আঙ ডাইনী নৌঙা (-কিশোৰ বড়ো)

 

ফেঁচাই কুৰুলিয়ায় নিজম দুপৰ ৰাতি
ফুলিব নোৱাৰা পুৰাতন অসুখত আধা ফুলা জোন
ক’লা কাপোৰৰ তলত উজ্জ্বল হাঁহিৰে জিলিকিব খোজা সূৰ্য্যমুখী মুখ
বিজুলিয়াই ডাৱৰে নুৰিয়ায় তৰাৰ চিকিমিকি হিৰণ্ময়ী সপোন
একৈশ শতিকাই কৈ থকা শুনো –
‘ইয়াত টিপা মাৰিলেই হেনো গড়গাওঁ পায়গৈ শিপা….’

aango daini nwnga_kishore boro
অথচ শতিকাৰ জখলাইদি উঠি শিখৰ চুৱা
দীপ্ত মঙলযান এখন
যোৱাৰাতি ছো-মাৰি তলুৱা হৈ
ইয়াতেই সৰি ভাঙিল
এইযেন নামি আহিছে তেত্ৰিশ কোটি দেৱতা
বৌৰায় বাথৌৰ চিজৌৰ তলত
চুলি মেলি দেও দি দেওধনী নাচ
অন্ধবিশ্বাসৰ চিলিমত আতুৰ হৈ হোপে
সেই ধোঁৱাৰ নিচাত চলে আদিম যুগৰ তালিম
অশৰীৰী প্রবাদ ওলায় দেও-শালৰ পৰা
জৰাজীৰ্ণ স্কুলৰ চোতালত বিনায় হেনো হাবিতলীয়া যখিনী
গোহালী যেন হাস্পাতালত পিতপিতাই ফুৰে
আউলী-বাউলী চুলি মেলা ৰাতি
দলং ভঙা পুৰণি পুখুৰিৰ পাৰত বিনায় হেনো ক’লা মেকুৰী
ঘন বাঁহনীত লমালমে বগায় হেনো ভূতৰ বাদুলী
অশৰীৰী প্রবাদৰ পৰা গুজৱ বাঢ়ে
গুজৱৰ আঁতধৰিয়েই সাতখন গাৱঁৰ ৰাইজে মেল পাতে
চাৰি আলিৰ উদং ফুটবল খেলা পথাৰত চৰ্চা চলে
এখিলা দুখিলাকৈ খৰচি মাৰি ৰাইজে পঢ়ে
গাতত সোমাই পৰা সেই নিদ্ৰাহীন চকু
হাঁড়ে-চালে দৰিদ্রতাই আঁচোৰা অলিখিত আখ্যান
‘গাঁৱৰ উন্নতিয়েহে দেশ উজলায়’ –বিজ্ঞলোকে কোৱা কথা
‘উত্তপ্ত মেলৰ পৰিণতি’- সকলোৱে জনা কথা
আন্ধাৰত ফুচফুচনি নে জন্তুৰ হেম্বেলনি
বিজ্ঞানৰ পোহৰতো একোকে নমনি
এতিয়া চাৰিওঁফালে প্রতিধ্বনিত – ডাইনী, ডাইনী
অলৌকিক শিহৰণত গাৰ নোম সিঞৰে
পৈশাচিক ভংগীত আদিম সংগীত বাজে
সেই সংগীতৰ সুৰত সেমেনা-সেমেনি বিদ্বান বিচক্ষণতা
অন্তৰ খহাই নিয়া প্রলয় কোন দিশে আহে
হায়ৈ বিয়ৈ ঢাহি মুহি নিয়ে জীৱনৰ মণি-মুকুতা
ভৰিৰ তলৰ মাটি খহা যেন খহিছে বাক্ স্বাধীনতা
সুঁতি সলোৱা নদী যেন সজাগতাৰ স্তব্ধতা
কৰবাত শুনিছোঁ- আৰম্ভণিৰ অন্তও থাকে
প্রাচীন ৰাতি এটাৰে কৰুণ কাতৰ সংবাদত
কেতিয়া পৰিবহি সুখৰ উৎসৱেৰে জাতিষ্কাৰ শুভ্র আকাশ
চকুৰ চোতালৰ তুলসী তলৰ নুমাই যাওঁ যেন
চাকিৰ শলিতা দুনাই আৰু নজলে
গিয়াতিৰ বিননীয়ে বিজ্ঞৰ কথাত ঠেকা খায়
ৰ’দে কয় – ‘আঙ ডাইনী নৌঙা’
বতাহেওঁ কয় – ‘আঙ ডাইনী নৌঙা’
তথাপি মানুহৰ শিলৰ বুকু নগ’লে………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments