Akramulla Syed ৰ ৬টা গল্পৰ অসমীয়া অনুবাদ (অঞ্জল বৰা)

দেৱদূত

বহু বছৰৰ আগৰ কথা৷ এটা শিশুৰ জন্ম হোৱাৰ সময় উপস্থিত হৈছিল৷ এদিন সেই শিশুটোৱে ভগৱানক সুধিলে, “হে প্ৰভু, কালিলৈ আপুনি মোক পৃথিৱীলৈ প্ৰেৰণ কৰিব৷ কিন্তু মই ইমান সৰু আৰু অসহায় যে মই গৈ কাৰ লগত বাস কৰিম?” ভগৱানে উত্তৰ দিলে, “মোৰ বহু দেৱদূতৰ মাজৰ পৰা তোমাৰ কাৰণে এজনক পছন্দ কৰি ৰাখিছোঁ৷ সেইজনে তোমাৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁৱেই তোমাৰ যত্ন ল’ব৷”

শিশুটোৱে ক’লে, “ইয়াত মই হঁহা আৰু ধেমালী কৰাৰ বাদে একোৱেই ক’ব লগা হোৱা নাছিল৷ তেন্তে মই তাত গৈ কেনেকৈ সুখী হ’ম!” ভগৱানে উত্তৰ দিলে, “তোমাৰ দেৱদূতজনে প্ৰত্যেক দিনাই তোমাৰ বাবে গান গাব আৰু তুমি তোমাৰ দেৱদূতৰ মৰম লাভ কৰি সুখী হ’বা৷”

শিশুটোৱে পুনৰ ক’লে, “যদি মই মানুহবোৰে কোৱা ভাষা বুজি নাপাও, তেতিয়া মানুহে মোক কিবা কথা ক’লে মই কেনেকৈ বুজি পাম?” “সেইটো একেবাৰে সহজ” ভগৱানে উত্তৰ দিলে৷ “তোমাৰ দেৱদূতেই তুমি প্ৰতিদিন শুনি থকা অতি সুন্দৰ আৰু সুমধুৰ ভাষা তোমাক শিকাব৷” শিশুটোৱে ভগবানলৈ চালে আৰু ক’লে, “আৰু যেতিয়া আপোনাক কিবা এটা ক’বলৈ মন যাব তেতিয়া কেনেকৈ আপোনাক ক’বলৈ যাম?” ভগৱানে হাঁহিলে আৰু শিশুটোক ক’লে, “তোমাৰ দেৱদূতে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে তাক শিকাই দিব৷”

শিশুটোৱে পুনৰ ক’লে, “মই শুনিছোঁ পৃথিৱীত বহুত বেয়া মানুহ আছে৷ কোনে মোক সুৰক্ষা দিব?” ভগৱানে উত্তৰ দিলে, “তোমাৰ দেৱদূতে তোমাক সুৰক্ষা দিব আৰু নিজৰ জীৱন দি হ’লেও তোমাক ৰক্ষা কৰিব৷” শিশুটোৱে দুখে মনেৰে সুধিলে, “কিন্তু মই সদায়েই মন মাৰি থাকিব লাগিব, কাৰণ মই তোমাক কেতিয়াও দেখা নাপাম৷” ভগৱানে হাঁহি হাঁহি ক’লে, “তোমাৰ দেৱদূতে সদায়ে তোমাক মোৰ বিষয়ে কৈ থাকিব আৰু কেনেদৰে মোৰ কাষলৈ তুমি পুনৰ আহিব পাৰিবা তাৰ পথ দেখুৱাব৷”

সেই সময়তে স্বৰ্গৰ চাৰিওফালে শান্তি বিৰাজ কৰিলে আৰু শিশুটোৱে পৃথিৱীৰ পৰা অহা শব্দ শুনিবলৈ পালে৷

শিশুটোৱে পৃথিৱীলৈ অহাৰ সময় উপস্থিত হ’ল বুলি বুজিব পাৰি শেষবাৰৰ বাবে তেওঁ ভগৱানক সুধিলে, “হে প্ৰভু, যদিহে মই পৃথিৱীলৈ গৈ নতুন মানুহৰ মাজত বাস কৰিব লাগে, তেন্তে মোক মোৰ দেৱদূতজনৰ নাম কওঁক?” ভগৱানে উত্তৰ দিলে, “তোমাৰ দেৱদূতৰ নাম কি সেইটো গুৰুত্বপূৰ্ণ নহয়…. তেওঁক তুমি মাথো সহজভাৱে ক’ব পাৰা…. মা !

 

সদায়ে ভগৱানৰ প্ৰতি কৃতজ্ঞ হৈ থাকিবা

আৰ্থৰ আছা (Arthur Asha) নামৰ এজন পুৰণি উইম্বিলড’ন খেলুৱৈৰ এইডচ (AIDS) বেমাৰ হৈছিল৷ গোটেই বিশ্বৰ বিভিন্ন বন্ধুৰ পৰা তেওঁ বিভিন্ন চিঠি লাভ কৰিবলৈ ধৰিলে৷ তাৰে মাজৰ এজনে তেওঁক সুধিলে: “ভগৱানে কেৱল তোমাকেই কিয় এই বেয়া অসুখটোৰ বাবে নিৰ্বাচন কৰিলে?”

আৰ্থৰ আছাই উত্তৰ দিলে: গোটেই বিশ্বৰে
৫ কোটি ল’ৰা-ছোৱালীয়ে টেনিচ খেলিবলৈ আৰম্ভ কৰে,
৫০ লাখে টেনিচ খেলিব পাৰে,
৫ লাখে বৃত্তিগতভাৱে খেলিব পাৰে,
৫০,০০০ হাজাৰ এটা নিৰ্দিষ্ট পৰিধিৰ ভিতৰত আহিব পাৰে,
৫০০০ হাজাৰে ভাল ক্ৰীড়া প্ৰতিযোগিতাত অংশ ল’ব পাৰে,
৫০ জনে উইম্বিলড’নত খেলিব পাৰে,
৪ জনে চেমি ফাইনেলত খেলিব পাৰে, আৰু মাত্ৰ
২ জনে ফাইনেল খেলিব পাৰে,

যেতিয়া মই ফাইনেলৰ কাপটো হাতত তুলি লওঁ তেতিয়া মই ভগৱানক কেতিয়াও প্ৰশ্ন নকৰোঁ, “কিয় মোক নিৰ্বাচন কৰিলা?”
আৰু আজি দুখৰ সময়তো মই ভগৱানক সুধিব নিবিচাৰোঁ, “কিয় মোক নিৰ্বাচন কৰিলা?”

তোমাৰ জীৱনৰ ৯৮% ভালখিনিৰ বাবে ভগৱানৰ ওচৰত সদায়ে কৃতজ্ঞ হৈ থাকিব |

ককাদেউতাৰ টেবুল

এজন অতি দুৰ্ব্বল বুঢ়া মানুহ আছিল৷ তেওঁ পুতেক-বোৱাৰীয়েক আৰু একমাত্ৰ চাৰি বছৰীয়া নাতিয়েকৰ সৈতে বাস কৰিছিল। মানুহজন ইমানেই বুঢ়া আছিল যে, তেওঁৰ হাতৰ একেবাৰে স্থিৰতা নাছিল, চকুৱে ভালদৰে মণিব নোৱাৰিছিল আৰু খোজ একেবাৰে ঠৰক-বৰক আছিল। গোটেই পৰিয়ালটোৱে একেলগে একেখন টেবুলতে খাদ্য খাইছিল। কিন্তু খোৱাৰ সময়ত সেই বুঢ়া মানুহজনৰ হাতটো কপি থকাৰ বাবে বা চকুৱে ভালদৰে মণিব নোৱাৰাৰ বাবে ভালদৰে খাদ্য খাব পৰা নাছিল। সেয়ে প্ৰায়ে চামুচখন মাটিত পৰি গৈছিল। আকৌ কেতিয়াবা পানী বা গাখীৰৰ গিলাচটো টেবুলৰ ওপৰত পৰি কাপোৰ নষ্ট কৰিছিল।

খোৱাৰ টেবুলত বৃদ্ধ মানুহজনৰ এনে বিশৃঙ্খলতা দেখি পুতেক-বোৱাৰীয়েক বিৰক্ত হৈছিল। তেওঁলোকে বৃদ্ধ মানুহজনে সদায় সদায় কাপোৰৰ ওপৰত গাখীৰ পেলোৱা, মুখেৰে শব্দ কৰি খোৱা আৰু পকাত খাদ্য পেলোৱাৰ বাবে কিবা এটা বিকল্প উপায় উলিওৱাৰ কথা ভাবিলে। তেওঁলোকে ৰুমটোৰ এটা কোণত এখন সৰু কাঠৰ টেবুল বহুৱাই দিলে। তেতিয়াৰ পৰা পুতেক-বোৱাৰীয়েকে আনখন টেবুলত ফুৰ্টি কৰি খাদ্য খোৱাৰ সময়ত বৃদ্ধ মানুহজনে অকলে খাদ্য খাবলৈ ধৰিলে। পুনৰ কেইদিনমানৰ পিছত তেওঁ খাদ্য খোৱাৰ সময়ত দুই-এখন কাচৰ থাল ভঙাৰ কাৰণে তেওঁৰ খাদ্য কাঠৰ পাত্ৰত দিবলৈ ধৰিলে। তেওঁ কাঠৰ টেবুলখনত অকলে খাদ্য খোৱাৰ সময়তো পকাত চামুচখন বা খাদ্য পেলালে তেওঁক তীব্ৰ ভাষাৰে তিৰষ্কাৰ কৰি সতৰ্ক কৰি দিবলৈ ধৰিলে। প্ৰতিদিন তেওঁ এই সকলো কথা সহ্য কৰি চকুপানী টোকে আৰু অকলশৰে বহি থাকে। মাথো চাৰি বছৰীয়া কণমানি ল’ৰাটোৱে এই সকলো কথা নিৰৱে চাই থাকে।

এদিন সন্ধিয়া ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগতে, চাৰি বছৰীয়া সন্তানটোৰ দেউতাকে লক্ষ্য কৰিলে তেওঁৰ সন্তানে কিছুমান কাঠৰ টুকুৰাৰ সৈতে মজিয়াত খেলি আছে। তেওঁ মৰমেৰে সুধিলে, “তুমি কি সাজি আছা?” ল’ৰাটোৱে অতি সহজভাৱে উত্তৰ দিলে, “মই ডাঙৰ হোৱাৰ পিছত তোমাক আৰু মাক ভাত দিবৰ কাৰণে এখন সৰু কাঠৰ টেবুল সাজি আছোঁ।” চাৰি বছৰীয়া ল’ৰাটোৱে হাঁহিলে আৰু পুনৰ তাৰ কামত মনোনিৱেশ কৰিলে। কনমানি ল’ৰাটোৰ কথা শুনি মাক-দেউতাক বাকৰুদ্ধ হৈ পৰিল৷ কোনো বাধা নামানি তেওঁলোকৰ দুচকু চকুৰ পানীৰে ভৰি পৰিল৷ ইয়াৰ পিছ্ত তেওঁলোক দুয়ো বুজি উঠিলে, প্ৰকৃততে তেওঁলোকে কি কৰা উচিত৷সেই ৰাতিয়েই পুতেকে বৃদ্ধ দেউতাকৰ হাতত ধৰি লাহে লাহে তেওঁলোকৰ পুৰণি টেবুলখনলৈ ঘুৰাই আনিলে৷ পুৰণি কথা মনত পেলাই বৃদ্ধ মানুহজনেও আনন্দৰে পৰিয়ালৰ সৈতে একেলগে আহাৰ খাবলৈ ধৰিলে৷

 

 

অৰ্থ, প্ৰেম আৰু সফলতা

এগৰাকী মহিলাই ঘৰৰ বাহিৰলৈ ওলাই দেখিলে যে, পকা দীঘল দাৰিৰে সৈতে তিনিজন বুঢ়া মানুহ তেওঁলোকৰ ঘৰৰ সন্মুখত বহি আছে৷ মহিলাগৰাকীয়ে মানুহ তিনিজনক চিনিব নোৱাৰি সুধিলে “মই আপোনালোকক চিনিব পৰা নাই, কিন্তু অনুমান কৰিছোঁ আপোনালোক ভোকত আছে৷ সেয়ে অনুগ্ৰহ কৰি ভিতৰলৈ আহক আৰু কিবা এটা খাই লওঁকহি৷”

“এই ঘৰৰ মালিকজন আছেনে?” মানুহ তিনিজনে সুধিলে৷
“নাই,” মহিলাগৰাকীয়ে উত্তৰ দিলে৷ “তেওঁ বাহিৰলৈ ওলাই গৈছে৷”
“তেনেহ’লে আমি ভিতৰলৈ যাব নোৱাৰিম” বুঢ়া মানুহ তিনিজনে উত্তৰ দিলে৷

আবেলিৰ সময়লৈ যেতিয়া ঘৰৰ মানুহজন ঘুৰি আহিল৷ তেতিয়া মহিলাগৰাকীয়ে সকলো কথা বিৱৰি ক’লে৷
মহিলাগৰাকীৰ কথা শুনি ঘৰৰ গৰাকীজনে তেওঁক বাহিৰত থকা মানুহ তিনিজনক পুনৰ ভিতৰলৈ মাতি আনিবলৈ ক’লে৷
মহিলাগৰাকী বাহিৰলৈ গ’ল আৰু মানুহ তিনিজনক ভিতৰলৈ মাতিলে৷ কিন্তু মানুহ তিনিজনে পুনৰ উত্তৰ দিলে-

“আমি একেলগে তিনিওজন ঘৰৰ ভিতৰলৈ যাব নোৱাৰোঁ৷”

“কিয় যাব নোৱাৰে?” মহিলাগৰাকীয়ে সুধিলে৷

তেতিয়া বুঢ়া মানুহ এজনে আন এজন মানুহৰ পিনে আঙুলিয়াই দি ক’লে- “তেওঁৰ নাম হৈছে অৰ্থ,” সিজন হৈছে ‘সফলতা’ আৰু মই ‘প্ৰেম’৷ গতিকে এতিয়া তুমি ভিতৰলৈ যোৱা আৰু তোমাৰ মানুহজনৰ সৈতে আলোচনা কৰি আমাৰ ভিতৰত কোনজন ভিতৰলৈ যোৱাটো বিচাৰে আমাক কোৱাহি৷”

মহিলাগৰাকী ভিতৰলৈ গ’ল আৰু মানুহ তিনিজনে কোৱা কথাখিনি গিৰীয়েকক ক’লে৷ মহিলাগৰাকীৰ কথা শুনি গিৰীয়েক আনন্দিত হ’ল৷ তেওঁ ক’লে “যদি সেইটোৱেই কথা হয়, তেন্তে ‘অৰ্থ’ক নিমন্ত্ৰণ কৰা৷ তেওঁক আমাৰ ঘৰৰ ভিতৰলৈ আহিবলৈ দিয়া আৰু আমাৰ গোটেই ঘৰ টকা-পইচাৰে ভৰাই দিবলৈ কোৱা৷

মহিলাগৰাকী গিৰীয়েকৰ কথাত মান্তি নহ’ল৷ তেওঁ ক’লে “কিয় তুমি ‘সফলতা’ক নিমন্ত্ৰণ নকৰা? কাৰণ জীৱনত সফলতাই আমাৰ মূল লক্ষ্য হোৱা উচিত৷”

তেওঁলোকৰ এই আলোচনাৰ আন এটা কোঠাৰ পৰা তেওঁলোকৰ জীয়েকে শুনি আছিল৷ তাই দৌৰি আহিল আৰু একেষাৰে ক’লে “মোৰ বোধেৰে তিনিওজনৰ ভিতৰত ‘প্ৰেম’ক নিমন্ত্ৰণ কৰাই সকলোতকৈ ভাল হ’ব৷ তেতিয়া আমাৰ গোটেই ঘৰ প্ৰেম-ভালপোৱাৰে উপচি পৰিব৷”

জীয়েকৰ কথা শুনি দেউতাকে চিন্তা কৰিলে আৰু জীয়েকৰ কথা মতেই ‘প্ৰেম’ক ভিতৰলৈ নিমন্ত্ৰণ কৰিবলৈ ক’লে৷
মহিলাগৰাকী ঘৰৰ বাহিৰলৈ গ’ল আৰু তিনিওজন মানুহৰ পিনে চাই সুধিলে,

“আপোনালোকৰ ভিতৰত ‘প্ৰেম’ কোনজন? অনুগ্ৰহ কৰি আমাৰ অতিথি হিচাপে ভিতৰলৈ আহক৷”

‘প্ৰেম’ বোলাজন থিয় হ’ল আৰু ঘৰৰ ভিতৰলৈ যাবলৈ ধৰিলে৷ লগে লগে আন দুজনো থিয় হ’ল আৰু তেওঁক অনুসৰণ কৰিবলৈ ধৰিলে৷ তেতিয়া মহিলাগৰাকী আচৰিত হৈ ‘অৰ্থ’ আৰু ‘সফলতা’ক সুধিলে- “মই কেৱল ‘প্ৰেম’কহে ভিতৰলৈ মাতিছোঁ, আপোনালোক কিয় লগে লগে ভিতৰলৈ আহিছে?”

বুঢ়া মানুহ এজনে উত্তৰ দিলে: “যদি তুমি ‘অৰ্থ’ বা ‘সফলতা’ কোনোবা এজনক নিমন্ত্ৰণ কৰিলা হয়, তেন্তে বাকী দুজন বাহিৰত থাকি গ’ল হয়৷ কিন্তু তুমি ‘প্ৰেম’ক নিমন্ত্ৰণ কৰিলা৷ ‘প্ৰেম’ য’লৈকে যাব, আমিও তেওঁৰ লগে লগে যাম৷ য’তেই প্ৰেম-ভালপোৱা থাকিব তাত সদায় অৰ্থ আৰু সফলতা থাকিব !!!”

 

 

এটা খালী পাত্ৰ আৰু একাপ কফি

যেতিয়াই তুমি ভাবা যে তোমাৰ জীৱনটো পৰিচালনা কৰাৰ সময় আহি পৰিছে আৰু দিনটোৰ ২৪ ঘ্ণ্টা সময়ও তোমাৰ বাবে পৰ্যাপ্ত হোৱা নাই, তেতিয়াই খালী পাত্ৰ…আৰু কফি কাপৰ কথা মনত পেলাবা…!

এজন অধ্যাপকে তেওঁৰ দৰ্শনৰ শ্ৰেণীকোঠাত পাঠদান আৰম্ভ হোৱাৰ আগতে কিছুমান সামগ্ৰী লৈ থিয় হ’ল৷ ক্লাছ আৰম্ভ হোৱাৰ লগে লগে, কোনো শব্দ নকৰাকৈ তেওঁ এটা ডাঙৰ খালী পাত্ৰ সন্মুখত ৰাখিলে আৰু তাত টেবুল টেনিচ খেলৰ কিছুমান বল পাত্ৰটোৰ ভিতৰত ভৰাবলৈ ধৰিলে৷

পাত্ৰটো ভৰ্তি হোৱাৰ পিছত তেওঁ ছাত্ৰসকলক পাত্ৰটো ভৰ্তি হ’লনে নাই সুধিলে৷ ছাত্ৰসকলে পাত্ৰটো ভৰ্তি হোৱা বুলি ক’লে৷ তেতিয়া অধ্যাপকজনে এটা বাকচৰ পৰা কিছুমান শিলগুটি লৈ পাত্ৰটোৰ ভিতৰত ভৰাবলৈ ধৰিলে৷ তেওঁ লাহেকৈ পাত্ৰটো লৰাই দিলে৷ শিলগুটিবোৰ টেবুল টেনিচ বলবিলাকৰ ফাকে ফাকে সোমাই পৰিল৷ তেওঁ পুনৰ ছাত্ৰসকলক পাত্ৰটো ভৰ্তি হ’লনে নাই সুধিলে৷ ছাত্ৰসকলে পুনৰ পাত্ৰটো ভৰ্তি হ’ল বুলি ক’লে৷

অধ্যাপকজনে পুনৰ এটা পাত্ৰৰ পৰা কিছুমান বালি ল’লে আৰু পাত্ৰটোৰ ভিতৰত ভৰাই দিলে৷ নিশ্চিতভাৱে বালিবোৰ শিলগুটিৰ ফাকে ফাকে সোমাই পৰিল৷ তেওঁ পুনৰ ছাত্ৰসকলক পাত্ৰটো ভৰ্তি হ’লনে নাই সুধিলে৷ ছাত্ৰসকলে আচৰিত হৈ ‘হয়’ বুলি উত্তৰ দিলে৷

তেতিয়া অধ্যাপকজনে টেবুলৰ পৰা দুকাপ কফি হাতত ল’লে আৰু জাৰটোৰ ভিতৰত ঢালি দিলে৷ কফি দুকাপ বালি বিলাকৰ ফাকে ফাকে সোমাই পৰিল৷ ছাত্ৰসকলে দৃশ্যটো দেখি কিছু উত্সাহিত আৰু আচৰিত হ’ল৷

তেতিয়া অধ্যাপকজনে ক’লে- “মই তোমালোকক বুজাব বিচাৰিছোঁ যে, এই পাত্ৰটো হৈছে আমাৰ জীৱনটো৷ টেবুল টেনিচৰ বল বিলাক হৈছে আমাৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ কামবিলাক৷ তোমাৰ শিক্ষা, পৰিয়াল, ল’ৰা-ছোৱালী, তোমাৰ স্বাস্থ্য আদি৷ শিলগুটিবোৰ হৈছে অন্য কিছুমান প্ৰয়োজন যেনে তোমাৰ চাকৰি, ঘৰ আৰু গাড়ী আদি৷ বালিবোৰ হৈছে অন্যান্য সৰু-সুৰা কিছুমান ইচ্ছা-আকাঙ্খা বা প্ৰয়োজন৷

“যদি তুমি প্ৰথমেই বালিৰে পাত্ৰটো ভৰ্তি কৰি দিয়া, তেতিয়া তাত টেবুল টেনিচৰ বল বা শিলগুটিৰ বাবে ঠাই নাথাকিব৷” একেদৰে আমাৰ জীৱনটো ঘটে৷ যদি তুমি সৰু-সুৰা কামতে তোমাৰ সময় আৰু শক্তি খৰছ কৰা, বেছি গুৰুত্বপূৰ্ণ কামবোৰ পিছল থৈ কম গুৰুত্বপূৰ্ণখিনি আগতে কৰা, তেন্তে অতি গুৰুত্বপূৰ্ণ কামৰ বাবে তোমাৰ জীৱনত কোনো ঠাই নাথাকিব৷ তুমি প্ৰথমে তোমাৰ গুৰুত্বপূৰ্ণ কামবোৰত মনোযোগ দিয়া৷ তোমাৰ জীৱনৰ অতি প্ৰয়োজনীয় অগ্ৰাধিকাৰসমূহেৰে জীৱনটো প্ৰথমে পূৰ্ণ কৰা৷ প্ৰথমে টেবুল টেনিচৰ বলবোৰ হাতত লোৱা, তাৰপিছ্ত শিলগুটিবোৰ আৰু বাকি থকাবিলাক বালিৰে পূৰ্ণ কৰা৷

অলপ দেৰিৰ পিছ্ত এজন ছাত্ৰই অধ্যাপকজনক কফি কাপেৰে কি বুজাইছে তাক সুধিলে৷ অধ্যাপকজনে হাঁহিলে৷ “মই তোমাৰ প্ৰশ্নটোত আনন্দিত হৈছোঁ৷ এইটোৱে কেৱল দেখুৱাইছে যে, তোমাৰ জীৱনটো তুমি কি ধৰণেৰে পূৰ্ণ কৰিছা সেইটো ডাঙৰ কথা নহয়, সেইয়া তোমাৰ একান্ত ব্যক্তিগত৷ কিন্তু জানি থ’বা সকলো পূৰ্ণ হৈ উঠাৰ পিছটো তোমাৰ প্ৰিয় বন্ধুজনৰ লগত বহি একাপ কফি খাব পৰাকৈ তোমাৰ জীৱনটোত তেতিয়াও অকণমান ঠাই বাকি থাকে৷”

 

 

প্ৰেম আৰু সময়

বহুত বছৰৰ আগতে, এটা দ্বীপত প্ৰেমৰ লগতে আনন্দ, বেজাৰ, জ্ঞান আদি সকলো অনুভৱ-অভিজ্ঞতা বাস কৰিছিল৷ এদিন অনুভৱবিলাকলৈ বুলি এটা ঘোষণা আহিল যে, দ্বীপটো ডুবিবলৈ ধৰিছে, গতিকে প্ৰেমৰ বাহিৰে সকলোৱে নিৰ্মান কৰি ৰখা নাওসমূহত উঠি ইয়াৰ পৰা আঁতৰি যাব লাগে৷

দ্বীপটোত কেৱল প্ৰেম অকলে থিয় হৈ থাকিল৷ প্ৰেমে নিজেও শেষ মুৰ্হুত্বলৈকে দ্বীপটোত ৰৈ থকাৰ কথা ভাবিলে৷ কিন্তু যেতিয়া দ্বীপটো একেবাৰে ডুবিবলৈ ধৰিলে, তেতিয়া প্ৰেমে কাৰোবাৰ সহায় বিচৰাৰ কথা বিবেচনা কৰিলে৷

এখন ডাঙৰ নাৱেৰে সৈতে ঐশ্বৰ্য্য প্ৰেমৰ কাষেৰে পাৰ হৈ গ’ল৷ প্ৰেমে ক’লে, “ঐশ্বৰ্য্য, মোক তোমাৰ লগত লৈ যাব পাৰিবানে?” ঐশ্বৰ্য্যয়ে উত্তৰ দিলে “নাই নাই, মই তোমাক সহায় কৰিব নোৱাৰো৷ এগালমান সোণ আৰু ৰূপেৰে মোৰ নাওখন ভৰি আছে৷ তোমাৰ কাৰণে ইয়াত অলপো ঠাই নাই৷

প্ৰেমে অহংকাৰকে সুধাৰ কথা ভাবিলে৷ কাৰণ অহংকাৰে এখন ডাঙৰ জাহাজ লৈ সেই পিনে পাৰ হৈ গৈছিল৷ “অহংকাৰ, অনুগ্ৰহ কৰি মোক সহায় কৰা!” অহংকাৰে উত্তৰ দিলে- “প্ৰেম, মই তোমাক সহায় কৰিব নোৱাৰো৷ তুমি ইতিমধ্যে ভিজি আছা ফলত মোৰ জাহাজখন নষ্ট হ’ব পাৰে৷”

বেজাৰক একেবাৰে কাষেৰে অহা দেখি, প্ৰেমে সুধিলে, “বেজাৰ, মই তোমাৰ লগত যাব পাৰিমনে?” “অ’…প্ৰেম, মই অতি দুঃখিত যে, মই এতিয়া নিজেই নিজকে বচোৱাৰ প্ৰ্ৰয়োজন হৈছে!” আনন্দও প্ৰেমৰ কাষেৰে গৈছিল, কিন্তু তেওঁ নিজকে বচোৱাৰ আনন্দত ইমানেই আনন্দিত হৈ আছিল যে, প্ৰেমে তেওঁক চিঞৰোতে শুনিয়েই নাপালে৷

সেই সময়তে, প্ৰেমে শুনিবলৈ পালে, “আহা, প্ৰেম, মই তোমাক লৈ যাম৷” সেইজন এজন বৃদ্ধ জ্যেষ্ঠ ব্যক্তি আছিল৷ প্ৰেম যেতিয়া এখন শুকান ঠাইত পালেগৈ, প্ৰেমক তাতে নমাই জ্যেষ্ঠজন নিজৰ দিশত আঁতৰি গ’ল৷ প্ৰেমে জ্যেষ্ঠজনৰ লগত যোৱাৰ আনন্দত তেওঁৰ নাম আৰু তেওঁ ক’লৈ যাব সুধিবলৈ পাহৰিলে৷ প্ৰেমে আন এজন জ্যেষ্ঠ ‘জ্ঞান’ক সুধিলে- “জ্ঞান, কোনে মোক সহায় কৰিলে?”

জ্ঞানে উত্তৰ দিলে “তেওঁৰ নাম আছিল সময়৷”

“সময়?” প্ৰেম আচৰিত হ’ল৷ “কিন্তু সময়ে মোক কিয় সহায় কৰিলে?” জ্ঞানে হাঁহিলে আৰু বিজ্ঞৰ দৰে ক’লে- “কাৰণ কেৱল সময়েহে প্ৰেমৰ মূল্য কিমান সেই কথা বুজিব পাৰে৷”

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
BRAJEN PATHAK
9 years ago

গল্প গল্প লগা আৰু জীৱনৰ অতি প্ৰয়োজনীয় কথা কেইটামান সাহিত্য়.অৰ্গ ৰ জৰিয়তে অবগত হোৱা যেন লাগিল | এটা খালী পাত্ৰ আৰু একাপ কফি সহ বাকি লিখনি কেইটাৰ বাবে লিখক বৰা দেৱলৈ বহুত ধন্য়বাদ জনালো | আশা ৰাখিছো এইধৰণৰ ধাৰাবাহিক লিখনি পৰবৰ্তী সময়ত আৰু পঢ়িব পাম |

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক