আমি অসমীয়া (প্ৰাণজ্যোতি নাথ)

(ড০ লোচন শইকীয়া ছাৰৰ “প্ৰশংসা, সমালোচনা আৰু আত্মসন্মানবোধ—এক মানসিক অৱতৰণ” প্ৰৱন্ধৰ আঁত ধৰি)

সৃষ্টিৰ স’তে সমালোচনা শব্দটোৰ ওতপ্ৰোত: সমন্ধ৷ যেতিয়ালৈকে সৃষ্টি আৰু সমালোচনা ইটো সিটোৰ পৰিপূৰক হৈ থাকে তেতিয়ালৈকে স্ৰষ্টা, আলোচক-সমালোচক আৰু শ্ৰোতা বা পাঠক, সৃষ্টিৰ ভঙা-গঢ়াত জড়িত এই প্ৰতিটো চৰিত্ৰৰে সমূহীয়া হিত হোৱা দেখা যায়৷ কিন্তু মাজে-মাজে আলোচনা-সমালোচনাই ইমান তীব্ৰ ৰূপ ধাৰণ কৰে যে ই হিতে বিপৰীতহে হয়গৈ৷ নঞাৰ্থক সমালোচনাই বহুতো প্ৰতিভা অকালতে নাশ কৰা দেখা যায়৷ সমালোচনাৰ কৱলত পৰি বহুত কলম চলা বন্ধ হৈ পৰে৷ কেতিয়াবা সমালোচনাই একোটা জীৱনত ইমান গভীৰভাৱে ৰেখাপাত কৰে যে জীৱনটি কক্ষচুত্য হৈ পৰে, প্ৰাণৰ বন্তিগছি নুমাই যায়৷

কিছুদিন আগতে, ঈশানজ্যোতি বৰাৰ প্ৰৱন্ধ এটি জনপ্ৰিয় বৌদ্ধিক অসমীয়া দৈনিক কাকত ‘নিয়মীয়া বাৰ্তা’ত পঢ়িছিলোঁ৷ ’কেভিন কাৰ্টাৰ আৰু আজিৰ সাংবাদিক’ শীৰ্ষক লেখাটিত সম্প্ৰতি বিশ্বত বহুল চৰ্চিত এটি নাম কেভিন কাৰ্টাৰৰ উদাহৰণেৰে অসমীয়া ‘টিভি চেনেল’ৰ সাংবাদিকসকলৰ অমানবীয়তাৰ (নিউজৰ দোহাই দি দুৰ্ঘটনাগ্ৰস্থ ব্যক্তিক তাৎক্ষণিক চিকিৎসাৰ বাবে যথোচিত ব্যৱস্থা লোৱাতকৈ ঘটনাটোৰ নিউজ ভেল্যু বিচাৰ কৰি সেইটো কেমেৰাৰ লেন্সত উপভোগ্য কৰি তোলাৰ চেষ্টাত ব্ৰতী হোৱা বহু সাংবাদিক দেখা যায়৷) সমালোচনা কৰা হৈছে৷ শ্ৰীবৰাই অত্যন্ত সুখপাঠ্যকৈ জলন্ত বিষয় এটি যুক্তি সহকাৰে উপস্থাপন কৰিছে৷ দক্ষ আলোকচিত্ৰ-সাংবাদিক ‘কেভিন কাৰ্টাৰ’ ১৯৯৩চনত খাদ্য সংকট আৰু দুৰ্ভিক্ষই বিধস্ত কৰা ছুডানত পুষ্টিৰ অভাৱত কামিহাড় জিলিকি থকা নাঙঠ শিশুৰ স’তে এটা শগুনৰ হৃদয়স্পৰ্শী ফটোখন তুলি চৰ্চালৈ আহিছিল৷ ১৯৯৪চনত সন্মানীয় পুলিৎজাৰ বঁটা পোৱা ফটোখনে সমগ্ৰ বিশ্বত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিলে৷ শিশুটিৰ শেষ পৰিণতি জানিবলৈ পৃথিৱীবাসী ইমানেই উৎসুক হৈ পৰিল যে ফটোখন তোলাৰ পাছত শিশুটিৰ খবৰ নৰখাৰ বাবে কাৰ্টাৰক সমালোচনা, গৰিহণাৰে থকা-সৰকা কৰা হ’ল৷ এনে নেতিবাচক সমালোচনাই কাৰ্টাৰক ইমান বিষণ্ণ আৰু হতাশ কৰিলে যে সেই বছৰেই মাত্ৰ ত্ৰিশ বছৰ বয়সতে কাৰ্টাৰে হাৰাকিৰি কৰে৷ চৰ্চিত ফটোখনৰ সেই শিশুটি জীয়াই আছে নে নাই আমি গম নাপালোঁ… কিন্তু উত্তৰ নোহোৱা এটি প্ৰশ্নৰ সমিধান বিচাৰি কাৰ্টাৰৰ দৰে প্ৰতিভা এটিৰ জীৱন-বন্তি চিৰকালৰ বাবে নুমাই গ’ল৷

সমালোচনাৰ সমুখীন হৈ অসমীয়াত লেখিবলৈ একেবাৰেই এৰি দিছিল অসমীয়া কাকত-আলোচনীৰ ইতিহাসত দশম স্থান পোৱা ‘মৌ’ কাকতৰ জন্মদাতা বলিনাৰায়ণ বৰাই৷ ইংৰাজী ১৮৮৬চনৰ ডিচেম্বৰ মাহত বলিনাৰায়ণ বৰাৰ চতুৰ্থ ভাতৃ হৰনাৰায়ণ বৰাৰ নাম-সম্পাদনাত ‘মৌ’ মাহিলি কাকতৰূপে প্ৰকাশ পায়৷ নামত হৰিনাৰায়ণ বৰা সম্পাদক আছিল যদিও কাকতখন চলোৱাৰ সকলো আৰ্থিক দায়িত্ব বহন কৰিছিল বলিনাৰায়ণ বৰাই৷ তেখেত আছিল বিলাত ফেৰৎ ইঞ্জিনিয়াৰ আৰু সংস্কৃত, ইংৰাজী আৰু বঙলা সাহিত্যৰ স’তে সম্পৰ্ক থকা এজন প্ৰতিভাশালী ব্যক্তি৷ তেখেতে ফ্ৰেঞ্চ আৰু লেটিন ভাষাও জানিছিল আৰু সঙ্গীতত তেখেতৰ বিশেষ ৰাপ আছিল৷ তেখেতৰ দ্বাৰা সংগৃহীত ২৫০টা অসমীয়া প্ৰবচন পুত্ৰ হৰিনাৰায়ণ বৰাই ১৯৪৩চনত ’অসমীয়া প্ৰবচন’ নাম দি ছপা কৰি পুথি আকাৰত প্ৰকাশ কৰে৷ তেখেতে ইংৰাজীত ’A Geography of India’ আৰু অসমীয়াত ভাৰতবৰ্ষৰ বুৰঞ্জী এখনো প্ৰণয়ন কৰি ‘দাশগুপ্ত এণ্ড কোম্পানী’ৰ যোগেদি প্ৰকাশ কৰিছিল৷ আনহাতে, লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদকলৈ লেখা এখন চিঠি, মথুৰামোহন বৰুৱাই সম্পাদকৰ প্ৰৱন্ধৰ বিৰোধিতা কৰি লেখা এখন চিঠি আৰু গুণাভিৰাম বৰুৱা (অনুমান)ই লেখা এটি প্ৰৱন্ধৰ বাহিৰে ‘মৌ’ কাকতত প্ৰকাশ পোৱা ব্যঙ্গাত্মক কবিতা দুটিৰ স’তে আন সকলোবোৰ লেখা বলিনাৰায়ণ বৰাই নিজে লেখিছিল৷ এই ‘মৌ’ কাকতখন চাৰিটা সংখ্যা ওলাই বন্ধ হৈ যোৱাৰ এটা কাৰণ হিচাপে লেখক-পাঠকৰ সঁহাৰিৰ অভাৱ বুলি যদিও কোৱা হৈছে; সাহিত্যৰথী বেজবৰুৱাই তেখেতৰ ‘মোৰ জীৱন-সোঁৱৰণ’ নামৰ আত্মকথাত ‘মৌ’ সম্পৰ্কে এনেদৰে লেখিছে;
“ নতুন কংগ্ৰেছৰ ৰাজনৈতিক মতৰ কমাৰশালে আমাৰ মন পুৰি ৰঙাকৈ থৈছিল৷ ………আৰু আমি যেতিয়া দেখিলোঁ যে কংগ্ৰেছ বিৰোধী ইংৰাজী ‘ইংলিশমেন’ কাকতত ‘মৌ’ৰ প্ৰশংসা ওলালে আমাক আৰু পায় কোনে? আমি প্ৰতাপচন্দ্ৰ চাৰ্টুজীৰ লেনৰ মেছত বহি সভাৰ উপৰি সভা কৰি ‘মৌ’ মাৰিবলৈ কঁকালত টঙালি বান্ধি উঠিলোঁহক৷ কালীকান্ত বৰকাকতী আৰু মথুৰামোহন বৰুৱাৰ নেতৃত্বত আমি জনচেৰেকে বৰা ডাঙৰীয়াৰ effigy অৰ্থাৎ ধানখেৰৰ জুমুঠিৰে সজা মূৰ্ত্তি পুৰিবলৈ ওলালোঁ৷ আমি শাঁতি-শূৰ্ত্তি এৰি টাংগুটি ওফৰাদি উফৰি ফুৰিবলৈ ধৰিলোঁহঁক৷ ……আমাৰ misdirected energy অৰ্থাৎ কুপথেদি নিয়োজিত শক্তিৰ বলত মৌৱে বাহ লোৱা গছ হালি পৰিল৷ মৰিল ‘মৌ’৷ আমি ল’ৰালি কৰি তেতিয়া নুবুজিলোঁ যে ‘মৌ’ৰ নিচিনা এখন ভাল কাকত বধ কৰি আমাৰ দেশৰ কি অনিষ্টকে সাধন কৰিলোঁ৷ সম্ভৱতঃ আমাৰ ওপৰত বিৰক্ত হৈ বৰা ডাঙৰীয়াই তেতিয়াৰ পৰা অসমীয়া ভাষাত লেখা একেবাৰেই বাদ দিলে, কাৰণ তাৰ পাছৰ পৰা আজিলৈকে তেওঁৰ কাপৰ পৰা অসমীয়াত আৰু একো ওলোৱা আমি দেখা পোৱা নাই।” উল্লেখযোগ্য যে, গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ওলোৱা ’আসাম বন্ধু“ (১৮৮৫-৮৬) আৰু বলিনাৰায়ণ বৰাই তেওঁৰ ভাতৃ হৰিনাৰায়ণ বৰুৱাৰ নামত প্ৰকাশ কৰা ‘মৌ’ৰ(১৮৮৬-৮৭) মৃত্যুৰ পাছত অসমীয়া কাকত-আলোচনীৰ শূন্যতা পূৰণ কৰিছিল ১৮৮৯খ্ৰীষ্টাব্দৰ ৯ফেব্ৰুৱাৰীৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালা (শ্ৰীচন্দ্ৰকুমাৰগুপ্ত)ৰ সম্পাদনাৰে প্ৰকাশ পোৱা ’জোনাকী’য়ে; যি পিছলৈ অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰিছিল৷

সমালোচনাৰ কৱলত পৰি বন্ধ হৈ যোৱা ‘মৌ’ৰ দৰে___, ইতিবাচক দৃষ্টিভঙ্গীৰ অভাৱত বন্ধ হৈ গৈছিল ১৯৩৩চনত প্ৰতিষ্ঠা হোৱা জ্যোতিপ্ৰসাদৰ ‘চিত্ৰবন’ ষ্টুডিঅ’৷ অসমীয়া বোলছবিৰ ইতিহাস নজনা অসমীয়া মানুহ নোলাব৷ অসমীয়া বোলছবি জগতৰ পিতৃপুৰুষজন হ’ল; পৰমানন্দ আগৰৱালা আৰু কিৰণময়ী আগৰৱালাৰ সুযোগ্য সন্তান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা৷

ইউৰোপলৈ উচ্চ শিক্ষাৰ বাবে যোৱা জ্যোতিপ্ৰসাদে এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিছিল৷ বাৰে-বাৰে অংক বিষয়ত অনুৰ্ত্তীণ হৈ বিখ্যাত প্ৰযোজক হিমাংশু কুমাৰ ৰায়ৰ তত্ত্বাৱধানত বাৰ্লিনত ৭মাহ থাকি, ফিল্ম প্ৰযোজনা, আৰু পৰিচালনাৰ কাম শিকি আহি জ্যোতিপ্ৰসাদে ১৯৩৪চনৰ প্ৰথম ভাগত তেজপুৰৰ কলংপুৰ চাহবাগিছা ভোলাগুৰিত ‘চিত্ৰবন’ নাম দি অসমীয়া ফিল্ম শিল্প প্ৰতিষ্ঠান ‘চিত্ৰলেখা মুভিটন’ আৰম্ভ কৰে৷ নিজে ষ্টুডিঅ’ সজাই, ফিল্মৰ প্ৰয়োজনীয় স্থাপত্য নিজে নিৰ্মাণ কৰি অসীম মনোবল আৰু অক্লান্ত চেষ্টাৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়াক দিয়া উপহাৰটি হ’ল, “জয়মতী“__ অসমীয়া ভাষাৰ প্ৰথম বোলছবি, যিখন সাহিত্যৰথী বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটৰ আধাৰত নিৰ্মাণ কৰা হৈছিল৷ প্ৰয়োজনত সালসলনি কৰিব পাৰিবনে সুধি ৰূপকোঁৱৰে নিজেই অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল বুলি সাহিত্যৰথীয়ে তেখেতৰ “জ্যোতিপ্ৰসাদৰ জয়মতী” লেখাটোত উল্লেখ কৰিছে৷ ‘জয়মতী’ বোলছবি নিৰ্মাণত খৰচ হৈছিল মুঠ ৫০, ০০০/- টকা৷ কিন্তু বহুতেই বোধহয় নাজানে যে লাভৰ মুখ দেখা দূৰৈৰ কথা, ‘জয়মতী’য়ে লোকচান ভৰিছিল প্ৰায় ২৮, ০০০/- টকা৷ ‘জয়মতী’ প্ৰসংগত জ্যোতিপ্ৰসাদে কৈছে;
“সাধাৰণতে বঙালী আৰু হিন্দুস্থানী কথাছবিবোৰ বৰ অস্বাভাৱিক৷ মঞ্চাভিনয় আৰু চিত্ৰাভিনয়ৰ পাৰ্থক্য আনকি বিখ্যাত বঙালী আৰু হিন্দুস্থানী ফিল্ম ডিৰেক্টৰসকলেও কৰিব নোৱাৰা যেন দেখা যায়৷ যিসকলে ইংৰাজী আৰু হিন্দী ফিল্ম ৰিজাই চাইছে তেওঁলোকে নিশ্চয় এই কথা বুজে৷ …… ‘জয়মতী’ ফিল্মখন ইংৰাজী আৰু ৰুছীয় ফিল্মৰ আচল ফিল্মীয় পৰিচালনা আৰু অভিনয়ৰে কৰিবলৈ চেষ্টা কৰা হৈছে৷ ‘জয়মতী’ত অভিনয়ৰ ভঙ্গী স্বাভাৱিক আৰু তাৰ উপৰিও অসমীয়া কথা কোৱাৰ বিশিষ্ট ভঙ্গী, অসমীয়া মাত-কথাৰ বিশেষ প্ৰশ্ন ইত্যাদিলৈ ইয়াত অতি সূক্ষ্মভাৱে মন দিয়া হৈছে৷ অসমীয়া বচন, প্ৰকাশ-ভঙ্গী, ঠাঁচ ইত্যাদি যে আমাৰ সাধাৰণতে চলিত ষ্টেজবোৰতকৈ বহুত বেলেগ হোৱা উচিত তাকো এইছবিত দেখুৱাব খোজা হৈছে।” (অসমত ফিল্মশিল্প গঢ়াত অসমীয়া দৰ্শকৰ দায়িত্ব)

আনহাতে, ’জয়মতী’ কথাছবিৰ আন এটা উল্লেখযোগ্য দিশ আছিল ইয়াত ব্যৱহৃত দৃশ্যসজ্জা৷ জ্যোতিপ্ৰসাদে তেখেতৰ একেটি লিখনীতে লেখিছে যে;
“……আজিলৈকে অসমীয়া ৰজাদিনীয়া (বাঁহ-কাঠস্থাপত্যৰ) ঘৰ-বাৰী আৰু তাৰ ভিতৰৰ সাজ-সজ্জা কেনেকুৱা আছিল তাৰ সঠিক ছবি কোনেও দিব নোৱাৰে৷ ……এই বাঁহ-কাঠ স্থাপত্যৰ একো নিদৰ্শন নোপোৱাত বিপদত পৰি মই বুৰঞ্জীবিদ ড০ সূৰ্য্যকুমাৰ ভূঞা, প্ৰত্নতাত্ত্বিক সৰ্ব্বেশ্বৰ কটকী, পুৰাতত্ত্ববিদ আনন্দচন্দ্ৰ আগৰৱালা, ৰজনীকুমাৰ পদ্মপতি, সাহিত্যগুৰু পদ্মনাভ আৰু সাহিত্যৰথী বেজবৰুৱাকে আদি কৰি সাহিত্যিক, প্ৰত্নতাত্ত্বিক শিল্পীসকলৰ সৈতেও নানা পুথি-পাজি চাই আলোচনা কৰি, শেষত সত্ৰৰ ঘৰ-বাৰী, অসমীয়া পুথিত থকা ছবি, অসমীয়া কাঁহী-বাটি, কাপোৰ-কানি, ঘৰ-বাৰীৰ বিষয়ে কিম্বদন্তী আৰু বিদেশী ভ্ৰমণকাৰীয়ে লিখাৰ পৰা সমল গোটাই সেই বাটেদিয়েই কল্পনাক চলাই ‘জয়মতী’ৰ দৃশ্যসজ্জা ৰচনা কৰিলোঁ৷ কামৰূপৰ ভাল বাঁহ-কাঠৰ কাম জনা মানুহৰ দ্বাৰাই সেইবোৰ নিৰ্মাণ কৰোৱা হৈছিল।”

উপৰোক্ত কথাখিনি পঢ়ি চালে বুজা যায় যে ’জয়মতী’ আছিল স্বভাৱ-শিল্পী জ্যোতিপ্ৰসাদৰ বহুদিনীয়া প্ৰস্তুতি৷ তেন্তে সূক্ষ্মাতিসূক্ষ্ম প্ৰায় প্ৰতিটো কথালৈ মন দি আন্তৰিকতাৰে নিৰ্মাণ কৰা ‘জয়মতী’য়ে লোকচান কিয় ভৰিছিল! আগৰৱালাই নিজে স্বীকাৰ কৰিছে যে, “ছবিখনত শব্দ যোজনাৰ ত্ৰুটি হ’ল—ফটোগ্ৰাফীতো মাজে-মাজে খুঁত থাকিল।” কিন্তু কেৱল মাত্ৰ সেই কাৰণেই লোকচান ভৰিছিলনে ‘জয়মতী’য়ে? ! ! নহয়৷ ‘জয়মতী’ কথাছবিখনে তীব্ৰ নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছিল৷ সাহিত্যৰথীৰ “জয়মতী কুঁৱৰী”ৰ কাহিনী বিকৃতকৰণ কৰাৰ চেকা লাগিছিল ‘জয়মতী’ৰ গাত৷ ‘জয়মতী’ৰ কঠোৰ সমালোচনাৰ প্ৰতিবাদত স্বয়ং বেজবৰুৱাই নীলমণি ফুকন সম্পাদিত ‘দৈনিকবাতৰি’ ত “জ্যোতিপ্ৰসাদৰ ‘জয়মতী’  নামেৰে এটি নিবন্ধ লেখিছিল৷ তাত উল্লেখ আছে যে দুই এজনৰ গঠনমূলক সমালোচনাৰ বিপৰীতে “বাকীসকলৰ সমালোচনা, সমালোচনা নহয়, সমালোচনাৰ নামত লাথি আৰু ছেইছেই৷ এইদৰে মানুহৰ সজ উদ্যমৰ ঠেটুৱাই ধৰা চেঁচা পানী ঢালি দি অসমীয়াই স্বদেশৰ উন্নতি কৰিবলৈ যায়।” এই একে প্ৰসঙ্গতে সাহিত্যৰথী বেজবৰুৱাই কৈছে; “মই বিশ্বস্ত সূত্ৰেৰে জানিবলৈ পালোঁ, যে সমালোচকসকলৰ ভিতৰত দুজন-এজন ডাঙৰ-ডাঙৰ আৰু সন্মানিত মানুহৰ নাম দেখি, পৰৰ মুখেদি হোল খোৱা অনেক সৰ্বসাধাৰণ মানুহে জয়মতী ফিল্ম বেয়া বুলি চাবলৈকে নাহিল৷ ফলত আগৰৱালা বপুৰাৰ মূৰত টাঙোন৷ তেওঁ সেই কাৰ্যত লাভ কৰা দূৰৰ কথা, খৰচৰ টকাকে তোলা টান হৈ পৰিল৷ এনেকুৱাই আমাৰ ব্যৱহাৰ, আৰু স্বদেশ হিতৈষতা।”(জ্যোতিপ্ৰসাদ ৰচনাৱলী, পৃষ্ঠা: ৯২১)

অৱশ্যে ড০ হীৰেন গোঁহাই চাৰে সম্পাদনা কৰা জ্যোতি ৰচনাৱলীৰ ২০০৭চনত প্ৰকাশ হোৱা সপ্তম সংস্কৰণৰ পাদ-টীকাত (পৃষ্ঠা-৫৯৫, ৫৯৬, ৫৯৭) এবৰা (অম্বিকাবৰা), গোপীনাথ বৰদলৈ, ৰাধানাথ হাজৰিকা, দেবেশ্বৰ চলিহা আদি ৰদ্বাৰা ‘জয়মতী’ আৰু ‘জ্যোতিপ্ৰসাদ’ উভয়ে উচ্চ প্ৰশংসিত হৈছে বুলি পোৱা গৈছে৷ কিন্তু খৰচ কৰা টকা উভতাই নোপোৱা আৰু ভাৰালৈ অনা যন্ত্ৰ-পাতিৰ ধন পৰিশোধ আদিয়ে সাতে-পাঁচে লগ লাগি “চিত্ৰলেখা মুভিটন”ক লাভৰ মুখ দেখা ‘ইন্দ্ৰমালতী’ মুক্তি দিয়াৰ পাছতো টিকি থাকিবলৈ নিদিলে৷ কিন্তু নিজৰ ধন-বিত খৰচ কৰি প্ৰৱল আত্মবিশ্বাস আৰু অধ্যৱসায়েৰে নিজে ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰি অসমীয়া বোলছবি নিৰ্মাণৰ কথা জ্যোতিপ্ৰসাদে নভবা হ’লে বা সেই অসাধ্য সাধন কৰি নেদেখুৱা হ’লে, অসমীয়া ফিল্ম উদ্যোগ ঠিক কেতিয়া আৰু কোন চনত গঢ়লৈ উঠিলেহেঁতেন বা উঠিলেহেঁতেন নে নুঠিলেহেঁতেন তাক নদি ক’ব নোৱাৰি৷ “খৰচ কৰা টকা উভতি নহাৰ ডাঙৰ অন্তৰায়টোৰ উপৰিও আৰু বহুত ডাঙৰ ডাঙৰ ডেওনাই অসমত বেগেতে ফিল্মশিল্প গঢ়ি তুলিবলৈ বাধা দিছে” বুলি জ্যোতিপ্ৰসাদে সেই তাহানিতে কৰা মন্তব্যৰ সত্যতা আজিৰ অসমীয়া বোলছবি উদ্যোগতো পৰিলক্ষিত হৈছে৷ বিদেশী ছবি চোৱা কিছু পৰিমাণে বৰ্জন কৰি অসমীয়া চোৱা ছবিকে বাৰে-বাৰে চাই প্ৰযোজকে খৰচ কৰা ধন ওভতাই দিয়াৰ চেষ্টা কৰি অসমীয়া মানুহে জাতীয় সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা, সন্মান তথা সহানুভূতি প্ৰদৰ্শন নকৰিলে অদূৰ ভৱিষ্যতে অসমীয়া ফিল্মশিল্প মৃত্যু মুখত পৰিব বুলি জ্যোতিপ্ৰসাদে সেই তাহানিতে কৰা মন্তব্যৰ প্ৰাসঙ্গিকতা আজিও আছে৷ অসমীয়াই অসমীয়াৰ বৈৰী হৈ অসমীয়াক সমালোচনা কৰা যিদিনাৰ পৰা বাদ দিব সেইদিনাৰ পৰাই বোধহয় অসমৰ পূৱ দিগন্তত বিশ্বাস-প্ৰত্যয় আৰু উন্নতিৰ অমোঘ মন্ত্ৰ ধ্বনিৰে নতুন সূৰ্যোদয় হ’ব৷ আমি শিল্পী-শিল্প আৰু জাতীয় কৃষ্টি-সংস্কৃতিক মৰ্যদা দিবলৈ শিকিম৷ কেৱল ব্যক্তিগত জীৱনৰ বাবে আলোচিত বা সমালোচিত নহ’ব শ্ৰদ্ধাৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে শিল্পী৷ ব্যক্তিগত মতাদৰ্শৰ বাবেই সমালোচিত নহ’ব হোমেন বৰগোহাঞি ছাৰ, দেৱেন দত্ত ছাৰৰ দৰে বিশিষ্ট সাহিত্যিক-সমাজকৰ্মী-বুদ্ধিজীৱী৷ আমি আমাৰ বুলি লোৱা ভাৱটোৱে, আমাৰ বুলি কৰা কামবোৰে স্বদেশ-স্বজাতিৰ যি উন্নতি সাধন কৰিব, ব্যক্তিগত উন্নতিৰ বাবে অন্য এজনৰ প্ৰাপ্তিৰ পথত হেঙাৰ হৈ থিয় দিলে সেয়া নিশ্চয় মন্যুষত্বৰ শাৰীত নপৰিব৷ বাকস্বাধীনতা বা নিজৰ মতামত দাঙি ধৰাৰ অধিকাৰ ভাৰতীয় সংবিধান স্বীকৃত৷ কিন্তু, সংযম গুণ শিক্ষিতৰ আকৰ৷ আজিৰ অসমীয়া আৰু সেই এশ বছৰৰ আগৰ বিজ্ঞান-প্ৰযুক্তি আৰু শিক্ষাৰ পোহৰ নোপাৱা হোজা অসমীয়া নহয়৷ গতিকে সময়ৰ গতিৰ সৈতে সমতা ৰাখি আমি আমাৰ মনবোৰৰো পৰিৱৰ্তন সাধি নিজকে ৰুচিশীল, সংস্কৃতিবান অসমীয়া হিচাপে পৰিচয় দিয়াৰ উপযুক্ত সময় আহি পৰিছে৷

“জয় আই অসম৷ “

প্ৰসঙ্গ সূত্ৰঃ

১) কেভিন কাৰ্টাৰ আৰু আজিৰ সাংবাদিক – ঈশানজ্যোতি বৰা (নিয়মীয়াবাৰ্তা; ১অক্টোবৰ, ২০১৫)

২) জ্যোতিপ্ৰসাদৰ ৰচনাৱলী
সম্পাদনাঃ ড০ হীৰেন গোহাঁই
(অসম প্ৰকাশন পৰিষদ)

৩) মৌ
সম্পাদনাঃ ড০ সত্যেন্দ্ৰনাথ শৰ্মা
(অসম প্ৰকাশন পৰিষদ)

৪) জোনাকীঃ ভূমিকা; জোনাকী(একত্ৰ সংকলন)
সম্পাদকঃ নগেন শইকীয়া
(অসম সাহিত্য সভা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!