অসমীয়া ভাষাৰ ৰূপতত্ত্ব (লীলাৱতী শইকীয়া বৰা)

Font Page

 



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ আগকথা

অসমীয়া ভাষাৰ ৰূপতত্ত্ব

লীলাৱতী শইকীয়া বৰা

বনলতা
গুৱাহাটী-১, ডিব্ৰুগড়-১

Asamiya Bhasar Ruptattva: A collection of articles written by Lilabati Saikia Bora and Published by Ananta Hazarika on behalf of M/s Banalata, Jawanata Road, Panbazar, Guwahati – 1.


জপনা-মুখত

সুদীৰ্ঘ কাল অসমীয়া ভাষাৰ পাঠদান কৰি থকাৰ অভিজ্ঞতাৰে অসমীয়া ভাষাৰ ৰূপতত্ত্বত বিভিন্ন দিশ লৈ বিভিন্ন সময়ত বিভিন্ন উপলক্ষত বহুকেইটা নিবন্ধ লিখিব লগা হৈছিল। দেশ-বিদেশৰ পূৰ্বসূৰী ভাষাবিদ-পণ্ডিতসকলৰ সেই সেই বিষয়ৰ আলোচনাৰ আধাৰতে নিবন্ধকেইটা লিখা হৈছিল যদিও এইবোৰত বিশেষকৈ পূৰ্বৰ লেখকসকলৰ অসমীয়া ভাষাবিষয়ক লেখাবোৰৰ অ’ত ত’ত থকা অস্পষ্টতা আৰু সন্দেহ উদ্ৰেক কৰা দুই-এটা কথা যুক্ত আৰু উদাহৰণসহ স্পষ্ট কৰি দিবলৈ বিচৰা হৈছে। শ্ৰেণীকক্ষতো ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষাৰ যিকোনো দিশতে নতুন চিন্তাৰ বাট কাটি দিবলৈ চেষ্টা কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলেও তাগিদা দিছিল সেইবোৰ গোটাই এখন কিতাপ কৰিবলৈ। ছাত্ৰ-ছাত্ৰী তথা পৰিশীলন পাঠ্যক্ৰম (Refresher Course)ৰ অংশগ্ৰহণকাৰী অধ্যাপক-অধ্যাপিকাসকলৰ তাগিদাতে অসমীয়া ভাষাৰ সৰ্গ-বিভাজন, নামপদৰ বচন আৰু লিঙ্গ, শব্দ-সাধন প্ৰক্ৰিয়া আদি নিবন্ধবোৰ লিখা হৈছিল। পদ আৰু পদৰ শ্ৰেণীবিভাগৰপৰা অব্যয়লৈকে, এইকেইটা অধ্যায়ৰ জুমুঠি একোটাও দুবছৰমান আগতে কৰি থোৱা হৈছিল। এই লেখাবোৰ যুগুতাওঁতে আমি বিশেষভাৱে সহায় লোৱা গ্ৰন্থ কেইখন হ’লঃ ড. কাকতিৰ গৱেষণা গ্ৰন্থ Assamese: It’s Formation and Development (১৯৭২), সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’ (১৯২৫), ড. সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ ‘ভাষা-প্ৰকাশ বাংলা ব্যাকৰণ’ (১৯৩৯), আৰু ODBL (ৰূপা এণ্ড কো. পাব্লিকেচন, ১৯৮৫), গিৰিধৰ শৰ্মাৰ ‘আধুনিক অসমীয়া ব্যাকৰণ’ (১৯৬৬), ভাষাচাৰ্য ড. উপেন্দ্ৰনাথ গোস্বামীৰ ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ (১৯৭৭, ৫ম সংস্কৰণ), ভাষাচাৰ্য ড. গোলনচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ (১৯৮৭) আৰু ‘অসমীয়া ব্যাকৰণ প্ৰৱেয়’ (২০০০), ডেভিদ কিষ্টেলৰ ‘Lingustics’ (১৯৭৭, ৬ষ্ঠ সংস্কৰণ), ই.এ. নিদাৰ ‘Morphology’ (১৯৫৭) আৰু চি.্ফে. হকেটৰ ‘A Course in MOdern Lingusitics’ (১৯৭৬)। গ্ৰন্থখন লিখিবলৈ বিশেষভাৱে অনুপ্ৰাণিত হৈছিলোঁ আধুনিক বৰ্ণনামূলক ভাষাবিজ্ঞানৰ আধাৰত নতুন দৃষ্টিভঙ্গীৰে লিখা আমাৰ পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু ড. গোলকচন্দ্ৰ গোস্বামীদেৱৰ উল্লিখিত ব্যাকৰণ দুখন পঢ়ি। সেই গ্ৰন্থৰ দুই-এটা কথাই মনত উদ্ৰেক কৰা প্ৰশ্নৰ উত্তৰ বিচাৰি যাওঁতেই ‘অসমীয়া ভাষাৰ ৰূপতত্ত্ব’ৰ জন্ম। তাৰ বাবে তেখেতৰ ওচৰত আমি আজীৱন ঋণী হৈ ৰ’লোঁ। গ্ৰন্থখনিৰ প্ৰণয়নত উল্লিখিত গ্ৰন্থৰাজিৰ বাহিৰেও অসমীয়া, বঙলা আৰু ইংৰাজী ভাষাৰ আৰু ভালেমান গ্ৰন্থৰ সহায় লোৱা হৈছে। সেই সকলো গ্ৰন্থকৰ্তাৰ ওচৰত আমি কৃতজ্ঞ হৈ ৰ’লোঁ।

‘অসমীয়া ভাষাৰ ৰূপতত্ত্ব’ই ইমান সোনকালে গ্ৰন্থৰূপ নাপালেহেঁতেন যদিহে আমাৰ মৰমৰ মেধাৱী ছাত্ৰ আৰু বিভাগৰ নিয়মীয়া গৱেষক শ্ৰীমান মিলন নেওগ আগবাঢ়ি নাহিলহেঁতেন। এদিন তেওঁ আহি ক’লেহি, “বাইদেউ, আপোনাৰ বহুত লেখা অ’ত ত’ত সঁচৰতি হৈ আছে। সেইবোৰ জেৰক্স কৰি দিবচোন। কিতাপ আকাৰে ওলালে ভাল হ’ব।” কথা দিয়া মতেই এদিন মিলনে আমাৰ ভাষাবিষয়ক লেখাবোৰৰ জেৰক্স কপি নি পাণবজাৰৰ বনলতা প্ৰকাশনত দিলেগৈ। এইখিনিতে উৎসাহী ছাত্ৰ মিলনলৈ মোৰ স্নেহ আৰু আশীৰ্বাদ থাকিল।

গ্ৰন্থখনিৰ কেইবাটাও লেখা নকল কৰি দিয়াৰ লগতে দুটামানৰ প্ৰুফ চাই সহায় কৰি দিছে আমাৰ অসমীয়া বিভাগৰ নিয়মীয়া গৱেষিকা শ্ৰীমতী অজন্তা চুটীয়াই। মৰমৰ ছাত্ৰ আৰু ‘আমাৰ অসম’ কাকতৰ ‘ষ্টাফ ৰিপৰ্টাৰ’ শ্ৰীমান অম্বেশ্বৰ গগৈয়েও প্ৰুফ চোৱা কামত আমাক বহুখিনি সহায় কৰি দিয়ৈ। দুয়োলৈকে মোৰ স্নেহাশীষ আৰু ধন্যবাদ থাকিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক আৰু বৰ্তমান বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফেল’ সন্মানেৰে সন্মানিত হৈ অসমীয়া বিভাগত পাঠদান আৰু গৱেষণা কাৰ্যত ৰত হৈ থকা বিশিষ্ট লোক-সংস্কৃতিবিদ ড. নবীন চন্দ্ৰ শৰ্মা ছাৰে লগ পালেই সোধে, “নতুন কিবা লিখিছানে? লিখা, লিখা।” এইদৰে অনুপ্ৰেৰণা দিয়া ছাৰৰ ওচৰতো আমি কৃতজ্ঞ। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা আৰু আমাৰ এসময়ৰ মৰমৰ ছাত্ৰী দিপ্তী ফুকন পাটগিৰী আৰু ছাত্ৰ-সহকৰ্মী ড. উপেন ৰাভা হাকাচামেও অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ বিষয়ে নতুন কিবা এটা কৰিবলে অহৰহ সকিয়াই আছিল। তাৰ বাবে দুয়োলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল।

আমাৰ সকলোৰে মৰম ভাইটি আৰু বনলতা প্ৰকাশনৰ যশস্বী প্ৰকাশক শ্ৰীমান অনন্ত হাজৰিকাই গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব লৈ অতি সোনকালে সেইখন পাঠকৰ হাতত তুলি দিলে। তাৰবাবে ভাইটি আৰু বনলতা প্ৰকাশনৰ সমূ্হ কৰ্মচাৰীক মোৰ স্নেহ আৰু আন্তৰিক ধন্যবাদ জনালোঁ।

‘অসমীয়া ভাষাৰ ৰূপতত্ত্ব’ই অসমীয়া ভাষাৰ চিন্তা-চৰ্চা কৰোঁতা আৰু ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষাৰ বিষয়ৈ আৰু নতুন ধৰণে চিন্তা কৰিবলৈ বাট কাটি দিব বুলি আশা কৰিলোঁ। আমাৰ আলোচনাত আসোঁৱাহ পালে, আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম আৰু পৰৱৰ্তী সংস্কৰণত তাৰ শুধৰণি দিবলৈ চেষ্টা কৰিম।

১৭, বিশ্ববিদ্যালয় চৌহদ
গুৱাহাটী-১৪
১৬ জানুৱাৰী, ২০০৬

লীলাৱতী শইকীয়া বৰা
অধ্যাপিকা, অসমীয়া বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়


সূচীপত্ৰ

আগকথা :

প্ৰথম অধ্যায় : ৰূপতত্ব: এটি সাধাৰণ পৰিচয়

দ্বিতীয় অধ্যায়: অসমীয়া ভাষাৰ সৰ্গ, ইয়াৰ শ্ৰেণীবিভাগ আৰু প্ৰয়োগ

তৃতীয় অধ্যায়: শব্দ, শব্দৰ শ্ৰেণীবিভাগ আৰু গঠন

চতুৰ্থ অধ্যায় : শব্দসাধন-প্ৰক্ৰিয়া

পঞ্চম অধ্যায়: পদ, পদৰ শ্ৰেণীবিভাগ আৰু সম্বন্ধবাচক শব্দ

ষষ্ঠ অধ্যায়: নামপদৰ বচন

সপ্তম অধ্যায়: নামপদৰ লিঙ্গ

অষ্টম অধ্যায়: নিৰ্দিষ্টতাবাচক, অনিৰ্দিষ্টতাবাচক, সম্বোধনাত্মক আৰু অন্যান্য সৰ্গ

নৱম অধ্যায়: কাৰক আৰু শব্দ-বিভক্তি

দশম অধ্যায়: বিশেষণ আৰু ক্ৰিয়া বিশেষণ

একাদশ অধ্যায়: সৰ্বনাম

দ্বাদশ অধ্যায়: ক্ৰিয়াপদ

ত্ৰয়োদশ অধ্যায়: অব্যয় আৰু অনুপদ

পৰিশিষ্ট: অসমীয়া আখৰ-জোঁটনি



Asamiya Bhasar Ruptattva: A collection of articles written by Lilabati Saikia Bora and Published by Ananta Hazarika on behalf of M/s Banalata, Jawanata Road, Panbazar, Guwahati – 1.

Second Edition: October 2011

Price Rupees Seventy only.


প্ৰকাশকঃ অনন্ত হাজৰিকা

বনলতা

পাণবজাৰ, গুৱাহাটী-১

মুখ্যা কাৰ্যালয়ঃ নতুন বজাৰ

ডিব্ৰুগড় – ৭৮৬০০১

(c) লেখকৰদ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

প্ৰথম সংস্কৰণঃ জানুৱাৰী, ২০০৬ চন

দ্বিতীয় সংস্কৰণঃ অক্টোবৰ, ২০১১ চন

প্ৰচ্ছদঃ অৰুণ নাথ

মূল্যঃ ৭০.০০ টকা মাত্ৰ

ISBN: 81-7339-466-0

ডি.টি.পি. : মাইক্ৰোছফট্‌ ডি.টি.পি. চেণ্টাৰ

লখিমী পথ, আৰ. জি. বৰুৱা ৰোড

গুৱাহাটী – ২৪

ফেক্স আৰু ফোন নং – ২৪৫৭৭৩৪


মুদ্ৰকঃ শৰাই ঘাট ফটো টাইপছ প্ৰাইভেট লিমিটেড

উদ্যোগ পাম, বামুণীমৈদাম, গুৱাহাটী-২১



ভাষা সাহিত্য সন্মিলনী, অসম-ৰ হৈ ‘অসমীয়াত কথা-বতৰা’ সদস্যসকলে কিতাপখনৰ ইউনিকোড মুদ্ৰণ কৰি উলিয়াছে, ক্ৰমেঃ

আগকথাঃ অঞ্জল বৰা

অধ্যায় ১: উদ্দীপ তালুকদাৰ

অধ্যায় ২: দিগন্ত শইকীয়া

অধ্যায় ৩: দেৱব্ৰত গগৈ

অধ্যায় ৪: অঞ্জনা তামুলি

অধ্যায় ৫: দেৱ প্ৰতিম

অধ্যায় ৬: দিগন্ত শইকীয়া

অধ্যায় ৭: অঞ্জল বৰা

অধ্যায় ৮: উজ্জ্বল ফুকন

অধ্যায় ৯: অঞ্জল বৰা

অধ্যায় ১০: বৰ্ণালী হাজৰিকা

অধ্যায় ১১: অঞ্জলি সোণোৱাল

অধ্যায় ১২: নিতুল বৰা

অধ্যায় ১৩: অঞ্জল বৰা

পৰিশিষ্ট: উদ্দীপ তালুকদাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!