আইতা বাইদেউ – কৃষ্ণা বৰা ফুকন

তেতিয়া মই গুৱাহাটীত৷ ঘৰৰ পৰা দূৰৈত থাকো, সেয়ে কিবাকিবি অগৰং বগৰং বন্ধ পালেই নাইট চুপাৰৰ টিকেট বিচাৰি পল্টন বজাৰ পাওঁগৈ৷ তেতিয়া ISBT টো নাছিল যেনিবা৷
প্ৰথম কেইদিনমান বৰ ভাল লাগে ঘৰত৷ মাৰ যিহে আব্দাৰ, জীয়েকক কি বনাব কি খোৱাব, একেবাৰে সুধি সুধিহে বনায়৷ লাহে লাহে, দিন বাগৰাৰ লগে মা আকৌ তেওঁৰ সেই পুৰণা আৰু অৰিজিনেল ফৰ্মত আহি যায়৷ দুদিনমান বিনা গালিৰে ৰাতিপুৱ ৭/৮ বজালৈ শুবলৈ দিয়াৰ পিছত মায়ে পুনৰ পুৰণা কেছেটখন বজোৱা আৰম্ভ কৰে..অমুকৰ জীয়েক আৰু কোনোবা তমুকৰ পুতেক…! !
ঘৰত থকা দিনবোৰ সাধাৰণতে অলস ভাৱেই যায়, বৰশী বাই বা টমীৰ লগত খেলি বা মিতিৰ কুটুম ফুৰি৷ কিতাপৰ বেগ এটা দেখাক দেখি নিয়া হয় যদিও কোনোদিনে তাৰ চেইনডাল খোলেই নাখায়৷ যেনেকৈ যায়, সি আকৌ তেনেকৈয়ে ঘূৰি আহে৷ কিতাপ অনা নিয়া কৰিয়ে বহু কেইটা বেগ ফালি থৈছো৷ সেয়ে গুৱাহাটীত গৈ কি ফালিলি বুলি ঘৰৰ কোনোৱে মোক নোসোধে..! !

এবাৰ তেনেকুৱা কিবা বন্ধতে ঘৰত আছোঁগৈ৷ মাৰ প্ৰভাতী সুৰ বাজিবলৈ আৰম্ভ কৰিছে আৰু লাহে লাহে৷ সোনকালে উঠিব লাগে, চাহকণ নিজে বনাই খাবলৈ শিকিব লাগে আদি কৰি বহুত বাণী৷ মই মাক ক’লো যে ৰাতিপুৱা সোনকালে উঠি মোৰ কৰিবলৈ একো নাথাকে, সেয়ে দেৰিলৈকে শুই থাকোঁ৷ লগে লগে মায়ে মোক এক গধূৰ দায়িত্ব দিলে, কাষৰ গাঁওখনৰ বৰতা এজনৰ ঘৰত বন্দোৱস্ত কৰা আধা লিটাৰ গাখীৰ
আনিবলৈ৷ কথামতেই কাম৷ পিছদিনা ৰাতিপুৱা শুই উঠি বা এজনীৰ লগত জগ(jug) এটা লৈ ওলালো গাখীৰ আনো বুলি৷ বৰতাজনৰ ঘৰত আকৌ বৰতাৰ অবিবাহিত বায়েক নে ভনীয়েক এগৰাকী থাকে৷ তেওঁক ওচৰৰ সকলো ল’ৰা ছোৱালীয়ে আইতা বাইদেউ বুলি মাতিছিল৷ মোৰ আকৌ বৰ দুখ লাগিল৷ এগৰাকী মানুহক যি অবিবাহিত, আইতা আৰু বাইদেউ বুলি মাতি ভেঙুচালি কৰা বুলি ভাবিছিলোঁ৷ বয়সীয়াল মহিলা হিচাপত আইতা আৰু বিয়া নোহোৱাকৈ থকা বাবে বাইদেউ…! এইটো কেনেকুৱা ধৰণৰ সম্বোধন..! ! বিয়া নহৈ ঘৰত থকাটোৱেই কিমান দুখৰ কথা..! ! বাটটো মই সেয়াই ভাবি গ’লো৷ গৈ পাই বেলটো বজাই দিলো৷ ওলাই আহিল সেই মহিলা গৰাকী৷ বাটত ভাবি যোৱা কথাৰ ফলস্বৰূপে মই ইতিমধ্যেই সিদ্ধান্ত কৰিয়ে পেলাইছিলোঁ যে মই তেখেতক তেনেদৰে সম্বোধন নকৰোঁ আৰু কেৱল আইতা বুলি মাতিম৷ আৰু সেয়ে তেখেতক দেখি জগটো আগুৱাই ক’লো,
“আইতা গাখীৰ নিবলে আজি মইয়ে আহিলো”

লগে লগে তেওঁ মোৰ হাতৰ পৰা জগটো টানি নিয়াৰ দৰে নি অলপ পিছতে গাখীৰ ভৰ্তি জগটো আনি দিলেহি আৰু মুখখন ফুলাই কবলৈ আৰম্ভ কৰিলে,
“ তই প্ৰফুল্লৰ(মোৰ দেউতাৰ নাম) জীয়েক নহয়জানো? গুৱাহাটীত থাক? ? বাপেৰে পঢ়ি ডাঙৰ মানুহ হ’বলৈ পঠিয়ালে, তই এইবোৰে শিকিলি৷ তোৰ বাপেৰে মোক তেনেকৈ মাতিবলৈ সাহস কৰে নে নকৰে? তই দেখিছো বহুত শিকি আহিলি৷”
কথা শুনি মোৰ মেল খোৱা মুখ মেল খাইয়ে থাকিল৷ কি হ’ল একো তত ধৰিব নোৱাৰি কন্দনামুৱা হৈ কেৱল থিয় হৈ থাকিলোঁ৷ বাৰে বাৰে মনত পেলাবলৈ যত্ন কৰিলোঁ, মোৰ দোষটো ক’ত? ? মই কি কৰিলোঁ একো বুজি নাপালোঁ৷ বায়ে গাত ধৰি জোকাৰি দিয়াতহে সম্বিত ঘূৰি আহিল৷ কিবা সুধাৰ আগতেই তেখেত কো কোৱাই ভিতৰলৈ গুচি গ’ল৷ উপায়ন্তৰ হৈ জগটো লৈ আমিও ঘৰমূৱা হ’লো৷ আধাটো বাট কাৰো মুখত মাত নাই৷ ইফালে ৰাতিপুৱাই এইহেন কেইপাট বাক্য বাণৰ কাৰণ বিচাৰি মোৰ মূৰত পাকঘূৰণি খাবলৈ ধৰিলে৷ বাৰে বাৰে এটাই কথা মনলৈ আহি থাকিল, মই কৰিলো কি? ? চিনেমাত ফ্লাশ্ব বেক দেখুওৱাৰ দৰে ময়ো, শুই উঠাৰ পৰা গাখীৰ আনিবলৈ গৈ তেখেতক মতালৈকে গোটেইবোৰ ঘটনা মনত পেলাই চালোঁ৷ নাই কতো একো নাপালো৷ অৱশেষত বাক সুধিলো, “অ’ বা মোক কিয় আইতাই গালি পাৰিলেনো?”

“ পাৰিবতো আকৌ তই ইমান ডাঙৰ মানুহগৰাকীক নাম কাঢ়ি মাতিছ’৷”

“ কিন্তুু মইচোন আইতা বুলিহে মাতিছিলো”

“অ’ গৰু তই নাজান’ নি, তেওঁৰ নামটোৱে আইতা বুলি?”

“কি? ? ? ? ? হে প্ৰভু…! ! “

দ্বিতীয় বাৰৰ বাবে মোৰ মেলা মুখ মেল খাইয়ে থাকিল৷ বাকীচোৱা বাট আমি দুইজনীয়ে আইতা বাইদেউৰ গালিকেইটাৰ অভিনয় কৰি কৰি আহিলো৷ সঁচা কথা কবলৈ হ’লে মোৰ মনটো কিন্তুু তেতিয়াহে অলপ পাতল লাগিছিল৷ বহুদিনলৈ আমাৰ ঘৰত ঘটনাটোৰ আলোচনা চলি থাকিল..! ! আৰু ইয়াৰে আলমত দেতাই মোক “জধা” আৰু “গজ’” বুলি মাতিবলৈ লৈছিল..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!