চাঁচনিৰ দস্তাবেজ (২) -আকাশৰ নীলাখিনি (দ্বিপেন শইকীয়া)

sasoniযিমানেই সময়বোৰ পাৰহৈ গৈ আছে, বিয়াখনৰ ব্যস্ততাও সমানে বাহি গৈ আছে। সকলো মানুহ বিয়াখনত একাত্ম হৈ পৰিছে। মইহে শিল পৰা কপৌটোৰ দৰে জুপুকা মাৰি নিজৰ ভাৱত মচগুল হৈ আছো। মাজে মাজে অৱশ্যে ৰভাখনৰ সিটো চুকলে চকু পৰিছে। বিয়াখনলে এদিন আগতেই অহাৰ বাবে প্ৰায়বোৰ আলহীৰে লগতে চিনাকি হৈছে। সেয়েহে ওলাওঁতে সোমাওঁতে সকলোৱে মোৰফালে এটা সৌজন্যতাৰ দৃষ্টি নিক্ষেপ কৰিছে। মইও কৃত্ৰিম হাঁহি নহ’লে মূৰ দুপিয়াই তাৰ পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ।

সময়বোৰ পাৰ হৈ গৈ আছে। তেনেতে ৰূপাঙ্কৰে (মানে মোৰ ৰূম-মেট) আহি মোৰ কাষতে বহিলেহি। মই নিজকে সংযত কৰিলোঁ। আনফালে তাইও (নাম নাজানো) মুখ ঘুৰালে। লগৰ কেইজনীৰ লগত কথা পতাত ব্যস্ত হ’ল।

: তই চাগে অকলে অকলে ব’ৰ হৈছ?

: নাই নাই, ইমানবোৰ কালাৰ টি ভি চলি আছে। কিহৰ ব’ৰ হ’ম! মই ভালেই আছো। তই তোৰ কামত ব্যস্ত থাক।

: ব’ল চকৰ পৰা আহোঁগৈ। কিবা বস্তু অলপ আনিব লগা আছে। তাতে বহু সময় হ’ল টানিবলেও পোৱা নাই। গতিকে চকতে গৈ দীঘল চুটি কৰি আহোঁগৈ।

: ব’ল।

চকত পাই পান দোকান এখনৰ পিছফালে চিগাৰেট এটা জ্বলাই লৈ ৰূপাঙ্কৰে অনৰ্গল কৈ গ’ল সি বিয়াখনত কিমান ব্যস্ত হ’বলগা হৈছে। মাহীয়েকৰ ল’ৰা নোহোৱাত সি বিয়াখনত কিমান গুৰু দায়িত্ব পালন কৰিব লগা হৈছে ইত্যাদি ইত্যাদি। তাৰ কথাবোৰ কিন্তু মোৰ মূৰত অলপো নোসোমাল। মাথো কেইঘণ্টামান আগতে হৈ যোৱা ঘটনাটোৰ কথাই মনলে আহি থাকিল। চুমী-অভিজিৎ চাগৈ খুবেই সুখী। পিছে মই…। আনফালে আকাশ ৰঙৰ চেলোৱাৰ পিন্ধা ছোৱালী জনী? কিবা যেন প্ৰৱল আহ্বান আছে তাইৰ চাৱনিত। কি ধৰণৰ যে সংযোগবোৰ আহে আমাৰ জীৱন বোৰলৈ। অনুভৱ হয় আমাৰ দৰে ল’ৰাবোৰৰ জীৱনত প্ৰেম- ভালপোৱাবোৰ কিবা বাছ গাড়ী, ৰেল গাড়ীৰ দৰেই। এখন গ’লে আনখন আহে। মোৰ অনুমান সাধাৰণতে ভুল নহয়। আজি সেই নীলা আকাশ খন নথকা হ’লে বিৰহৰ ধুমুহাজাকে ৰভাৰ তলৰ পৰা উৰুৱাই নি পানীটুপিৰ সংগ দিয়ালেগৈহেঁতেন। কথাবোৰ মনৰ ভিতৰতে পাগুলিবলৈ ধৰিলোঁ ।অৱশ্যে সকলো কথা মই ভৱাৰ দৰে নহ’বওঁ পাৰে।

: ঐ কি ভাবি আছ?

: নাই , একো নাই।( ভাৱ সাগৰৰ পৰা হঠাৎ উভতি আহিলোঁ) যাব হ’ল নেকি?

: হৈছে ৰ। মই বজাৰটো কৰি লওঁ।

: ঠিক আছে কৰি ল। মই ইয়াতে আছো।

আমি বিয়াৰ ঘৰ পাওঁতে আন্ধাৰ হ’ল। মানুহৰ ভিৰ কমিছে। ৰভাৰ তলত দিনৰ সেই ব্যস্ততা নাই। মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। মই সেই বিশেষ ঠাই খিনিলৈ চকু দিলোঁ। কিন্তু শূন্য। ইফালে- সিফালে চালোঁ, ক’তো নাই।

বাৰাণ্ডা খনতে বহি পৰিলোঁ। তেনেতে ৰূপাঙ্কৰে তাৰ সম্বন্ধীয় ভিনিহিয়েক এজনক চিনাকি কৰি দিলে। চা-চিনাকি হোৱাৰ পিছতে তেখেতৰ এফ এম চেনেল খোল খালে আৰু বন্ধ হোৱাৰ নামেই নোলোৱা হ’ল। চাঁচনিৰ পৰা লিবিয়ালৈকে, পদ পথৰ পৰা বিল গেইটচলৈকে তেখেতে অনৰ্গল কৈয়ে গ’ল। মই মাথো মূৰ জোকাৰি শুনি গ’লোঁ। এক ঘন্টামানৰ পিছত তেখেতৰ পৰা অব্যাহতি পালোঁ। পুলিচৰ লকআপৰ পৰা মুকলি হোৱা যেন লাগিল। বাৰান্দাখনত তেতিয়া মই অকলে। মানুহবোৰ আকৌ আহিবলৈ আৰম্ভ হৈছে। ভাগৰুৱা ভাৱ এটাই চকু দুটা মুদ খুৱাই নিলে।

: অ’ দীপম দা, আপুনি হব’লা অকলে অকলে বহি আছে? টোপনি ধৰিছে যদি ভিতৰতে অলপ আৰাম কৰক গৈ।

মামুৰ মাতত খক্ মককৈ উঠিলোঁ। মামু মানে কইনাৰ ভনীয়েক। তাইৰ লগত দিনত দেখাপোৱা নীলা গৰাকীও আছে। এতিয়া অৱশ্যে নীলা নহয় পুৰা হালধীয়া হৈ আহিছে।

নিজকে সহজ কৰি ক’লো, ভিতৰলে নাযাওঁ দিয়া। আজি বাহিৰতে থাকি কিবা এটা ভাল লাগিছে। গুটেইখন কিবা নীলা , হালধীয়া হৈ আছে…। লগে লগে মই আঁৰ চকুৰে মামুৰ লগৰগৰাকীলে চালোঁ। তাইৰ লাহি দেহাত হালধীয়া শাৰী খনেৰে অপূৰ্ব সুন্দৰ লাগিছে। পূৰ্ণিমাৰ দৰে উজ্জল মুখখনত কপালৰ অলকা কেইদালে বাৰে বাৰে আমনি দিছেহি। তাই কিবা এটা বুজিব পাৰি লাজ লাজ ভাবেৰে তল মূৰ কৰিলে।

: ঠিক আছে তেনেহ’লে। আপুনি ইয়াতে বহক। আপোনাক এটা লগ দিওঁ। এই মোৰ বান্ধৱী লগতে ৰূমমেট নীলাক্ষী। এইৰো ইয়াত লগ নাই, গতিকে আপোনালোকে এজনে আনজনক কম্পেনী দিয়ক। মই ভিতৰলে যাওঁ। নীলু এইয়া দীপম দা। আমাৰ ৰূপাঙ্কৰ দাৰ ৰুম মেট। তই কথা পাত হা।

লাহেকৈ ক’লো, বহা। তাইও মোৰ কাষৰ চকীখনতে বহিল।

মামু গ’ল। আমাৰ কাৰোৰে মুখত মাত নাই। কি সোঁধো কি নোসোঁধো বুলি তাইৰ ঘৰ ক’ত সুধিলোঁ।

: যোৰহাটত। লাহেকৈ ক’লে তাই।

: যোৰহাটৰ কোনখিনিত?

: কেন্দুগুৰিত।

: মইও যোৰহাটৰে। মানে মাজুলীত। সেয়ে বহুতে ঘঁৰিয়াল বুলিয়ে কয়।

: কোনে ক’লে আপোনাক? আমাৰ পিছে মাজুলী বুলিলে কিবা ভাল হে লাগে। মাজুলীলৈ যোৱাৰ ইচ্ছা এটা সৰুৰে পৰা পুহি ৰাখিছোঁ। সাকাৰ কৰিবহে পৰা নাই।

: তুমি তেনেহ’লে ব্যতিক্ৰম দিয়াচোন। বহুতেই তেনেদৰেই কয়। বহুতৰে মাজুলী বুলি ক’লেই নাকটো কোচ খাই আহে। কিছুমানৰ আকৌ এলাৰ্জি উঠি যায়।

: তেওঁলোকৰ কথা বাদ দিয়ক। তেওঁলোকে চাগৈ মাজুলী বুলিলে কেৱল এটা নদী দ্বীপ বুলিহে জানে। মোৰ কিন্তু যাবলৈ খুউব মন যায়।

: হয় নেকি? নিশ্চয় যাবা। নিমন্ত্ৰণ থাকিল।।

: হয় দিয়ক। মই সেয়েহে ফাইনেল চেমৰ প্ৰজেক্ট ৱৰ্ক মাজুলীৰ টুৰিজিমৰ ওপৰতেই কৰিম বুলি ভাবিছোঁ। আপোনাক লগ পালো ভালেই হ’ল। ভৱিষ্যতে আপোনাৰ সহায় পাম বুলি আশা ৰাখিলোঁ।

: নিশ্চয়…

ছোৱালী জনী দেখাত যেনেকৈ ধুনীয়া, আচাৰ-ব্যৱহাৰো সমানে ভাল লগা। মোহনীয়। আমি দুয়ো বহু সময় ধৰি কথা পাতিলোঁ। পঢ়া- শুনাৰ পৰা ওলাই আমি ব্যক্তিগত জীৱনৰ ফালে ধাৱমান হ’লোঁ। নাজানো কিয় আমি এজনে আনজক দ্বিধাহীন ভাৱে উপস্থাপন কৰিব পৰা হ’লোঁ। কথাৰ মাজেদিয়েই আমাৰ মনৰ দূৰত্ব কমি আহিল। নজনাকৈয়ে এজনে আনজনৰ প্ৰতি আকৰ্ষণ ৰাতিটোৰ ভিতৰতে হাতীটোৰ সমান হ’লগৈ আৰু এইয়াই আছিল আৰম্ভণি অন্য এক যাত্ৰাৰ…

…………………………

বাহী বিয়াৰ দিনা পুৱাতে মই ডিব্ৰুগড়লৈ আহোঁ। লাহোৱাল পাওঁতে নীলুৰ ফ’ন আহে।

: দীপম দা ক’ত পাইছে গৈ?

: লাহোৱাল।

: ৰূপাঙ্কৰ দাই কোৱাতহে গম পালোঁ আপুনি গ’লগৈ বুলি। আপুনি আজি থাকিব বুলি ভাবিছিলোঁ। মামুও বাক থ’বলৈ গ’ল। মই আজি অকলশৰীয়াই হ’লোঁ। আজি দিনটো থাকিব নোৱাৰিলে?

: নাই মানে মোৰ চুটি দুদিনৰহে আছিল। আজি জইন কৰিব লাগিব। তাতে যদি তোমাৰ দৰে ছোৱালী এজনী বিয়াত লগ পাম বুলি আগতিয়াকে গম পালোহেঁতেন, চুটি দুদিন মান বেছিকৈ ল’লোঁহেঁতেন।

: হৈছে দিয়ক।

: একো হোৱা নাই। যি হ’ব লগা আছে তুমি ভাৰ্চিটি পোৱাৰ পিছতেই হে হ’ব।

: ৱাহ। জানিব পাৰিম নেকি?

: নিশ্চয় পাৰিবা। পিছে এতিয়া নহয়। ভাৰ্চিটি অহাৰ পিছত। ডাইৰেক্ট ফেচ টু ফেচ।

: ঠিক আছে তেনেহ’লে। আশাৰে ৰ’লো।খালি ভাল কিবা কিবি হ’লেই হ’ল।

: চিন্তা নকৰিবা। যি হ’ব ভালেই হ’ব। এতিয়া ৰাখোঁ। পিছত কথা পাতিম।

ফ’নটো থোৱাৰ পিছত আগৰাতিৰ কথাবোৰেই মনলে আহি থাকিল। বাৰে বাৰে মনটো উৰুৱাই লৈ গ’ল আকাশৰ নীলাখিনিৰ ফালে। এহালি সজল চকুৰ প্ৰৱল আহ্বানত মই কোনোবা দূৰ দিগন্তৰ ফালে ধাৱমান হৈছো, য’ত মই দেখা পাইছোঁ কেৱল সেউজীয়া আৰু সেউজীয়া। মৃদু মৃদুকৈ বাজি আছে এটি আৱহ সংগীত-

” তোমাৰে মোৰে নিবিড় এই নিশা

ক’ব পাৰে বহু গোপন অগোপন কথা

কথা হ’ব পাৰে জোনাকৰ

কথা হ’ব পাৰে বিষাদৰ

ৰচা হ’ব পাৰে সংগোপনে

অন্তহীন প্ৰেমৰ বহুটো গাথা…”

One thought on “চাঁচনিৰ দস্তাবেজ (২) -আকাশৰ নীলাখিনি (দ্বিপেন শইকীয়া)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!