এটি সতেজ পুৱা (অনুপল গগৈ)

এটি সতেজ পুৱা

অনুপল গগৈ

ৰাতিপুৱাৰ সতেজ বতাহত মনটো যেন সতেজ হৈ পৰিছে৷ ৰাতি দি যোৱা বৰষুণজাকে ধুলিবোৰ ধুৱাই নিলে৷ বতৰতো গোমা, এই যেন এজাক বৰষুণ আহো আহো কৰি আছে৷ মোৰ পিছে গোমা বতৰ বিৰাট ভাল লাগে৷

আজি বহুত দিনৰ পিছত পুৱা চাৰে পাঁচ বজাত উঠিলো৷ যোৱা দুইদিন ধৰি প্ৰিয়জনৰ ওচৰত দিন কটাই পুণৰ কৰ্মস্থলীলৈ ঘুৰি যাবৰ বাবে পুৱা উঠিব লগা হল৷ ক’ব নোৱাৰাকৈ মুখত হাঁহি এটা ফুটি উঠিল৷ যোৱা কেইদিনৰ স্মৃতিবোৰে আমনি দি আছে৷ সঁচাই প্ৰেম এক স্বৰ্গীয় অনুভূতি৷

 

পুৱাই পুৱাই অহাৰ ইচ্ছা নাছিল যদিও উপায় নাই, চাকৰি বুলিলেই চাকৰ৷ আজি জইন কৰিবই লাগিব, সেয়ে পুৱা চাৰে পাঁচ বজাতে শুৱাৰ পৰা উঠি চাৰে ছ্য় বজাত খানাপাৰাত বাছৰ বাবে বোন্দাপৰ দি ৰৈ আছো৷ মই পিছে বাছতকৈ উইংগাৰৰ দৰে দ্ৰুতগামী সৰুগাড়ীত ভ্ৰমণ কৰাটো ভাল পাওঁ, সময় কম লাগে৷ আজিকালি সকলোৰে সময়ৰ নাটনি৷ ধন খৰছ কৰি সময় কিনি আছো সকলোৱে৷ গতিকে গন্তব্যস্থল সোনকালে পাব লাগে৷

নগাওঁ অভিমুখী উইংগাৰ খনৰ খিৰিকীৰ কাষৰ আসনখনত বহি কানত হেডফোন’ ডাল লগাই ল’লো৷ Enriqueৰ Hero গানটো বাজি উঠিল৷ মনটো পুণৰ প্ৰিয়জনক কাষ পালেগৈ৷ খিৰিকীৰে মেঘালয়ৰ মেঘে ধকা পাহাৰৰপৰা এচাটি শীতল বতাহ বৈ আহিল৷ কিবা এটা বুজাব নোৱাৰা আবেগে মনত দোলা দিব ধৰিলে৷

“দাদা ভাড়াটো দিব”- হঠাৎ গাড়ীৰ কৰ্মচাৰীজনে হেঁচুকি দিলে৷ কাণৰ হেডফোন’ডাল গুচাই ভাৰাতো দিলো৷ পাতল বৰষুণ এজাক নামি আহিল৷ খিৰিকীখন জপাই কাণত পুণৰ হেডফোন’ডাল গুজি ল’লো৷

এইবাৰ পাপনৰ “আইলৈ মনতে পৰে” গানটো বাজিল৷ মাৰ মুখখন চকুৰ আগত ভাঁহি আহিল৷ লখিমপুৰৰ ঘৰখনলৈ নোযোৱা বহুদিন হ’ল৷ মা, দেউতা, ভন্টী আৰু ভাইটিৰ আশাভৰা মুখ কেইখন মনত পৰিল৷ ঘৰৰ দায়িত্ব সমূহৰ কথা মনত পৰাত বুকুখন বিষাই গল৷ পঁজা ঘৰটোৰ ঠাইত এটা পকীঘৰ বনাব লাগে, মা-দেউতাক চিকিৎসা কৰাব লাগে, ভন্টীৰ বিয়াখনো বাকী আছে৷ এইবোৰ কথাৰ পৰা আৰু কিমানদিনলৈ পলাই ফুৰিম! যিটো চাকৰি কৰো নিজলৈকে নাটে৷ পলায়নবাদী মনোভাৱেৰে চলিলে নহ’ব৷ এইবাৰ এটা ভাল চাকৰি যোগাৰ কৰিবই লাগিব৷ চোৰ-ডকাইতি কৰাৰো সাহস নাই৷ মনতো অস্থিৰ হৈ পৰিল৷ ঘৰৰ দায়িত্বৰ ওপৰিও নিজৰ বিয়াখনৰো কথা আছে৷

এইবোৰ কথা মনত পৰি মনটো বিদ্ৰোহী হৈ পৰিল৷ আজিকালি সঁচাকৈ টকাই ভগৱানৰ ৰূপ লৈছে৷ ঘৰৰ সকলোৰে আশা-ভৰসা মই আৰু মোৰ একমাত্ৰ ভৰসা টকা৷ মোক বহুতো টকা লাগে, বহুতো৷ সৰুতে হিন্দী পুথিত পঢ়া ৰুপীয়া নামৰ কবিতাটো মনত পৰিল৷

কাষৰ মানুহজন নামি যোৱাত অলপ আৰামত ভৰি দুখন মেলি দিলোঁ৷ এনেতে কাষৰ আসনখনত এটা বেগ চকুত পৰিল৷ কাৰ বেগ হব পাৰে বুলি ইফালে সিফালে চালোঁ৷ সকলো নিজকলৈ ব্যস্ত৷ হয়তো নামি যোৱা যাত্ৰীজনৰ হ’ব বেগটো৷

মনৰ মাজৰ চয়তানটো জাগি উঠিল৷ বেগটো টানি আনি খুলি চালো৷ টকাৰ বান্দিল কেইটামান আৰু কিবাকিবি কাগজ পত্ৰৰে ভৰি আছে বেগটো৷ মোৰ চকু দুটা তিৰবিৰাই উঠিল৷ আনুমানিক প্ৰায় দুই-তিনি লাখ টকা হ’ব লাগে৷ মনত মা-দেউতাৰ আৰু প্ৰিয়জনৰ আশা ভৰা মুখ কেইখন ভাঁহি উঠিল৷ মোক বৰ্তমান টকাৰ বহুত প্ৰয়োজন৷ সম্পূৰ্ণভাৱে নহলেও অন্তত মোৰ জীৱনটো কিছুপৰিমাণে গত লগোৱাত সহায়ক হ’ব পাৰে এই টকাখিনি৷ বেগটো বন্ধ কৰি মোৰ কোলাত লৈ ল’লো৷ হেডফোন’ত 50 cent ৰ “Get rich or die tryin…” গানটো বাজি আছে৷ মনটো পৈশাসিক আনন্দৰে ভৰি পৰিল৷

তই ইমান নীচ কাম কৰিব পাৰ বুলি ভবা নাছিলো..মনৰ ভিতৰৰ পৰা এটা চেপা মাত ভাঁহি আহিল৷ লাহে লাহে চেপা মাতটো ডাঙৰ হৈ আহিব ধৰিলে৷ কাণ দুখন হেঁচা মাৰি ধৰিলো৷ মাৰ মুখখন আকৌ চকুৰ আগত ভাহি আহিল৷ এইবাৰ মাৰ চকুত আশা নাই, আছে মোৰ প্ৰতি ঘৃণা৷ চকুহাল মুদি দিলো৷ মই বিবেক দংশনত ভূগিব ধৰিলো৷ নিজকে সান্তনা দিলো, সৎ আৰু অসতৰ মাজৰ ক্ষীণ ৰেখাডাল কোনোমতে পাৰ কৰিব পাৰিলে আৰু বিবেক নাথাকে৷ মই অভাৱৰ পৰা মুক্ত হবলৈ এটা সুযোগ পাইছো আৰু এনে সুযোগ হাতৰ পৰা যাবলৈ দিব নোৱাৰি৷ এই বেগটো মোৰ হয় আৰু ইয়াত থকা সকলো টকা মোৰ৷ মই বেগটো জোৰেৰে খামুচি ধৰিলো৷

“হেৰি কি কৰে? মোৰ বেগটো নিজৰ কোলাত লৈ খামুচি ধৰিছে যে? ৰাতিৰ নিচা ফটাই নাই নেকি? এই মৰ টোপনি ধৰা মানুহ বোৰে কিয় পুৱাই যাত্ৰা কৰে জানো৷”

কাষৰ আসনৰ ভদ্ৰলোকজনৰ চিঞৰত জাপ মাৰি উঠিলো৷ সপোনৰ জালত ক’ত কি কৰিলো গমেই নাপালো৷ লাজতে ৰঙা ছিঙা পৰি গ’লো৷ ধেৎ কিযে কৰিলো৷ গাড়ীৰ আন যাত্ৰী সকলে চিৰিয়াখানাৰ জন্তু চোৱাৰ দৰে চাবলৈ ধৰিছে৷ তেখেতসকলক কেনেকৈ বুজাও যে ৰাতি সিবিধ সেৱন কৰা নাই, পুৱাৰ সতেজ বতাহহে খাইছিলোঁ৷ তাকে যেনিবা মোৰ দৰে নিশাচৰ যুৱকে হজম কৰিব নোৱাৰাত এই লটিঘটিখন হ’ল৷

কাণৰ হেডফোন’ত ‘The crannberries’ ৰ ‘dreams’ গানটো বাজি উঠিল৷আধা দেখা সপোনটো মনতে সম্পূৰ্ণ কৰাৰ বাবে চকুহাল মুদি পুনৰ শুই পৰিলোঁ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments