৮ৰ পৰা ১৮ – সেই দহটা দিন (ডা° ভূপেন শইকীয়া)

গতিশীল সময়ক কোনেও ধৰি ৰাখিব নোৱাৰে৷ পাখি লগা কাঁড়ৰ দৰে সময় প্ৰবাহমান হয়৷ সময়ে আমাক দি যায় চিন্তন, সুখানুভূতি আৰু দুখানুভূতি৷ দিনলিপিৰ পৰ্য্যায়ৰ এই লেখা এটা সময়ৰ স্মৃতি-ৰোমন্থন মাথো৷ পৰিস্থিতিৰ প্ৰয়োজনত হঠাৎ অসমৰ ঘৰলৈ দহদিনৰ বাবে যাব ওলালোঁ৷ ৭ জানুৱাৰীৰ ডিউটি শেষ কৰি সন্ধিয়া ৭বজাত কলিকতা অভিমুখী কাটাৰ এয়াৰলাইনচৰ বিমানত বহিলোঁ৷ ৩৭৫৫ কিলোমিটাৰৰ দূৰত্ব অতিক্ৰমণৰ বাবে বিমানখনে ৫ঘন্টাৰ সময় লব বুলি ঘোষণা কৰি যাত্ৰা আৰম্ভ কৰিলে৷ এঘন্টামানৰ যাত্ৰাৰ সময় অতিবাহিত হৈছে৷প্ৰায়সকল যাত্ৰীৰে চাহ-জলপান খোৱা ইতিমধ্যে শেষ হৈছে৷ আজিকালি কাটাৰ এয়াৰলাইনচৰ উৰন্ত বিমানৰ পৰা ফোন, এচ এম এচ আৰু ইন্টাৰনেট ব্যৱহাৰৰ সুবিধা উপলব্ধ হৈছে – অৱশ্যে কিছু মাছুলৰ বিনিময়ত৷ বিমানত তাৰ গুণগত মান নিজে পৰীক্ষা কৰি আশ্বস্ত হলোঁ৷তেনেতে এটি ঘোষণা হ’ল – এজন পেচেঞ্জাৰক বিমানত যাত্ৰা কৰি থকা চিকিৎসকৰ সহায়ৰ প্ৰয়োজন হৈছে৷ প্ৰবাদ আছে ঢেকীয়ে স্বৰ্গলৈ গলেও ধান বানে৷ মই সানন্দৰে নিজা আসনৰ পৰা ঠিয় দিলোঁ৷ লগে লগে ২৷৩জন বিমানৰ কেবিনক্ৰু মোৰ ওচৰলৈ ক্ষিপ্ৰতাৰে আহিল৷ মোক লৈ গ’ল এজন ডেকাৰ ওচৰলৈ যিজনক মই চাইচিতি বিধান দিব লাগে৷ এয়াৰ হোষ্টেচে কফি দিবলৈ লওতে কেনেবাকৈ উতলা পানী ডেকাজনৰ গাত পৰিল৷ মই বাথৰূমলৈ নি ৰোগীক পৰীক্ষা কৰিলোঁ৷গৰম পানীয়ে ডেকাজনৰ দুই কৰঙণত কিছু পৰিমানে আঘাত দিছিল৷মোৰ পৰীক্ষাৰ বিৱৰণ জনাই প্ৰতিবিধান লিখিবলৈ এখন ফৰ্ম দিলে আৰু বিমানত উপলব্ধ দৰবৰ তালিকা এখন মোক দেখুৱালে৷ তলত থকা কাটাৰ এয়াৰলাইনচৰ ডাক্তৰৰ টেলিফোনিক অনুমোদনলৈ মোৰ প্ৰেচক্ৰিপনখনৰ মতে চিকিৎসা আৰম্ভ কৰিলে আৰু মই নিজা বহা আসনলৈ ঘূৰি আহিলোঁ৷এইবাৰ কাটাৰ এয়াৰলাইনচৰ পাল৷ নিমিষতে ভি আই পি হৈ পৰা মোৰ সোঁৱে-বাওেঁ নানাবিধ শীতল আৰু গৰম পানীয়লৈ এয়াৰহোষ্টেচ আৰু কেবিনক্ৰুৱে আৱৰি ধৰিলে৷কলিকতাত বিমান অৱতৰণ নকৰালৈ মোৰ সেৱা-শুশ্ৰূষা চলি থাকিল৷ কলিকতা গৈ পালত ৰোগী আৰু বিমানৰ কৰ্মচাৰীয়ে ‘অশেষ ধন্যবাদ’ জনাই মোক বিদায় দিলে৷

কলিকতাত ৭ঘন্টাৰ বিৰক্তিকৰ অপেক্ষাৰ অন্তত গুৱাহাটীমুখী বিমানত বহি দুপৰীয়া ১১বজাত অসমৰ মাটিত অৱতৰণ কৰিলোঁ৷ বৰঝাৰৰ পৰা গাড়ীৰে খানাপাৰাৰ ঘৰলৈ যাত্ৰা কৰোতে মনলৈ অহা ভাৱবোৰ হ’ল- গুৱাহাটীৰ প্ৰাকৃতিক শান্ত সৌম্য ভাৱ যেন ক’ৰবাত হেৰাই যাব ধৰিছে৷গুৱাহাটীৰ আত্মাটো ধূলিৰে ধূসৰিত কংক্ৰিটৰ মাজত হেৰাই যাব ধৰাতো এক দুখপ্ৰদ অনুভূতি৷ দিনক দিনে বাঢ়ি অহা গুৱাহাটীৰ যান-জঁটে মানুহৰ বহু সময় অপচয় কৰিছে৷

… সেইদিনাখনৰ পৰাই মই নানান সকামত ব্যস্ত হৈ পৰিলোঁ৷মাজে মাজে মোৰ এনে লাগিবলৈ ধৰিলে মই মানুহটো এটা নহৈ চাৰিটা হোৱা হলে সকলো কাম কম সময়ত নিয়াৰিকৈ সম্পন্ন কৰিব পাৰিলোঁহেতেন ! মোৰ ঘাই কাম কেইটামান হ’ল – ঘৰুৱা মাটিবাৰীৰ এটা সমস্যাৰ নিগাজী সমাধান কৰা, ‘স্বাস্থ্য কথা’ কিতাপখন ছপোৱাৰ দায়িত্ব প্ৰেছত দিয়া, মান্যবৰ ৰত্ন ওজাদেৱক সাক্ষাৎ কৰি মোৰ কিতাপৰ পাণ্ডুলিপি পঢ়িবলৈ দিয়া, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ সাক্ষাৎ পোৱা, মোৰ বাবে প্ৰতীক্ষাৰত ৰোগীসকলক চিকিৎসাৰ দিহা দিয়া,বন্ধুলৈ ডাকত কিতাপৰ উপহাৰ প্ৰেৰণ কৰা আৰু কেইখনমান বচা বচা কিতাপ সংগ্ৰহ কৰা ৷সম্ভৱপৰ হলে নিজা গাড়ীৰে উজনিৰ ঘৰলৈ যাত্ৰা কৰা – যাওতে বাটত বন্ধু-বান্ধৱক সাক্ষাৎ কৰি যোৱা৷

সৰুতে দেউতাৰ হাতত দেখা এখন কিতাপৰ পাত লুটিওৱা মনত পৰে৷কিতাপখনৰ নামটো হ’ল ‘তাকৰীয়া মাটিত সৰহীয়া শস্য’৷মই মোৰ বন্ধুসকলক কৈছোঁ মই এখন কিতাপেই লিখিব পৰা হৈছোঁ – ‘তাকৰীয়া সময়ত সৰহীয়া কাম’! সি যি নহওক শেষৰ দুটি কাম মই কোনোমতে সম্পন্ন কৰিব নোৱাৰিলোঁ৷মাঘ বিহুৰ সময়ত প্ৰায় সকলোবিধ দোকান খোলা আছিল কিন্তু ব্যতিক্ৰম আছিল কিতাপৰ দোকান৷ সেয়ে কিনিম বুলি ভাবি যোৱা ‘অসম ইয়েৰ বুক’ আৰু ‘মধুশালা’ এই দুখনো কিনিবৰ সুযোগ নাপালোঁ৷ ‘ষ্টাডি চেন্টাৰ’ আৰু ‘বাণী মন্দিৰ’ত মোৰ কিতাপ দুখনৰ বিক্ৰী কেনে সেয়াও অৱগত হব নোৱাৰিলোঁ৷সময়ৰ নাটনিত গুৱাহাটীৰ বাহিৰ আনকি কাষৰ মেঘালয়লৈকে যোৱা নহ’ল৷দুজনমানৰ ভোগালী বিহুৰ নিমন্ত্ৰণো ৰক্ষা কৰিব নোৱাৰাৰ আক্ষেপ ৰ’ল৷

এই চমু সময়ছোৱাত কেইবাজনো ফেচবুক বন্ধুৰ সৈতে সৌহাৰ্দ্যমূলক সাক্ষাৎ ঘটিল৷মনে আশা কৰি থকা কেইবাজনো ন-পুৰণি বন্ধুৰ সাক্ষাৎ বা টেলিফোনিক বাৰ্তালাপো সম্ভৱপৰ নহ’ল৷হয়তো মোৰ অতি ব্যস্ততাই গৃহিণীক অসন্তুষ্ট কৰিলে৷বৰ জীয়ৰীয়ে কবলৈ বাধ্য হ’ল -এনেকুৱা বিজি লাইফষ্টাইল মোৰ পচন্দ নহয় ! সময়ৰ টনা-আজোৰাত ভালকৈ বাতৰিকাকত কেইখন বা টিভিৰ বাতৰিও চোৱা নহ’ল৷ ফেচবুক নোখোলাত অসমৰ,ভাৰতৰ, কাটাৰৰ বন্ধু সমাজৰ পৰাও এই দহদিনে একপ্ৰকাৰ বিচ্ছিন্নহৈ থাকিলোঁ৷

দহদিনৰ স্বদেশ যাত্ৰাৰ সামৰণি পেলাই ১৮তাৰিখে নিশাৰ ১১টা বজাত কাটাৰত পদাৰ্পণ কৰিলোঁ আৰু কালি ১৯তাৰিখৰ পৰা নিজ চিকিৎসাকক্ষত বহি পুনৰাই আৰম্ভ কৰিলোঁ – শৃঙ্খলিত কৰ্মব্যস্ত দৈনন্দিন জীৱন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments