আচমনীয় (জয়ন্ত আকাশ বৰ্মন)

মোৰ দেউতাই বজাৰে-বজাৰে শাক-পাচলি বিক্রী কৰি আমাৰ দৰিদ্র পৰিয়ালটিক পোহ-পাল দিছিল। স্কুল বন্ধ থাকিলে কেতিয়াবা ময়ো দেউতাৰ লগত শণিবৰীয়া নদলা বজাৰ বা শুকুৰবৰীয়া শোলমাৰা হাটলৈ গৈ দেউতাক সহায় কৰি দিছিলো, যিহেতু সেইকেদিন বজাৰত অলপ গ্রাহকৰ ভীৰ বেছি আছিল। সহায় মানে- এই হঠাৎ ক’ৰবাৰ পৰা ষাঁড় গৰু এটা আহি ধৰিলে নহয় বেচিবলৈ সজায় থোৱা বন্ধাকবি কেটাত, তাক বাওঁকা পাতেৰে খেদি দিয়া, পাতি বহি থকা বস্তাৰ তলৰ পৰা গ্রাহকক বাকী খুচুৰা দিয়া, ধনীয়া মুঠিকেটা সজীৱ দেখাবলৈ ওচৰৰ আমাৰ দৰেই অস্থায়ী হোটেলখনৰ পৰা এমগ পানী আনি ছটিয়াই দিয়া ….ইত্যাদি।
এবাৰ দেউতাৰ বেমাৰ হ’ল। বিছনাতেই পৰি থাকিবলগা হ’ল দেউতা। এইফালে বেচিবলৈ সৰহীয়াকৈ আনি থোৱা বেঙেনাবোৰ শুকাবলৈ ধৰিলে। ঘৰতো চাউল লোণ তেল নোহোবা হৈ আহিল । ভোকত ভন্টিয়ে কান্দি থাকিবলৈ ধৰিলে।
ষষ্ঠ শ্রেণীৰ বছৰেকীয়া পৰীক্ষালৈ এক সপ্তাহ মান আছে। স্কুল বন্ধ। মা দেউতাৰ শুশ্রূষাত ব্যস্ত থাকোঁতে মনে মনে মই দেউতাৰ পাচলিৰ ভাৰখনত এফালত বেঙেনাবোৰ আৰু আনফালে ৰঙালাউ দুটা উঠাই ঘৰৰ পৰা ডেৰ-দুই কিল’মিটাৰমান আতঁৰত থকা বজাৰখনলৈ খোজ ল’লো।
বজাৰ পাই ওচৰৰ হোটেলখনত পানী দুগিলাছমান খাই বস্তা পাৰি বহি গলো চিনাকি ৰঞ্জিত বেপাৰীৰ ওচৰত। ৰঞ্জিত বেপাৰীক সুধি বেঙেনাৰ দাম সুধি ললো।
মোৰ সমুখেৰে মানুহবোৰ আহি আছে-গৈ আছে। কোনো মোৰ দোকানৰ ফালে নাহে। মাজতে মাথো সেই ষাঁড় গৰুটো আহিছিল। মই নেখেদিলো আজি, সিয়ো আমনি নকৰিলে আজি। মই ৰৈ থাকিলো-দহ বজাতেই ঘৰৰ পৰা ওলাইছিলো , এতিয়া চাৰে বাৰ বাজিল। ৰঞ্জিত বেপাৰী হতঁৰ পাচলিবোৰ মোটা-মুটি বিক্রী হৈ গ’ল। মোৰ কোনো গ্রাহক নাই…!!! মানুহবোৰৰ ভৰিবোৰ মোৰ আগেৰে পাৰ হৈ গৈছে- কোনোবাখন দ্রুত, কোনোবাখন মন্থৰ। কোনোবাখন ক্ষয় যোৱ চেণ্ডেলেৰে, কোনোবাখন বা চিকুণ জোতাৰে। এজনৰ শকত ভৰি, আনজনৰ শীর্ণ। খোজবোৰ মোৰ আগেৰে পাৰ হৈ গৈ আছে, এখন ভৰিও মোৰ আগত ৰোবা নাই….
এনেতে নীলাফিটাৰ বগা হাবাই চেণ্ডেল পিন্ধা এযোৰ ভৰি মোৰ আগত ৰ’ল। মই প্রথম ওপৰলে চালো। এমুখ দাঢ়িৰে ক্ষীণাংগ মানুহজনক মই কৰবাত দেখিছিলো। চকুদুটা উজ্জ্বল। ‘ভাইটী, বেঙেনা কিমান কৈ বিকিছা?’- মানুহজনে মোক সুধিলে। ‘কেজিত সাত টকাকৈ’-মই ক’লো। বজাৰ ভাঙিবৰ হৈছিল। ৰঞ্জিত বেপাৰীয়ে তাৰ বেঙেনাবোৰ ইমান দামতেই বিকি আছে। অবশ্যে তাৰ বেঙেনাবোৰ সতেজ, মোৰবোৰ শুকান। মই দাম টো অলপ কমকৈ কব লাগিছিল। ভুল হৈ গ’ল।
‘বেঙেনাবোৰ ভাল নে?’-মোক সুধিলে।
দেউতাৰ লগত থকা অভিজ্ঞতাৰ পৰা মই বুজি উঠিছো যে গ্রাহকক বেঙেনা ভাঙি দেখালে কিনে।
‘ভাল ভাল । এয়া চাওঁক’ বুলি মই এটা বেঙেনা থপ্ কৈ ভাঙি তেখেতক দেখালো।
তেখেতেও মোৰ ফালে চাই হাঁহিলে, ৰঞ্জিত বেপাৰীয়েও হাঁহিলে, এনেকুবা লাগিল গোটেই বজাৰখনৰ মানুহে মোৰ ফালে চাই ৰোল উঠাই হাঁহিলে- মই ভাঙি দেখুওবা বেঙেনাটোৰ পৰা মুগা বৰণৰ কেটামান ৰেলগাড়ী পোক ওলাই আহিছে। সিহঁতেও মোৰ ফালে চাই চিঁ-চিঁয়াই হাঁহিছে… বেঙেনাৰ ভিতৰখন তেনেই ক’লা আৰু ফোঁ-পো-লা ।
মই তেখেতৰ ফালে চালো- শেষ আশাটো ও পোকে খালে। মানুহজনেও মোৰ ফালে চালে। ক’লে-এটা বেঙেনা বেয়া হ’ল মানেই যে বাকীকে’টাও বেয়া ওলাব তেনে কোনো কথা নাই। ওজন কৰা আটাইখিনি। মই ল’ম।”
মনত আছে বেঙেনা মুঠতে পাঁচ কেজি হৈছিল আৰু তেখেতে মোক তিনিখন দহটকীয়া, দুটা দুটকীয়া আৰু এটা এটকীয়া মুদ্রা দিছিল। এটকীয়া মুদ্রাটোৰ এটা পিঠিত আম্বেদকাৰৰ ছবি খোদিত আছিল। এখন দহটকীয়াৰে মই এক কেজি চাউল আৰু এখনেৰে এপোবা দালি, আধা কেজি খোলা নিমখ , অকনমান তেল লৈছিলে। আনখন দহটকীয়া মা লৈ ৰাখিছিলো। দুটকীয়া মুদ্রা এটাৰে ভন্টীলৈ খাৰু কিনা নিছিলো। এটকীয়াটো বহিদিনলৈ মই জ্যামিতি বাকচত সাঁচি ৰাখিছিলো !!
মই মেট্রিক পাছ কৰাৰ পাছত মানুহজন(মোৰ গ্রাহকজন) এদিন আমাৰ ঘৰলৈ আহিছিল। তেখেত আমাৰ বাৰীৰ সিটো পাৰে থকা গাওঁখনৰ আছিল। ভেন্সাৰ স্কুল এখনৰ তেখেত হেড মাষ্টৰ আছিল। তেখেতৰ নাম আচ্মন ৰহমান আছিল। তেখেতে কৈছিল- মই ষষ্ঠ শ্রেণীত পঢ়ি থাকোঁতে আমাৰ স্কুলৰ বার্ষিক অধিবেশনলৈ তেখেত আহিছিল আৰু চিত্রাংকন প্রতিযোগিতাৰ প্রথম পুৰস্কাৰটো মই তেখেতৰ হাতৰ পৰাই লৈছিলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক