এ ডে ৱিথ কাফকা…..( ইন্দ্ৰনীল গায়ন)

বহুবছৰৰ আগেয়ে তেওঁ মোৰ চহৰলৈ আহিছিল গ্ৰেগৰ ছামচা৷ কাফকাৰ মেটামৰফ’চিছৰ মূখ্য চৰিত্ৰটো৷

প্ৰাগ চহৰৰ কফী হাউচৰ সমুখখিনি সেইদিনা বৰফৰে ভৰি পৰিছিল৷

হঠাতে তেওঁ কৈছিল ” আপুনি বৰফৰঙী”

মোৰ উত্তৰ আছিল আইম নট’

আমি কিছু সময় ইটো সিটো কথাৰে আড্ডাটো জমাই ল’লো৷

আড্ডা জমাব পৰাটোও এটা কলা…

কোনে ক’লে??

ক’ৰপৰা জানো উফৰি আহিছিল

হেই হিয়েৰ আইম কাফকা

লগ পাই গ’লো

এশবছৰৰ পিছত!!

মই কাফকাক দেখি শিল পৰা কপৌৰ দৰে হৈ পৰিলোঁ৷ কি আচৰিত সেইজন মানুহেই এইজন৷ এতিয়া বয়সৰ চাপ পৰিছে৷ অভাৰকোটটোৰ ভিতৰত এটা জীৰ্ণ দুৰ্বল শৰীৰ৷

মই তেওঁক সুধিলোঁ আপোনাৰ মুখখনত অসুখৰ ছাঁ পৰিছে৷ তেওঁ ক’লে হয় মই যক্ষ্মা ৰোগী৷

চিকিৎসা কৰোৱা নাই??
কৰাইছো৷ এতিয়া বহুত পলম হ’ল৷ বিকল্প একো নাই মৃত্যুৰ বাহিৰে৷

আপুনি অকলশৰীয়া??

হয় বৰ্তমান মোৰ কোনো নাই৷ আজিৰ পৰা বহু বছৰৰ আগতে ফেলিচ নামৰ এগৰাকী প্ৰেয়সী আছিল৷ এতিয়া নাই৷
মৃত্যু হৈছে৷

অহ্
আই এম ছৰী৷৷

ইটছ ওকে৷ এইখন পৃথিৱীত কোনো মানুহ জীয়াই নাথাকে৷ এদিন আগত আৰু এদিন পিছত, শাশ্বত ৷

হয়, আপুনি ঠিকেই কৈছে৷৷ কফী খাব?? আপোনাৰ নামতেই আছে কফী হাউচটো ‘কেফে কাফকা”

ভাল লাগিব যদি মোৰ অনুৰোধটো ৰক্ষা কৰে৷

নিশ্চয়৷ মোৰ পিয়াহ লাগিছে৷ আনিবলৈ দিব পাৰে৷

এনেদৰেই কথা চলি থাকে৷ মাজে মাজে তেওঁ টেবুলৰ পৰা উঠি যায়৷ মই জানো তাৰ কাৰণ৷ তেওঁৰ হাতত বেছি সময় নাই৷

” A great mouthful of water”

তেওঁৰ পিয়াহ লাগিছে৷ মাত্ৰ ৪২ টা বছৰ৷ ৰৈ গ’ল তেওঁৰ আধৰুৱা উপন্যাসখন দী ক্যাছল৷

হঠাতে মোৰ সমুখৰ পৰা চহৰখন নোহোৱা হৈ গ’ল৷ আৰু সম্বিত ঘূৰাই মই নিজক আৱিষ্কাৰ কৰিছিলোঁ সৰু কোঠাটোৰ ভিতৰত৷

আঃ
কাফকা….

(টোকা: কাফকা হৈছে কুৰি শতিকাৰ এজন অতিকৈ প্ৰখ্যাত লেখক৷ মেটামৰফ’চিছ হৈছে তেওঁ সাহিত্য জীৱনৰ অন্যতম কৃতি, প্ৰাগ হৈছে তেওঁৰ জন্মস্থান৷ গ্ৰেগৰ ছামচা হৈছে মেটামৰফ’চিছৰ মূখ্য চৰিত্ৰ৷)

One thought on “এ ডে ৱিথ কাফকা…..( ইন্দ্ৰনীল গায়ন)

  • March 31, 2016 at 6:38 am
    Permalink

    Like it… Nice one!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!