নিশা আগমন: উদ্দীপ তালুকদাৰ

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

নিশা আগমন

(আইজাক এছিমভ-ৰ nightfall গল্পৰ আধাৰত লিখা নাটক)

উদ্দীপ তালুকদাৰ

 

পৃথিৱী নহয়। আন এটা গ্ৰহ। up stage-ত বিভিন্ন যন্ত্ৰপাতিৰে মানমন্দিৰৰ ভিতৰফাল।

Center stage-এখন ডাঙৰ কমেও ছয়জন বহিব পৰা মেজ।

Right / left center মঞ্চত দুখন খিৰিকী। পৰ্দা থকা। দুখন খিৰিকীত দুটা সূৰ্য। এটা ডুব যাবলৈ ওলাইছে। আকাশৰ পোহৰ দিনৰ স্বভাৱিক ৰঙ।

 

পৰ্দা উঠে। মেজত ছয়গৰাকী ব্যক্তি। একেবাৰে ভিতৰফালে এমূৰীয়াকৈ বহি আছে এটন। শকত-আৱট মানুহজনৰ অংগী-ভংগী কণ্ঠস্বৰত মূৰব্বী হোৱাৰ চিন। তেওঁ অত্যন্ত মনোযোগেৰে চাই আছে মঞ্চৰ বাওঁফালে থিয় হৈ থকা থেৰেমোনৰ ফালে। থেৰেমোন এনেয়ে তজবজীয়া, সপ্ৰতিভ ডেকা। বৰ্তমান সময়ত অলপ অস্থিৰ। ঠিক কি কৰিব ধৰিব পৰা নাই। এটনৰ স্থিৰ চাৱনিলৈ মাজে মাজে চাই চকু নমাই আনিছে। মেজত বহি থকা আন কেইজন নিমাত। তটস্থ হৈ তেওঁলোক বহি আছে, যেন কিবা এটা অঘটন ঘটিব।

 

এটনঃ (থেৰেমোনলৈ চাই) তোমাৰ দৰে নিৰ্লজ্জ মানুহ এটা মই আজিলৈ দেখা নাই হে! কি… কি সাহসত আহি মুখ দেখুৱাইছা ইয়াত! হা, তোমাৰ কি অলপো লাজ নাই?

(থেৰেমোন নীৰৱ। অলপ পিছুৱাই গৈ থিয় দি ৰ’ল।)

এটনঃ গেট্‌ আউট্‌! মই কৈছোঁ গেট আউট্‌!

থেৰেমোনঃ আপুনি মোক আচলতে ভুল…

এটনঃ ভুল! মই ভুল বুজিছোঁ। (খপজপকৈ মেজৰপৰা বাতৰি-কাকত মেলি লয়) এয়া! এয়া কি? ছাৰ মানমন্দিৰৰপৰা আকৌ ‘ৰোমাঞ্চক’ বাতৰি। লেগাছত হেনো প্ৰলয় হ’ব!! শিৰোনামাৰ পাছত আকৌ দুটাকৈ ভাৱবোধক! আৰু ভিতৰত কি এয়া? ছাৰ’ৰ পৰিচালক এটন-১২-ৰ মস্তিষ্কৰ সুস্থিৰতা নিশ্চিত কৰিবলৈ আমি দাবী প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। এতিয়া তোমাক অস্থিৰ মস্তিষ্ক এটাৰপৰা কি লাগে?

থেৰেমোনঃ ছাৰ, আপুনি মোক….

এট’নঃ (চিঞৰি) বিনেই! এওঁক ইয়ালৈ আনিছা কিয় তুমি? ইমান সাংবাদিক থাকোঁতে এই অপদাৰ্থ এটাক?

থেৰেমোনঃ আচলতে বিনেইৰ দোষ নাই। মই নিজেই হে আহিছোঁ। বিনেই মাত্ৰ মোক পাৰপত্ৰ পোৱাত সহায় কৰিহে দিছিল। আৰু কাইলৈৰ কাকতত…

এট’নঃ কাইলৈৰ বাতৰি-কাকত বুলি কোনো বস্তু এটা নোলায় বোপাই!

থেৰেমোনঃ ঠিক আছে বাৰু। আপোনাৰ কথাই ঠিক। ধৰি ললোঁ কাইলৈ…

এট’নঃ   এতিয়া আৰু ধৰি লোৱাৰ কথা নাই। কাইলৈ লেগাছ এটা ধ্বংসস্ত্তুপত পৰিণত হ’ব। ছাইবোৰক পঢ়াবা তুমি তোমাৰ বাতৰি-কাকত।

থেৰেমোনঃ আপোনাৰ খং ঠিকেই আছে। মই অলপ তাচ্ছিল্যৰেই লিখিলোঁ আপোনালোকৰ কথা। কিন্তু, আপোনালোকৰো ভুল হ’ব পাৰে। এক শতাংশ।

এট’নঃ ভুল হোৱাৰ সম্ভাৱনা এশৰ ভিতৰত দশমিক শূণ্য শূণ্য শূণ্য শূণ্য তিনি শতাংশ! তাৰ অৰ্থ  জানা  তুমি মিষ্টাৰ সাংবাদিক? তোমাৰ কাম কোন চিনেমাৰ অভিনেত্ৰীয়ে কাৰ লগত ফুৰিবলৈ গৈছে সেইটোক লৈ বৰ্ণনা কৰা। শতাংশত সোমাই মূৰ নষ্ট কৰিব নালাগে তুমি।

থেৰেমোনঃ চাওক। মই আপোনালোকক সহায় কৰিব পাৰোঁ।

এট’নঃ নিশ্চয়! এওঁ লেগাছখন পোহৰ কৰি ৰাখিব!

থেৰেমোনঃ তেনেকুৱা নহয়। ধৰি লওক, আপোনালোকৰ ভৱিষ্যত বাণী ভুল হ’ল। তেতিয়া…

এট’নঃ  তেতিয়া কি কৰিবা তুমি? আমাক ফাঁচী দিব লাগে বুলি সম্পাদকীয় লিখিবা, নহয় জানো?

থেৰেমোনঃ মই আপোনালোকৰ ভুলৰ কথা অলপ পাতলীয়াকৈ লিখি ৰাইজক..

এট’নঃ  কোনে বিশ্বাস কৰেহে তোমালোকৰ কথা?

(বিনেই লাহেকৈ মাত লগালে)

বিনেইঃ ছাৰ, আমি আচলতে ভাবিছিলো!

এট’নঃ কি ভাবিছিলা তোমালোকে? এই অপদাৰ্থ সাংবাদিকে সহায় কৰিব আমাক?

বিনেইঃ নহয়, কিন্তু এখেতৰ কথাৰ অলপ যুক্তি নথকা নহয়। যদিও অতি কম, তথাপি ক’ৰবাত ভুল ৰৈ যোৱাৰ সম্ভাৱনা অকণমান থাকেই। গতিকে, এওঁ…

এট’নঃ (অলপপৰ মনে মনে ৰৈ) তাত এও কেনেকৈ সহায় কৰিব।

থেৰেমোনঃ আপোনালোকে জানেই আপোনালোকৰ ভৱিষ্যত বাণীয়ে লেগাছত কনে প্ৰভাৱ পেলাইছে। ব্যৱসায়, বাণিজ্য একেবাৰে নাই। বজাৰ হুৰ-হুৰাই নামিছে। জাকে-জাকে মানুহ নিজৰ ঠাইলৈ ঢাপলি মেলিছে। যদি কাইলৈ একো নহয়, এই কোম্পানীবোৰৰ মালিকে আপোনালোকক সুদাই নেৰিব। সিহঁত আপোনালোকৰ প্ৰাণৰ পাছত লাগিব। সিহঁতে আনকি চৰকাৰকো আপোনালোকৰ বিৰূদ্ধে লগাব।

এট’নঃ  তেন্তে?

থেৰেমোনঃ কিন্তু আমি যদি লিখনীত আপোনালোকৰ এই ভুলক এটা যুক্তিসংগত ভুল বুলি দেখুৱাব পাৰোঁ, তেতিয়া হ’লে আপোনালোকে কিছু সকাহ পাব। মানুহে অন্ততঃ আপোনালোকক পুতৌ কৰিব, ঘৃণা নকৰে।

এট’নঃ  কিন্তু তাৰ বাবে আমি কি দিব লাগে তোমাক?

থেৰেমোনঃ একো নালাগে। মাত্ৰ আজিৰ দিনটো ইয়াতে থাকি মই কাম-কাজবোৰ চাই থাকিম। আৰু কাইলৈ ইয়াৰ কাম-কাজৰ ভিত্তিত এটা বৰ্ণনা লিখিম। মাত্ৰ এইটোৰ বাবে অকল আমাৰ কাকতৰ বাহিৰে আন কাকো আহিব দিব নালাগে।

এট’নঃ ঠিক আছে।

থেৰেমোনঃ আৰু আপোনাৰ এটা সাক্ষাৎকাৰ।

এট’নঃ  সোধা কি সুধিবৰ আছে?

থেৰেমোনঃ  এই যে আপোনালোকৰ ভৱিষ্যত বাণী কৰিছে যে আজি দিনৰ আঢ়ৈ বজাত লেগাছ সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব। তাৰ আঁৰৰ কাৰণ কি?

এট’নঃ  (ঘোপাকৈ থেৰেমোনৰ ফালে চাই ৰ’ল) তুমি ইমানদিনে এইবিলাক একো নুবুজাকৈ ইমানদিনে কাকতত আমাৰ বিপক্ষে কিবা-কিবি লিখি আছিলা নে কি? আঁৰৰ কাৰণ সুধিবলৈ আজিহে বিচাৰি পাইছা নেকি? প্ৰথম বিজ্ঞপ্তিতে আমি দেখোন ছবি-টবি আঁকি সাধাৰণ ৰাইজে বুজিব পৰাকৈ লিখি পঠিয়াইছিলোঁ।

থেৰেমোনঃ নহয়, মানে সেইবিলাক ভালকৈ মেলি পঢ়ি চাবৰ সময়েই নহ’ল।

এট’নঃ মানে একো নপঢ়াকৈয়ে ইমান দিনে কথাৰ ফুলঝাৰী মাৰি ফুৰিছা! যত চব ননছেন্সৰ দল। সেইবিলাক বিনেই তোমাক বুজাই দিব পাৰিব। আন কিবা সুধিব লগা কথা আছে নেকি?

থেৰেমোনঃ আছে, আছে। সেই যে প্ৰাচীনপন্থীসকল। তেওঁলোকৰ লগত আপোনালোকৰ কি সম্বন্ধ? মই জনাত আপোনালোকৰ এই ভৱিষ্যতবাণী প্ৰাচীনপন্থীসকলৰ গ্ৰন্থৰ ওপৰত আধাৰিত।

এট’নঃ কি? প্ৰাচীনপন্থীৰ গ্ৰন্থৰ আধাৰত? কোনে ক’লে তোমাক?

থেৰেমোনঃ প্ৰাচীনপন্থাৰ মুখ্য গুৰু ছেনোৱে। সেইদিনা আমাৰ অফিচলৈ গৈ তেওঁ সাক্ষাৎকাৰ দি আহিছে। আপোনালোকে হেনো প্ৰাচীনপন্থায়েই প্ৰকৃত বিজ্ঞানৰ বাহক বুলি মানি লৈছে?

এট’নঃ কি! (গালে-মূৰে হাত দি এট’ন বহি পৰিল) সি নৰাধমে সেইটোহে কৈ আহিল নেকি?

থেৰেমোনঃ আচলতে সেইটো প্ৰকাশ হোৱাৰ পাছৰে পৰাই আপোনালোকৰ প্ৰতি ৰাইজৰ বিশ্বাস কমি আহিছে। প্ৰাচীনপন্থীসকলক পন্থাৰ বাহিৰৰ মানুহে আজিকালি মৌলবাদী বুলি ঘৃণাৰ চকুৰে চায়।

এট’নঃ চোৱা আমি মাত্ৰ গৱেষণাৰ সমল হিচাপে তেওঁলোকৰ মূল গ্ৰন্থৰ কিছু পাঠ লৈছিলো। বচ সিমানেই। সেইখিনিকে দিবলৈ সৈমান নোহোৱা বাবে ছেনোক ইয়ালৈ মাতি আনি তেখেতৰ তত্বাৱধানতে গ্ৰন্থৰ পাঠ ৰেকৰ্ড কৰি ৰাখিছিলো। পাছত সুবিধা হ’বলৈ। সেইখিনিয়েই। ইয়াৰ বাহিৰে তেওঁলোকৰ মতবাদৰ লগত আমাৰ কোনো মিল নাই।

থেৰেমোনঃ কিন্তু আমি শুনাত প্ৰাচীনপন্থাৰ তৰাৱলীৰ কথাটো আপোনালোকেও মানি লৈছে। আৰু বিটাক এটা দানৱে খাই পেলাব সেইটোও মানি লৈছে হেনো।

এট’নঃ  বিনেই, কি কৰি আছা তুমি? বেছি ব্যস্ত হৈ থকা নাই যদি অলপ এই সাংবাদিক প্ৰবৰক জ্ঞান দিয়াচোন। এওঁ ক’ৰবাৰ উৰা-বাতৰি এসোপাকে ভৰষা কৰি ইয়ালৈ আহিছে।

বিনেইঃ (ভিতৰৰপৰা) মই কেমেৰাকেইটা সাজু কৰাত ব্যস্ত হৈ আছোঁ। অলপ পাছতে গৈছোঁ।

এট’নঃ থেৰেমোন, এইখন লোৱা। ইয়াতে আমাৰ বিজ্ঞপ্তিটো আছে। বিনেই আহি্ তোমাক সহায় কৰিব। চকী এখনত আৰামচে বহি পঢ়ি থাকা। ইফাল-সিফাল কৰি আমাৰ কাম-কাজত দিগদাৰী নকৰিবা।

(কাগৰ নুৰাটো লৈ থেৰেমোন চকীএখনত বহিল। এট’নে বাকী কেইজনৰ লগত কিবা এটা কথাত বুৰ গ’ল। এনেত দুৱাৰখন খুলি বিশাল বপুৰ মনোবৈজ্ঞানিক ছীৰিণ সোমাই আহিল।(

ছীৰিণঃ বাহিৰত বৰ ঠাণ্ডাহে। গা গৰম কৰিবলৈ কিবা এটা লাগিছিল।

(ছীৰিণৰ মাত শুনি আটাইকেইউজন উচপ খালে। এট’নৰ আকৌ খং উঠিল।)

এট’নঃ  ছীৰিণ, তুমি ইয়াৰ কি কৰি আছা?

ছিৰিণঃ তাত, গুপ্ত গহ্‌বৰত মোৰ কাম চাম নাই। আমনি পাই বহি আছিলো।

এট’নঃ ছীৰিণক আৰু অধিক নক’বলৈ ইংগিত দি থেৰেমোনলৈ দেখুৱালে।

ছীৰিণঃ সেয়ে ইয়ালে গুচি আহিলো। ইয়াত তোমালোকে কি কৰা তাকে চাই থাকি মৰিবলৈ ভাল লাগিব। (থেৰেমোনলৈ চাই) এওঁ কোনহে? অ’ ডেকা ল’ৰা, কোন তুমি?

থেৰেমোনঃ মই থেৰেমোন। লেগাছ-দৈনিক কাকতৰ ….

ছীৰিণঃ বুজিছোঁ, বুজিছোঁ। তুমিয়েই সেই সম্পাদক। তোমাক যে জীৱিত দেখিছোঁ! এট’নে  গুলিয়াই নামাৰিলে?

থেৰেমোনঃ (মিচিকিয়াই হাঁহি) কোনোমতেহে বাচিছোঁ।

(এট’ন ভিতৰৰপৰা ওলাই আহে)

এট’নঃ তুমি তাত থকা উচিত আছিল। ইয়ালৈ কিয় আহিলা।

ছীৰিণঃ ক’লোঁ নহয়, তাত বিৰাট আমনি পালোঁ। খোৱা-বোৱা, পানী-পিয়া চব হিচাপত কৰিব লাগে। সিবিধৰ এটা টোপালো ক’তো পাবলৈ নাই। সেয়ে গুচি আহিলো। এনেও মোৰ দৰে পেট-মূৰ ওলোৱা বুঢ়াই কিডাল কৰিবহে। তাত থাকিবলৈ দিয়া ডেকা ডেকা সুন্দৰ ল’ৰাবোৰক, আৰু ধুনীয়া ধুনীয়া ছোৱালীবোৰক। তেতিয়া লেগাছত ধুনীয়া ধুনীয়া মানুহৰ জন্ম হ’ব। (এট’নে অস্বস্তি পাই মূৰ ঘূৰালে।) মোৰ বেছ পিয়াহ লাগিছে।

এট’নঃ ইয়াত পানীহে আছে। লাগে যদি আহি খাই যোৱা।

ছীৰিণঃ এনে পানীৰে ছীৰিণৰ পিয়াহ নপলায়।

এট’নঃ আজিৰ দিনটোত সেইবিধ নচলিব বুলি মই আগতেই ঘোষণা কৰিছিলো।

ছীৰিণঃ  হয় নেকি?

বিনেইঃ (সিটো কোঠাৰপৰা) মোৰ আৰু অলপ দেৰী হ’ব দেই থেৰেমোন। আশাকৰোঁ তুমি আমনি পোৱা নাই।

থেৰেমোনঃ নাই নাই। আমনি পোৱা নাই।

ছীৰিণঃ বিনেইৰ লগত কি কাম তোমাৰ?

থেৰেমোণঃ তেওঁ মোক এইবিলাক কি বুজাই দিম বুলিছিল।

ছীৰিণঃ ময়েই আৰম্ভ কৰি দিব পাৰোঁ। মই মনোবৈজ্ঞানিকহে। গতিকে তোমাক ভালদৰে বুজাই দিব পাৰিব। এই পদাৰ্থবিজ্ঞানসকলে আৰম্ভ কৰিলে, কিবা আকবাক, সমীকৰণ, চাৰ্ট-টাৰ্ট দেখুৱাই শেষ কৰি থ’ব, য’ৰ মাথা-মুণ্ড তুমি একো বুজি নোপোৱা। তাতকৈ মই তোমাক সহজকৈ কম।

থেৰেমোনঃ ঠিক আছে কওক তেন্তে।

ছীৰিণঃ ইয়াত নহয়। সিটো কোঠালৈ যাওঁ। অলপ ডিঙিটো তিয়াই লওঁ।

থেৰেমোনঃ কিন্তু এট’নে…

ছীৰিণঃ বাদ দিয়াহে এট’নৰ কথা। জীৱনৰ শেষ দিনটোত আমি কি কৰিম সেইটো কৈ দিবলৈ এট’ন কোনহে!

(দুয়োজন বাওঁফালৰ মঞ্চলৈ আহে। সজাই দুখন চকীৰ এখনত থেৰেমোন বহে আৰু ছীৰিণে খিৰিকীৰ তলত থকা ড্ৰয়াৰ এটা খুলি এটা আধা ভৰ্তি মদৰ বটল উলিয়াই আনে, লগত এটা গ্লাচ। গিলাচটোত অকণমান মদ বাকী থেৰেমোনলৈ আগবঢ়াই দিয়ে।)

ছীৰিণঃ এটাই গিলাচ আছে। সেইটো তোমাক দিলো। মই বাৰু বটলটোৰেই চলাই দিম।

থেৰেমোনঃ মই নে…

ছীৰিণঃ চুউউপ (হাতেৰ ইংগতি দি থেৰেমোনক শেষ কৰিবলৈ ক’লে। আৰু বটলৰপৰাই মস্ত এঢোক ডিঙিত ঢালি দিলে।)

(থেৰেমোনে প্ৰথমখিনি লাহে লাহে শেষ কৰি গিলাচটো থলে, থেৰেমোনে আকৌ অলপ গিলাচটোত বাকী দিলে। থেৰেমোনে বেছী আগ্ৰহ নেদেখুৱালে।)

থেৰেমোনঃ আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিম বুলিছিল?

ছীৰিণঃ কি প্ৰশ্নৰ?

থেৰেমোনঃ এই যে লেগাছ অন্ধকাৰ হ’ব তাৰ কাৰণটো আচলতে কি?

ছীৰিণঃ অ’ সেইটো। শুনা। আমাৰ গ্ৰহ লেগাছত সদসয়ে সূৰ্যৰ পোহৰ থাকে। সেইটো তুমি জানাই। কিয় সদায় সূৰ্যৰ পোহৰ থাকে, সেইটোও তুমি জানাই চাগৈ।

থেৰেমোনঃ আমাৰ ছটা সূৰ্যৰ কমেও তিনিটা যিকোন সময়তে সদায় আকাশত থাকে। সেইবাবেই।

ছীৰিণঃ তাৰমানে তিনিটা সূৰ্য যদি একেলগে নাথাকে, তেন্তে কি হ’ব? অন্ধকাৰ। এইটোকে হ’বলৈ হৈ গৈ আছে।

থেৰেমোনঃ কিন্তু তিনিটা সূৰ্য একেলগে নোহোৱা কেনৈকৈ হ’ব? সূৰ্যবোৰ ডুব গৈ আকৌ নুঠে জানো।

ছীৰিণঃ সেই মতে দুটা সূৰ্য কেতিয়াবাই ডুবিল। আন দুটা উদয় হ’বলৈ এতিয়াও আধঘণ্টা আছে। গতিকে বৰ্তমান লেগাছৰ আকাশৰ সূৰ্য মাত্ৰ দুটা। (খিৰিকীৰে আঙুলিয়াই) সেয়া আলফা দিগবলয়ত ডুব যাবলৈ ওলাইছে। আলফা ডুব যোৱাৰ পাছত আমাৰ একমাত্ৰ সূৰ্য থাকিব বিটা। সৌটো। (খিৰিকীৰে আঙুলিয়াই) কিন্তু বিটা এতিয়া আমাৰ পৰা দীৰ্ঘতম দূৰত্বত আছে। সেয়ে তাৰ পোহৰ তীব্ৰ নহয়, লগতে তাপো কমি গৈছে। এনে অৱস্থা মাজে মাজে হয়, কিন্তু বিটাই পোহৰ দি থাকি লেগাছক অন্ধকাৰৰপৰা ৰক্ষা কৰে।

থেৰেমোনঃ ঠিক আছে বাৰু। আলফাৰ বাকী চাৰিটাৰ কথা বুজিলো। কিন্তু বিটা কেনেকৈ নোহোৱা হ’ব।

ছীৰিণঃ বিটাক এটা দানৱে গিলিব। (নকলনাটকীয়তাৰে কলে)

থেৰেমোনঃ প্ৰাচীনপন্থাৰ দানৱে?

ছীৰিণঃ কিছূ পঢ়াশুনা কৰি আহিছা দেখিছোঁ। আচলতে সেইটো দানৱ নহয়। কি আমিও ঠিক নাজানো। কিন্তু কিছুমান কথা তোমাক ক’ব পাৰোঁ।

ছীৰিণঃ  যোৱা দশকটোৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো কি?

থেৰেমোনঃ মিনি-স্কাৰ্ট!

ছীৰিণঃ (উপায়হীন হৈ) তোমাৰ লগত নহ’বহৈ। বিজ্ঞান জগতৰ আৱিষ্কাৰৰ কথা সুধিছোঁ। যিটোক লেগাছৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ বোলা হৈছে।

থেৰেমোনঃ  অ’ আপুনি মহাকৰ্ষণৰ কথা কৈছে নেকি?

ছীৰিণঃ ঠিক ঠিক। মহাকৰ্ষণৰ কথা কৈছোঁ।

থেৰেমোনঃ  মহাকৰ্ষণৰ কথা বোলে ইমান টান যে অকল বাঘা বাঘা বিজ্ঞানীসকলেহে বুজি পায়? আন কোনেও হৈনো বুজিয়েই পোৱা নাই।

ছীৰিণঃ মিছা কথা। সিমান টান নহয়। কিন্তু মহাকৰ্ষণ বুজিবলৈ অলপ পূৰ্ব ধাৰণা থকা আৱশ্যক। মই সেইবিলাক চব টান কথা বাদ তোমাক চিধাকৈ ক’ব পাৰোঁ যে যিকোনো দুটা বস্তুৰ মাজত যি আকৰ্ষণ বলে ক্ৰিয়া কৰে সি হ’ল মহাকৰ্ষণ, আৰু যিমানে বস্তু দুটাৰ মাজৰ কমি আহে সিমানে সেই দূৰত্বৰ মাজৰ মহাকৰ্ষণ বল বৰ্গ হাৰত বাঢ়ি যায়। সেয়েই হ’ল মহাকৰ্ষণৰ সূত্ৰ।

থেৰেমোনঃ (অতন্ত আগ্ৰেহেৰে) ইমান সহজ নেকি?

ছীৰিণঃ ভিতৰৰ অংক-চংকবিলাক জটিল। কিন্তু সেইবিলাক আমাৰ কাৰণে অপ্ৰোজনীয়।

থেৰেমোনঃ ঠিক আছে, কৈ যাওক আপুনি।

ছীৰিণঃ মহাকৰ্ষণ তত্ত্বৰে যেতিয়া লেগাছৰ কক্ষপথ নিৰ্ণয় কৰা প্ৰয়োজন হ’ল, তেতিয়া দেখা গ’ল এই ছটা সূৰ্যৰ মহাকৰ্ষণ বল গণনা কৰি লেগাছৰ যিটো কক্ষপথ পোৱা যায়, লেগাছৰ প্ৰকৃত কক্ষপথৰ লগত সামান্য অমিল দেখা গ’ল। দেখাত সামান্য অমিল। কিন্তু এইটোৱে মহাকৰ্ষণৰ ভিত্তিটোকে কঁপাই তুলিলে।

থেৰেমোনঃ তাৰ পাছত?

ছীৰিণ; তাৰপাছত আৰু কি? থিয়’ৰীৰ ওপৰত থিয়’ৰী, আলোচনা, প্ৰত্যালোচনা, যুক্তি তৰ্ক, চিঞৰি-বাখৰ কেবালানিও চলিল। দেখা গ’ল লেগাছৰ কক্ষপথৰ বাহিৰে আন বহু বস্তুৰ ক্ষেত্ৰত মহাকৰ্ষণৰ তত্ত্ব সম্পূৰ্নভাৱে খাপ খাই পৰে। গতিকে সমস্যা মহাকৰ্ষণ সূত্ৰ নাছিল। সমস্যা আছিল আন ক’ৰবাত। সম্ভৱতঃ লেগাছৰ কক্ষপথক আন কোনো এটা বৃহৎ মহাকৰ্ষণ বলে ক্ৰিয়া কৰি আছে। যিটো আমি দেখা নাই। অৰ্থাৎ এটা অদৃশ্য দানৱ ওচৰে-পাজৰই ক’ৰবাত আছে। এই অদৃশ্য দানৱটোৰ সমস্যাটোৰ সমাধান বিচাৰিয়েই এট’নে প্ৰাচীনপন্থীসকলৰ লগত কথা পাতিছিল। তেওঁলোকৰ ধৰ্মগ্ৰন্থ পাঠ কৰিছিল। ক’ৰবাত কিবা আইডিয়া পোৱা যাব পাৰে বুলি। প্ৰাচীন পন্থাৰ মতে শেষ বিচাৰৰ দিনা বিটাক এটা গুহাই গিলি পেলাই বুলি কোৱা হয়। এই ধৰণৰ আথ্যান, উপাখ্যানত কিবা পোৱা যায় নেকি চাবলৈহে, এট’নে তেওঁলোকৰ মহাগুৰুক মাতি আনি প্ৰাচীনগ্ৰন্থসমূহ পঢ়ি তাৰ পাঠোদ্ধাৰ কৰা চেষ্টা কৰিছিল? টোপনি গ’লা নেকিহে ডেকা ল’ৰা?

থেৰেমোনঃ নাই যোৱা।

(এইবুলি থেৰেমোনে নিজৰ খালী গিলাচটো আগবঢ়াই দিলে। মুখখন বিকটাই ছিৰিণে দিওঁ নিদিওঁকৈ কেইটোপালমান মদ গিলাছটো বাকী দিলে। তাৰ পাছত বটলটোৰপৰাই এঢোক মাৰি ললে।)

ছীৰিণঃ প্ৰাচীনপন্থীৰ আলোচনালৈ যোৱাৰ আগেয়ে লেগাছৰ ইতিহাসৰ এটা দৰকাৰী কথা৷ তুমি জানা চাগৈ যে লেগাছত মানৱ সভ্যতাৰ ইতিহাস ছহেজাৰ বছৰ জোৰা এটা চক্ৰৰ দৰেহে। প্ৰতি ছহেজাৰ বছৰৰ মূৰত প্ৰতিটো সভ্যতাৰ অন্ত পৰে, আৰু আৰ পাছত আকৌ আৰম্ভ হয় নতুন সভ্যতাৰ। কোনো এটা সভ্যতাই এই ছহেজাৰ বছৰৰ সীমা পাৰ কৰিব পৰা নাই। সভ্যতা এটা বিন্দুলৈ দোপত-দোপে আগবাঢ়ি হঠাতেই কোনো দুৰ্যোগৰ সম্মুখীন হৈ নিশ্চিহ্ন হৈ গৈছে। ধ্বংসৰ মাজৰপৰা ন-কৈ সৃষ্টি হৈছে এটা নতুন সভ্যতা। তেনেকৈয়ে লেগাছ আগবাঢ়িছে। কোনো এটা সভ্যতাই পিছৰটোৰ বাবে একো এৰি যাবলৈ সক্ষম হোৱা নাই।

থেৰেমোনঃ  আৰু প্ৰতিটো সভ্যতাৰ অন্ত হৈছিল বিধ্বংসী জুইৰ মাজত। প্ৰত্নত্ত্ববিদসকলে প্ৰায় ১২টা তেনে ধ্বংসপ্ৰাপ্ত সভ্যতাৰ কথা নিশ্চিতকৈ প্ৰমাণ কৰিছে, নহয় জানো?

ছীৰিণঃ ঠিক কৈছা। প্ৰতিটো সভ্যতাৰ অন্ত পৰিছিল প্ৰলয়ংকাৰী জুইৰ মাজত। সকলো মানুহ যেন বলিয়া হৈ চহৰ-গাঁৱত জুই লগাই দি নিজে সেই জুইত জাঁপ দি পৰিছিল। আৰু কোনো এটা সভ্যতায়েই এই ধ্বংসৰ কাৰণ পাছৰ সভ্যতালৈ জনাই যাব পৰা নাছিল। এই ক্ষেত্ৰত হয়তো অলপ ব্যতিক্ৰম আমাৰ প্ৰাচীন পন্থীসকল। প্ৰাচীন পন্থাৰ কিতাপবিলাকত সেই ধ্বংসকালৰ কিছু বৰ্ণনা দিয়া আছে। সেইখিনি জানিবৰ বাবেই ছাৰ’ মানমন্দিৰে তেওঁলোকৰ লগত যোগাযোগ কৰিছিল।

থেৰেমোনঃ  তাৰ পৰা কিবা পোৱা গ’ল নে?

ছীৰিণঃ  কিছুমান অতি প্ৰয়োজনীয় ক্লু! প্ৰাচীনপন্থাৰ মূল ধৰ্মগ্ৰন্থত আগৰ কোনো এটা সভ্যতাৰ ধ্বংসকালৰ বৰ্ণনা দিয়া আছে, প্ৰায় এনেদৰেঃ মহান ধৰ্মগুৰুক অপমান কৰি চহৰৰ বাহিৰলৈ খেদি পঠিওৱা হ’ল। গুৰুৱে চহৰ পৰিসৰৰ বাহিৰ ওলোৱাৰ লগে লগেই লেগাছৰ তিনিটা সূৰ্যৰ দুটা অন্তৰ্ধান হ’ল। হালধীয়া সূৰ্যটোৰ পোহৰ মোলান পৰি আহিল। নিজ পুত্ৰক কৰা অপমান মহান পিতাই সহ্য কৰিব পৰা নাছিল। পৰমশক্তিমান জনাই সেয়ে চহৰখন ধ্বংস কৰিবলৈ জুইৰ বৰ্যণ কৰিবলৈ ধৰিলে। গুহাটোৱে হালধীয়া সূৰ্যক গিলিবলৈ আৰম্ভ কৰিলে, জুইৰ বৰ্ষণ চলিয়েই থাকিল। চাওঁতে চাওঁতে দাউ-দাউকৈ জ্বলি উঠিল চহৰখন। মানুহবোৰ পগলাৰ দৰে দৌৰিবলৈ ধৰিলে। গাৰ কানি-কাপোৰ ক’ত খহি পৰিল গমেই নাপালে। মানুহবোৰ বৰ্বৰ হৈ উঠিল। নিজৰ মাজতে সিহঁতে মৰা-মৰি, কটা-কটি কৰিবলৈ ধৰিলে। যিসকলে নিজৰ ভুল বুজি পাইছিল, তেওঁলোকে সেই জুইত জাঁপ দি শক্তিমানজনৰ লগত একাত্ম হোৱাৰ চেষ্টা কৰিলে। কিন্তু ঈশ্বৰ এইবাৰ দয়ালু হৈ থকা নাছিল। লেগাছবাসীক কৰ্মৰ প্ৰতিফল দিবলৈ তেওঁ সাজু আছিল। সেয়ে গুহাটোৱে গিলিবলৈ আৰম্ভ কৰিলে শেষ সূৰ্যটোক। আৰু সুৰ্যটোক সম্পূৰ্ণৰূপে গ্ৰাস কৰিলে গুহাটোৱে। তেতিয়াই ওলাল ঈশ্বৰৰ স্বৰূপ। অজস্ৰ জিলমিলোৱা তৰাৰ ৰূপ লৈ তেওঁ লেগাছবাসীৰ আগত দেখা দিলে। সেই জিলমিলনি লেগাছৰ মানুহে সহ্য কৰিব নোৱাৰিলে। তেওঁলোক আটায়ে আঁঠু ল’লে আৰু সাজু হ’ল শেষ বিচাৰৰ বাবে। তেওঁলোকে জানিছিল, ইয়াতেই লেগাছৰ সমাপ্তি। এইবিলাকৰ বেছিভাগ কথাই আখ্যান মাত্ৰ। প্ৰকৃত ঘটনাক বহুত বেছি অতিৰঞ্জন কৰি কথাবিলাক লিখা হৈছে। কিন্তু তাৰে কেইটামান বস্তু বিশেষভাৱে লক্ষণীয়। গুহাই গিলিবলৈ ধৰা হালধীয়া সূৰ্যটো, জুই আৰু বলিয়া হৈ পৰা মানুহখিনি। এইখিনি অতিৰঞ্জন নহয়।

থেৰেমোনঃ  কনেকৈ?

ছীৰণঃ   কাৰণ আমি সেই গুহাটো বিচাৰি উলিয়াব পাৰিছোঁ। লেগাছৰ কক্ষপথৰ চ্যুতিৰ বাবে দায়ী আছিল এই গুহাটো। মই আগতেই কৈছিলো লেগাছৰ কক্ষপথ গণনা কৰোঁতে যিখিনি অমিল পোৱা যায়, সেইখিনিৰ হিচাপ পোৱা যায়, যদি আমি আকাশত এটা গধূৰ অদৃশ্য বস্তু থকা বুলি ধৰি লওঁ। বস্তুটো এটা সূৰ্য নহয়। কাৰণ ই সূৰ্যৰ দৰে পোহৰ নিদিয়ে। সেইবাবেই আমি সেইটো দেখা নাপাওঁ। বস্তুটো খুৱ সম্ভৱ লেগাছৰে সংগোত্ৰীয় হ’ব। ধৰি লোৱা আমাৰ লেগাছৰে ডাঙৰ ভায়েক। সেই গ্ৰহটোৱেও লেগাছৰ দৰেই সূৰ্য ছটাক কোনো এটা কক্ষপথেৰে ভ্ৰমণ কৰি আছে। হয়তো আমাৰ দৰেই তেওঁলোকৰো আছে সভ্যতা, বিজ্ঞান। মাত্ৰ আমি কেতিয়াও লগা-লগি হোৱা নাই।

গণনাৰ পৰা দেখা গৈছিল যে সেই অদৃশ্য বস্তুটোৱৰ কক্ষপথ এনেকুৱা যে কেতিয়াবা ই কোনো এটা সূৰ্য আৰু লেগাছৰ মাজৰ একেডাল সৰল ৰেখাত আহি পৰে। তেনে অৱস্থাত এই বস্তুটোৰ কাৰণে আমি সেই সূৰ্যটো কিছুসময় নেদখিম। লেগাছৰ তিনিটা সূৰ্যৰ যিকোনো দুটা আকাশত থাকিলে এই পৰিঘটনাই বিশেষ ছাপ নেপেলায়। কিন্তু যদি আকাশত মাত্ৰ এটা সূৰ্যহে থাকে, তেন্তে এইখিনি সময় লেগাছক আন্ধাৰে ছানি ধৰিব। এনে পৰিঘটনা প্ৰতি ছহেজাৰ বছৰৰ মূৰত একোবাৰকৈ হয়। সেইবাবেই লেগাছৰ সভ্যতা ছহেজাৰ বছৰৰ একোটা চক্ৰ।

থেৰেমোনঃ (কিছুসময় নীৰৱে ৰৈ) কিন্তু? আন্ধাৰ হৈ পৰিব বুজিলোঁ। পিছে মানুহৰ বৰ্বৰ আচৰণৰ কাৰণটোহে নুবুজিলো। প্ৰাচীনপন্থীৰ দৰে আপোনালোকে নিশ্চয় বিশ্বাস নকৰে যে ঈশ্বৰে মানুহক শাস্তি দিবলৈ চবকে বলিয়া কৰি পেলাব?

ছীৰিণঃ (মিচিকিয়াই হাঁহি) আন্ধাৰ বুজি পাওঁ বুলিলা যে? অন্ধকাৰত থকাৰ অভিজ্ঞতা আছে জানো তোমাৰ?

থেৰেমোনঃ অন্ধকাৰত থকাৰ অভিজ্ঞতা। নাই। চকু মুদিলে যি এন্ধাৰ দেখা পাওঁ সেইখিনিয়েই।

ছীৰিণঃ তেন্তে তুমি আন্ধাৰক বুজি পাব নোৱাৰা। এটা কাম কৰা। পৰ্দাখন টানি দিয়া।

(থেৰেমোনে উঠি গৈ পৰ্দাখন টানি দিয়ে। মঞ্চত পোহৰ খীণ হয়। থেৰেমোনে উভতি আহি আকৌ চকীখনত বহে। তেখেতৰ উশাহ ঘন।)

ছীৰিণঃ কেনে লাগিছে?

থেৰেমোনঃ  মোৰ? ঠিকেই আছে। … নাই.. চব ঠিক লগা নাই। একো দেখা পোৱা নাই মই। (ঘনকৈ উশাহ লৈ) উস্‌! ক’লা আন্ধাৰবোৰে যেন মোক হেঁচা মাৰি ধৰিছে। (আৰু কিছুসময় নীৰৱ!) এয়া আন্ধাৰহে মাত্ৰ। ইয়াক ভয় কৰিবলৈ কি আছে? পৰ্দাখন আঁতৰাই দিলেই আকৌ পোহৰ হৈ পৰিব। (থেৰেমোনে ধীৰে ধীৰে কেইবাটাও দীঘল উশাহ লয়) এতিয়া ঠিক আছে। মোৰ আৰু ভয় লগা নাই।

(হঠাত ছীৰিণে দৌৰি যোৱাৰ দৰে গৈ পৰ্দাখন আকৌ মেলি দিয়ে। মঞ্চত পূৰ্ণ পোহৰ। ছীৰিণক উত্তেজিত দেখা যায়। তেৱোঁ খৰকৈ উশাহ লৈছে। সুস্থিৰ হ’বলৈ দুয়োকে কিছু সময় লাগে।)

ছীৰিণঃ  কেনে লাগিল?

থেৰেমোনঃ প্ৰথমে বেছ ভয় লাগিছিল। কিবা এটাই যেন মোক হেঁচা মাৰি ধৰিছিল। উশাহ ল’বলৈ অসুবিধা পাইছিলোঁ। কিন্তু সেইটো অলপ চেষ্টা কৰাৰ পাছতে নোহোৱা হৈ গ’ল।

(ছীৰিণে মিচিকিয়াই হাঁহি খিৰিকীৰে বাহিৰলৈ চায়।)

থেৰেমোনঃ মানি লৈছোঁ। আন্ধাৰৰ অভিজ্ঞতা ভয়ানক। কিন্তু..

ছীৰিণঃ  কিন্তু?

থেৰেমোনঃ কিন্তু অকল আন্ধাৰৰ কাৰণেই মানুহবোৰ পগলা হৈ যাব বুলি বিশ্বাস নহয়।

ছীৰিণঃ কিয়? কিয় বিশ্বাস নহয়? তুমি নিজেই এইমাত্ৰ অনুভৱ কৰিলা অন্ধকাৰ কিমান ভয়ানক হ’ব পাৰে।

থেৰেমোনঃ ময়েই দেখোন অলপ পাছতে নিজকে সম্বৰণ কৰিব পাৰিলোঁ। তেনেকৈ আন মানুহেও..

ছীৰিণঃ কিন্তু তুমি নিজকে প্ৰবোধ দিছিলা যে পৰ্দাখন ঠেলি দিলেই আকৌ পোহৰ হ’ব। যিদিনা বিটাত গ্ৰহণ লাগিব, সেইদিনা কিন্তু তেনে আশা দিবলৈ একো নাথাকিব।

থেৰেমোনঃ মিছা নহয়। কিন্তু তেনে আন্ধাৰতো কিবা অথন্তৰ হ’ব যেন ধাৰণা নহয়। সেই পৰিস্থিতি মই কল্পনা কৰি চালোঁ…

ছীৰিণঃ (খঙত) কল্পনা! তুমি সেই অন্ধকাৰৰ কল্পনা কৰিব নোৱাৰা। আমি কোনেও নোৱাৰোঁ। সেই সৰ্বব্যাপী আন্ধাৰ কল্পনা কৰাৰ শক্তি আমাৰ মগজুৰ নাই। সদায় দেখি থকা পৰিৱেশৰ বাহিৰত আমাৰ মগজুৱে কোনো ধাৰণা কৰিব নোৱাৰে।

(থেৰেমোনে আনফালে চায়। এখন খিৰিকীত আলফা সূৰ্য ইতিমধ্যে অস্ত গৈছে।)

ছীৰিণঃ সেই অন্ধকাৰৰ লগত মোকাবিলা কৰিবলৈ আমাৰ মানুহৰ হাতত এপাত অস্ত্ৰ আছে। জুই! তুমি বোধহয় নাজানা যে জুয়ে অকল তাপেই নিদিয়ে, পোহৰো দিয়ে। অন্ধকাৰৰ আগমণৰ লগে লগে লেগাছবাসীয়ে জুইৰ এই ধৰ্মক বুজি পাব। আৰু জুইকুৰা জ্বলাই ৰাখিবলৈ যাৱতীয় সকলো জুইত জাপি দিব। সেই সময়ত মানুহৰ হাতত থাকিব দুটা বিকল্পঃ জুই বা মৃত্যু! যিমানে সময় গৈ থাকিব, মানুহৰ বাবে জুইৰ প্ৰয়োজন সিমানে বাঢ়ি গৈ থাকিব। জুই বিয়পিব। কাপোৰ-কানি, আচবাব, ঘৰ-দুৱাৰ সকলোবোৰ জুইত জাপি দি হ’লেও মানুহে বিচাৰিব আন্ধাৰৰপৰা পৰিত্ৰাণ। কিন্তু সেই জুয়ে লাহে লাহে সকলো দহিবলৈ আৰম্ভ কৰিব। এই জুইতে শেষ কৰি দিম আমি এই ছহেজাৰ বছৰৰ সভ্যতা। পিছে সেই জুইৰো এটা সময়ত অৱসান ঘটিব। আকৌ আকাশত উদয় হ’ব এটা-এটাকৈ ছটা সূৰ্য। সূৰ্যৰ পোহৰত জিলিকিব লেগাছৰ সদ্যশেষ সভ্যতাৰ ধ্বংসস্তুপ। ধ্বংসস্তুপৰ মাজতে আকৌ পোখালি মেলিব অনাগত সভ্যতাই। এনেদৰেই আমি পাৰ হৈ আহিছোঁ অযুত বছৰ। আকৌ তাৰেই পুণৰাবৃত্তি ঘটিব। অৱশ্যে অনাগত সভ্যতাৰ সামৰণি হয়তো এনেকুৱা নহয়। তেওঁলোকে পাৰিব এই চক্ৰ ভংগ কৰিবলৈ। লেগাছৰ সভ্যতা অহাবাৰৰপৰা আগবাঢ়িব সৰলৰেখাৰ গতিৰে। তাৰ কাৰণেই এই মানমন্দিৰৰ আটায়ে আজি ইয়াতে বহি আছোঁ।

থেৰেমোনঃ  মানে?

ছীৰিণঃ  মই আহিয়েই গুপ্ত গহ্বৰৰ কথা কৈছিলো মনত আছেনে?

থেৰেমোনঃ আৰু এটনে আপোনাক কথাখিনি শেষ কৰিবলৈ দিয়া নাছিল।

ছীৰিণঃ গুপ্ত বাবেই হয়তো এটনে তোমাক জনাব খোজা নাই।

(এনেতে মূল মঞ্চত কিবা এটা ভঙাৰ শব্দ শুনা গ’ল। লগে লগে কেইজনমান মানুহৰ কোৰ্হাল। কোনোবাই আন এজনক জপটিয়াই ধৰি বাগৰি পৰিছে। হতা-হতি হোৱা শব্দ শুনা গ’ল।)

থেৰেমোনঃ সিটো কোঠাত কিবা হৈছে।

(থেৰেমোন আৰু ছীৰিণ দুয়ো বাওঁফালৰ মঞ্চ এৰি সোঁমাজৰ মূল মানমন্দিৰৰ যন্ত্ৰপাতি থকা মঞ্চলৈ দৌৰি আহে। বিনেই কোনোবা এজনক মাটিত বগৰাই জপটিয়াই ধৰি আছে। আন কেইজনমানে আগুৰি ধৰিছে। কোৰ্হালঃ কোন এইজন? চাওঁ উলিয়াই আনা। থিয় কৰাই দিয়া তাক। মানুহৰ মাজতে এটন।)

এটনঃ থিয় কৰাই দিয়া তাক। কোন এইজন?

(মানুহখিনিয়ে ধৰি বগৰাই ৰখা মানুহজনক থিয় কৰাই দিয়ে। মানুহজনে এৰাই যাবলৈ ঠেলা-হেঁচা কৰে। থিয় হোৱাৰ পাছতো দুই-তিনিজন মানুহে হাতে-ভৰি জপটিয়াই ধৰি ৰাখে। মানুহজনৰ কোঁৱাৰি ফাটি তেজ ওলাইছে। বিনেই মানুহজনৰ ফালে চায়।)

বিনেইঃ এওঁক আগতে দেখিছোঁ।

আন দুজনমানঃ হয়, হয়। ই সেইদিনা প্ৰাচীনপন্থীৰ গুৰুৰ লগত আহিছিল। তেখেতৰ বডি-গাৰ্ড বুলি কৈছিল।

বিনেইঃ  হয়, হয়। সিয়েই হয়। কিয় আহিছ ইয়ালৈ?

(মানুহজনে নিজকে এৰাবলৈ জোকাৰ মাৰে। সফল নহয়। তেজ মিহলি হৈ থকা থুই পেলায়।)

বিনেইঃ  ক কিয় আহিছিলি ইয়ালৈ? কি লাগে তোক?

মানুহজনঃ তহঁতৰদৰে পাপীক ক’বলৈ মোৰ একো নাই।

বিনেইঃ  ক’বি নে তোৰ নেলু চেপি কথা উলিয়াম?

এটনঃ বিনেই! তাক চকী এখনত বহুৱাই দিয়া। বহি নাথাকিলে চকীখনতে বান্ধি থোৱা তাক।

(আটাইকেইজনে চকী এখন টান মাৰি আনি মানুহজনক জোৰকৈ বহুৱাই চকীখনত ৰছীৰে বান্ধে।)

এটনঃ এতিয়া ক, কিয় আহিছিল ইয়ালৈ?

(মানুহজনে আকৌ থুই পেলায়।)

এটনঃ (খঙত) কবি নে নাই?

ছীৰিণঃ এটন, তুমি খং কৰিব নালাগে। তাক মোৰ হাতত এৰি দিয়া। তোমালোক অলপ সিফালে যোৱা।

(এটন আৰু বাকীখিনি মানুহে চকীখনত বন্ধা অৱস্থাতে মানুহজনক এৰি নিজৰ নিজৰ কামত লাগেগৈ। ছীৰিণে মানুহজনৰ ফালে চাই থাকে। মানুহজনে চকু নমাই আনে। ছীৰিণৰ কাষতে ৰৈ থাকে থেৰেমোন।)

ছীৰিণঃ তুমি প্ৰাচীনপন্থাত বিশ্বাসী নোহোৱা জানো? (মানুহজনৰ উত্তৰ নাই।) পন্থাৰমতে নিজকে পন্থাৰ নহয় বুলি কোৱাটোও এটা পাপ নহয় জানো?

মানুহজনঃ কিন্তু পাপীৰ লগত পন্থাৰ নীতি নামানিলেও পাপ নহয় বুলি কোৱা হৈছে।

ছীৰিণঃ  তোমাৰ নামটো কি?

(মানুহজনে ছীৰিণৰ চকুৱে চকুৱে কিছু সময় চাই থাকে)

মানুহজনঃ লেটিমাৰ।

ছীৰিণঃ তোমাৰ উদ্দেশ্য কি মই বোধকৰো জানো।

(লেটিমাৰৰ উত্তৰ নাই)

ছীৰিণঃ  মানমন্দিৰৰ আজিৰ কাম-কাজত বাধা দিবলৈয়ে তোমাক পঠিওৱা হৈছে নহয় জানো?

লেটিমাৰঃ মোক কোনেও পঠিওৱা নাই। মই পৰম শক্তিমানজনৰ ইচ্ছাত আহিছোঁ।

এটনঃ  আমাৰ কামৰ প্ৰতি তহঁতৰ আপত্তি কি?

ছীৰিণঃ এ টন, ইমান পট্‌কৈ ধৈৰ্য হেৰুওৱা কিয়?

লেটিমাৰঃ পাপী মনত ধৈৰ্য নাথাকে। আমাৰ পন্থাক আপোনালোকে নিজৰ প্ৰয়োজনত আদৰি আনিছিল যদিও কাম শেষ হোৱাত আমাক অপমান কৰিছে।

এটনঃ  ক’ত কেতিয়া কৰিলোঁ অপমান? পন্থাৰপৰা লোৱা সকলো তথ্য-পাতিৰ কথা মই সদায়ে কৈ আহিছোঁ।

লেটিমাৰঃ  তথ্যপাতিৰ কথা নহয়। আপোনালোকে আমাৰ ঈশ্বৰৰ অপমান কৰিছে?

এটনঃ  কেনেকৈ?

লেটিমাৰঃ  আজি আপোনালোকৰ আয়োজন কিহৰ বাবে?  তৰাবোৰৰ ছবি তুলিবৰ বাবে নহয় জানো? তৰাবোৰ ঈশ্বৰৰে ৰূপ। তৰাৰ ছবি তুলিব খুজি আপোনালোকে সমগ্ৰ প্ৰাচীনপন্থাকে অপমান কৰিছে।

এটনঃ  ছবি তুলিলে ঈশ্বৰে মানে তোমালোকৰ তৰাবোৰে যদি নিজেই বেয়া নাপায়, তোমালোকে নো কিয় পাইছা?

লেটিমাৰঃ ঈশ্বৰে সময়ত নিজৰ শাস্তি দিব। কিন্তু আমি পন্থাৰ অপমান নিজেই ৰক্ষা কৰিব লাগিব। কেমেৰাবোৰ ভাঙি যাম বুলিয়েই ইয়ালৈ আহিছিলোঁ।

এটনঃ (ভোৰভোৰাই) যথামূৰ্খ চব!

লেটিমাৰঃ আকৌ অপমান কৰিছে আপুনি!

(এটন খঙতে থিয় হয়। ছীৰিণে কিবা ক’খোজে। তেনেতে খিৰিকীৰ কাষত থিয় হৈ থকা থেৰেমোনে চিঞৰে।)

থেৰেমোনঃ সেয়া বাহিৰলৈ চাওকচোন। বিটাৰ এচুকত কি হৈছে?

(খিৰিকীৰে দেখা পোৱা বিটাৰ পূৰ্ণ গোলাকাৰ বৃত্তত এটা সৰু খাঁজ দেখা যায়। গ্ৰহণ আৰম্ভ হৈছে। এটন আৰু ছীৰিণ দৌৰি খিৰিকীৰ কাষলৈ আহে।)

এটনঃ হে ভগৱান! গ্ৰহণ আৰম্ভ হ’ল। (হাতঘড়ীটোলৈ চায়।) আমি গণনা কৰাতকৈ পোন্ধৰ মিনিট আগতেই।

ছীৰিণঃ সময়ৰ গণনাত সামন্য ভুল আছিল।

থেৰেমোনঃ কিন্তু গ্ৰহণ সম্বন্ধে আৰু কোনো সন্দেহ নাই। অভিনন্দন এটন। (এটনলৈ হাত আগবঢ়ায়। এটনে আচৰিত হৈ থেৰেমোনলৈ চায়। মোলান পৰা হাঁহিৰে হাত আগবঢ়াই দিয়ে। ইতিমধ্যে মানমন্দিৰৰ মানুহবোৰ চঞ্চল হৈ উঠিছে। যন্ত্ৰপাতিবোৰত মানুহবোৰ ব্যস্ত হৈ পৰিছে।)

এটনঃ ধন্যবাদ। (চিঞৰি) গ্ৰহণ আৰম্ভ হ’ল। মোক প্ৰতিটো মূহুৰ্তৰ ফটো লাগে। ফটোবোৰ ধুই লগে লগে নিৰাপদ বাকচত থ’বলৈ নাপাহৰিবা। (এটনে মঞ্চৰ বাহিৰলৈ যায়।)

থেৰেমোনঃ  এতিয়া আমি কি কৰা উচিত?

ছীৰিণঃ নাজানো। হয়তো অপেক্ষা। শেষ হোৱাৰ অপেক্ষা।

থেৰেমোনঃ  (কিবা এটা মনত পৰাৰ দৰে) আপোনালোকে সময় থাকোঁতেই একো ব্যৱস্থ নকৰিলে কিয়?

ছীৰিণঃ দুমাহ আগতেহে আমি এই বিষয়ে জানিব পাৰিছিলোঁ। লগে লগেই আমি গৱেষণা পত্ৰ প্ৰকাশো কৰিলোঁ। কিন্তু আমাৰ ফলাফল ইমানেই গভীৰ হ’ল যে কোনেও কথাটো মানি ল’ব নুখুজিলে। সম্পূৰ্ণ নিশ্চিত সিদ্ধান্ত দিবলৈ আমাৰ হাততো তথ্যৰ অভাৱ আছিল।

থেৰেমোনঃ তাৰ বাবে হয়তো আমিও দোষী।

ছীৰিণঃ আচলতে নহয়। আনকি বৈজ্ঞানিক মহলতো এই ধাৰণাক মানি লোৱা হোৱা নাছিল। সেইটো স্বাভাৱিক কথাও। কোনো বৈজ্ঞানিক সিদ্ধান্তকে পৰীক্ষা অবিহনে মানি লোৱা নহয়। এইবাৰৰ পৰীক্ষাটো মাত্ৰ সৰ্বনশীয়া হ’ল, সেইটোৱেই দুখৰ কথা। এতিয়া অন্ততঃ কোনো বিজ্ঞানীয়ে আমাৰ ধাৰণাক সন্দেহ নকৰে।

থেৰেমোনঃ কিন্তু আপোনালোকে এই বিপদৰপৰা উদ্ধাৰ পোৱাৰ একো উপায় কিয় চিন্তা নকৰিলে সেইটোহে মোৰ বাবে প্ৰশ্ন।

ছীৰিণঃ কোনে ক’লে চিন্তা নকৰা বুলি। কৰিছিলোঁ, কিন্তু এনে সমস্যা সমাধানৰ বাবে এমাহ যথেষ্ট নহয়। লেগাছবাসীক এই বিপদৰ বিষয়ে প্ৰত্যয় নিয়াবলৈকেও এমাহ যথেষ্ট নাছিল। তথাপি আমি চেষ্টা নকৰাকৈ থকা নাই। অন্ততঃ ভৱিষ্যত সভ্যতালৈ আমি এই জ্ঞান সাঁচি ৰাখি যাম, আৰু তেওঁলোকে এই বিপদৰপৰা উদ্ধাৰ পোৱা চিন্তাও আগতেই কৰি ৰাখিব। আমি নিজে নোৱাৰিলেও আমাৰ পিছৰ প্ৰজন্মই আমাৰ কামৰপৰা সহায় পাব। বিজ্ঞান মানে এইখিনিয়েই নহয় জানো?

থেৰেমোনঃ  এই জুইৰ মাজত কেনেকৈ কিবা সাঁচি ৰাখিব পৰা যায়?

ছীৰিণঃ  যোৱা এমাহে আমি তেনেকুৱা কামতে সময় কটাইছোঁ। সেই মেজখনৰ ওপৰত যে বাকচকেইটা দেখিছা, সেইকেইটা জুইৰোধী সামগ্ৰীৰে তৈয়াৰী। আজি যিখিনি সময় আমি কাম কৰি থাকিব পাৰোঁ, সেই সময়ত আমি বিটাৰ ছবি তুলি গৈ থাকিম, যদি সঁচা হয়, তৰাবোৰৰো। আৰু ছবি তুলি সেই বাকচকেইটাত সুমুৱাই ৰাখিম। এই মানমন্দিৰ যদি জ্বলি শেষ হৈ যায়, তথাপিও বাকচকেইটা অক্ষত হৈ থাকিব। এনে কেইবাটাও বাকচত মহাকৰ্যণৰ সকলো গৱেষণাৰ কথা নথীবদ্ধ কৰি থোৱা হৈছে। সেই বাকচকেইটাত সংৰক্ষিত হৈ আছে, আমাৰ সভ্যতাৰ বহুতো মূল্যবান জ্ঞান। বাকচকেইটা কেইজনমান উপযুক্ত ব্যক্তিৰ সৈতে গোপন আস্তানাত ৰখা হৈছে।

থেৰেমোনঃ  গোপন আস্তানা? আপুনি আগতেও ইয়াৰ বিষয়ে ক’বলৈ ল

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

ৱাহ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক