. League of Nations (1924). “The Covenant of the League of Nations: Article 8“. The Avalon Project at Yale Law School. Archived from the original on 15 April 2016. Retrieved 17 May 2006.

৫. Kennedy 2006, pp. 101–103, 110.

৬. Rajan, Sudhir Chella (2006). “Global Politics and Institutions“ (PDF). GTI Paper Series: Frontiers of a Great Transition. Tellus Institute. 3. Retrieved 11 December 2011

৭. Nicoletta Pirozzi; Natalino Ronzitti (May 2011). “The European Union and the Reform of the UN Security Council: Toward a New Regionalism? “ (PDF). Istituto Affari Internazionali. Retrieved 3 November 2011.

৮. “US congressmen move resolution in support of India’s UN security council claim“. Hindustan Times. Retrieved 30 September 2017

৯. “Pakistan opposes India’s bid for UN permanent membership“. The Economic Times. 12 July 2018. Retrieved 28 April 2019

১০. ৱিকিপিডিয়া

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক