একেই আকাশ, চিনাকি-অচিনাকি মানুহ (ড° লোচন শইকীয়া)

আইতা, অ আইতা নীলা চৰাইজনী কলৈ উৰি গ’ল? নাতিয়েক দুটাই আইতাকক কুটুৰি আছে।

এতিয়া শু। কাইলৈ ক’ম।

আইতাই এইকেইদিন সোঁৱৰাই আছে। হেৰৌ মাকে-পোৱালীয়ে নেমেলিবিচোন। পোৱালী বান্ধিলে মাককো বন্ধাই হয়। পোৱালী বান্ধি গাখীৰ খাবলৈ কিমাননো সময় লাগে! মাঘৰ বিহুতো সন্মুখত। কোনোবাই ঘট থ’বলৈ পোৱালী বান্ধিব একা। কথাষাৰ তিলকৰ গাত লাগিল নে নেলাগিল ধৰিব পৰা নহ’ল।

পুৱাই গৰু মেলিবলৈ তিলক গোহালি পায়গৈ। দেউতাকৰ দিনৰে গৰু। ঘৰৰ গৰু গধূলি ঘৰলৈ উভটে। মাকে মিছাই চিন্তা কৰিছে। হালৰ গৰুহাল, গাইজনী এইকেইদিনেই যি উদঙীয়া দিয়া হয়। যাওক, যিমান পাৰে স্বাধীনতা লওক। ব’হাগত হাল যুৰিবৰ হ’বই। দেউতাকৰ দিনৰ পৰাই হাল টানিছে। যাবনো ক’লৈ? এখনেই পথাৰ। ৰজাদিনীয়া। উত্তৰলৈ ক্ৰমান্বয়ে হেলনীয়া। দক্ষিণত দৰিকা উত্তৰমুখী হৈ ধাৱবান। শালি খেতিৰ কেইদিন একে কেইটা গৰুৰ কাৰণে ঘাঁহ কাটি আনিবলগীয়া হয়। ৰুৱা খালে দণ্ড ভৰিব লাগে। দক্ষিণৰ হোলা কেইটাত কুমলীয়া দলঘাঁহ সদায়েই থাকে। নামঘৰত মেল বহে। তামোল-পাণ এযোৰ লৈ ৰাইজৰ ওচৰত দণ্ডৱত হৈ কব লাগে বান্ধৰ গৰু বান্ধত ৰাখিম। খাবলৈ দিম। গৰুও ৰখিম। যা, এইকেইদিন তঁহতেও স্বাধীন, মইও সকাহ পাওঁ।

মেলি দিয়াৰ লগে লগে গৰুবোৰ ঢপলিয়ায়। কোনে আগেয়ে পায়গৈ। পিছপিনৰ ৰেল লাইনটো পাৰ হ’লেই- হ’ব আৰু, পামগৈ আৰু, খাম আৰু, গৰুৱে গৰু খোজেৰেই আগবাঢ়ে। পথালিয়ে তিনিখন তামোলৰ বাট। দীঘলে কপলিং ছিগা ৰেল। চাও চুকাফাই এইখিনিতেই টৌ খুঁটি মাৰিছিল।

এইখিনিৰ পৰাই এদিন সৃষ্টি হৈছিল অসমৰ সাহিত্যৰ পথাৰত জিলিকি থকা সাহিত্যৰ সৃষ্টি, কপলিং ছিগা ৰেল। এটি তৰা। যি এদিন অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰি তুলিছিল। ড°লীলা গগৈদেৱ। হাতীমূৰীয়াৰ বংশধৰ। আহোমৰ বুঢ়াগোহাঁইৰ খেল আছিল হাতীমূৰীয়া সকল। আইতাকে এদিন নাতিনীয়েক দুটাক শুনোৱা তিলকেও শুনিছে।

সাহিত্য কি তিলকে বুজি নাপায়। যাৰ দুবেলা দুমুঠিৰ চিন্তা তাৰ আকৌ কিহৰ সাহিত্য! সাহিত্যই পেট ভৰাব নেকি? গাঁৱৰ মানুহৰ ভাগ্যত দুবেলা দুমুঠিৰ চিন্তাইহে ঠাই পায়। সাহিত্য কিহৰ পৰা হয়? গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা, পথাৰ, পুখুৰী, নৈ এইবোৰক লৈ লীলাদায়ে কিবা সভা এখনৰ সম্পাদক হোৱা শুনিছে। পিছপিনেদি যোৱা ৰেলখনক লৈ লিখা কথা পঢ়িবলৈ তাৰ সময়নো ক’ত?

তিলকে গাত এৰী চাদৰখন ভালদৰে মেৰিয়াই ল’লে। মাকে বোৱা। ৰাজমাই বজাৰৰ পৰা আহিব লাগিব। চাইকেলৰ চকা কেইটা টিপা মাৰি চালে। জানোচা এই দুটাই বাটতে ধেমালী কৰে। এই ৰবৰৰ চকাবোৰৰ একো বিশ্বাস নাই। এনেকুৱা ঠাইত ফুচ কৰিব যে চাইকেল ঠেলি ধূন চিটিকি যায়। হওঁতে টায়াৰ কেইটাৰো বয়স হ’ল। দেখাতেই তাৰ নিজৰ তপা মূৰটোৰ দৰে মিহি হ’ল। বোকা ৰাস্তাত যিখনহে কৰে। পোনাবি এফালে, যাব সিফালে।

এনেকুৱা সময়তে বেতৰ গাজ ওলায়। এইফালে বেতনী নোহোৱাই হ’ল। মাটি চলিল। বিল পোত খালে। কাজলৈ নাই, খাবলৈও নাই। জানো পায়, দিনক দিনে চব টুটিহে আহিছে। ভঁৰালৰ গাঢৰীখন আকৌ চাবৰ হ’লেই। ঠায়ে ঠায়ে গাঁঠি চিগিছে। তাকে লৈ গাঁখনত চাৰিটামানহে ৰৈছে যাৰ ভঁৰাল এতিয়াও আওপুৰণি। জাকৈখনৰো মূৰতো খোল খাইছে। উভটিটোও চাই থ’ব লাগিব। ন-পানী আহিবৰ পৰত ঘৰৰ পিছপিনৰ পুলটোৰ কাষতে মাছবোৰে সোঁতৰ বিপৰীতে তাৰ পুখুৰীৰ ফালেই উজায়। আহাৰ সোমালেই মাছে কণী পৰা সময়। সোমোৱা কেইটা পুখৰীত পিছত পাবই। সূতে-মূলে। তাৰে কেইটামান উজাওঁতে উভটিত লাগিলেও এসাঁজ হয়। এদিন ভাল ঘটনা ঘটিছিল। কোনোবাই উভটি দাঙি মাছ উলিয়াই নিব পাৰে। যিহে মানুহবোৰ হৈছে। পুৱতি নিশাই উঠি উভটি পতা ধাৰটো পালেগৈ। দাঙি চাওতে গধূৰ যেনো লাগিল। তেনেহ’লে আজি ভালকৈয়ে এসাঁজ হ’ব। পিছে খা এসাঁজ। মাছ এটাও নাই। মস্ত এডাল ধোৰাসাপ।

গৰুহাল আৰু খিৰতী গাইজনী পোৱালিৰে সৈতে মেলি পথাৰৰ ফালে নি এৰি দিলে। তিলক ওলাল ৰাজমাই বজাৰলৈ। আজি ৰং মৰা কামলৈ নাযায় বুলি আগতেই ঠিক কৰি লগৰজনক কৈ আহিছে।

আবেলি পৰত তিলক আহি ঘৰ ওলালহি। বেচিবলৈ অনা বেতগাজখিনি বেলেগ কৰি খাবলৈ এভাগ পৃথক কৰিলে। তেনেতে পুতেক দুটা তিলকৰ কাষ পালেহি। দেউতা আজি বেতগাজ বনাবি দেই। মাক মাউৰা ল’ৰা দুটালৈ চাই তিলকে ক’লে, আইতাৰক কবি, কাইলৈ দিনত বনাই দিব। উহোৱাই খাৱ, তেলত ভাজি খাৱ খাবি। আজি খাব নালাগে আৰু। ৰাতি তিতা নেখায় নহয় দেই। কাণ গধূৰ হ’ব।

সাজ লাগিল। হালোৱা গৰুহাল ফূট গধূলিতেই গোহালিত সোমাই নিজৰ পঘা বন্ধা খুটাৰ কাষত ৰৈ আছে। নাই দেখোন, আজি ৰাঙলী পোৱালীৰ সৈতে অনুপস্হিত। তিলকৰ বুকুখন চেৰেং কৈ গ’ল। মাকে কোৱা কথাষাৰ সঁচাই হ’ল নেকি? ভৰি কেইটা নুধুৱাকৈ আগ চোতালৰ ফালে গ’ল। নাই, সেইফালেও নাই। গোসাঁই ঘৰত চাকি জ্বলাবৰ সময় হ’ল। মাকে সদায় লোৱা নামতো কাণত বাজিলহি। মই দুৰাচাৰ নাজানো তোমাৰ….. ক্ষমিয়োক হৰি… ।

আকৌ গোহালি পালেগৈ তিলক। নাই। ৰাঙলী অহা নাই। পিছবাৰীৰ জপনা খোল খায়ে আছে। জপনাখন ভালদৰে দি নাহিলে ভদাই ঘৰৰ জেওৰা-জপনা নমনা বলদটোক ৰখা টান। হাললৈও নোহোৱা, যোৰ নপতা গৰুৰ কাম কি? সেইটো সোমালে আটকীয়া খেৰখিনিও খেলি-মেলি কৰি পেলায়। কি যে আপদীয়া গৰু। দুছাট দিলেও কেৰেপ নকৰে। ওলাই যাওতেও জেওৰা-জপনা মহতিয়াই ভাঙি থৈ যায়। ভাবটো যেন এনেকুৱা- চা মোক কোবাইছিলি নহয়, পা এতিয়া এজোলোকা।

ৰাঙলী আহিব বুলি কিমান বাট চাব? জপনাখন দি আহি তিলকে মাকক পাকঘৰৰ মুখতে পালে।

আই ৰাঙলী নুঘূৰিল। কাইলৈ পুৱাতে দলনিৰ পৰা আহিমগৈ। জানোচা পাহৰিলে।

মাকে মাত লগালে, হেৰৌ সেইজনী ৰাঙলী তোৰ দেউতাৰৰ এদিনীয়া প্ৰাণী নহয়। এইক ধৰি চাৰি পুৰুষ কৱনে চাৰি মাক কৱ সেইটোৱেই। কোনোদিন ঘৰলৈ নহাকৈ নাথাকে। আমি ভবাতো নহ’লেই হ’ল। এতিয়া যা। ভৰি হাত-মুখ ধুই অলপ জিৰাগৈ। কাইলৈ দলনিৰ ইপাৰৰ মানুহৰ গোহালীবোৰ আলেঙে-আলেঙে চাই আহিবি। ৰাঙলীৰ মাকক লৈ এবাৰ এঘৰৰ লগত তই তই-মই মই হৈ গৈছে। তঁহতি গম নাপাৱ। সিহঁতো কম জানো?

ৰাতিলৈ তিলকৰ টোপনি নাহিল। জানোচা ৰাঙলী পোৱালীৰ লগত আহি পিছ জপনা মুখতে ৰৈ আছেহি। নিশা সেইফালে যাবলৈ ভাল নালাগে। কিবা যেন জয়াল লাগে। নিমাও-মাও। বাৰীৰ সীমাৰ জেওৰাৰ বাহিৰ ফালে দদায়েকে ৰোৱা আমজোপাই ৰাতিৰ পৰিৱেশটো আৰু গহীন কৰি তোলে। কাষতে শুই থাকে বৰফ হেন ৰেইল লাইন দুডাল। বৃটিছে চাহপাত কঢ়িয়াবলৈ, সৈন্যবল গোটাবলৈ পতা ৰেইল লাইন। লীলাদাইৰ কপলিং চিগা ৰেলৰ মানসপুত্ৰ। এতিয়া আনৰ ভোজ। ৰেইল লাইনৰ শিলগুটি গৈ কাৰোবাৰ পকা মজিয়াৰ তলত সোমাল। ৰাতি পৰত এইফালে কোনো ৰেইল নাহে।

ৰাজমাই বজাৰলৈ যোৱা দিনা কাম খতি। মানে পেটলৈ টান। কপালৰ ঘাম পেলাই দেহা মাৰিলেও নগদ টকা কেইটামান হাতলৈ আহে। মাকে কৈ থকা চল্লিশৰ পকোৱা সূতাকিমুঠি আৰু দুদিন কামলৈ গ’লেহে আনিব পাৰিব। ভূতৰ ওপৰত দাহন পৰাদি গৰুজনীও নহা হ’ল। বিচাৰি যোৱা মানেই প্ৰথমে দলনি, দূৰৈৰ পৰা চব ৰঙা গৰুৱেই ৰাঙলী। নাপালে কি ঠিকনা, কাক কাক সুধি ফুৰিব লাগিব। বাৰু আজিৰ ৰাতি পুৱাওক। ভাধৰাৰ পৰাই আহিব লাগিব। ভনী জোৱায়েকক কব লাগিব।

পিছদিনা ব্ৰহ্মপুৱাতে তিলকে পথাৰেদি পোনাই দিলে। গৰুচোৰবোৰ এলাপেচা নহয়। পোৱালী বান্ধি মাকক খেদি উলিয়াই পঠিয়ায়। ভোকৰ তাড়নাত গৰু চৰি থকাৰ মাজতে পোৱালীৰ ওচৰ পায়গৈ। চোৰ গৃহস্থই সোমাব দিলেহে। গধূলিলৈ পোৱালী-মাক একেলগে। সাত-দহদিনৰ বেছি নাৰাখে।

এৰী চাদৰখন সোঁ কান্ধৰ তলেদি পাৰ কৰি বাওঁ কান্ধেদি মেৰিয়াই কুকুৰ খোজেৰে তিলক আহি পথাৰ পাৰহৈ আলিত উঠিলগৈ। ভাবিলে প্ৰথমে সোঁফালৰ গাঁৱৰ মাজতে থকা নামঘৰৰ ওচৰৰ পৰাই চাব। নামঘৰ পাই নেদেখাজনৰ প্ৰতি মনতে সেৱা ল’লে।

প্ৰভু, দুখীয়াৰ দুখ বুজা আৰু। গাইজনীৰ গাখীৰ টোপাইহে মাক নোহোৱা কেইটাৰ জীৱকিটা ৰাখিছে। পৰুৱাই যদি পাইছে, বাট দেখুৱাই দিয়া। দুঠেঙীয়াৰ কথা নকওঁ। তুমি জানাই। সুমতি দিয়া।

সাতঘৰীয়াৰ ঘৰ পাৰ হ’ল। সকলোৰে আগফালৰ গোহালীয়েই উদং। গৰু সকলোৱে মেলিলে। সাতঘৰীয়াৰ কাষৰ ঘৰটিয়ে তিলকৰ ভনীয়েকৰ ঘৰ। নঙলামুখ পাওঁতেই আগ চোতালৰ পৰাই ভনীয়েকে মাত লগালে।

তিলককাই ৰাতিপুৱাঁই ওলালিহি যে! আই ঠিকে আছেনে?

এ নকবি আৰু। আই ঠিকে আছে। ৰাঙলীহে পোৱালীৰ সৈতে ঘৰলৈ যোৱা নাই। সিফালেতো নচৰেই। দলনিৰ ঘাঁহ নেখালে ইহঁতৰ পেটেই নভৰে। মাঘ বিহুলৈ কোনোবাই বান্ধিলেই হবলা, বৈনায়ক কবিচোন এইফালে কৰবাত ভু পায় নেকি!

তিলক নৰ’ল।

আৰু দুদিন গ’ল। মাকৰ ওচৰলৈ যাবলৈ তিলকৰ সাহসেই হোৱা নাই। সিও বুজে, মাকেও জানি-বুজিয়ে তাক সোধা নাই। কণমইনা, সোণমইনাও কিবা এটা বুজি তাপ মাৰি আছে। ভাগত পৰা গাখীৰখিনিও নাই। গাখীৰ দিয়া বাতি দুটা একাষৰীয়া হৈ থাকোঁতেই দুইটাই কিবা এটা বুজিছে।

পাকঘৰৰ বেৰত এঙাৰেৰে এটা, দুটা দাগ মৰা দেখি সোণমইনাই সুধিছিল, দেউতা কি আঁকিছ? সৰু ল’ৰাটোৰ উত্তৰ দিওঁ-নিদিওঁ কৰি কৈছিল, এ কিবা এটা গন্তি কৰিছোঁ অ’ সোণমইনা। তিনি নম্বৰ দাগটো মাৰোতেই পদূলি মূৰত চাইকেলৰ টিলিঙা বাজিল। সোণমইনা, কণমইনা দুয়োটা ওলাই পেহাকক মতা শুনিলে। পেহাকেও সিহঁতৰ খবৰ আগেয়ে লয়। শুদা হাতে নাহেই। পাকঘৰৰ পৰাই কোৱা শুনিলে দেউতাৰক মাত। কথা আছে।

তিলক আহি বৈনায়কৰ ওচৰ পালেহি। বৈনায়েকেও পোনে-পোনে ক’লে, সিহঁতৰ গাঁৱৰ ইমূৰৰ ঘৰতে ৰাঙলীক পোৱালীৰ সৈতে গোহালিত দেখি আহিছোঁ। এতিয়া গৈ লৈ অহাহে কথা। মাকে আনি দিয়া তামোলখন হাতত লৈ বৈনায়েক যাবলৈ ওলাল।

আৰু এটা বিনিদ্ৰ ৰজনী কটোৱাতকৈ লগে-লগে তিলকো ওলাল। গোহালিৰ পৰা যোৱা ব’হাগত সলোৱা ৰাঙলীক বন্ধা পঘা ডাল হাতত ল’লে। মাকে মাত লগালে, হাই-কাজিয়া নকৰিবি। ভালে-ভালে মাকে-পোৱালীয়ে এৰি দিলে একো নকবি। নিদিলে গাঁওবুঢ়াক কথাতো জনাই আহিবি।

বৈনায়েক-জেঠেৰী লগখাই কিবাকিবি কথা পাতি বৈনায়েকৰ চাইকেলতে দৰিকা আলিয়েদি ঘূৰি গ’ল। বৈনায়েকে নিজ ঘৰৰ মুখ পাই ক’লে-

ককাইদেউ। গাঁৱৰ কথা। মই নগ’লেই ভাল হ’ব নেকি! হওঁতে যিহেতু নিজৰে। খুজি চাব। গৰুৰ ওচৰলৈ গ’লে এনেয়েও গম দিবই।

তিলক নৰ’ল। বৈনায়েকৰ পৰা বিদায় লৈ পোনাই দিলে। হতচৰী যোৱাবোৰৰ কাৰণে তাৰ এই কেইদিন কি বিলৈ বিনা পইচাতে গাখীৰ খোৱা কেইটাই কি বুজিব। মাকে মানা কৰা কাৰণে, সি মাত নামাতোঁ বুলিয়ে আহিছে। যি হ’ব, হ’ব, দেখা যাব। পাই লওঁ এথোন। দৰকাৰ পৰিলে যাইলাং, থাকিলাং।

সন্ধ্যাও লাগিল। চুৰেণৰ ঘৰ। বুনিয়াদী বিদ্যালয়ত একেলগে পঢ়িছিল। তিলক সোমাই গ’ল। সৰুকৈ গল খেকাৰী এটা মাৰিলে। নাই কোনো ওলাই নাহিল। সোঁফালে গোহালিত ৰাঙলীয়ে তিলকক দেখি পোৱালী হেৰুৱা গৰুৰ দৰে হেন্বেলিয়ালে। ইফালে পোৱালিটো অলপ আঁতৰত বন্ধা। দেহিয়ৈ। পঘাৰ গোন্ধ চিনি নোপোৱা পোৱালিটোৰ ডিঙিত নাৰিকল ৰচীৰ বান্ধ। তিলক নৰ’লেই। পোনছাটেই ৰাঙলীৰ ওচৰ পালেগৈ। মাক-জীয়েকৰ পঘা, ডোলৰ বান্ধ খুলি কণমইনা, সোণমইনাৰ জীউ যেন ৰাঙলীক ক’লে, আহ, লগে-লগে। পোৱালীটোক ডাংকোলাত তুলি ওলাই আহিল। আগ-পিচ চাবলৈ নহ’ল। কোনোবাই তাক গৰু চোৰ পাতিলেও উপায় নাই।

মাকে-পোৱালিয়ে নামঘৰৰ সন্মুখ পাই, পোৱালিটো নমাই দীঘল দি সেৱা এটা লৈ ক’লে, প্ৰভু তোমাকে গোটালোঁ। বিচাৰ এটা ল’বা। ৰাইজ মেল চপালে মোলৈহে আপদ। ব’ল ৰাঙলী। দৰিকা বাটেদি ঘূৰিম। ৰাতিখন পথাৰত বাট হেৰাব। লগত অনা ৰাঙলীৰ পঘাডাল ৰাঙলীৰ মূৰেদি সোমোৱাই বাট ল’লে।

দৰিকা আলিটো দিনতে নিমাওমাও। আন্ধাৰত কোনোবা এটাই ঘনাই টিলিঙা বজাই আহি আছে। চাইকেলেই হ’ব। দৰিকাৰ পুলতোৰ ওচৰ পোৱা যেন লাগিল। টিলিঙাও ইমান ঘনাই বজায়নে? ভূতে পাইছে নেকি? নৰমনিচ এটা নোহোৱা বাটটোত ইমান টিলিঙা বজাবলৈ কিহে পাইছে? চাই থকোতেই চাইকেলত উঠা মানুহ এটা গাৰ কাষেদি পাৰ হ’ল। ৰাঙলীয়ে ভয় খাই হাতৰ পঘা টানি এৰুৱাই পথাৰৰ ফালে ভিৰাই লৰ মাৰিলে। পোৱালীৰ সৈতে তিলক বিমোৰত পৰিল। ৰাতিখন ভাল আপদে পালে। আহ। আহ। মাতেহে, মাতে। ৰাঙলী পথাৰতে থৰ লাগিল। সেইখিনিতে যঁজা বাৰী দুখন। আলিটোৰ দুফালে, এফালে-সিফালে। মানুহে কয়, পুঁৱতি নিশা সেইখিনিতে কোনোবা ছোৱালীয়ে কন্দা যেন লাগে। ৰাঙলীয়ে তেনেকুৱা কিবা দেখিলে নেকি? নৰমনিচৰ দৃষ্টিগোচৰ নোহোৱা বস্তু চাৰিঠেঙীয়াই দেখে বোলে। এইবোৰ ভাবোতে তিলকৰ গাটো সিৰিক কৰি গ’লেই। গাৰ নোমবোৰ দাং খাই যোৱা যেন লাগিল। ভয় নামেই ভুত।

মনৰ পৰা ভয় ভাৱটো আঁতৰাবলৈ পোৱালীটো কাষলৈ আনি কান্ধত তুলি তিলকেও পথাৰৰ ফালে নামি দিলে। খৰালিৰ পথাৰ। দিনত বাটে পোৱালি মেলা পথাৰখনত ৰাতি হ’লে বাট বিচাৰি পাবলৈ নাই। উমানতেই বাট। দূৰৈৰ পাহাৰ, ৰাতিৰ জুই, তাক নেখেদি থকিবা শুই।

ৰাঙলীয়েও পোৱালীৰ পিছ ল’লে। ঠাইতে ৰখি ৰাঙলীৰ পঘাডাল সোলোকাই দিলে। ঘাই আলিৰ পৰা নামি কিছু দূৰ আহি তিলকৰ এনেকুৱা লাগিল তাৰ যেন বাট ভুল হৈছে। পথাৰত নামিবৰ পৰত সিহঁতৰ গাঁৱৰ ফালৰ ঘৰবোৰৰ ঢিমিক-ঢামাক চাকি দুই এটা দেখা গৈছিল। ইমান পৰ চাগে’ সকলোৱে খাই-বৈ পাটিত পৰিল। যেনিয়ে চায়, তেনিয়ে ঘোপমৰা আন্ধাৰ। চোৰে চৰিয়ালেও নেদেখা আন্ধাৰ। ঘৰৰ পিছপিনৰ আমজোপা দৈত্য ৰূপত থিয় হৈ থকাদি আছে। হ’ব। সেয়াই সাক্ষী। আন্ধাৰ বাঢ়ি দৈত্যৰূপী আমজোপা মণিব নোৱাৰা হ’ল।

তিলকৰ ভয় ভাবটো বাঢ়ি আহিল। মুখেদি চিঞৰ কিটা ওলাই গ’ল।

সোণমইনা, কণমইনা লেম্পটো লৈ ওলাই আহ। কেইবাবাৰো চিঞৰিলে। ইমান ডাঙৰ মানুহটোৰ ভয়। নিজৰ মাতত তিলকে নিজেই ভয় খালে। কণমানি কেইটাৰ কি হ’ব!

তিলকে যি দেখিলে সপোনৰো অগোচৰ। এমা-ডিমা চাৰি-পাঁচ বছৰীয়া তাৰ ল’ৰা দুটা সঁচাকৈয়ে লেম্প এটা জ্বলাই পথাৰে-পথাৰে লৰি আহিছে। গা ঘামি একাকাৰ হোৱা মানুহটোৰ তেতিয়াহে হুচ আহিল। দেউতা আমি আহিছোঁ। আইতাই বাট চাইয়ে আছে।

ঘৰ পালেহি। তিলকে কান্ধৰ পৰা পোৱালিটো নমাই দিলে। ৰাঙলীয়েও নিজৰ পঘা বন্ধা খুটাৰ ওচৰত ৰৈ দিলে। ৰঙা-বগাই মূৰ দুপিয়াই দুপিয়াই ঘোঁত্ ঘোঁত্ কৰি কিবা সঁহাৰি দিলে।

(সাময়িক পটত চহৰীয়া মানুহৰ সুকীয়া মনোভাৱেৰে আগবঢ়া অচিনাকী মনৰ বিপৰীতে আমাৰ গ্ৰাম্য জীৱনৰ এটা সঁচা ঘটনাৰ আলমত এয়া এটি সামান্য গল্প ৰূপৰ প্ৰয়াস। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments