আটকীয়া- মেঘালী দিহিঙীয়া

বাৰিষা নৌযাওঁতেই মানুহগৰাকীয়ে
বাৰীপাছৰ চেঁচুকীয়া মাটি এডৰা চহ দিছিল, অকলেই
খৰালি হ’লে তাত মাহ সিঁচিবলৈ ভাল
আগতীয়াকৈ চপালেও মাহৰ সোৱাদ নকমে

ব্লাউজৰ ফাঁকেৰে বৈ অহা ঘাম এসোঁতা মোহাৰি
মানুহগৰাকীয়ে ইফালে সিফালে চাইছিল
ৰ’দে ভৰপক দিয়া বাৰিষাৰ দুপৰবোৰত
চেঁচুকীয়া মাটিলৈ বৰকৈ চকু যায় বাটৰুৱাৰ
বাঁহনিৰ তলত ৰৈ গা-মন জুৰ পেলাবলৈ ভাল

ভয় নাছিল
আওঁহতীয়া হ’লেও মাটিডৰা
জাতিবাঁহৰ জেওঁৰাৰে ওখকৈ ভেঁটি থোৱা হৈছিল

আঘোনে কলি পেলাওঁতেই
মানুহগৰাকীৰ হেঁপাহৰ মাহনিডৰা গজগজীয়া হ’ল
বাৰীঢাঁপৰ কাঠআলুৰে মাটিমাহৰ ধনীয়া দিয়া
আঞ্জাখনৰ কথা ভাবিলেই মানুহগৰাকীৰ
শেঁতা মুখখনত ৰ’দ এচলু ফুলে
খহটা হাতখনৰপৰা কাঁচিখন পিছলি পৰে
বুকুখন কিবা এটাৰে চপচপীয়া হয়

পুহৰ পহিলাতে মানুহগৰাকীয়ে
মাহনিডৰা চপাই আজৰি হ’ল
আৰু দুদিনমান হ’লে
ঠেৰেঙা লগা শীত নামিব
অকলে কাঁচি চলাওঁতে কোনোবাপাকত
মানুহগৰাকীয়ে বাটলৈ এভূমুকি চায়
নাই, শীতৰ দিনত চেঁচুকীয়া বাৰীলৈ
বাটৰুৱাৰ চকু নপৰে

ধানে-মাহে মানুহগৰাকীৰ ভঁৰাল
সেইবাৰ আগতীয়াকৈ ভৰিল
উৰুকাৰ দিনা ন-ধানৰ চাউলৰ সৈতে কাঠআলু দিয়া
মাহৰ আঞ্জাখন খাবলৈ বহি মানুহগৰাকীয়ে কিবা এটা
ভাবিলে,আৰু হাতখন তিয়াই শুকান ভাতকেইটা চপাই
ললে।
মাহৰ আঞ্জাৰ বাতিটো একাষৰীয়াকৈ থলে।

অকলেই ভঁৰাল চপোৱা আঁটিয়াল মানুহগৰাকীয়ে পাহৰি গৈছিল –
ধানেই হওক, মাহেই হওক
ৰ’দঘাই মাটিৰ সঁচ নহ’লে খাবলৈ সোৱাদ নুঠে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments