অসম, অসমীয়া, অসমবাসী আৰু বাংলাদেশী (আমিনুজ জামান)

 

সদৌ অসমবাসীলৈ এক মুকলি প্রশ্ন:

বহুসময়ত প্রশ্ন উঠা দেখা যায়, অসমীয়া কোন? হয়, মোৰো সুধিবৰ মন যায় অসমীয়া কোন? অসমত তাহানিৰে পৰা বাস কৰি অহা জাতি ভাষা ধর্ম নির্বিশেষেসকলোৱে অসমীয়া নে? কেবাকুৰি বছৰ আগত বিভিন্ন ঠাইৰ পৰা আহি অসমত থিতাপি লৈ অসমক আকোৱালি লোৱা সকলোৱে অসমীয়া নে? নে ভাৰতীয় আইন মতে অসমভূমিত জন্মগ্ৰহণ কৰা সকলোৱে অসমীয়া? নে নির্দিষ্ট বেশভূষা আৰু শাৰীৰিক গঠনেহে নির্ধাৰনকৰে অসমীয়াৰ সংজ্ঞা? মই অসমীয়া নে? কি কি যোগ্যতা থকা দৰকাৰ এজন অসমীয়া হ’বলৈ? এই বিষয়ে আলোচনা কৰিবলৈয়ে মই ব্যাক্তিগত জীৱনত পোৱা কেইজনমানব্যাক্তিৰ কাহিনী আৰু ঘটনাৰ সহায় ল’ম।

assam_map
মই অতি ঘনিষ্ঠভাৱে লগ পোৱা এজন ব্যাক্তি, তেখেতে ১৯৫১ চনত গোৱালপাৰা জিলাৰপশ্চিম অঞ্চলৰ ব্রহ্মপুত্রৰ বুকুৰ নুনখোৱাপাৰা নামৰ চৰ এখনত এক বিশাল আৰুদৰিদ্র পৰিয়ালত জন্মগ্রহন কৰে। ১৮ জনীয়া পৰিয়ালৰ তেখেতৰ বাহিৰে কোনেও এলপি’ৰ দেওনা পাৰ কৰিব নোৱাৰিলে। কাৰণ হল দৰিদ্রতাৰওপৰিও বিদ্যালয়ৰ আৰু শিক্ষকৰ অভাৱ আৰু কিছু অৱহেলা। যিয়ে নহওক সকলো বাধা-বিঘিনি নেওচি তেখেতে প্রত্যেক দিনে কেতিয়াবা নদী সাতুৰি, কেতিয়াবা নাওঁৰে পাৰ হৈ ব্রহ্মপুত্রৰ দক্ষিনপাৰে থকা তেতিয়াৰ একমাত্র হাইস্কুল পর্যায়ৰ বিদ্যালয় ৰাখালডুবি হাইমাদ্রাছালৈ অহা যোৱা কৰি শিক্ষাগ্ৰহণ চলাই ৰাখে। বিভিন্ন সময়ত ঘৰুৱা কামৰ তাগিদাত, খাদ্যৰ অভাৱত, যাতায়তৰ অসুবিধাৰ বাবে পাঠগ্রহণ ব্যাহত হ’ব লগাত পৰিছিল। পিছত যেনিবা ঝুনকাইপাৰাৰ এক সদাশয় ব্যাক্তিৰ ঘৰত থাকি মেট্রিকৰ দেওনা শেষ কৰে। তাৰ পিছত বিলাসীপাৰা কলেজৰ পৰা উচ্চতৰ মাধমিক পাছ কৰে। উচ্চতৰ মাধ্যমিক পঢ়ি থকা সময়ত ইংৰাজীত বৃত্তি পাই চৰকাৰে দিয়া মাননিৰ পইচাৰে তেওঁ প্রথমবাৰৰ বাবে পেন্ট চিলোৱাইছিল। পঢ়াৰ প্রতি আগ্রহ আৰু মেধাথকা সত্যেও অভাৱ আৰু প্রয়োজনৰ তাগিদাত শিক্ষা সাং কৰি ১৯৭১ চনত বীৰসিংপাৰা প্রাথমিক বিদ্যালয় স্থাপন কৰি অসম চৰকাৰৰ অধীনত শিক্ষকতা জীৱন আৰম্ভ কৰে। সুদীর্ঘ ৪০ বছৰ কাল শিক্ষা প্রদানৰ সেৱা আগবঢ়াই ২০১১ চনত তেখতে অৱসৰ গ্ৰহণ কৰে। তেখেতে লিখা কিছুমান কবিতা পুথি আৰু তেখেতৰ অৱদানৰ বাবে ২০১১ চনত তেখেতক ৰাজ্জ্যিকপর্যায়ত এজন আদর্শ শিক্ষক হিচাপে সন্মানিতও কৰা হয়। উল্লেখ্য যে এই সুদীর্ঘ ৪০ বছৰ কালছোৱাত তেখেতে নিজকে চৰ অঞ্চলৰ বিভিন্ন সামাজিক, শৈক্ষিক, বৌদ্ধিক বিকাশৰ প্রচেষ্টাতে নিজকে জড়িত ৰাখিছে। এতিয়া আহো মূল প্রশ্নলৈ, তেওঁ জানো অসমীয়া? কিন্তু তেওঁতো ঘৰত পূর্ববঙ্গীয়মুলৰভাটিৱা ভাষাতহে কথা পাতে, তেখেতৰ ভায়েক ভনীয়েকৰ কোনো এজনেও ভালকৈ অসমীয়া ক’ব নোৱাৰে, অসমীয়া সংস্কৃতি কি তাৰ একো ভু-কে নাপায়। (কিন্তু তেওঁলোকৰ সন্তান-সন্ততি যেতিয়া অসমীয়া ক’ব আৰু লিখিব পৰা হয় তাক লৈ গৌৰব কৰে)। তেখেতে দাড়িও ৰাখে আৰু টুপিও পিন্ধে, দেখাতো বাংলাদেশৰ মানুহৰ লগত মিলে। আৰু এতিয়াও যদি চৰ অঞ্চলৰ কাৰোবাক ডি-ভোটাৰ বনায় চৰকাৰে তেওঁ তেওঁলোকৰ হৈ মাত মাতিব। তেন্তে তেখেতে জানো বাংলাদেশীৰ হৈ ওকালতি নকৰিলে? তেন্তে তেখেতে কেনেকৈ অসমীয়া হ’ব পাৰে? আৰু তেখেত হ’ল মোৰ দেউতা।
১৯৯৮ চন, তেতিয়ালৈকে ব্রহ্মপুত্রৰ চৰৰ মানুহ খেতি বাতি কৰি এক সচ্চল জীবিকানির্বাহ কৰিব পৰা হৈ গৈছিল। কিন্তু ৯৮ৰ ব্রহ্মপুত্রৰ ভয়ঙ্কৰ তাণ্ডবে উটুৱাই লৈ গল তেওঁলোকৰ খেতি মাতি, ঘৰৰ ভেটি, গৰু ছাগলী, বাচন বর্তন আৰু কিছু দুর্ভগীয়াই নিজৰ আপোনজন। তেওঁলোক যাবনো ক’ত? সর্বস্ব হেৰুৱাই আশে পাশে তেতিয়ালৈকে ডুব নোযোৱা উঠন অংশ বেলেগৰ পৰা আধিয়াৰ লৈ আকৌ জীৱন যুজ আৰম্ভকৰিলে। কিন্তু দুর্দশাই জানো ইমান সহজে লগ এৰে? ২০০২ত আকৌ ভয়ঙ্কৰ বান। এইবাৰ আৰু ৰক্ষা নাই। বেছিভাগেই নিজৰ বস্তু বাহানি লৈ ঢাপলি মেলিলে ব্রহ্মপুত্রৰ উত্তৰ নতুবা দক্ষিন পাৰৰ মাটিৰ সস্তীয়া দৰ থকা অঞ্চল লৈ।এতিয়া আমাৰ জাতিপ্রেমী কোনোবা অসমীয়াই(?) সেই নতুনকৈ বনোৱা ঘৰবোৰ দেখিলে আৰু লাগিল নহয় তেওঁলোকৰ গাত সন্দেহযুক্ত নাগৰিক বা বাংলাদেশীৰ পদবীটো। তাৰে ভিতৰত হয়তো কিছুমানে নথিপত্রৰ জোৰত নিজকে বচাই ৰাখিব পাৰিছে। আৰু যিসকলৰ নথিপত্র ব্রহ্মপুত্রই গিলিলে, তেওঁলোকতো নির্ঘাত বাংলাদেশী। বাংলাদেশত খাবলৈ নাপাই আমাৰ অসমীয়াৰ কাঁহীৰ ভাত কাঢ়ি খাবলৈ আহিছে। তেনেকুৱা বাংলাদেশী আপুনি ইচ্ছা কৰিলে লাখে লাখে দেখা পাব গুৱাহাটী, ডিব্রুগড় চহৰত, নহ’লে আমাৰ জাতীয় বীৰসকলে কাণত ধৰাই আঠুকঢ়াই থোৱা। তেওঁলোকৰ এই অবস্থা কাৰণ তেওঁলোকৰ ওচৰত নাছিল অকনমান সস্তীয়া মাটি আধিয়াৰ লবলৈ বা কিনিবলৈ যথেষ্টসম্বল। সেয়ে তেওঁলোক আহে অসম আৰু অসমীয়া প্রেমত গদগদ হৈ থকা ছাত্র সংগঠনৰলাথি, চৰ ভুকু, অপমান আৰু বাংলাদেশীৰ নামেৰে লাঞ্ছিত হবলৈ চহৰবোৰলৈ, কিজানিকৰিবলৈ কিবা কাম পাই যায়, যাৰ দ্বাৰা দুবেলা দুমুঠিৰ যোগাৰ হয়। কিন্তু কলেকি হব, এওলোকৰ আচলতেই লাজ নাই। নহলে জানো ক্ষুধাৰ তাড়নাত ইমান গঞ্জনাকোনোবাই সহ্য কৰেনে? তাৰ পিছৰ দিনাইৰাতিপুৱাৰ গৰম খবৰ হিচাপে ছবি সহিতেবৰ বৰ ৰঙা হৰফেৰে বাতৰি প্রকাশিত হয় অসমৰ জাতীয় প্রেমিক সকলে অত ডজনবাংলাদেশীধৰিলে বুলি, তাকে দেখি আমি অসমীয়া(?) বিলাকেও বৰ স্ফূর্তি পাও, যা হওক, লক্ষ লক্ষৰ ভিতৰত দুজনমানতো ধৰা পৰিলে। কিন্তু তাৰ পিছদিনা যেতিয়ানথি পত্র পৰীক্ষা কৰি তেওঁলোকক ভাৰতীয় বুলি প্রমানিত কৰি এৰি দিয়া হয়তেতিয়া কিন্তু সেই বাতৰি কাকতৰ পৃষ্ঠাত বিজ্ঞাপনৰ তাণ্ডবত এইবোৰ অদৰকাৰীখবৰে ঠাই নেপায়। আৰু সেই জাতীয় বীৰসকলেও তেওঁলোকৰ লগত কৰা অবিচাৰৰ বাবেএবাৰোঅনুশোচনা বা অনুকম্পা প্রকাশ কৰাৰ আহৰি নাপায়। কাৰণ, প্রশ্ন হয়তেওঁলোক জানো অসমীয়া? প্রশ্ন হয় এইসকল জাতীপ্রেমীয়ে মোৰ দেউতাককো কেতিয়া বাদাঁড়ি, টুপি পিন্ধা দেখা পাই বাংলাদেশী বুলি অপমানিত কৰিব নেকি? সুধিবনেকি আপুনি অসমীয়া হয়নে?
২০১১ চনৰ ফেব্রুৱাৰী মাহ, দাদাৰ বিয়া সংক্রান্তত নগাঁওৰ পৰা গোৱালপাৰালৈযাত্রা, লগত সমাজৰ কেবাজনো গণ্যমান্য ব্যাক্তি আছে। আমি চাহ একাপৰ জুতি ল’বলৈ ৰাজাপাৰাৰ ধাবা এখনৰ আগত ৰখিলো। দোকানখনৰ আগত পুলিচৰ ভেন এখন ৰখাইথোৱা আছিল, পুলিচকেইজন চাহৰ দোকানত চাহ খাই আছিল। ভেন খনত মধ্যবয়সীয়া এগৰাকী নাৰী মূৰত ওৰনী টানি আমনজিমন কৈ বহি আছিল। উৎসুকতাবশত আমি তেখেতৰ বিষয়ে তেখতক সোধাত আমি গম পালো যে তেখেতৰ ঘৰ ধুবুৰীৰ কোনোবা এক অখ্যাত গাওত। তেখেত এক দৰিদ্র মুছলমান সম্প্রদায়ৰ পৰিয়ালৰ মহিলা। ঘৰত স্বামীৰ ওপৰিও সন্তান সন্ততি আছে। তেখতক ধৰি অনা হৈছে সন্দেহযুক্ত নাগৰিক হিচাপে। কেবাদিন গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত ৰখাৰ পিছত এতিয়া গুৱাহাটীলৈ লৈ যোৱাহৈ আছে। আৰু প্রয়োজনীয় ভাবে এই বিষয়ে তেখেতৰ পৰিয়ালৰ লোক সম্পুর্ন অজ্ঞ। কাৰণ ঘৰত কোনো নথকা সময়তে তাইক ধৰি অনা হৈছিল। আমি মবাইলৰ বিষয়ে সোধাত ঘৰত মোবাইল আছে যদিও তাই নম্বৰ নাজানে বুলি কলে। আমি আৰু তাইৰ বিষয়ে জানিব চেষ্টা কৰিছিলো যদিও ইতিমধ্যেই পুলিচে আহি তাইক আমাৰ পৰা আতৰাই লৈ গল। তাৰপিছত তেখেতৰ লগত কি হল একো গম পোৱা নগল। হয়তো প্রমানপত্রৰ অভাৱত তাইক বাংলাদেশী বুলি বাংলাদেশলৈ খেদি দিয়া হ’ল। মাথো থাকি গল তাইৰ সন্তানসন্ততি, স্বামী, পৰিয়াল, মাক দেউতাক। প্রশ্ন হয় তাই জানো অসমীয়া আছিল? এতিয়া লৈকে হয়তো তাইক বিচাৰ খোচাৰ কৰি থকা অসমত থকা তাইৰ পৰিয়ালৰ মানুহবোৰজানো অসমীয়া?
নির্বাচন ২০১১, ১৯৯২ চনতেবানৰ ভয়ত আমি চৰৰ পৰা আহি ব্রহ্মপুত্রৰ দক্ষিনপাৰে স্থিতি লৈছিলোহি। নির্বাচনৰ দিনা ভোটদানকেন্দ্রত হঠাৎ হোৱা হুলস্থূল শুনি চাবলৈ গৈ গম পালো যে আমাৰ গাওৰ পঞ্চাশোর্ধ গাঁওবুঢ়াজনৰ নামত সন্দেহজনক নাগৰিকৰ পদবী দিয়া হৈছে। আৰু সেয়ে নির্বাচনী বিষয়াই তেখেতক ভোটদিয়াত বাধা প্রদান কৰি আছে। অথচ তেখেতৰ মাক, ভায়েক, ভনীয়েক, পুত্র, জীয়ৰী আৰু ঘৈনীয়েকৰ নাম ভাৰতীয় হিচাপেই লিপিবদ্ধ আছে। পিছত যেনিবা আমাৰ তাৰ আর্মিকেম্পৰ অধিকাৰীৰ লগত তেখেতৰ ভাল হোৱা হেতুকে সেই অধিকাৰীৰ সহযোগত ভোটটো দিলে। কিন্তু তেখেত ২০১৪ চনৰ ভোট দেখিব নোৱাৰিলে। ২০১৩ চনৰ শেষ ভাগতে তেখেতইহসংসাৰ ত্যাগ কৰিলে। হয়তো তেখেতৰ নাম এতিয়াও সন্দেহযুক্ত হিচাপেই সন্মানিত কৰা হৈ আছে। আমি জনামতে তেখেত আৰু তেখেতৰ পৰিয়াল সেই অঞ্চলৰ অন্যতম পুৰনি বাসিন্দা। সেই অঞ্চলৰ বিদ্যালয়, ৰাজহুৱা কামত মাটি ধনেৰে সহায়কৰা লোক আছিল এওলোক। প্রশ্ন হয় তেখেত জানো সচাকৈ সন্দেহযুক্ত নাগৰিক আছিল? প্রশ্ন হয় তেখেত জানো বাংলাদেশী আছিল? তেখেত জানো বাংলাদেশৰ পৰা আহি বর্তমানৰ ভাৰতীয় পৰিয়ালত আহি থিতাপি লৈছিলহি? ক’তা তেখেতচোন ধুনীয়াকে অসমীয়া ক’ব পাৰিছিল, আনকি কেতিয়াবা কেতিয়াবা ভুপেনদাৰ গান গোৱাও শুনিছিলো তেখেতক। তথাপি প্রশ্ন হয় তেখেত জানো অসমীয়া আছিল?
মোৰ বয়স, চিন্তা, আৰু মগজুৰে এইবোৰ প্রশ্নৰ উত্তৰ বিচাৰি নাপাও যদিও তথাপিকেতিয়া বা প্রশ্ন কৰো নিজকে মই জানো অসমীয়া? মইচোন ঘৰত ভাটিৱাতহে কথা পাতো, মইচোন বেজাৰ পাও আমাৰ সহজ সৰল মানুহবোৰক এনেকে মিথ্যা অপবাদেৰে হাৰাশাস্তি কৰিলে, মোৰ দেখোন ইচ্ছা যায় এই ভাৰতীয় সন্দেহযুক্ত নাগৰিক সকলৰ হৈ মাত মাতিবলে। তেন্তে কি সচাই মই বাংলাদেশীৰ হৈ দালালি কৰো? তেন্তে মই কি বাংলাদেশী নেকি? মই কি সচাই অসমীয়া নহওঁ? মই দেখোন আকৌ অসমখনক ভাল পাও, অসমীয়া ভাষাক ভাল পাও। অলপ অচৰপ কিবা এটা লিখিলেও সেয়া মই অসমীয়াতে লিখো। আনকি মই অষ্টম মান শ্রেণীত পঢ়ি থকা সময়ত জ্ঞান সম্ভাৰত প্রকাশ পোৱা মোৰ প্রথম গল্পটোও ভাৰত আৰু অসমপ্রেমকে বিষয় কৰি লিখা। অসমৰ কিবা বেয়া খবৰ শুনিলে দুখ পাও, চৰকাৰক গালি দিও, গঁড় হত্যা হ’লে বনমন্ত্ৰীক গালি দিও, অসমখনক কোনোবাই দ্বিখণ্ডিত কৰিব বিচাৰিলে বেয়া পাও , অসমৰ কিবা ভাল খবৰ শুনিলে মনটো নাচি উঠে। অসম এৰাৰ সময়ত মুখেদি নিগৰি আহে ‘চাই লও এবাৰ মুখনি তোমাৰ, হেপাহ মোৰ পলোৱা নাই’। তথাপি মই অসমীয়া নহওনে? আকৌ চোন মোৰ বংশৰ অধিকাংশই অসমীয়া ভালকৈ ক’ব নোৱাৰে। আনকি মোৰ পেহী এজনী ২০১২ৰ বিটিএডি সংঘর্ষত সর্বহাৰা হৈ ধুবুৰীৰ আস্রয় শিবিৰত হাগ্রামা মহিলাৰীৰ দৰে দেশপ্রেমীক সকলে দিয়া বাংলাদেশী অপবাদ লৈয়ে শেষ নিঃশ্বাস ত্যাগ কৰিলে। প্রশ্ন হয় বিটিএডিৰ নিধনযজ্ঞত প্রান হেৰুওৱাৰ অধিকাংশই কি বাংলাদেশী আছিলনেকি? যদি মোৰ পেহী বাংলাদেশী আছিল তেন্তে মইনো কেনেকৈ অসমীয়া? নে আলফা আৰু কিছুসংখ্যক বুদ্ধীজীবিয়ে পোষকতা কৰাৰ দৰে মই অসমবাসীহে, অথচ অসমীয়া নহও। অথবা মই বাংলাদেশী, যিদৰে মোক গুৱাহাটীত পঢ়ি থকা সময়তে মিঞা, বাংলাদেশী বুলি জোকোৱা হৈছিল।
মই কোন? কি মোৰ পৰিচয়? বিচাৰি নাপাও মই ইয়াৰ সদুত্তৰ। মই অসমত জন্মগ্রহন কৰিছো, বুজা হোৱাৰে পৰা অসমখনক জন্মভূমি তথা আই বুলি জানিছো, অসমৰ বায়ু, পানী, মাটিক আপোন কৰিছো, নিজকে অসমীয়া বুলি পৰিচয় দিব শিকিছো, ভুপেনদা, শঙ্কৰদেৱ, লাচিত বৰফুকন, আহোমসকলৰ বিষয়ে কৈ গৌৰব জাহিৰ কৰো, অসমীয়া ভাষাক প্রান ভৰি ভাল পাও, এয়াই জানো যথেষ্ট নহয় মই অসমীয়াৰ যোগ্যতা অর্জন কৰিবলৈ? এয়া কেৱল মোৰ প্রশ্ন নহয়, অসমৰ সহস্রপূর্ববঙ্গীয় মূলৰ যুৱক, যুৱতী, বৃদ্ধ, আবাল বনিতা যিসকলক সন্দেহৰ চকুৰে চোৱা হয়, তেওঁলোকৰ প্রশ্ন। আশা কৰো অসমৰ অসমীয়া সকলেই আমাক এটা সদুত্তৰ জনাব আমি অসমীয়া নে অসমবাসী নে বাংলাদেশী…
 

ইতিত…
উত্তৰৰ আশাৰে এজন ভুক্তভোগী
আমিনুজ জামান
জলন্ধৰ, পঞ্জাব
০৬-০৫-২০১৪

 

2 thoughts on “অসম, অসমীয়া, অসমবাসী আৰু বাংলাদেশী (আমিনুজ জামান)

  • October 6, 2015 at 11:58 pm
    Permalink

    হৃদয় চুই গল ।

    Reply
  • June 1, 2020 at 10:13 am
    Permalink

    কথাখিনি গভীৰভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *