কেইটিমান অণু গল্প- পৰিস্মিতা বৰদলৈ

পৰ্দা 

: কি ভাগিল বোৱাৰী?  ৰূমৰ পৰা কিবা এটা শব্দ হোৱা যেন পালো৷
: নাই মা টেবুলৰ পৰা তেওঁক চাহ দিয়া কাপটো সৰি পৰিল৷

বোৱাৰীয়েকৰ কপালৰ কাষৰ ক্ষতচিহ্নটোলৈ চকু যোৱাত শাহুৱেকে ভাবি থাকিল কাপটো টেবুলৰ পৰা তললৈ পৰিছিল নে মাধ্যাকৰ্ষণৰ বিপৰীতে গতি কৰিছিল৷

গংগাজল

চাইকেলখন পিৰালিৰ কাণতে ৰখাই থৈ সি বিজুলীবেগেৰে হাতৰ টোপোলাটো লৈ ভিতৰ সোমাল৷ “পালোগৈ আই৷ চাওঁ মুখমেল৷ একেবাৰে খাটি গাখীৰৰ” বিছনাৰ ওপৰত কাঠ এচটাৰ দৰে শুই থকা মাকৰ মুখত দুটোপাল ৰস চেপি দিলে সি লেবেৰাহাতেৰে৷ কোনেও মানুহগৰাকীক বাধা নিদিলে আজি মিঠা খোৱাত৷ কোৱাৰিয়েদি কিছু বৈ আহিল আৰু মাকৰ দুচকু জঠৰ হৈ ৰ’ল৷ লগতে তাৰ দুহাতো৷

স্থান
“আজিলৈকে একোতে তাইৰ লগত ফেৰ মাৰিব পৰা কোনোৱেই ওলোৱা নাই গাঁওখনতে, ছালচটা ক’লাৰ বাদে একোৱেই খুঁত নাই ছোৱালীজনীৰ” নিজৰ আবিয়ৈ জীয়েকজনীৰ গুণ বখানি বখানি নৰেন ঘটকৰ আগত গোলোকী বুঢ়ীয়ে তামোল পকটিয়াই থাকিল৷ চ’ৰাঘৰৰ ইটো মূৰৰ পৰা বাসন্তীয়ে ভাবিলে অকল যে এই এটা খুঁতৰ বাবেই তাই আজি প্ৰথমবাৰৰ বাবে দ্বিতীয় হ’বলৈ ওলাইছে৷

সকাহ

উৎকট গেলেপা গৰমত বাটকুৰি বাই গৈ, দীঘলীয়া লাইনত শাৰী পাতি শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰতো ঘাম বাজ হৈ যোৱা প্ৰশ্নৰ সন্মুখীন হৈ এয়া ল’ৰাটো ঘৰমুৱা হৈছে৷ কানিমুনি পৰত ঘৰৰ নঙলামুখ পাওঁতেই তাৰ মোবাইলৰ স্ক্ৰীণখন জিলিকি উঠিল এধানিমান পোহৰত আৰু দুইমিনিটৰ সেই ইথাৰৰ সিপাৰৰ কথোপকথনে তাৰ দিনটোৰ কষ্টখিনি নিমিষতে মষিমূৰ কৰিলে৷ সি মনতে ভাবিলে “প্ৰথমটো দৰমহাৰেই আই পিতাইৰ কোঠাত চিলিং ফেন এখন লগাব লাগিব”৷

সম্ভাৱনীয়তা

ল’ৰাটোৱে লিখা গানটো সিদিনা মুকলি কৰা হ’ল৷ কোনো কোনোৱে গানটোৰ প্ৰশংসা কৰিলে আকৌ কোনোৱে ক’লে “বেলেগৰ গানবোৰ শুনি শুনি তাৰেই আলমত গান লিখাটোনো কি ডাঙৰ কথা”৷ প্ৰশংসা, ভৎৰ্সনা একোৱেই চুব নোৱাৰা ল’ৰাটোৰ মাকজনীয়ে তেতিয়া ভাবি আছিল “প্ৰডাকচনটোৰ স্বত্বাধিকাৰীজনে কোৱামতে ৰাইজে গানটো আদৰি ল’লেই হেনো ল’ৰাটোৱে মাননি এটা পাব আৰু ঠিক তেতিয়াই তাৰ কাণত সেই যন্ত্ৰটোও স্থাপন কৰিব পৰা যাব, তেতিয়ালৈ সি অপেক্ষা কৰিব লাগিব নিজে লিখা গানটো তথা মানুহৰ প্ৰশংসা শুনিবলৈ”৷

একাত্ম

তাই ভালপোৱা ফুলৰ থোপাটো আৰু ডাৰ্ক চকলেটৰ পেকেটটো লৈ সি তাৰ বাইকখন দৌৰাবলৈ ধৰিলে৷ হঠাৎ তীব্ৰবেগী মালবাহী ট্ৰাকখনৰ খুন্দাত চিটিকি পৰিল ফুলৰ থোপা আৰু চকলেটৰ পেকেট৷ শূন্যত ওলমি থকা সি ভাবিলে, “তাই বেয়া নাপাব চাগৈ ফুল, চকলেট ৰ পৰিৱৰ্তে যে এতিয়া মই নিজেই একেবাৰে তাইৰ ওচৰ পামগৈ৷ ”তাৰ তেজেৰে তুমৰলি শৰীৰটো নিথৰ হৈ পৰি আছিল ৰাস্তাৰ দাঁতিত৷ টি ভি স্ক্ৰীনত তেতিয়া ব্ৰেকিং নিউজত দেখুৱাই আছিল “কবৰ স্থানৰ সমীপৱৰ্তী অঞ্চলত বাইক আৰোহী নিহত ট্ৰাকৰ খুন্দাত”৷

প্ৰতীক

মাকজনীয়ে পুতেকক সদায়ে কয় চুলিখিনি কটোৱাই পেলাবলৈ৷ সি কয় “চাবিচোন এই চুলিখিনিৰ
কাৰণেই এদিন মোক মানুহে মনত ৰাখিব”৷
হয় সি ঠিকেই কৈছিল৷ এতিয়া সকলোৱে কয় “চুলি দীঘল ল’ৰাটোৰ সেই দীঘল চুলিখিনিয়েই কাল হ’লগৈ তাৰ বাবে৷ ”

বন্ধুত্ব

“ভাই তোমাৰ চোন গাটোও ভাল নহয় যাবা জানো মোৰ লগত? তাতে তাৰ বাট পথো দুৰ্গম৷ ”
“এঃকি কোৱা য’লৈকে যোৱা মোক লগত লৈ যাবা বুজিছা? নহ’লে বন্ধু কিহৰ? ”

দুয়ো বন্ধুৰে বগাকাপোৰেৰে ঢকা দেহ দুটাও একেলগেই আহিছিল অবিচ্ছিন্নভাৱে যদিওবা দুয়োটা দেহেই ছিন্নভিন্ন আছিল৷
(অভিজিৎ নীলোৎপলৰ নামত)

ধৰ্ম
পুতুকণক মাকে বজাৰ কৰা মোনাটোৰ লগতে পাঁচশটকীয়া নোটখন দি পিছদিনা বৰনামঘৰত ভাদমহীয়া শৰাইৰ বাবে লাগতিয়াল সামগ্ৰীখিনি আনিবলৈ পাচিলে৷
কিন্তু সি ঘৰলৈ খালী মোনা আৰু মানিবেগটোৰে সৈতে ওভতাত মাক আচৰিত হ’ল৷ সি মাকৰ মনৰ ভাব ধৰিব পাৰি ক’লে “মা বজাৰ বহা ঠাইৰপৰা অলপ আঁতৰতে থকা বস্তিটোৰ সেই শুকান মুখকেইখন আৰু খালী পেটকেইটাৰ কথা ভাবি আজি মই মোনাটো খালী কৰিয়েই ঘূৰি আহিলো৷ এদিনৰ বাবে হ’লেও ল’ছালিকেইটাৰ অন্ততঃ পেট ভৰিব”৷  ■■

  ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments