আমিষ বনাম নিৰামিষ খাদ্য – এটি চমু টোকা (-ডঃ ভূপেন্দ্ৰ শইকীয়া)

আমিষ বনাম নিৰামিষ খাদ্য – এটি চমু টোকা

 

ডঃ ভূপেন্দ্ৰ শইকীয়া

stha

আমিষ বনাম নিৰামিষ খাদ্য – আজিৰ যুগত এক বাদানুবাদৰ বিষয় ৷ খাদ্যসমূহক গুণ অনুসৰি সাত্বিক,ৰাজসিক আৰু তামসিক শ্ৰেণীত ভগাব পাৰি ৷ বিভিন্ন ধৰ্মই নিৰামিষ বা আমিষ যি খাদ্যৰে পোষকতা নকৰক কিয় বিজ্ঞানীসকলে পাইছে যে নিৰামিষভোজীসকল স্বাস্থ্য বেছি নিৰোগী আৰু আয়ুস বেছি ৷ ডায়েবেটিজ, উচ্চ ৰক্তচাপ, হৃদৰোগ, মেদবহুলতা, গাউট আৰু ক্ৰনিক ৰোগ আমিষ ভোজীসকলৰ সদায়েই বেছি ৷ খাদ্যৰ মূল উপাদানসমূহৰ ভিতৰৰ কেলচিয়াম (দাঁত আৰু হাড়ৰ বাবে প্ৰয়োজনীয়) আহে গাখীৰ, ডায়েৰী প্ৰডাক্ট, ব্ৰুকলি, বীট জাতীয় সেউজীয়া পাচলিৰ পৰা ৷ থাইৰয়েডৰ বিকাশৰ বাবে লাগতিয়াল আয়ডিন আহে আমি খোৱা আয়ডিনযুক্ত নিমখৰ পৰা ৷ অমেগা ৩ ফেটি এচিড আহে অলিভ তেল,আখৰোট, চয়াবীন আদিৰ পৰা ৷ তেজৰ ৰক্ত কণিকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লোহা সেউজীয়া পাচলি আৰু বিভিন্ন ফলত থাকে ৷ তেজৰ ৰক্ত কণিকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভিটামিন বি ১২ সাধাৰণতে আমিষ খাদ্যত থাকে যদিও নিৰামিষ ভোজীয়েও তাক পূৰণ কৰাৰ উপায় আছে ৷ প্ৰটিন আৰু কোষৰ বিকাশৰ বাবে প্ৰয়োজনীয় জিংক ডায়েৰী প্ৰডাক্ট, বাদাম জাতীয় শস্য আৰু বীনৰ পৰা পাব পাৰে ৷ গাখীৰত হাড়ৰ বাবে লাগতিয়াল ভিটামিন-ডি পাব ৷ অলপতে আমেৰিকাত হৈ যোৱা এখন সন্মিলনত মানুহৰ প্ৰয়োজনীয় নিৰামিষ খাদ্যৰ তালিকা এখন চিত্ৰত দেখুৱা ধৰণেৰে দাঙি ধৰিছে ৷ নিৰামিষভোজীসকলে খাদ্যত সচেতন নহলে লৌহ পদাৰ্থ, জিংক আৰু ভিটামিন বি-১২ – এই কেইটাৰ অভাৱত ভূগি এনিমিয়া আৰু স্নায়ু তথা মস্তিষ্কৰ বিকাৰত ভূগিব পাৰে ৷ ইয়াৰ ওপৰিও সুস্বাস্থ্যৰ বাবে দৈনিক নিয়মীয়া ব্যায়াম বা খোজকঢ়া অতিকৈ লাগতিয়াল কথা ৷
খাদ্য আৰু স্বাস্থ্য ৰক্ষাৰ বিষয়ে আগ্ৰহীসকলে এই লিংকত ভূমুকি এটা মাৰিব পাৰে –http://murchana.blogspot.com/2012/03/blog-post.html

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!