অৰ্ণৱ দুৱৰাৰ চাকৰি (শ্ৰীমন্ত বৰদলৈ)

অৰ্ণৱ দুৱৰাৰ চাকৰি

শ্ৰীমন্ত বৰদলৈ

 

সপোনটো দেখি তেওঁৰ একেবাৰে বেয়া লগা নাছিল। অলপ মূৰৰ কামোৰণি হৈছিল যদিও তেওঁ সপোনটোৰ প্রতিটো মুহূৰ্ত বৰ আগ্রহেৰে আমেজ লৈ আছিল। কিন্তু শেষত যেতিয়া চাকৰি দিবলৈ অপাৰগতা প্রকাশ কৰি চিঠিখনৰ লগতে মানুহ হতাশ হ’ব নেলাগে আৰু কেনেকৈ সদায় ধনাত্মক হৈ থাকিব লাগে সেই বিষয়ে এবকলা লিখি তেঁওলৈ উত্তৰ পঠোৱা সপোনত দেখিলে তাতে তেওঁ একেবাৰে অতিষ্ঠ হৈ পৰিল আৰু তাতেই আজি কাহিলীপুৱাৰ সপোন দেখাৰ পৰ্বটোৰ যৱনিকা পৰিল।
যোৱা এক সপ্তাহমান অৰ্ণৱ দুৱৰাৰ ৰাতিপুৱাৰ টোপনি ভাগে চাকৰি সম্পৰ্কীয় এটা সপো্নেৰে। কাহিলীপুৱাৰ সপোন সদায় ফলিয়াই বুলি তেওঁ সৰুৰে পৰা শুনি আহিছে আৰু যোৱা এসপ্তাহৰ ৰাতিপুৱাৰ তেওঁৰ সপোনবোৰৰ বিফল সমাপ্তি দেখি আৰু দিঠকত নতুন চাকৰিৰ কোনো খা-খবৰ নাপায় এই কথাবোৰৰ যুক্তি-যুক্ততা বাৰুকৈ প্রতিপন্ন হৈছে বুলি ভাবিবলৈ তেওঁ বাধ্য হৈছে। তেওঁ মনতে ভাবিছে তেওঁৰ আৰু চাকৰি সলনি কৰা নহ’ব।
বাতৰি কাকতৰ বিজ্ঞাপনবোৰ কাটি কাটি ফাইল বনাই তাৰ বিপৰীতে আবেদন পত্র ডাকত পঠিওৱাৰ দিনবোৰ শেষ হ’ল। ডিগ্রী পাচ কৰাৰ পাছত বাতৰি কাকতবোৰৰ পৃষ্ঠা লুটিয়াই চাকৰি বিছৰা, ৰেডিঅ’ত নিয়োগ বাতৰি শুনা মুহূৰ্তবোৰৰ স্থান ল’লে বহুততো ডটক’ম জাতীয় চাকৰি যোগান দিব বুলি বিজ্ঞাপন দিয়া ইন্টাৰনেটৰ আটকধুনীয়া সূত্রবোৰে।
পাঁচ হাজাৰ টকীয়া চাকৰিটোও ইন্টাৰনেটৰ কোনোবা ডটক’মত পঞ্চাশ হাজাৰ যেন দেখা পোৱা হৈছে। কোনোৱাই আজিকালি ডাকঘৰৰ পিয়নৰ চাইকেলৰ টিলিঙা বজোৱা শুনিবলে ৰৈ নাথাকে।সকলো চাকৰি বিছৰা মানুহ ইন্টাৰনেট কেফে, ব্রডবেণ্ড নতুবা ডিলিংক এইবোৰক লৈয়ে ব্যস্ত থাকে। কোনো মাকে কম্পিউটাৰত মুখ গুজি থকা পুতেকক ‘কি কৰিছ?’ বুলি সুধিলে তপৰাই উত্তৰ আহে “মা মই চাকৰি ডটক’মত চাকৰি বিচাৰি আছোঁ।“ মাকে একো বুজি নাপায় যদিও পুতেকে বৰ ডাঙৰ কিবা এটা কৰি আছে বুলি ভাবি কয়,” ভালেই কৰিছ । কৰ কৰ। ভাল চাকৰি পালে এৰি নিদিবি।“
কোনোবা শইকীয়ানী-বৰুৱানীয়ে মহিলাসমিতিৰ পাৰ্শ্বদৃশ্যৰ ৰূপত আভিৰ্ভাৱ হৈ কথা পাতে, ”আমাৰ তেখেতৰ অফিচৰ পৰা আহোঁতে প্রায়েই দেৰি হয়। তেখেতে আজিকালি ইন্টাৰনেটত চাকৰি বিচাৰে । বহুবছৰ একেটা কাম কৰি তেখেতৰ হেনো আমনি লগা হৈছে।“
ইন্টাৰনেটত চাকৰি বিচৰাটোও আজিকালি ষ্টেটাচ চিম্বলৰ লগত জড়িত হৈ পৰিছে। যাৰ গিৰিয়েকে ইন্টাৰনেট জাতীয় কথাবোৰ নিজৰ পত্নীৰ লগত নাপাতে সেইসকলৰ এনে মুহূৰ্তত নিচাত্মিকতাবোধে গ্রাস কৰি আহে।
মুঠতে এই বাতৰিকাকতৰ পৃষ্ঠাৰ পৰা চাকৰিবোৰ কম্পিউটাৰৰ বুকুলৈ পৰ্যবসিত হোৱা ঘটনাৰ প্রত্যক্ষদৰ্শী অৰ্ণৱ দুৱৰাই এই পৰিবৰ্তনৰ লগত ভালদৰে নিজক খাপ খুৱাবলৈ সক্ষম হৈছে।
একেটা কাম অতবছৰে কৰি কৰি আমনি লগা অৰ্ণৱ দৱৰা আজিকালি ৰাতিপুৱৰ পৰা গধুলি লৈ্কে চাকৰি বিছৰাত ব্যস্ত। অফিচৰ কাম কাজবোৰ আজিকালি কম্পিউটাৰত হোৱাৰ পিছৰ পৰা তেখেতেও এটা কম্পিউটাৰত কাম কৰিব লগীয়া হয়। কলম ধৰাই ধৰাই আঙুলি ভোদা কৰা তেওঁৰ দৰে বহু মানুহে কম্পিউটাৰত কাম কৰিবলৈ শিকিলে। টাইপ কৰিব পৰা গুণটোৰ বাবে অৰ্ণৱ দৱৰাই কম্পিউটাৰত লেখিব পৰা বিদ্যাটো আনতকৈ আগতে আয়ত্ব কৰিলে। তাৰ পিছত আহিল ইন্টাৰনেট। কাগজৰ চিঠিৰ লেফাফাৰ স্থান ল’লে ই-মেইলে।অৰ্ণৱ দুৱৰাই গো-গ্রাসে এটাৰ পিছত এটা নতুন অভিজ্ঞতাক আনন্দেৰে আকোৱা্লি লৈ জলসিঞ্চন বিভাগত হোৱা পৰিবৰ্তনবোৰৰ সাক্ষী হৈ যোৱা কুৰিটাতকৈয়ো অধিক বছৰ কামলৈ অহা-যোৱা কৰি আছে।
অৰ্ণৱ দুৱৰাই ৰাতিপুৱা নিৰ্দিষ্ট সময়তকৈ আগতে কামলৈ আহি কম্পিউটাৰটোত ই-মেইলত কিবা চাকৰিৰ খবৰ আহে নেকি চায়। কামৰ মাজতো এই কৰ্ম তেওঁ নিয়মিতভাবে কৰি থাকে; কিজানিবা কিবা খবৰ আহেই!
দুপৰীয়া আহাৰৰ সময়ত তেওঁ ইন্টাৰনেটত বিভিন্ন ৱেবচাইটবোৰত কি কি চাকৰি আছে চায় আৰু সুবিধা বুজি আবেদন কৰে।এই কৰ্মফেৰা তেওঁ তিনিমাহৰ পৰা কৰি আছে।চাকৰিটো সলনি কৰিব লাগিব বুলি অৰ্ণৱ দুৱৰা দৃঢ় প্রতিজ্ঞ। ৰাতিপুৱাৰ সেই চাকৰি সম্পৰ্কীয় সপোনবোৰ তেওঁৰ দিনটোৰ চাকৰি কেন্দ্রীক চিন্তা আৰু কৰ্মৰ মনস্তাত্বিক প্রতিক্রিয়াৰ যে ফল, এই কথা অৰ্ণৱ দুৱৰাই বাৰুকৈয়ে উপলব্ধি কৰে। “বুজিছা, আজি মই পঞ্চাশটা চকৰিৰ বাবে ইন্টাৰনেটত আবেদন কৰিছোঁ।সদায় এটা দুটাকৈ কৰিলেচোন কোনেও চাকৰিৰ বাবে নেমাতে।সেই কাৰণে তিনি ঘন্টামান আজি চাকৰিয়ে বিছাৰিছিলো।মই একদম খাটাং এইবাৰ মোক কোনোবাই চাকৰিলৈ মাতিবই।“
এই কথাষাৰ নিজৰ পত্নীক কোৱা আজি প্রায় এমাহ হৈ গ’ল যদিও কোনোৱেও ঘূণাক্ষৰেও তেওঁক চাকৰিৰ বাবে খবৰ দিয়া নাই।পত্নীয়ে গিৰিয়েকৰ মনৰ অৱস্থা বুজি পায় বাবে কাহানিও উভতি নোসোধে, “চাকৰিৰ কিবা খবৰ আহিছে নেকি?”

পত্নীৰ বাবে যিটো চাকৰি বিশ বছৰ কৰি গিৰিয়েকে পৰিয়ালটোৰ পোহ-পাল দি, ল’ৰা ছোৱালীক স্কুল কলেজত পঢ়াব পৰা হৈছে আৰু বহুত ধন ঘটিব নোৱাৰিলেও অভাৱ নোহোৱাকৈ চলিব পাৰিছে, সেই চাকৰিটো সলনি কৰাৰ প্রয়োজনীয়তা সিমান গুৰুত্বপূৰ্ণ নহয়। কিন্তু গিৰিয়েকৰ উদ্যমত চেঁচা পানী নাঢালিবৰ বাবে তেওঁ কেৱল মূৰটো দুপিয়াই হয়ভৰ দি থাকে।চাকৰি সলনি কৰাৰ কি মতিভ্রম ঘটিছে চাকৰি জীৱনৰ ভাটিবেলা তেওঁৰ বাবে এইটো বৰ ডাঙৰ সাঁথৰ।
“বুজিছা, মোৰ কলেজৰ বন্ধু ৰাতুল কলিতাই মাহে এক লাখ দৰমহা পোৱা চাকৰি পালে। তেওঁৱো প্রথমতে চাকৰিৰ কোনো খবৰ পোৱা নাছিল, কিন্তু এদিন হঠাতে ইন্টাৰনেটৰ যোগেদি নতুন চাকৰিটোৰ খবৰ পাইছিল। নতুন চাকৰিত জইন কৰা বেছি দিন হোৱা নাই। চাবা, মোলৈও এদিন চাকৰিৰ খবৰ আহিব।“
কামৰ পৰা ওভতি অহাৰ পিছত এনেবোৰ প্রৱচন আঁওৰোৱা আজিকালি অৰ্ণৱ দুৱৰাৰ নিত্যনৈমিত্তিক ঘটনা। বিয়া হোৱাৰ ইমান বছৰৰ পিছত এনেধৰণৰ পৰিবৰ্তন ভালৰ বাবে নে বেয়াৰ বাবে হৈছে সেই কথা পত্নীয়ে ধৰিব পৰা নাই।
“অৰ্ণৱ দুৱৰা নেকি?” এটি অচিনাকী মাত ফোনটোৰ সিটো মূৰৰ পৰা ভাঁহি আহিল।
“হয়, হয়, মই অৰ্ণৱ দুৱৰাই কৈছো।“ অচিনাকী মাতটো শুনি অৰ্ণৱ দুৱৰাৰ মনটো আনন্দেৰে ভৰি পৰিল। এইবাৰ কিবা এটা হ’ব যেন পালে তেওঁ।
“আপুনি চাকৰি সলনে কৰিবলৈ যত্ন কৰি আছে? “
সিফালৰ পৰা কোৱা কথাষাৰত মূৰ দুপিয়াই হয়ভৰ দিলে অৰ্ণৱ দুৱৰাই।
“আমি অপৰশ্চু্নিটি কনচালটেন্চিৰ পৰা কৈছো। আপোনাৰ বায়দাতাটো আমি ভালদৰে চাইছো। আপোনাৰ ইমান কামৰ অভিজ্ঞতা আছে আৰু লগতে শিক্ষাগত অৰ্হতাও ইমান ভাল, আপুনি যে এটা ভাল চাকৰি পাব সেইটো খাটাং।“
অৰ্ণৱ দুৱৰাৰ চকুযুৰি আশাবাদৰ বতাহে তিৰবিৰাই তুলিলে।
“আপুনি বহু চাকৰিৰ বাবে যোৱা দুই-তিনিমাহে আবেদন কৰি আছে। আপোনাক কোনোবাই চাকৰিৰ বাবে নিশ্চয় যোগাযোগ কৰিছে। আমি জানো আপুনি মনপছন্দৰ চাকৰি নোপোৱাৰ বাবে যোগদান কৰা নাই। কিন্তু এইবোৰ সাধাৰন ঘটনা আৰু সদায় ঘটিয়ে থাকে।“

অৰ্ণৱ দুৱৰাই উত্তৰত সেমেনা-সেমেনিকৈ ক’লে, “যোৱা তিনিমাহত কিমান চাকৰিৰ বাবে আবেদন কৰিলো তাৰ কোনো সীমা সংখ্যা নাই। পিছে কোনোৱেওচোন মতা নাই। জানো পায় ক’ৰবাত কিবা খেলি মেলি হৈছে নেকি? বিশ বছৰৰ আগেয়ে চাকৰিৰ সীমা-সংখ্যা নাছিল। চাকৰি কৰিব পৰা যোগ্য মানুহৰহে অভাৱ আছিল। মাতি মাতি মানুহক চাকৰি দিছিল। কিন্তু এতিয়াচোন নতুন চাকৰিৰ বাবে নহয়, চাকৰি সলনি কৰিবলৈও মানুহে হাবাথুৰি খাব লাগে।“
“ আপুনি হতাশ নহ’ব। চাকৰি পাবৰ বাবে অকণমান পেশাদাৰী দিশটো চাব লাগে। আমি আপোনাক সহায় কৰিম। আমাৰ সংস্থাই এতিয়ালৈ্কে বিশ হাজাৰতকৈও অধিক চাকৰি যোগ্য ব্যক্তিক দিছে। আমি চাকৰি দিয়াৰ ফলত কেৱল যে চাকৰি পোৱা মানুহজন লাভৱান হৈছে তেনে নহয়। কোম্পানীবোৰেও তেওঁলোকে বিছৰা ধৰণৰ মানুহবোৰ পাইছে। নহ’লে তেওঁলোকেও ক’ত মানুহ বিছাৰি ঘূৰি ফুৰিব। আমি আপোনাক সহায় কৰিম।“
অৰ্ণৱ দুৱৰাৰ গাটো সাতখন-আঠখন কৰি উঠিল। অৱশেষত চাকৰিটো সলনি কৰা হ’ব যেন পালে তেওঁ। সন্ধিয়া পোৱা টেলিফোনটোৰ মাত কথাবোৰ যেন স্বয়ং দামোদৰৰ।
“ পিছে আপোনালোকেনো মোক এনেকৈ উপযাচি কিয় সহায় কৰিব খুজিছে? চিনিও নাপায়, জানিও নাপায়। তাতে এই পোন্ধৰ-বিশ মিনিট ফোন কৰি আপোনালোকে বহু টকা পইছাও নষ্ট কৰিছে।“ অৰ্ণৱ দুৱৰাই সিফালৰ পৰা ভাঁহি অহা মাতৰ মানুহজনক উদ্দেশ্য কৰি ক’লে।
“হেৰি শুনিছেনে? ভাত হ’ল আহক। মই এতিয়া বহিমেই।“ পাকঘৰৰ পৰা ভাঁহি অহা পত্নীৰ মাতষাৰে ক্ষনিকৰ বাবে তেওঁৰ মনসংযোগ ব্যাহত কৰিছিল যদিও তেওঁ আকৌ অধিক মনোযোগেৰে কথা বতৰাত ব্যস্ত হৈ পৰিল।
“আমি আপোনাক সহায় কৰিব খুজিছো। প্রথম কথা হ’ল আপুনি এনেকৈ এককোটি আবেদন পত্র পঠিয়ালেও চাকৰি নাপায়। চাকৰি পাবৰ বাবে আপুনি আমাৰ বিভিন্ন প্রকাৰৰ আচঁনিৰ বিষয়ে জানিব লাগিব। আমাৰ প্রিমিয়াম আচঁনিত যদি যোগ দিয়ে তেতিয়া আপুনি চাকৰি পোৱাতো খাটাং। আমি আপোনাৰ হৈ চাকৰি বিছাৰিম আৰু প্রয়োজন হ’লে আলোচনাও কৰিম। আমাৰ হাতত সচৰাচৰ পঞ্চাশ-ষাঠিটামান চাকৰি থাকেই। প্রয়োজন অনুসৰি আমি আপোনাক এমাহৰ ভিতৰত চাকৰি দিব পাৰিম।“
“তাৰ বাবে মই কি কৰিব লাগিব?”- অৰ্ণৱ দুৱৰাই কথাবোৰ বৰকৈ ধৰিব নোৱাৰি সুধিলে।
“আমাৰ আৰু এটা আঁচনি আছে – ডিলাক্স। তাত আপুনি যিমান দৰ্মহা বিছাৰে আমি সিমান টকাৰ চাকৰি গোটাই দিওঁ।“
অৰ্ণৱ দুৱৰাৰ প্রশ্নবোৰৰ উত্তৰ দিবৰ বাবে সিফালে অৱকাশ নাই। কেৱল অনৰ্গলভাবে সিফালৰ পৰা কথাবোৰ ভাঁহি আহিল।
“আপুনি অলপ টকা-পইচা বিনিয়োগ কৰিব লাগিব। প্রিমিয়ামৰ কাৰণে আপুনি দহ হাজাৰ টকা আৰু ডিলাক্সৰ বাবে পঁচিশ হাজাৰ টকা বিনিয়োগ কৰিব লাগিব। আপুনি যে মনে বিছৰা চাকৰি পাব সেইটো খাটাং। “ উশাহ বন্ধ নকৰাকৈ সিফালৰ পৰা কথা কৈ গ’ল।
“আপোনাৰ নিশ্চয় বেংকৰ একাউন্ট আছে? আপুনি চেকৰ জৰিয়তে পইচাটো দিব পাৰে। কিন্তু এনেধৰণেৰে বহু সময় নষ্ট হ’ব। আপুনি অনলাইন ট্রান্সফাৰো কৰিব পাৰে।“ সিফালৰ পৰা চাকৰি যোগান ধৰিব খোজা মানুহজনে অৰ্ণৱ দুৱৰাক উদ্দেশ্যি কথাবোৰ কৈ গ’ল।
কথাবোৰ শুনি শুনি অৰ্ণৱ দুৱৰাৰ তিতা তিতা লাগি গ’ল। টোপনি ভগা মানুহৰ দৰে তেওঁ প্রকৃতিস্থ হৈ ভাবিলে বৰ্তমানৰ চাকৰিটো পাবৰ বাবে বিশ বছৰ আগেয়ে তেওঁতো কাৰো আগত খাটনি কৰিবলগীয়া হোৱা নাছিল। অতবছৰে তেওঁ নিজৰ কামৰ ক্ষেত্রত কাহানিও ফাঁকি-ফুকা কৰা নাই। কাৰোপৰা কোনো কামৰ বাবে তেওঁ ফুটাকড়ি এটাও লোৱা নাই। পদোন্নতিৰ কাৰণে কাৰো আগত হাত পতা নাই। এতিয়া চাকৰি সলনি কৰাৰ মন মেলিলত কম্পিউটাৰ , ইন্টাৰনেট ইত্যাদি ব্যৱহাৰ কৰি চাইছে। এতিয়া ভাঁটি বয়সত টকা পইচা দি কিহৰ চাকৰিতো ল’বলৈ আছে?
আগতেচোন ঘোঁচ খোৱাৰ ধৰণ-কৰণবোৰ বেলেগ আছিল। “চাহ পানী খোৱা”, “বাইদেউৱে ৰৌ মাছ খাই ভাল পায়” আদি কথাবোৰ ঘোঁচখোৱা জাতীয় ঘটনাবোৰৰ পৰোক্ষ ভাৱে জড়িত বাক্য আছিল আৰু লগতে আছিল “ফাইলটো চাই দিব” “কামটো কৰি দিব” ইত্যাদি কোৱা কথাবোৰ।
আজিকালিচোন একেবাৰে দিন-ডকাইত। বিভিন্ন আঁচনি বনাই পঞ্জীয়ন কৰি, আটকধুনীয়া বিজ্ঞাপন দি, চাকৰি দিয়াৰ ব্যৱসায় কৰে। এইটো আকৌ কেনে কথা। এনে চাকৰিৰ কোনো প্রয়োজন নাই। অৰ্ণৱ দুৱৰাই ঘটংকৈ ফোনটো থৈ দিলে। সিফালৰ পৰা ভাঁহি অহা কথাবোৰ তেওঁৰ কাণত সোমোৱা নাছিল আৰু তেওঁৰ ঠেকেছা মৰা ফোনটোৱে সিফালৰ মানুহজনৰ মনত আঘাট কৰিলে নেকি সেই কথা ভাবিবলৈও অৰ্ণৱ দুৱৰাই প্রয়োজন অনুভৱ নকৰিলে।
“হেৰা, ভাত বাঢ়িলা নেকি?” অৰ্ণৱ দুৱৰাই পত্নীক চিঞৰি সুধিলে।
“বুজিছা, এই বুঢ়া বয়সত কিনো চাকৰি বিছাৰিবা? এই চাকৰিটোৱে ঠিক আছে।“
অৰ্ণৱ দুৱৰাৰ কথাষাৰে পত্নীৰ কাণত খুন্দা মৰাত তেওঁ মনে মনে ভাবিলে ‘মানুহটোৱে অন্ততঃ এতিয়া নিতৌ ৰাতিপুৱা চাকৰিৰ সপোন নেদেখে।‘
“মোক চাকৰি দিবৰ বাবে ফোন কৰিছিল। মই নেলাগে বুলি কৈ দিলো।“ – অৰ্ণৱ দুৱৰাই ক’লে।
স্বতঃস্ফুতভাৱে পত্নীৰ মুখৰ পৰা ওলাই আহিল, “ভালেই কৰিলে।“

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক