আঘোণৰ অনুভৱ -(ভাস্কৰজ্যোতি হাজৰিকা)

আঘোণৰ অনুভৱ

-ভাস্কৰজ্যোতি হাজৰিকা

aghon _by _nabakonwar_bhaskarjyoti hazarika

এতিয়া আঘোণ মাহ । কেউফালে ধান কটাৰ বতৰ । এইকেইদিন হোষ্টেলৰ বন্ধ কোঠাত সোমাই ”হিট ট্ৰেন্সফাৰ” , ”এপ্লাইড থাৰ্ম’দিনেমিক্স” যিমানেই পঢ়িবলৈ চেষ্টা কৰিছো, সিমানেই সৰুকালত ককা আইতা খুৰা, পেহীহঁতৰ মৰমৰ মাজত কটোৱা দুষ্টামিৰে ভৰা আঘোণৰ দিনবোৰলৈ মনত পৰিছে। জন্মসূত্ৰে নগৰীয়া হ’লেও সৰুতে এনেকুৱা সময়ত বছেৰেকীয়া পৰীক্ষা শেষ হ’লেই গাঁৱত থকা ককাৰ ঘৰলৈ এমাহমান থকাকৈ গৈছিলোঁ । তেতিয়া কিছুমান মজাৰ ঘটনা ঘটিছিল আৰু এতিয়াও সেইবোৰ ভালকৈয়ে মনত আছে ।

দৃশ্যপট ১ :
ককাৰ ঘৰত বাবা নামৰ কাম কৰা লৰা এটা আছিল । ৰাতিপুৱাই বাবাৰ চাইকেলৰ পিছফালে বহি থেকেচা খাই লাল চাহ আৰু মুৰিৰ টোপোলাটো লৈ যোৱাটো ডিউটিত পৰিণত হৈছিল। পথাৰলৈ গৈ ধানৰ ডাঙৰিৰ ওপৰত বাগৰা-বাগৰি কৰোঁ, দাৱনী কেইজনীক খুজি নৰাৰ পেপাঁ লওঁ (পিছে আজিলৈকে কেতিয়াও বজাব নোৱাৰিলো), কেতিয়াবা ককাই সাজি দিয়া হিলৈটো লৈ গৈ দাৱনিবোৰক মাৰোঁ । এবাৰ আৰু এটা কচুগুটি গৈছিল আমাৰ লগত । আমি দুটাই মিলি দাৱনিলৈ নিয়া জলপানত জলকীয়া গুৰি মিলাই লৈ গৈছিলোঁ; এবাৰ আকৌ চাহত বালি ঢালি নিছিলো; পিছে ভাগ্য প্ৰসন্ন আছিল মোৰ! সিহঁতে কেতিয়াও মোৰ দুষ্টামিৰ কথা ঘৰত কোৱা নাছিল আৰু মই শাস্তিৰ পৰা বাচি গৈছিলোঁ ।

দৃশ্যপট ২ :
আবেলি সময়ত মাজুখুৰাৰ লগত প্ৰায়ে পথাৰলৈ গৈছিলোঁ। পথাৰৰ পৰা গৰুগাড়ীত ধান বোজাই দি মোক তাৰ ওপৰত তুলি দিয়ে । গাঁৱৰ মাজেদি ৰজাৰ দৰে ধানৰ গৰুগাড়ীৰ ওপৰত উঠি ঘৰলৈ অহাৰ সেইকণ আমেজ কেতিয়াও পাহৰিব নোৱাৰি । এবাৰ ওপৰত বহি আহি থাকোতেই কিবা ভাৱি বান্ধি অনা ৰচীডাল টানি খুলিবলৈ ধৰিলো; গাড়ীত আগফালে বহি অহা ল’ৰাটোয়ে একো গমেই নাপালে আৰু যেতিয়াই শেষৰ গাঠিটো খুলি দিলো, মানুহে-ধানে গাড়ীৰ পৰা বাগৰি আহি ৰাস্তাত পৰিলোহি । কিমান দুখ পাইছিলোঁ মনত নাই, কিন্তু ঘৰ আহি পোৱাৰ পিছত খুউব পিটন খাইছিলো আৰু সেইদিনাৰ পৰাই গৰুগাড়ীত উঠা বন্ধ হৈ পৰিছিল ।

দৃশ্যপট ৩:
আঘোণমহীয়া ৰাতি । প্ৰকাণ্ড চোতালখনত দুটা মৰণা চলি আছিল । বাঁহৰ এচাৰিডাল লৈ ময়ো গৰু ঘুৰোৱাত লাগি গ’লো আৰু এপাকত গৰুৰ নেগুৰডাল পকাই দিলো বাপেকে! গৰুৱে আধা দূৰ চোঁচোৰাই নিলে । দুদিনমানলৈ বিচনাত মায়ে গৰম সেক দি দি বিষ ভাল কৰিছিল।

তাৰ উপৰিও জুহালত বহি জুই পুওৱা , আলু পোৰা খোৱা, ৰাতিপুৱাই উঠি হাঁহৰ গৰালত কণী বিচাৰি যোৱা , ৰাজহাহঁৰ পোৱালিক লাই পাত খুওৱা, কেতিয়াবা আবেলি কবি-পুলি লাই-পুলিত পানী দিয়া , কাম কৰা ল’ৰাকেইটাৰ লগত খালত পানী সিচিঁ বোকাত লুতুৰি পুতুৰি হোৱা আৰু যে ক’ত কি !!!!
গাঁৱলীয়া জীৱনৰ লগত জড়িত শৈশৱৰ এনেকুৱা সৰু বৰ ঘটনা আৰু স্মৃতি হয়তো সকলোৰে আছে । সেয়েই আজি ১০-১২ বছৰৰ পিছত উভতি চাই অনুভৱ কৰোঁ সঁচাকৈয়ে শৈশৱ বৰ সোণোৱালী ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments