সুখ—দুখ (প্ৰতিভূ দত্ত)

সুখ—দুখ

প্ৰতিভূ দত্ত

আজি হৰেন মাষ্টৰৰ কাৰনে বৰ দুখৰ দিন৷ তেখেতৰ দুখত গোটেই গাওঁখনৰ লগতে ময়ো সমভাগী৷ তথাপিও দেখোন মই অকণমান হ’লেও আনন্দ পাইছো৷ এই হৰেন মাষ্টৰ আৰু তেখেতৰ লৰা ৰূপম মানে সোণৰ কাৰনে মোৰ জীবনটোত কমখন অশান্তি হোৱা নাই!

অট’খন চলাই গুৱাহাটী মেডিকেললৈ আহি থাকোতে মোৰ মনটো সৰুকাললৈ উৰা মাৰিলে৷

 

গুৱাহাটীৰ নাতিদূৰৈত মোৰ ওপজা ঠাইখন৷ আমাৰ ঘৰৰ একাষে হৰেন মাষ্টৰৰ ঘৰ৷ হৰেন মাষ্টৰ আমাৰ স্থানীয় হাইস্কুলখনৰ হেডমাষ্টৰ৷ আমাৰ দেউতা,এটা চৰকাৰী অফিছত কাম কৰা সৰু চাকৰীয়াল৷ দেউতাৰ চাকৰি আকৌ মাৰঘেৰিটাত, তেখেত তাতেই থাকে৷ দেউতাই দৰমহাটো পোৱাৰ পাছতে মাহৰ প্ৰথম সপ্তাহত ঘৰলৈ আহে৷
দেউতা আহি ঘৰ পোৱাৰ লগে লগেই হৰেন মাষ্টৰে ক’ব,‘নিত্যা, তোৰ লৰাৰ একো নহ’ব! হেৰৌ তাৰ পঢ়াত দেখোন অকনো মন নাই৷ আমাৰ সোণক দেখা নাই? একে লগৰ লৰা, সোনে ইমান পাৰে আৰু তোৰ এই গৰুটোৰ মগজুত দেখিছো গোবৰো নাই৷’
হৈ যায় আৰু|
ৰাতি দেউতাই পানী টুপি ধৰি আহি এচাৰিৰে মোৰ পিঠিত ডবা কোবাই দিয়ে৷
মই চিঞৰি চিঞৰি কওঁ, ‘ছাৰে ক’লেই সোণ ভাল লৰা হ’ব নেকি? ওলাব মোৰ লগত, দেখুৱাই দিম মই সি কি কৰে৷’
দেউতাইনো ক’ত আৰু শুনিব মোৰ কথা? মুঠতে এই সোণ আৰু হৰেন মাষ্টৰৰ কাৰনেই মই সদায় প্ৰাৰ্থনা কৰিব লাগে,‘এইবাৰ দেউতাই যাতে দৰমহা নাপায়!’
লাহে লাহে মই সমনীয়া হ’লেও সোণৰ পৰা আতৰি থকা হ’লো৷ পিছে কথাটো নোহোৱা নহয় যে যিমানে সময় আগবাঢ়িছে সিমানে সোনো পঢ়াত  আগবাঢ়িছে আৰু মই পিছ পৰি৷ মেট্ৰিকত সোনে ফাৰ্ষ্ট ডিভিজন পালে আৰু মই  কোনোমতে চুচৰি বাগৰি পাছ কৰিলো৷

তাৰ পাছত সোণ পালে গৈ গুৱাহাটী আৰু মই ওচৰৰে হায়াৰ চেকেন্ডৰীখনত নাম লগালো৷
তেতিয়া দেউতা আহিলে হৰেন মাষ্টৰে কয়,‘নিত্যা, বুজিছ লৰা পঢ়াব লাগে গুৱাহাটীত৷ তইনো অজিতক কিয় ইয়াতে ৰাখিলি? অবশ্যে তোৰ লৰাই যি ৰিজাল্ট কৰিলে সি আৰু কিনো পঢ়া শুনা  কৰিব? ঠিকেই আছে দে৷’
তেতিয়ালৈ আমাৰ ৰিজাল্ট দিয়া কেইবামাহো হৈ গ’ল৷ হৰেন মাষ্টৰে বাৰে বাৰে কথাখিনি দেউতাক কিয় শুনাই সেই কথা তেওঁহ জানিব৷  ডাঙৰ হ’লো বুলি ৰাতি দেউতাই পানী টুপি ধৰি আহি এচাৰিৰে পিঠিত ডবা নোকোবোৱা হ’ল৷ কিন্তু হ’লে নো কি হ’ব? ৰাতি টোপনি নোযোৱালৈকে দেউতাই অনৰ্গল গালি পাৰি থাকে,‘লৰা হ’লে সোণৰ দৰে হ’ব লাগে, গুৱাহাটীত পঢ়িব লাগে, আৰু আমাৰ লাট চাহাবক চোৱা, ……..’
কেতিয়াবা ভাবো এনেকৈ বকি থকাতকৈ দুকোবমান দি দিয়া হ’লেই ভাল আছিল,

কেতিয়াবা ভাবো পলাই যাওঁ নেকি ঘৰৰ পৰা, কেতিয়াবা ভাবো এইবাৰ সোণ ঘৰলৈ আহিলে তাক মাৰিয়ে পেলাম নেকি, কেতিয়াবা ভাবো এদিন ভগৱানে বাৰু চকু মেলি চাবগৈ নে?

বছৰ বাগৰিল৷ সোণ কিবা পঢ়িবলৈ বুলি মাদ্ৰাজ পালেগৈ আৰু মই পঢ়া সামৰিব লগীয়া হ’ল হায়াৰ ছেকেন্ডেৰীৰ দেওনা পাৰ হ’ব নোৱাৰি৷
সেইবাৰ পাছে হৰেন মাষ্টৰে ভাল কাম এটা কৰিলে৷ দেউতা ঘৰলৈ আহোতে ক’লে,‘নিত্যা, এই অজিতৰ কাৰনে কিবা এটা কৰি দে৷ তোৰ চাকৰিও আৰু বেছি দিন নাই৷ তাৰতো পঢ়া—শুনা নহব৷ তাক অট’ এখনকে কিনি দে৷ যদি চলাব পাৰে সেইখন চলায়ে খাব আৰু সি৷’
দেউতায়ো হৰেন মাষ্টৰৰ কথামতেই পি.ফ.ৰ  টকাৰে মোক বাজাজ অট’ এখন কিনি দিলে৷
মই অট’খন কিনাৰ দিনায়ে মনতে ভাবিছিলো,‘হৰেন মাষ্টৰৰ এই ঋণ এদিন পৰিশোধ কৰিব লাগিব৷’
বহুবছৰ মাদ্ৰাজত কিবা পঢ়াৰ পাছত সোণ এদিন ঘুৰি আহিল৷ সি তাত কি পঢ়িলে নাজানো৷ কিন্তু ঘুৰি অহাৰ পাছত সি দেখিবলৈ হিপ্পীটোৰ দৰে হ’ল আৰু তাৰ কানত গজালৰ দৰে এপাট কানফুলি আছিল৷ ইমান পঢ়াৰ পাছত সি কিন্তু ক’তো একো চাকৰি কৰা নেদেখিলো৷

সি কিন্তু এখন Rx100 মটৰ ছাইকেল কিনিলে৷ সেইখনলৈ ৰাতিপূৱাই সি গুৱাহাটীলৈ যায় আৰু ৰাতি ঘুৰি আহে অলপ ৰঙীনহৈ৷ সি গুৱাহাটীতনো কি কৰে,ক’ত পইছা পায় কোনেও একো নাজানে৷ লাহে লাহে  পাছে  হৰেন মাষ্টৰেও সোণৰ কথা দেউতাৰ আগত নোকোৱা হ’ল৷

‘অজিত আৰু কিমান সময় লাগিব?’— হৰেন মাষ্টৰে মোৰ পিঠিত টুকুৰিয়াই সুধিলে৷

‘ছাৰ পাম গৈ আৰু!’— মই মাত লগালো৷ মোৰ চিন্তাত যতি পৰিল৷
আজিৰ ঘটনাটো মোৰ মনত পৰি গ’ল৷ আনদিনাৰ দৰে আজিও সোণ গুৱাহাটীলৈ গৈছিল৷ আবেলি ৫-৩০ বজাত কাছাৰীৰ পৰা গাওঁৰ মানুহেৰে ঠাঁহ খাই আমাৰ ঠাইখনলৈ বাছ এখন আহে৷ সেই বাছখনেৰে আজি আহি থাকোতে  আমাৰ গাওঁৰ কেইবাজনেও ভৰলুৰ ওচৰত দেখিলে সোণৰ এক্সিডেন্ট হৈছে৷ বাছ গৈ গাওঁ পোৱাৰ পাছত গোটেই গাওঁখনত খবৰটো বিয়পি পৰিল৷

সকলো আহি হৰেন মাষ্টৰৰ ঘৰত গোট খালেহি৷ মোৰ আহি পাওঁতে অলপ পলম

হ’ল৷ আহি মই যিখিনি কথা শুনিলো তাৰ সাৰমৰ্ম হ’ল—ছিটিবাছ এখন সোণৰ মুৰৰ ওপৰেৰে পাৰ হৈ গৈছে৷ তাতেই সোণৰ সকলো শেষ৷
হৰেন মাষ্টৰৰ ঘৰত কান্দোনৰ ৰোল৷ জল্পনা—কল্পনা, মন্ত্ৰনা সকলো চলিছে৷
মই মনতে ভাবিলো,‘আমাৰ সোণ এই, আমাৰ সোণ সেই!! আমিহে জানো সোণ কি?
মৰিব্বই লাগে বাপ্পেক্কে!’

পাছ মুহুৰ্ততে মোৰ মনত খেলালে আজিয়ে সুযোগ হৰেন মাষ্টৰৰ ঋণ পৰিশোধ কৰাৰ৷ মই ক’লো,‘ছাৰ ইয়াত কন্দা—কটা কৰি থাকি লাভ নাই৷ বলক মই লৈ যাম আপোনাক মেডিকেললৈ৷’

হৰেন মাষ্টৰ আৰু সোণৰ মোমায়েকক লগত লৈ আহি আছো আমি মেডিকেললৈ বুলি৷
মেডিকেলৰ চৌহদত থকা আহঁতজোপাৰ তলত মই অট’খন ৰখালো৷ অট’ৰ পৰা নামি আমি তিনিও ভয়ে ভয়ে সোমাই গ’লো মেডিকেলৰ ভিতৰলৈ৷ মোমায়েক আগবাঢ়ি গৈ খবৰ ল’লে কোনফালে গ’লে বডীটো পাম৷ আমি সেই ফালেই আগবাঢ়িলো৷ বাৰান্ডাত এঠাইত ঢাকি থোৱা আছে এটা শ৷ দেখিয়ে হৰেন মাষ্টৰ আৰু সোণৰ মোমায়েকে শটোৰ ওপৰতে বাগৰি বাগৰি কান্দিবলৈ ধৰিলো৷ মোৰো শোকে খুন্দা মাৰি ধৰিলে৷
এনেতে নাৰ্ছ এগৰাকী আহি অলপ আচৰিত হোৱাৰ দৰে আমাক ক’লে,‘আপোনালোকে ইয়াত কি কৰি আছে? আপোনালোকৰ পেছেন্ট ৪নং বেডত আছে৷’
নাৰ্ছে দেখুৱাৰ ফালে ঘুৰি চাই দেখো সোণ বিচনা এখনত পৰি আছে আৰু তাৰ মুৰত একো হোৱা  নাই৷ মাথো তাৰ ভৰি এটা ভাঙিছে৷

হৰেন মাষ্টৰ আৰু সোণৰ মোমায়েকে তাক দেখি হাঁহিবই নে কান্দিবই ধৰিব নোৱাৰা হ’ল৷ মই কিন্তু বৰ ভাল পালো৷ ভগৱানে শেষত চকু মেলিলে তাৰ মানে!!
হৰেন মাষ্টৰে সোণৰ ওচৰলৈ গৈ  যেতিয়া তাৰ গালত এক চৰ মাৰি ক’লে — ‘কুলাঙ্গাৰ!! তই মৰি যোৱা হ’লেই ভাল আছিল’, তেতিয়া মোৰ মুখত এটা তাশ্ছিল্যৰ হাঁহি বিৰিঙি উঠিল৷
মনতে ভাবিলো বাপেক পুতেক অলপ সময় অকলে থাকক৷ মই তললৈ বুলি নামি আহিলো৷ তামোল এখনৰ সৈতে চিগাৰেট এটা জ্বলাই সোণৰ দুৰৱস্থাৰ কথা ভাবিলে বেছি সুখ পাম নেকি?

আহঁত গছজোপাৰ ওচৰতে থকা পান দোকানখনত ৰৈ চিগাৰেটটো জ্বলাই মুখত লৈছো৷ নাই সোণৰ অৱস্থাটো দেখি দুখহে লাগিছে এতিয়া৷ তাৰ কাৰনে মোৰ গোটেই জীৱন দুৰ্বিসহ হৈ পৰিছিল৷ কিন্তু এতিয়া সেইদিন আৰু নাই৷ মই অট’খন লোৱাৰে পৰা মই স্বাবলম্বী হ’লো, দেউতাৰ মুখতো মই সন্তুষ্টিৰ হাঁহি দেখিছো৷ নাই, এতিয়া সোণৰ কাৰনে মই আৰু দেউতাৰ পৰা কোনো দিনে কথা শুনিব নালাগে৷ মোৰ অট’খনেই মোক দিলে এক নতুন চিনাকী — অট’ৰ মালিক৷

দোকানীয়ে তামোলখন কাটি আছে৷ হঠাতে মই ধোৱা-কোৱা দেখিলো আৰু চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো৷ দোকানীজনে তামোল তাতেই পেলাই দৌৰ মাৰি আহি মোৰ ওচৰ পালেহি৷
‘হেৰি কি হ’ল?’
‘কোন ঢুকালে?’
মই আঙুলি টোৱাই ক’লো-‘মোৰ অট’খন চুৰি হৈ গ’ল দেখোন!’

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments