আমাৰ ইয়াতে – দিগন্ত বৰা

পুৱাৰ বৰষুণজাকত আজি শালিকা এহালে নিজৰ ছোৱালীজনীৰ তোলনি বিয়া পাতিম বুলি কোন কাহানিবাই কেৰ্কেটুৱাক আগধন দিলে৷ ৮ বজালৈকে তাৰ দেখাদেখিয়ে নাই৷ শালিকীহালৰ ইপিনে মাথা গৰম৷ বামুণ বগলী আহি হামিয়াই হামিয়াই শালিকীয়ে দিয়া চিকৰা এটাকে চুপি ৰৈ আছে! ইপিনে মাছৰোকা ঘৰতো ন’ পুৰূষৰ সকাম কৰিবগৈ লাগে৷
 
আমজোপাত থকা ফেঁচাটোৱে পুৱাতে আহি উৰুলি এজোকোৰা দি বিয়াৰ পৰিবেশ এটা আনি কপৌ জনীক দিনৰ দায়িত্ব দি গুছি গ’ল৷ lions clubত তাৰ চকুৰ অপাৰেচন হওঁতে দিনত ঘূৰিবলৈ বাধা দিছিল৷ ইফালে ভোগদৈ পাৰৰ পৰা ছোৱালীৰ মাহীয়েক বালিমাহীজনীও লৱণী মাকৰ তৰণী নোহোৱাৰ দৰে আহি ওলালহি! বালিমাহী আহি ককাল পোনাবলৈ নাপাওঁতেই আমন জিমনকৈ খালী হাতেৰে কেৰ্কেটুৱা ওলালহি৷ তামোল ননা দেখি খঙতে অগ্নিশৰ্মা হোৱাত পাছফালৰ বাঁও ঠেং টোৰ বেন্দেজটো দেখুৱাই যি ক’লে তাৰ সাৰাংশ এনেকুৱা: : পুৱাতে এঘৰৰ তামোল জোপাত উঠোঁতেই দগাবাজ পুতেকটোৱে ইজৰাইলত নিৰ্মিত কেটেপা এখনৰ মিছাইল এটাৰে তাৰ পাছফালৰ বাওঁ ঠেঙৰ মঙহ খহাই পেলালে৷ পাতসিয়া চৰাইজনীয়েহে টি এচ এটা দি বেন্দেজ মাৰি হেনো তাক উঠিব পৰা কৰি ইয়ালৈ পঠাইছে৷
■■■
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!