চাগুৰ পায়স – মিতালী বৰ্মন

উপকৰণ:

চাগু: চাৰিমুঠি

গাখীৰ: একলিটাৰ

ঘিঁ: এচামুচ

চেনী: সোৱাদ অনুযায়ী

ইলাচি: চাৰিটা

প্ৰণালী:Sagur Payash_mitali barman

প্ৰথমে গাখীৰ লিটাৰ উতলিবলৈ দিয়ক৷ চাগু চাৰিমুঠি কাঁহী এখনত উলিয়াই লৈ তাতে ঘিঁ এচামুচ দি ভালকৈ মিলাই দিয়ক৷ মন কৰিব যাতে চাগুৰ আটাইবোৰ ব’ৰিতে ঘিঁ লাগে৷ গাখীৰখিনি উতল অহাৰ পাছত তাত ঘিঁ লগোৱা চাগুখিনি বাকি দি হেতা এখনেৰে চাৰি-পাঁচমিনিটমানৰ মূৰে মূৰে লৰাই থাকক৷ জুইকুৰা মধ্যমীয়া কৰি ল’বলৈ নাপাহৰিব৷ ইলাচিকেইটা খুন্দনাত খুন্দি গুড়ি কৰি লওক৷ প্ৰায় পোন্ধৰ মিনিটমানৰ পাছত চাগুখিনি ফুলিবলৈ আৰম্ভ কৰিব৷ হেতাৰে লৰাই থাকোঁতে যদি চাগুখিনিৰ মাজৰ অংশটো বগা পৰি থকা দেখে তেন্তে আপুনি বুজিব যে চাগুখিনি আৰু সিজাব লাগিব৷ এইদৰে প্ৰায় ২৫মিনিট মানত চাগুখিনি ভালকৈ সিজি মিশ্ৰণটো লাহে লাহে ঘন হ’বলৈ ধৰিব৷ এতিয়া আপুনি আপোনাৰ সোৱাদ অনুযায়ী চেনি দি আকৌ লৰাই দিয়ক৷ একেবাৰে শেষত খুন্দি থোৱা ইলাচিৰ গুড়িখিনি দি পায়সখিনি এবাৰ লৰাই নমাই থওক৷ অলপ ঠাণ্ডা হ’লে পৰিৱেশন কৰক৷

কিটিপ:

১/ চাগুখিনিত ঘিঁ সানি ল’ব লাগে অন্যথা গাখীৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে৷

২/ পায়সখিনি সামান্য পাতল হৈ থাকোঁতে নমাই থ’ব লাগে কাৰণ খোৱাৰ পৰলৈ অলপ ঠাণ্ডা হৈ পায়সখিনি নিজে নিজে ডাঠ হৈ যায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!