অগ্নিজিতা (নন্দিতা খাখলাৰী)

ৰু-ৰুৱাই জ্বলি থকা জুই একুৰাই তাইক খেদি ফুৰিছে। অভিশপ্ত একুৰা জুই, না জাহ যাব পাৰি, না জনম ল’ব পাৰি। যেন অনন্তকালৰ কোনো কলুষতাৰ বোজা তাই চোঁচৰাই লৈ ফুৰিছে। অদ্ভুত আকৃতি ধাৰণ কৰি জুইকুৰাই দহি নিছে তাইৰ সমগ্ৰ সত্বাক এফালৰ পৰা। কাৰ.. কাৰ মুখ সেইখন? ক’ত দেখিছিল? মানুহৰ মুখো জানো ইমান কৰুণ হ’ব পাৰে! জুয়ে পোৰা এখন বিৱৰ্ণ মুখ…টোপ টোপকৈ সৰি পৰিছে উৱলি যোৱা মুখৰ কেঁচা মাংস… ৰঙা তেজ..আৰু হঠাতে এচমকা জুইত তাই দেখিছে চিকমিকাই থকা চিনাকি নাকফুলিটো! সেইযে প্ৰথম ছবি আঁকি পুৰস্কাৰ পোৱা দিনটো, সিদিনাই মাকে দিছিল সেইযোৰ নাকফুলি তাইক! হয়, হয়..ঠিক চিনি পাইছে..এইখন তাইৰে সেই ফুলকুমলীয়া মুখখন! অথচ ইমান ভয়াৰ্ত, ইমান কৰুণ! মা! মা! ..অস্ফুট গেঙনি এটাৰ দৰে শব্দ কৰি খপজপাই উঠি বহি গ’ল পূৰবী। অণ্ঠ-কণ্ঠ শুকাই গৈছে! বুকুৰ ঢপঢপনিটোয়ে মজ্জালৈকে কোঙা কৰি পেলাইছে তাইক। আজিও আকৌ সেই একেটাই দুঃস্বপ্ন! জুইকুৰা জ্বলি আছে দপদপাই। নিস্তাৰ নাই, শান্তি নাই। আস..ক’ত আছে সেই ঠাই, ক’ত আছে পানীৰ সেই অমোঘ উত্স? শীতকালৰ জাৰতো উন্মাদৰ দৰে বাথৰুমলৈ দৌৰি গৈ শ্বাৱাৰটো খুলি নিশ্চুপ হৈ বহি ৰ’ল তাই। এঘণ্টা..দুঘণ্টা..নাই, এই জুই নুনুমায়! ক’ৰবাত মহাসাগৰৰ অটল গহ্বৰ এটা পোৱা হ’লে!

***
বেলকনীলৈ আহি নিশব্দে চিগাৰেট এডাল জ্বলাই ল’লে পূৰৱীয়ে। অৱসন্ন, ক্লান্তিময় শৰীৰটোৰ ভৰত কাঠৰ পুৰণি আৰামী চকীখনে কিছু কেৰমেৰাই উঠিল। এসময়ত মাকৰ চকী আছিল এইখন। অত্যন্ত কাতৰতাৰে চকীখনত আঙুলি বুলাই দিলে তাই লাহে লাহে। বাৰটা বছৰে একমাত্ৰ এই চকীখনেই তাইৰ জীৱনৰ শূন্যতাৰ পৰিপূৰক হৈ দণ্ডেয়মান হৈ আছে। যেন জপনা খুলি দৌৰি আহি তাই মাকৰ কোঁচত বহে আৰু বুকুৰ সমস্ত আৱেগেৰে মাকে সাৱটি ধৰে তাইক। আন্ধাৰত নিবদ্ধ চকু দুটা সিক্ত হৈ উঠিল পূৰবীৰ। সদাব্যস্ত ৰুগীয়া চহৰখনে ডিচেম্বৰ মাহৰ কুঁৱলীত ডুব গৈ এক অতীন্দ্ৰিয় ৰূপ ধাৰণ কৰিছে। কোনো মমতাময়ী মাতৃৰ দৰেই এন্ধাৰে সংগোপনে আঁচলত বান্ধি লৈছে চহৰখনৰ যন্ত্ৰণাবোৰ। নিস্তব্ধ শেষনিশাৰ একমাত্ৰ এইখিনি সময়েই পূৰৱীৰ ভাল লাগে। কুঁৱলীৰ দৰে অস্পষ্ট হ’লেও ক্ষন্তেকৰ বাবে জীৱনৰ প্ৰতি সামান্য আসক্তি জন্মে, উশাহ ল’বলৈ মন যায়। পোহৰ হ’লেই কদৰ্য হৈ পৰে চহৰখন। পিয়াপি দি ঘূৰি ফুৰা মানুহবোৰক নৰ্দমাৰ জঘন্য কীট যেন লাগে তাইৰ। হিমচেঁচা অনাত্মীয় বতাহ এচাটিয়ে চুই গ’ল শৰীৰ। ক’ৰবাত দূৰৈত ভজনৰ দৰে সুৰ এটা ভাঁহি আহিছে। বিতৃষ্ণা জাগিল তাইৰ। আকৌ ৰু-ৰুৱাই জ্বলি উঠিল সেই অভিশপ্ত জুই। মানুহ !…মানুহ বোলা জীৱবিধৰ পৰা কিয় পৰিত্ৰাণ নাই। কেতিয়া মুক্তি পাব তাই নিৰ্মম দহনৰ পৰা? ‘শুই যোৱা..শুই যোৱা’…মন্দিৰৰ ঘণ্টাৰ দৰে এক অকায়িক প্ৰতিধ্বনি যেন নিচেই আলফুলে আহি স্পন্দিত হৈ হৈ ৰৈ গ’ল তাইৰ চেতনাত।

***
– “দেউতা, লাহে যোৱা না অলপ!’’
আম্ব্ৰেলা কাটৰ সেউজীয়া ফুটুকীয়া চোলাটো দুহাতেৰে দাঙি তাই আধা দৌৰি আধা খোজকাঢ়ি দেউতাকৰ পিছে পিছে আহি আছে। আগৰাতিৰ মুষলধাৰ বৰষুণৰ পানী ৰাস্তাটোৰ খলা-বমাবোৰত এতিয়াও জমা হৈ আছে। কিনকিনিয়া বৰষুণজাকো শেষ হোৱা নাই। যোৱাবছৰ দূৰ্গাপূজা আৰু বিহুত লোৱা চোলা দুটাৰ লগত এইবাৰ ছবছৰীয়া জন্মদিনত দেউতাকে দিয়া এই চোলাটো মিলাই ভাল চোলা মাথোঁ তিনিটাহে আছে তাইৰ। সেউজীয়া ৰংটোৰ কাৰণে এই চোলাটো তাইৰ আটাইতকৈ প্ৰিয়। সেয়ে জেঠায়েকৰ ঘৰৰ পৰা ওলাই হৰিণ পোৱালিটোৰ দৰে জঁপিয়াই জঁপিয়াই তাই অতি কষ্টৰে ৰাস্তাৰ বোকা-পানীৰ পৰা চোলাটো বচাই আহি আছে।

– খৰকৈ আহ পৰী, বাছখন নাপালে আকৌ কাইলৈলৈকে ৰ’ব লাগিব।

কিছুসময় ৰোৱাৰ পিছতে মিনি বাছ এখন আহিছে। আস্! ইমানবোৰ মানুহ.. ইমান ঠেলা-হেচাঁ..বহিবলৈও ঠাই নাই। মূৰটো ঘূৰাইছে তাইৰ.. বমি হ’ব নেকি? মোৰ লগতে বহুৱাই দিয়ক ছোৱালীজনীক.. ‘যা পৰী, খুড়াজনৰ লগতে বহি ল। দেউতা ..দেউতা কলৈ গ’ল ..নেদেখা হৈ গ’ল কিয়! কি নাম তোমাৰ? মোৰ নাম পূৰবী.. কোন ক্লাচত পঢ়া? দ্বিতীয় শ্ৰেণী.. আস্! মানুহজনে ইমান জোৰকৈ ধৰিছে কিয় তাইক.. হাতখন পেটৰ তললৈ সুমুৱাই নি কি কৰিছে..ভয়ত কান্দি দিবৰ মন গৈছে তাইৰ.. কিন্তু ডিঙিৰ পৰা মাতটো ওলাই নাহে কিয়? মই দেউতাৰ ওচৰলৈ যাম.. দেউতা সৌ আগত থিয় হৈ আছে.. দেখা নাই ইমান ভিৰ..ইয়াতে বহি থাকা .. মানুহজনৰ ক’লা হাতখন আৰু অলপ তললৈ সোমাই গৈছে.. এইবাৰ টেটুফালি চিঞৰাৰ আপ্ৰাণ চেষ্টা কৰিছে তাই.. তাইৰ প্ৰিয় সেউজীয়া ৰঙৰ ফুটুকীয়া চোলাটো যেন বোকাৰে লেতেৰা হৈ গৈছে..দেউতা ..দেউতা…!!

***
ভষ্মীভূত এক কায়াৰ ৰূপত নিঠৰ হৈ পৰি আছে যন্ত্ৰণাবোৰ। ৰু-ৰুৱাই জ্বলি থকা জুইকুৰা আৰু নাই। ফিৰফিৰিয়া বতাহজাকত ভাস্যমান হৈ উৰি গৈছে ছাইবোৰ। ‘মুক্তি লাগে…মুক্তি লাগে..’ – আৰ্তনাদটোক মেৰিয়াই মাথোঁ এটা ফিৰিঙতি ৰৈ গ’ল অকলশৰে, অশৰীৰে।
***

(লেখাটোৰ কাহিনী কলেজত পঢ়ি থাকোতে এগৰাকী বান্ধৱীৰ মুখত শুনা এটি সচাঁ কাহিনীৰ আলমত লিখা হৈছে। শৈশৱত বহুবাৰ যৌন উত্পীড়নৰ সন্মুখীন হোৱা বান্ধৱীৰ সম্বন্ধীয় ভনীজনী সেই অভিজ্ঞতাৰ পৰা ইমানেই মানসিকভাৱে আক্ৰান্ত হৈ পৰিছিল যে তাই লাহে লাহে নিজৰ শৰীৰটোক ঘিণ কৰিবলৈ ধৰিছিল। সেই ভাৱ মনলৈ আহিলেই বাৰে বাৰে গা ধুইছিল আৰু অৱশেষত সেই চূড়ান্ত মনোকষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ এদিন গাত জুই লগাই আত্মহত্যা কৰিছিল। কাহিনীটো লিখিবলৈ লৈ অনুভৱ কৰিলোঁ যে সেই ভয়ংকৰ মানসিক অৱস্থাক শব্দত ফুটাই তুলিবলৈ মই কোনোপধ্যেই সামৰ্থ্য নহয়। তথাপি হৃদয়ৰ তাড়নাত মোৰ সমস্ত সীমাৱদ্ধতাক আওকাণ কৰি লিখিবলৈ কৰা এয়া এক ক্ষুদ্ৰ প্ৰচেষ্টা। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments