অন্বেষণ -পিকি পাৰবীন

তাই নিৰ্ভীক আছিল…
এডৰা ধুমুহা নেওচি যোৱা
দূবৰিৰ নিচিনা,
এটি অতীত ইতিহাস ভেদি যোৱা
দুৰ্ভেদ্য পলবোৰ ভাঙিবলে…।
অন্বেষা আছিল অসীমৰ …
ঢিমিক ঢামাক জ্যোতিৰ শিপা মেলি
সুখ সান্নিধ্য বিচাৰি যোৱা
যি এটি এন্ধাৰ ফলা জোনাকী পৰুৱা…,
যাৰ ৰক্তাক্ত কলিজাৰ কোঁহবোৰত
জীয়াব দিছিল তাইৰ আশাৰ গঁজালিকণ
আৰু মানস নাটৰ নায়কজনক …।

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!