অষ্টম খণ্ড: হৰমোহন

৷৷ অষ্টম খণ্ড৷৷

৷৷ হৰমোহন ৷৷

৷৷ প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি৷

হৰিহৰ লীলাকথা শুনা কৰ্ণভৰি৷৷৪২৷৷

পদ৷৷

পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে৷

কহো কৃষ্ণ কথা শুনা পৰম উৎসুকে৷৷

বিপৰীত স্ত্ৰী-মায়া দেখি মাধৱৰ৷

শুনা যেন মতে কামাতুৰ ভৈলা হৰ৷৷৫১১৷৷

শুনিলন্ত হৰে পাছে কথা বিপৰীত৷

স্ত্ৰীৰূপ ধৰি হৰি হৰিলা অমৃত৷৷

দেৱক ভুঞ্জাইলা দানৱৰ আশা ভঙ্গ৷

শুনি ত্ৰিনয়নৰ মনত মহা ৰঙ্গ৷৷৫১২৷৷

নয়নে দেখিবো বিষ্ণু ভৈলা যেন নাৰী৷

এহি বুলি বৃষভত চড়ি ত্ৰিপুৰাৰী৷৷

লগ লাগি গৌৰীও বহিল স্বামী কাছে৷

দেখি নন্দী আদি কৰি যত ভৃত্য আছে৷৷৫১৩৷৷

কৈলাস ছানিয়া সৱে কোবাৱৈ নিশান৷

দণ্ডে ছত্ৰে বাদ্যে ভণ্ডে ধৰিল যোগান৷৷

আকাশৰ পথে গৌৰীনাথ গৈলা লড়ি৷

বিষ্ণুৰ পুৰীক আণ্টাইলেক দৰদৰি৷৷৫১৪৷৷

বৃষভৰ নামি হৰ আৰো গৌৰী মাৱ৷

বিষ্ণুক সাদৰি দুয়ো ভৈলা ভূমিপাৱ৷৷

মাধৱৰ মন্দিৰক দূৰতে আকলি৷

প্ৰণামিলা শঙ্কৰে কৰিয়া কৃতাঞ্জলি৷৷৫১৫৷৷

ৰত্নৰ মন্দিৰে সুৱৰ্ণৰ সিংহাসনে৷

কৰন্ত প্ৰকাশ বহি প্ৰভু নাৰায়ণে৷৷

সুনন্দ কুমুদ নন্দ পাৰিষদগণ৷

চতুৰ্ভিতি বেঢ়ি সেৱৈ কৃষ্ণৰ চৰণ৷৷৫১৬৷৷

জগতজননী লক্ষ্মী আছন্ত উপাসি৷

শঙ্কৰক দেখি হৰি তুলিলন্ত হাসি৷৷

বসিবাক লাগি হৰি দিয়াইলা আসন৷

সভাৰ্য্যে বসিল তাতে দেৱ ত্ৰিনয়ন৷৷৫১৭৷৷

আদৰিল হৰি যেন বিধি ব্যৱহাৰ৷

কৰিলা পাৰ্ব্বতী সমে শিৱক সৎকাৰ৷৷

শঙ্কৰে কৰিলা হৃষীকেশক সেৱলি৷

আৰম্ভিলা তুতি পাছে কৰি কৃতাঞ্জলি৷৷৫১৮৷৷

 

৷৷ তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ত্ৰাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি৷

কৰা কৃপা নাথ সেৱকৰ মন পূৰি৷৷৪৩৷৷

পদ৷৷

নমো নমো মাধৱ বিধিৰ বিধিদাতা৷

তুমি জগতৰ গতি মতি পিতা মাতা৷৷

তুমি পৰমাত্মা জগতৰ ঈশ এক৷

একো বস্তু নাহিকে তোহ্মাত ব্যতিৰেক৷৷৫১৯৷৷

তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ৷

সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ৷৷

তুমি পশুপক্ষী সুৰাসুৰ তৰু তৃণ৷

অজ্ঞানত মূঢ়জনে দেখৈ ভিন্ন ভিন্ন৷৷৫২০৷৷

তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বক্ষণে৷

তুমি আত্মা তোহ্মাক নজানে একোজনে৷৷৫৯

সমস্ত ভূতৰে তুমি আছা হৃদয়ত৷

তত্ত্ব নপাই তোহ্মাক বিচাৰে বাহিৰত৷৷৫২১৷৷

তুমিসে কেৱলে সত্য মিছা সৱে আন৷

জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান৷৷

নমাগোহো সুখভোগ নলাগে মুকুতি৷

তোহ্মাৰ চৰণে মাত্ৰ থাকোক ভকতি৷৷৫২২৷৷

মুখে লৌক নাম মোৰ কৰ্ণে তৱ কথা৷

হৃদয়ত পাদপদ্ম থাকোক সৰ্ব্বথা৷৷

সজ্জনৰ সঙ্গ নুগুচোক সৰ্ব্বক্ষণে৷

এতেক প্ৰসাদ মাগো তোহ্মাৰ চৰণে৷৷৫২৩৷৷

শুনা যি কাৰণে আইলো গোচৰ তোহ্মাৰ৷৷

দেখি আছো তোহ্মাৰ বিৱিধ অৱতাৰ৷৷

সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰীৱেশ৷

তাক দেখিবাক লাগি আইলো হৃষীকেশ৷৷৫২৪৷৷

যিটো নাৰীৱেশ ধৰি মুহিলা দানৱ৷৷

দেৱৰ অমৃত পান সাধিলা মাধৱ৷৷

সেহি নাৰীৱেশ দেখিবাক অভিলাষে৷

কৌতূহলে সভাৰ্য্যে আসিলো তযু পাশে৷৷৫২৫৷৷

ভৃত্য হেন জানি যদি মোক আছে দায়া৷

দেখায়ো আমাক কেনমত তিৰীমায়া৷৷

ভকতৰ মনোৰথ কৰিয়ো পূৰণ৷

হেন শুনি হাসি মাতিলন্ত নাৰায়ণ৷৷৫২৬৷৷

দৈত্যে নিলে অমৃত দেৱৰ দেখি ক্লেশ৷

সিকাৰণে শঙ্কৰ ধৰিলো নাৰীৱেশ৷৷

কামুকজনৰ তাত মহা কুতূহল৷

তুমি মহাযোগীৰ দেখিবে কোন ফল৷৷৫২৭৷৷

ঘোৰ নাৰীমায়া সৱ মায়াতে কুৎসিত৷

মহা সিদ্ধ মুনিৰো কটাক্ষে হৰৈ চিত্ত৷৷

দৰশনে কৰৈ তপ জপ যোগ ভঙ্গ৷

জানি জ্ঞানীগণে এড়ৈ কামিনীৰ সঙ্গ৷৷৫২৮৷৷

সিটো স্ত্ৰী-ৰূপক দেখিবা কোন কাজে৷

তুমি ভোল ভৈলে হাসিবেক সামৰাজে৷৷

এতেকেসে বোলো ক্ষমা কৰা পশুপতি৷

হেন শুনি হাসি হৰে হৰিত বদতি৷৷৫২৯৷৷

মহাযোগবলে শুদ্ধ কৰি আছো কায়া৷

ব্ৰহ্মময় দেখো কি কৰিবে পাৰৈ মায়া৷৷

দহি আছো মদনক আৰো শঙ্কা নাই৷

মাধৱে মাতিলা হাসি শঙ্কৰক চাই৷৷৫৩০৷৷

দেখাইবো তোহ্মাক আজি সেহি তিৰীৱেশ৷

এহি বুলি অন্তৰ্দ্ধান ভৈলা হৃষীকেশ৷৷

আগত নাহিকে হৰি ভৈলা কোন ভিতি৷

চতুৰ্ভিতি চান্ত হৰে পাৰ্ব্বতী সহিতি৷৷৫৩১৷৷

বিদূৰক লাগি হৰে চান্ত হুয়া থিয়৷

চাপৰি চাহন্ত নেত্ৰ বলাই সদাশিৱ৷৷

উঠন্ত বৈসন্ত মাত্ৰ কৰে উসমিস৷

কৈক গৈলা কৃষ্ণ একো নপান্ত উদ্দিশ৷৷৫৩২৷৷

এহিমতে চান্ত হৰে আকুলিত ভাৱে৷

ভণিল শঙ্কৰে গোৱিন্দৰ দুই পাৱে৷৷

শুনা সৰ্ব্বজনে মহাভাগৱত পদ৷

বোলা হৰি হৰি ডাকি খণ্ডোক আপদ৷৷৫৩৩৷৷

 

 

৷৷ তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷ জয় জয় ৰাম জয় ছিৰীৰাম

জয় সনাতন হৰি৷৷৪৪৷৷

 

পদ৷৷ পাছে ত্ৰিনয়ন দিব্য উপবন

দেখিলন্ত বিদ্যমান৷

ফল ফুল ধৰি জকমক কৰি

আছে যত বৃক্ষমান৷৷

শিৰীষ সেউতী তমাল মালতী

লৱঙ্গ বাগী গুলাল৷

কৰবীৰ বক কাঞ্চন চম্পক

ফুলভৰে ভাগে ডাল৷৷৫৩৪৷৷

শেৱালি নেৱালী পলাশ পাৰলি

পাৰিজাত যুতি জাই৷

বকুল বন্দুলি আছে ফুলি ফুলি

তাৰো সীমা সংখ্যা নাই৷৷

কনৌৰ কনাৰী কদম্ব বাবৰি

নাগেশ্বৰ সিংহচম্পা৷

অশোক অপাৰ দৱনা মন্দাৰ

মণিৰাজ ৰাজচম্পা৷৷৫৩৫৷৷

কুন্দ কুৰুবক কেতেকী তগৰ

গন্ধে মোহে বহুদূৰ৷

গুটিমালী ভেণ্টি ৰাঙ্গল ৰেৱতী

মৰুৱা মধাই ধুস্তুৰ৷৷

চন্দন অগৰু দিব্য কল্পতৰু

দেৱদাৰু পদ্মবচি৷

প্ৰতি গাছে গাছে ভিণ্ডা বান্ধি আছে

সুৱৰ্ণ মাণিকে খচি৷৷৫৩৬৷৷

মণি মৰকত থলী নানা মত

দীপ্তি কৰৈ তাৰ কাছে৷

মহা মনোহৰ দীঘি সৰোৱৰ

তাৰ মাজে মাজে আছে৷৷

চাৰিও কাষৰে পৱাল বাখৰে

বান্ধিছে বিচিত্ৰ কৰি৷

বৈদূৰ্য্যৰ বাট ফটিকৰ ঘাট

মৰকত খাটখৰি৷৷৫৩৭৷৷

সুৱৰ্ণ কমল ভেট উতপল

ফুলি ফুলি আছে ৰঞ্জি৷

শোভে চক্রৱাক ৰাজহংস জাক

মৃণাল ভূঞ্জৈ উভঞ্জি৷৷

কোঢ়া কঙ্ক বক বিবিধ চটক

ভ্ৰমন্ত নিৰ্ভয় ভাৱ৷

অমৃত সমান জল কৰি পান

তেজৈ সুললিত ৰাৱ৷৷৫৩৮৷৷

চাৰিও পাৰত দিব্য পুষ্প যত

গন্ধে দশোদিশ ভাসে৷

অনেক ভ্ৰমৰে বেঢ়িয়া গুঞ্জৰে

মধুপান অভিলাষে৷৷

যত দিব্য পক্ষী ফল ফুল ভক্ষি

কাঢ়য় সুস্বৰ ৰাৱ৷

কুহু কুহু ধ্বনি কোকিলৰ শুনি

বহয় মলয়া বাৱ৷৷৫৩৯৷৷

 

৷৷ চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷ এ হৰি নাৰায়ণ৷৷৪৫৷৷

পদ৷৷ হেন দিব্য উপবন দেখিলন্ত ত্ৰিনয়ন

দিব্য কন্যা এক আছে তাতে৷

কোটি লক্ষ্মী সম নোহে কটাক্ষে ত্ৰৈলোক্য মোহে

ভণ্টাখেৰি খেলে দুয়ো হাতে৷৷

তপ্ত সুৱৰ্ণৰ সম জ্বলৈ দেহা নিৰুপম

ললিত বলিত হাতপাৱ৷

চক্ষু কমলৰ পাসি মুখে মনোহৰ হাসি

সঘনে দৰশৈ কামভাৱ৷৷৫৪০৷৷

উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ ছটা

লীলাগতি দেখাই ফুৰৈ পাক৷

সোলকৈ উচল খোপা খসৈ পাৰিজাত থোপা

বাম হাতে সম্বৰন্ত তাক৷৷

কৰ্ণত কুণ্ডল দোলৈ স্তন হলফল কৰৈ

গলে ৰত্নমালা ঝিকি পাৰে৷

সুৱৰ্ণ কঙ্কণ ধ্বনি কৰৈ ৰুণঝুন শুনি

প্ৰকাশৈ হৃদয়ে হেমহাৰে৷৷৫৪১৷৷

কণ্ঠে লোলে সাতসৰী লয়লাসে কাঢ়ে ভৰি

আগবাঢ়ি পাছ গুচি যান্ত৷

পিন্ধি শাড়ী খোণ্টাজালি যেন মৈৰা কৰৈ চালি

হৰক কটাক্ষ কৰি চান্ত৷৷

দৰশান্ত কাষ পিষ্ঠি ক্ষণোহো সমুখ দৃষ্টি

চাহি লাজে যান্ত চক্ষু মুদি৷

ভ্ৰমন্ত অনেক ভাৱে উৰুৱাৱৈ বস্ত্ৰ বাৱে

উচ কুচকুম্ভ হোৱে উদি৷৷৫৪২৷৷

কঙ্কালে কিঙ্কিণী বাজে চৰণ কমল মাজে

ৰত্নৰ নূপুৰ ৰুণঝুন৷

হালৈ অতি মধ্যদেশ সংসাৰ মোহিনী বেশ

একো অঙ্গে নাহি খতিখুণ৷৷

মুখ চন্দ্ৰ সম শোভে পদ্মৰ সুৰভি লোভে

বেঢ়ি মধুকৰে কৰৈ ৰোল৷

শৰীৰৰ লাস বেশ নেত্ৰৰ কটাক্ষ ঠেস

দেখি শম্ভু আতি ভৈলা ভোল৷৷৫৪৩৷৷

পূৰ্ব্ব শত্ৰু হেন জানি কামদেৱে বাণ হানি

মনক মৰ্দ্দিল মহেশৰ৷

নাহি শ্ৰুতি বুদ্ধি জ্ঞান কামানলে দহে প্ৰাণ৭৪

লাজ কাজ এড়িলা শঙ্কৰ৷৷

সৱে যোগ ধ্যান গৈল কন্যাক মাতিবে লৈল

প্ৰাণেশ্বৰী চাপ মোৰ পাশ৷৷

আষাৰেক মাত মোক জন্মৰ সফল হৌক

দেখি থাকো তোৰ লয়লাস৷৷৫৪৪৷৷

আৰ কি তোহ্মাত বাজ মোক্ষতো নাহিকে কাজ

আৰ কোন ছাৰ স্বৰ্গসুখ৷

তুমি বিনা নাহি আন তুমি মোৰ যোগ ধ্যান

থাকিবো তোহ্মাৰ চাই মুখ৷

নকৰ মানিনী মান মদনে দহৱে প্ৰাণ

বোল বান্ধৈ আশ্বাস আমাক৷

বোলন্ত অনেক বোল কন্যাতেসে হুয়া ভোল

পাসৰিল পাশতে উমাক৷৷৫৪৫৷৷

যত আছে ভূতগণ কাহাতো নেদন্ত মন

কেৱল কন্যাত মাত্ৰ হিয়া৷

স্বামীৰ দেখিয়া ভাৱ হাসন্ত পাৰ্ব্বতী মাৱ

চাপৰি মুখত বস্ত্ৰ দিয়া৷৷

আনো যত অনুচৰ বৈলখিল নিৰন্তৰ

শঙ্কৰৰ দেখি হেন কাম৷

শুনা সমজ্যাৰ লোক কলিত সুমতি হোক

ডাক ছাড়ি বোলা ৰাম ৰাম৷৷৫৪৬৷৷

 

৷৷ পঞ্চম কীৰ্ত্তন৷৷

ঘোষা৷৷

দেহু দেখা ৰাম নয়ন ভৰি চাঞো৷

অৰুণ পাৱৰ বালাই লৈয়া মৰি যাঞো৷৷৪৬৷৷

পদ৷৷

শুক নিগদতি শুনিয়োক ৰাজা পাছে৷

হৰক নমাতি কন্যা এহিমতে আছে৷৷

ভণ্টা খেড়ি খেলন্তে হাতৰ পৰা উড়ি৷

গৈল বেগে গুটি কতো দূৰক উফৰি৷৷৫৪৭৷৷

তাক খেদি যান্তে কন্যা বেগ ধৰি ধাই৷

কটিৰ বসন বায়ু নিলে উন্ধৱাই৷৷

ভৈল তনু উদাস বেকত গুপ্ত অঙ্গ৷

লাজে আণ্ঠু সাৱটি কৰন্ত অঙ্গ ভঙ্গ৷৷৫৪৮৷৷

হুয়া কুজী জুমুৰী অঙ্কক হাতে ঢাকি৷

লাজে চকু মুদি কতো অধোমুখে থাকি৷৷

আঁৰ হুইবে লাগি ওচৰত নাহি গাছ৷

হাস্য কৰি কতো টেৰ কৰি চান্ত পাছ৷৷৫৪৯৷৷

দৰশান্ত ভাৱ শঙ্কৰৰ মোহ হেতু৷

দেখিলা কন্যাৰ গুপ্ত অঙ্গ বৃষকেতু৷৷

ভৈলন্ত বিমোহ মন মদনে দহয়৷

পাৰ্ব্বতীক লাগি এড়িলন্ত লাজ ভয়৷৷৫৫০৷৷

বহ্নিৰ সংযোগে যেন উথলিল ঘৃত৷

দুঃসহ মদন শৰে জৰ্জ্জৰিত চিত্ত৷৷

একো নেদেখন্ত কামাতুৰ ভৈলা বৰ৷

কন্যাক ধৰিবে লাগি দিলেক লৱৰ৷৷৫৫১৷৷

খটমট কৰি বাজে গলে মূণ্ডমাল৷

কঙ্কালৰ সুলকি পৰিল বাঘছাল৷৷

ভৈলন্ত উলঙ্গ তাকো নচান্ত চাপৰি৷

দেখি পলাইবাক লৈলা কন্যায়ো লৱৰি৷৷৫৫২৷৷

হাসি লাজে আঁৰ হোন্ত ইগাছে সিগাছে৷

ভোল হুয়া শঙ্কৰো খেদন্ত পাছে পাছে৷৷

হস্তিনীক যেন মত্ত হস্তী যায় খেদি৷

পলান্ত সুন্দৰী শঙ্কৰক লাগ নেদি৷৷৫৫৩৷৷

প্ৰাণ যায় শঙ্কৰৰ কাম উতপাতে৷

মহাবেগে খোপাত ধৰিলা বামহাতে৷৷

ৰহ প্ৰাণেশ্বৰী বুলি কৰি আলিঙ্গন৷

মহাকাম ভোলে দিলা মুখত চুম্বন৷৷৫৫৪৷৷

আৰিমুৰি কৰৈ কন্যা নথাকৈ থমকি৷

বাহুৰ মাজৰ পৰা পড়িল হুসকি৷৷

দুনাই লৱড় দিল বিমুকুত কেশে৷

পাছত খেলন্ত হৰে উলঙ্গত বেশে৷৷৫৫৫৷৷

পাকত আন্তৰি যান্ত শৰীৰ দেখাই৷

কতো আঁৰ হোন্ত কন্যা হাসি মুচুকাই৷৷

কতো ঘন তনভাৰ ছলে দেখাই যান্ত৷

ৰহ প্ৰাণেশ্বৰী বুলি শঙ্কৰে চেঞ্চান্ত৷৷৫৫৬৷৷

নাহি শ্ৰুতি বুদ্ধি যেন বাতুল লক্ষণ৷

নাৰীময় দেখন্ত সমস্তে বৃক্ষগণ৷৷

দাৰুণ মদন বাণে কৰৈ লটিঘটি৷

কন্যা বুলি ধৰিলন্ত বৃক্ষক সাৱটি৷৷৫৫৭৷৷

 

 

 

 

 

 

 

৷৷ ষষ্ঠ কীৰ্ত্তন৷৷

ঘোষা৷৷

ইবাৰ কৰুণাময় নকৰা নৈৰাশ৷

ছোড়া মায়া কৰা দয়া ভৈলো তযু দাস৷৷৪৭৷৷

পদ৷৷

ইবাৰ নেৰস প্ৰাণেশ্বৰী যাইবি কই৷

চেঞ্চান্ত বিস্মৃতি কামবাণে মূৰ্ছা গই৷৷

হৰস বদনে বান্ধৈ দিয়ো মোক চুমা৷

কৰা আলিঙ্গন কি কৰিতে পাৰে উমা৷৷৫৫৮৷৷

কিয়নো নেদস প্ৰাণেশ্বৰী মোক লাগ৷

যেহি লাগে সেহি দিবে পাৰো মোত মাগ৷৷

কৈলাসৰ পাতিবো তোহোঁকঅধিকাৰী৷

সেৱা কৰি থাকিবে যতেক দিব্যনাৰী৷৷৫৫৯৷৷

নকৰিবো দ্ববাদ নপাৰিবো গালি৷

ময়ো দাস তোহ্মাৰ থাকিবো আজ্ঞা পালি৷৷

তোহ্মাৰেসে কৰি দিবো পাৰ্ব্বতীক চেড়ী৷

আউৰ যে নযাস প্ৰাণেশ্বৰী মোক এড়ি৷৷৫৬০৷৷

দেখিবে নৱাৰা যেৱে আহ্মাৰ কুৱেশ৷

জটাকো মুণ্ডাঞো তেৱে কৰিয়ো আদেশ৷৷

সৰ্প গুচাই পিন্ধো আনি দিব্য অলঙ্কাৰ৷

মুণ্ডমালা গুচাই আঁৰো গলে হেমহাৰ৷৷৫৬১৷৷

বাঘছাল এড়ি পিন্ধো দেৱাঙ্গবসন৷

ভষ্ম গুচাই গাৱে ঘষো অগৰু চন্দন৷

যেহি লাগে বোল বান্ধৈ সৱে মঞি কৰো৷

মুখ চাই নমাত সম্যকে আতে মৰো৷৷৫৬২৷৷

কতনো কৰিলো তোৰ ঘোৰ অপৰাধ৷

এভো যেন কৰ বান্ধৈ বচন নবাধ৷

দান্তে খেৰ কামোৰো সাৱট হাত মেলি৷

তোৰ মোৰ হৌক ক্রীড়া কৌতুহল কেলি৷৷৫৬৩৷৷

স্ত্ৰী বুলি বৃক্ষক চুম্বন্ত আঙ্কোৱালি৷

দেখিয়া হাসন্ত নাৰীৰূপে বনমালী৷

অনন্তৰে হৰে চক্ষু মেলি চাইলা পাছে৷

দেখন্ত নোহন্ত কন্যা ধৰি আছে গাছে৷৷৫৬৪৷৷

তাক এড়ি সুন্দৰীক খেদন্ত দুনাই৷

যেন মত্ত হস্তী হস্তিনীক খেদি যায়৷৷

লাগ নেদি ৰমণীও পলান্ত লৱড়ি৷

মহাবেগে শঙ্কৰে খেদন্ত ভৰি ভৰি৷৷৫৬৫৷৷

নযায় নুপুহায় মদনৰ উতপাতে৷

পাইলো পাইলো বুলি কতো চাব দেন্ত হাতে৷৷

অঙ্গুলিৰ আগে যেন চোৱৈ উচকুচ৷

আন্তৰন্ত কন্যা হৰ পড়ি যান্ত মূছ৷৷৫৬৬৷৷

পুৰাতন শত্ৰু কামদেৱে ছিদ্ৰ পাই৷

প্ৰহাৰন্ত পুষ্পবাণ দুনাই দুনাই৷৷

মদনৰ শৰে হৰ হৃদয়ত ফুটি৷

মহাদুঃখে মাটিত পাড়ন্ত লোটা লুটি৷৷৫৬৭৷৷

কতো উঠি কন্যাক কৰন্ত কাউবাউ৷

আঙ্গুলি মুখত কৰো পালটিয়া চাউ৷৷

তোৰেসে নিমিত্তে কৰে মদনে দগধ৷

মই যেৱে মৰোঁ তোত লাগিবেক বধ৷৷৫৬৮৷৷

মহাপাপ প্ৰাণীবধ তাকো শঙ্কা নাই৷

কোননো সাধিবি স্বৰ্গ আহ্মাক মৰাই৷৷

এভো পাশ চাপ আসি কৰো আলিঙ্গন৷

তোহোৰ সফল হৌক এ নৱ যৌৱন৷৷৫৬৯৷৷

নেদেখয় কেৱে বান্ধৈ কিয় কৰ লাজ৷

নাহি আন পুৰুষ নিৰ্জ্জন বন মাজ৷

তই যেৱে নাসস আপুনি চাপো কোল৷

এহি বুলি লাসে লাসে যান্ত হুয়া ভোল৷৷৫৭০৷৷

 

 

 

 

৷৷ সপ্তম কীৰ্ত্তন৷৷

ঘোষা৷৷

প্ৰাণ হৰি নেয় বুলি ডাক ছাড়ে ত্ৰিপুৰাৰি৷

হৰক মুহিয়া যান্ত মোহন মুৰাৰি৷৷৪৮৷৷

পদ৷৷

দেখি হাসি সুন্দৰী পলান্ত লাগ নেদি৷

নযা নযা বুলি বৃষধ্বজে যান্ত খেদি৷৷

গিৰি গুহা বন নদ নদী সৰোৱৰ৷

খেদিয়া ফুৰন্ত হৰে দ্বীপ দ্বীপান্তৰ৷৷৫৭১৷৷

আছে ঋষিগণৰ আশ্ৰম যত যত৷

পলান্তে খেদন্তে দুয়ো প্ৰৱেশিলা তাত৷৷

মদনৰ পীড়াত এড়িলা হৰে লাজ৷

 

খেদিয়া ফুৰন্ত আশ্ৰমৰ মাজে মাজ৷৷৫৭২৷৷

আউল জাউল হুয়া চক্ষু ঢাকৈ জঁটে৷

বিৱস্ত্ৰে কন্যাক হৰে খেদে উলঙ্গতে৷৷

দেখি ঋষি পত্নীগণে হাসৈ নিৰন্তৰে৷

কেহো মুখে বস্ত্ৰ দিয়া পশৈ অভ্যন্তৰে৷৫৭৩৷৷

উন্মত্ত পাগল কিনো ভৈলা মহাদেৱ৷

কেনমতে আঙ্ক সুৰাসুৰে কৰে সেৱ৷৷

উলঙ্গতে খেদন্ত কাহাৰ বউ জীউ৷

লাজ কাজ মৰ্য্যাদা এড়িল সদাশিউ৷৷৫৭৪৷৷

এহি বুলি জুমাজুমি হাসৈ সৱে সখী৷

ঋষিগণো শঙ্কৰক কামাতুৰ দেখি৷৷

বিষ্ণু বিষ্ণু স্মৰি সৱে চপৰাইলা মাথ৷

কিনো বিপৰ্য্যয় ভোল ভৈলা গৌৰীনাথ৷৷৫৭৫৷৷

কোহোঁ বোলে শঙ্কৰৰ কোনে মায়া বুজা৷

পাদ্য অৰ্ঘ্য দিয়া আগবাঢ়ি কৰো পূজা৷৷

এহি বুলি উঠি যান্ত কতো ঋষিগণ৷

লৱড়ন্তে কৰযোড়ে বোলন্ত বচন৷৷৫৭৬৷৷

তুমি চৰাচৰ গুৰু জগতৰ বাপ৷

সৰ্ব্বজান হুয়া আৱে কৰা হেন পাপ৷৷

ক্ষেণেক বিশ্ৰাম কৰা আহ্মাৰ থানত৷

যতেক বোলন্ত মানে নপশৈ কাণত৷৷৫৭৭৷৷

কামিনী হৰিলে চিত্ত কামে ভৈলা ভোল৷

নুশুনন্ত শঙ্কৰে ঋষিৰ মাতবোল৷৷

ৰমণীৰ পাছে পাছে ফুৰন্ত লৱড়ি৷

গাৱ দেখাই সুন্দৰী পলান্ত ভৰি ভৰি৷৷৫৭৮৷৷

নপাৱন্ত লাগ তান নাহি সুখ শান্তি৷

খেদন্তে খেদন্তে হৰ ভৈলা হাৰাশাস্তি৷৷

উগুল থুগুল মন মদনে বিকল৷

বহিবে লাগিল শঙ্কৰৰ বিন্দুজল৷৷৫৭৯৷৷

হস্তিনীক খেদন্তে হস্তীৰ যেন স্ৰৱৈ৷

যেন গিৰি শিখৰৰ গেৰু ধাৰা বৱৈ৷৷

এহিমতে শঙ্কৰৰ বিন্দু যাই পড়ি৷

দেখি ঋষিগণো আন্তৰিল তাঙ্ক এড়ি৷৷৫৮০৷৷

পিঠি দিয়া কতো সুমৰন্ত হৰি ৰাম৷

মহাযোগী শঙ্কৰ আহান হেন কাম৷৷

এহি বুলি ঋষিগণ গৈলা ঘৰাঘৰি৷

সুমৰিয়া হৃষীকেশ ৰাম কৃষ্ণ হৰি৷৷৫৮১৷৷

 

৷৷ অষ্টম কীৰ্ত্তন৷৷

ঘোষা৷৷

এ হৰি কি প্ৰাণ হৰি পশিলো শৰণে৷

কৰা কৃপা নাথ মোক অৰুণ চৰণে৷৷৪৯৷৷

পদ৷৷

যৈত যৈত শঙ্কৰৰ বিন্দু পৰি গৈল৷

ভূমি গুচি তেখনে সুবৰ্ণময় ভৈল৷৷

যেহি বৃক্ষ লতাক বিন্দুৰ ছটা ছোৱে৷

কাষ্ঠ গুচি তেখনে সুৱৰ্ণময় হোৱে৷৷৫৮২৷৷

তথাপি খেদন্ত হৰ হুইয়া উলঙ্গত৷

পাক ফুৰি পাইল গৈয়া বৈকুণ্ঠ নিকট৷৷

পড়িয়া আণ্টাইল যেৱে বিন্দু আছে যত৷

তেৱেসে চেতন ভৈল হৰৰ গাৱত৷৷৫৮৩৷৷

চাপৰি চাহন্ত ছাল নাহিকে কটিত৷

লাজে অধোমুখ হুইয়া বসিল মাটিত৷৷

পাছে ব্ৰহ্মজ্ঞান চিন্তি চিত্ত স্থিৰ কৰি৷

নাক কাণ ছুইয়া সুমৰন্ত ৰাম হৰি৷৷৫৮৪৷৷

মদনৰ পীড়াক এড়িয়া মহাযোগী৷

ব্যাধিৰ সকাশ পাইলা যেন চিৰৰোগী৷৷

গ্ৰহ গুচি গৈলে যেন স্বস্থ হোৱে বাউল৷

মনত গুণন্ত বসি জগতৰ ৰাউল৷৷৫৮৫৷৷

মোৰ কাজে আজি হসুৱাইলো ত্ৰিভুৱন৷

কেনমতে পতিয়াইবো পাৰ্ব্বতীৰ মন৷৷

বুলিবেক ফুৰিলা কাহাৰ নাৰী সঙ্গে৷

গৃহত পশিৱে বান্ধৈ নেদিবন্ত খঙ্গে৷৷৫৮৬৷৷

লঘু ভৈলো মাধৱৰ নুগুনিলো হাক৷

উমাৰ আগত চাটু বুলিলো কন্যাক৷৷

এৱে কেনমতে তান আগে হৈবো থিয়৷

কৰন্ত অশেষ চিন্তা দেৱ সদাশিৱ৷৷৫৮৭৷৷

বিচাৰি চাহিলে দোষ নাহিকে আহ্মাৰ৷

যাৰ মায়া পাশে বদ্ধ সমস্ত সংসাৰ৷৷

হেন হৰি মুহিলা আপুনি নাৰী হুই৷

আত অনুশোচ আৱে কৰো কোন মুই৷৷৫৮৮৷৷

কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি৷

এগোটা ডিম্বৰ মঞি ৰুদ্ৰ এক গুটি৷৷

যাহাৰ অঙ্গত চৰাচৰ ভৈল বাজ৷

হেন হৰি মুহিলা ইহাত কোন লাজ৷৷৫৮৯৷৷

বিষ্ণুৰ আগত মঞি পৰম অজ্ঞানী৷

জিনিলো মায়াক বুলিলোহো গৰ্ব্ববাণী৷৷

ইসে অহঙ্কাৰে কৰে হৃদয়ত তাপ৷

হৰি হৰি স্মৰণে খণ্ডোক ইটো পাপ৷৷৫৯০৷৷

এহি বুলি মৌন ভৈলা দেৱতা ঈশান৷

কৰিবে লাগিলা মনে মাধৱক ধ্যান৷৷

শুনা সৰ্ব্বজন মন কৰা উপশাম৷

পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷৫৯১৷৷

 

৷৷ নৱম কীৰ্ত্তন৷৷

ঘোষা৷৷ বান্ধৱ মাধৱ দেৱ হৰি৷

কৰা কৃপা দোষ ক্ষমা কৰি৷৷৫০৷৷

পদ৷৷

অনন্তৰে দেৱহৰি দুনাই নিজৰূপ ধৰি

শঙ্কৰৰ আগে উপসন৷

মুখে কৰি অল্পহাসি হৰক সম্বোধি আসি

বুলিলন্ত প্ৰশংসা বচন৷৷

শুনা শুনা শূলপাণি জানো তুমি মহাজ্ঞানী

তৰিলা দুস্তৰ মায়া ঘোৰ৷

তুমিসে তত্ত্বক জানা নাহি আৰ তুমি বিনা

আৱৰ পৰম প্ৰিয় মোৰ৷৷৫৯২৷৷

শুনা শুনা জ্ঞানশালী তোহ্মাৰেসে বাক্যপালি

দেখাইলো দুস্তৰ স্ত্ৰী-মায়া৷

আত নকৰিবা খেদ কিঞ্চিতো নাহিকে ভেদ

তোমাৰে আমাৰে একে কায়া৷৷

শুনা ভূতনাথ হৰ তুষ্ট হুয়া দেঞো বৰ

হৌক মায়া তোমাৰ অধীন৷

সুখে থাকি নিজ থানে মহাকল্প অৱসানে

মোহোৰ শৰীৰে যাইবা লীন৷৷৫৯৩৷৷

এহি বুলি বনমালী শঙ্কৰক আঙ্কোৱালি

সমজ্যাক নিলন্ত সাদৰি৷

কৰিলন্ত সতকাৰ দিব্য বস্ত্ৰ অলঙ্কাৰ

পাৰ্ব্বতীক দিলা মান্য কৰি৷৷

আনো যত ভূতগণ তুষিয়া সৱাৰো মন

কৰিলন্ত যথোচিত কাম৷

পাছে হৰে মহাতুষ্টি পাৰ্ব্বতী সহিতে উঠি

দণ্ডৱতে কৰিলা প্ৰণাম৷৷৫৯৪৷৷

বিষ্ণুত মেলানি মাগি লড়িলা গৃহক লাগি

ভাৰ্য্যায়ে সহিতে শূলধৰ৷

চড়িয়া বৃষভ ৰথে শীঘ্ৰে আকাশৰ পথে

আৰোহিলা কৈলাস শিখৰ৷৷

বসিল সমাজ পাতি বোলন্ত উমাক মাতি

আপুনি দেখিলা প্ৰাণজায়া৷

ভৈলোহো বাতুল প্ৰায় মোৰ শ্ৰুতি বুদ্ধি নাই

কিনো নকৰিলে বিষ্ণুমায়া৷৷৫৯৫৷৷

মঞি জগতৰ পতি মোৰে হেন ভৈলা গতি

আন কোন থিৰ হৈবে আত৷

হেন জানা স্বৰূপত চৰাচৰ আছে যত

সৱে বন্দী বিষ্ণুৰ মায়াত৷৷

সহস্ৰ বৎসৰ মানে আছিলোহো যোগধ্যানে

দেখি তুমি পুছিলা আহ্মাক৷৷

গাৱে ভষ্ম জঁটা ধৰি অনেক তপস্যা কৰি

আউৰ তুমি আৰাধাহা কাক৷৷৫৯৬৷৷

এড়ি লোভ ক্রোধ কাম কাহাৰ জপাহা নাম

আৱৰ আছন্ত কোন দেৱ৷

তোহ্মাক কহিলো আমি আছন্ত জগত স্বামী

সুৰাসুৰে যাক কৰৈ সেৱ৷৷

প্ৰত্যক্ষে দেখিলা আজি যাহাৰ মায়াত বাজি

মোহ হুইয়া এড়িলোহো লাজ৷

কামবাণে ভৈলো আউল চেঞ্চাই ফুৰো যেন বাউল

হসুৱাইলো বৈকুণ্ঠ সমাজ৷৷৫৯৭৷৷

কপট যুৱতী বেশে মুহিলন্ত হৃষীকেশে

পাসৰিলো তোহ্মাক পাশত৷

কন্যাক ফুৰিলো খেদি গিৰি গুহা বন নদী

অনেক ঋষিৰ আশ্ৰমত৷৷

নেদেখিলে কৈৰ লোক কোনে নহাসিলে মোক

লঘু হুইবে নথাকিলে ঠাই৷

এভো মোৰ কাম্পৈ হিয়া হেন জানি প্ৰাণপ্ৰিয়া

হৰিৰ মায়াত বড়া নাই৷৷৫৮৯৷৷

যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ

হৰিত পৃথক কেহো নোহে৷

যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন

হৰিৰ মায়ায়ে তাক মোহে৷৷

হৰিসে পৰম দেৱ হৰিকেসে কৰো সেৱ

স্ৰজন্তা পালন্তা দেৱ হৰি৷

হৰিনাম হিয়ে ধৰি হৰিনাম সদা স্মৰি

তেৱেসে হৰিৰ মায়া তৰি৷৷৫৯৯৷৷

হেন জানি তুমি দেৱী হৰিৰ চৰণ সেৱি

এৰা লোভ মোহ ক্রোধ কাম৷

নকৰিয়ো জন্ম বৃথা শুনা সদা হৰিকথা

কৰিয়ো কীৰ্ত্তন হৰিনাম৷৷

হৰিৰ চৰণ মনে চিন্তিয়োক সৰ্ব্বক্ষণে

কৰিয়ো ভকতি ভালমতে৷

তেৱেসে সংসাৰ তৰি হৰিৰ প্ৰসাদে গৌৰী

পাইবা গতি মোহোৰ লগতে৷৷৬০০৷৷

 

৷৷ দশম কীৰ্ত্তন৷৷

ঘোষা৷৷ জয় কৃষ্ণ বোল নৰ মুখে৷

বৈকুণ্ঠে প্ৰয়াণ কৰ সুখে৷৷৫১৷৷

পদ৷৷ শঙ্কৰ হেন বাণী পাৰ্ব্বতী গোসানী শুনি

আনন্দতে শিহৰাইলা গাৱ৷

উঠি কৰযোড়ে গৌৰী ফুৰি প্ৰদক্ষিণ কৰি

নমিলা শিৱৰ দুই পাৱ৷৷

তুমি প্ৰভু সৰ্ব্বজান দিলা মোক দিব্যজ্ঞান

সাৰ্থক তোমাৰ মঞি জায়া৷

কিনো ভাগ্যৱতী আমি তোহ্মাৰ প্ৰসাদে স্বামি

তৰিবো দুস্তৰ ঘোৰ মায়া৷৷৬০১৷৷

আৱেসে জানিলো সাৰ ভকতিত পৰে আৰ

নিস্তাৰ কৰন্তা আন নাই৷

মিছাতেসে মূঢ়জনে খপে আলজাল মনে

হৰিনামে মোক্ষপদ পাই৷৷

আৰ চিন্তা নাই মোৰ তৰিবো সংসাৰ ঘোৰ

কৌতূহলে হৰিনাম নাৱে৷

এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি

থাকিলন্ত কতোদিন মাৱে৷৷৬০২৷৷

শুক মুনি নিগদতি শুনিয়োক কুৰুপতি

কহিলোহো হৰিৰ চৰিত৷

কপট যুৱতী বেশে যেনমতে হৃষীকেশে

মুহিলন্ত শঙ্কৰৰ চিত্ত৷

দৈত্যৰ মুহিয়া মন যেন মতে নাৰায়ণ

ভুঞ্জাইলা অমৃত দেৱতাক৷

পুছিলা যতেক মানে কহিলো তোমাৰ থানে

সাৱশেষে কৃষ্ণৰ কথাক৷৷৬০৩৷৷

অকপটে যিটোজনে শুনে ভণে একমনে

শুনিয়োক তাৰ যেন ফল৷

খণ্ডয় চৌষষ্ঠি ৰোগ মিলৈ আসি যত ভোগ

মনোৰথ পূৰয় সকল৷৷

সমস্ত পাপক বাধি আপুনাৰ মোক্ষ সাধি

এক কোটি পুৰুষ উদ্ধাৰে৷

কহো মঞি স্বৰূপত নাহি আন সংসাৰত

হৰিকথা শ্ৰৱণত পৰে৷৷৬০৪৷৷

পৰীক্ষিত হেন জানি চিন্তিয়োক চক্রপাণি

হৰিৰ কথাত কৰা ৰতি৷

সংহৰিয়ো আন কাম জপিয়ো হৰিৰ নাম

ইহ পৰলোকে হৰি গতি৷৷

অশ্বাশ্বত মৰ্ত্ত্য লোক জন্মৰ সফল হোক

কৰিয়োক হৰিত ভকতি৷

আৰ যেহি মানে লাগে পুছিয়োক মোৰ আগে

কহোঁ কৃষ্ণ কথাক সম্প্ৰতি৷৷৬০৫৷৷

নমো নমো দামোদৰ সংসাৰৰ বিঘ্নহৰ

ভকত অভয় দাতা দেৱ৷

ভাগৱত পদ ছৱি ৰচিল শঙ্কৰ কবি

কৃষ্ণৰ চৰণে কৰি সেৱ৷৷

শুনিয়োক সাধুলোক নিন্দা নুবুলিবা মোক

যদি দেখা পদত দূষণ৷

আমি জগতৰে শিষ্য জানি কৰা বিমৰিষ

মহন্তৰ ক্ষমাসে ভূষণ৷৷৬০৬৷৷

কৃষ্ণে দিল যেন মতি যেন ৰড়ে সৰস্বতী

বিৰচিলো সেহি অভিপ্ৰায়৷

যতেক চটক দেখা যাৰ যেনমত পাখা

তাৰ অনুৰূপেসে উড়ায়৷৷

শুনা সৰ্ব্বজন তত্ত্ব ইটো মহাভাগৱত

তিনিও লোকত সাৰোত্তৰ৷

যত মহাযজ্ঞ দান কোটি কোটি তীৰ্থস্নান

কেহো আৰ নপাৱে ওচৰ৷৷৬০৭৷৷

কৃষ্ণকথা যিবা ভণে যিবা শুনে এক মনে

যমৰ ভাৱনা কৰৈ চূৰি৷

পুৰুষ উদ্ধাৰ কৰি সংসাৰ সাগৰে তৰি

অন্তকালে যাইবে বিষ্ণুপুৰী৷৷

শঙ্কৰে ৰচিলা গীত আপুনাৰ চিন্তা হিত

শুনা সমজ্যাৰ যত জন৷

এড়ি আলজাল কাম ডাকি বোলা ৰাম ৰাম

সমাপত মহেশমোহন৷৷৬০৮৷৷

৷৷ হৰমোহন সমাপ্ত৷৷৷৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!