অনুভৱ (ৰাজশ্ৰী বৰ্মন)

‘পাপা কেহতে হ্যয় বড়া নাম কৰেগা’ ‘কায়ামাত চে কয়ামত তক ‘চিনেমাখনৰ এই গীতটো মোৰ খুব প্ৰিয় গীত আছিল ল’ৰালিৰ দিনবোৰত৷ ৷ হয়তো মোৰ বয়সৰ আন বহুতৰো৷ যদিও সম্সপূৰণকৈ গীতটো শুনাও নাছিলো, গীতটো তেতিয়া একো বুজি পোৱা নাছিলো যদিও কিয় ইমান ভাল পাইছিলো জানো! ! ! সেইবোৰ দিনত শনিবাৰে আবেলি দূৰদৰশনত চিনেমা প্ৰদৰশিত হৈছিল৷ এদিন স্কুলৰ পৰা আহি ভাত খাই থাকোতে মায়ে কলেঃ তই যে ভাল পাৱ গানটো, সেই গান থকা চিনেমাখন আজি দিব৷ ভাত খাই খেলিব নদৌৰিবি৷ শুব যাবি চিধা৷ নহলে নাপাবি চাবলৈ৷ মাৰ কথা শুনি যে শুম ইমানো শান্ত নাছিলো৷ লগৰবোৰৰ লগত খেলিবলৈ দৌৰিছিলো৷
ঘৰ আহি পাওতে চিনেমা আৰম্ভ হোৱা বুলি গম পালো বাহিৰত থকা চেণ্ডেলবোৰ চাই৷ শনিবাৰে আমাৰ টিভি থকা কোঠাৰ বাহিৰত ঢেৰ চেণ্ডেল দেখো৷ দেখি বুজো হাউসফুল৷ দেখো সকলোৱে মন দি চাই আছে আমি সৰুকেইটাই চিনেমাৰ কাহিনী বুজি নাপাই আমনি পাওঁ৷ অন্যদিনা হ’লে বাহিৰত ওলাই গৈ খেলো৷ কিন্তু পাপা কেহতে হ্যয় শুনাৰ হেপাঁহত বহি থাকিলো৷ ইমান দেৰি হৈ গ’ল, গীতটো নোলায়হে নোলায়৷ উঠি যাবও নোৱাৰো, কিজানিবা আহি যাই! ! এনেতে গ’লনে কাৰেনট টো! ! ! কাৰেনট যোৱাৰ সময়তে হেনো গীতটোও গ’ল৷ ছেঃ চোৱা নহল আৰু! ! ! !

তাৰ বহুদিন পাছত “পাপা কেহতে হ্যাঁই”বুলি এখন চিনেমাও ওলাইছিল৷ ভাবিছিলো এইখনত গীতটো থাকিবই থাকিব৷ নাই, তাতেও নাথিকিছিল৷ মুঠৰ ওপৰত গীতটো শুনাৰ ভাগ্যই নহ’ল৷
লাহে লাহে সিনেমাখনৰ প্ৰতি, গীতটোৰ প্ৰতি যে এক টান আছিল, পাহৰিয়েই গৈছিলো৷ হিন্দী শিকাৰ পাছত, কব পৰা হোৱাৰ পাছত আৰু তাৰো বহু পিছলৈকে গীতটো সম্পূৰণকৈ শুনিবলৈ নাপালো৷ পাহৰি গৈছিলো, যে এই গীতটো শুনাৰ বাবে আশৈশৱ মোৰ এক হেপাহঁ আছিল, কাৰণ বুলি কবলৈ হ’লে …মই এই গীতটো সৰু ল’ৰা ছোৱালীৰ গীত বুলি ভাবিছিলো৷ সৰু থাকোতে ভাল লাগিছিল, এতিয়া আৰু ভাল লাগিবনে…এনেকৈ ভাবিছিলো চাগৈ’…
এবছৰমান প্ৰাইভেট জুনিয়ৰ কলেজ এখনত শিক্ষকতা কৰিছিলো৷ আন বহুতে কোৱাৰ দৰে, ময়ো সেই বছৰটো, জীয়াই থাকি পোৱা সুখেৰে জুখিবলৈ চালে, শ্ৰেশঠ বিবেচনা কৰোঁ৷ বছৰটোত বহু কায্যক্ৰমনিকাৰ ভিতৰত আছিল গ্ৰেজুৱেচনৰ ফাইনেল পৰীক্ষাত অৱতীৰণ হবলগীয়া ছাত্ৰসকলৰ বিদায় সভা৷ সেই অনুষ্ঠানত এজন ছাত্ৰই গাইছিল ঃ পাপা কেহতে হ্যাঁই বড়া নাম কাৰেগা, বেটা হমাৰা এইচা কাম কৰেগা, মগৰ য়ে য়ে তো, কোই নাজানে, ইয়ে মেৰি মাঞ্জিল হ্যাঁই কাহা…গীতটো ছাত্ৰজনে খুব সুন্দৰকৈ গাইছিল৷ সকলোৱে আকৌ এবাৰ, আকৌ এবাৰ বুলি চিঞৰিছিল৷ সি তিনিবাৰমান গাইছিল গানটো৷ সিদিনাই শুনিছিলো সম্পূৰণকৈ আৰু কথাবোৰ শুনি বুজি প্ৰতিবাৰেই মোৰ দুচকু ভৰি পৰিছিল চকুলোৰে৷ ইয়াৰ কাৰণো নোহোৱা নহয়৷ ( ব্যক্তিগতভাৱে, বিভিন্ন পৰিস্থিতিত পৰি মা দেউতাই মোক লৈ দেখা সপোনৰ যে কাষো চাপিব পৰা নাই, বা পাৰিলেও আতঁৰি আহিবও লগা হৈছে, এই কথাটোৱে মোৰ বুকুখনত কৰবাত বিন্ধি থাকে সদায়! ! ! ! ……কিন্তু এটা কথা সচাঁ যে যেতিয়াই সুবিধা পাম, এই আশা পূৰণ কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ)৷ প্ৰতিটো বীটত হাতচাপৰি পৰিছিল আৰু তাৰ মাজে মাজে মই উচুপিছিলো৷ পিতৃ মাতৃয়ে যে সন্তান ক লৈ কিমান সপোন দেখে! ! ! কোই ইঞ্জিনিয়াৰ কা কাম কৰেগা! ! ইঞ্জিনিয়াৰৰ প্ৰফেচন এক সুন্দৰ প্ৰফেছন৷ প্ৰতি পিতৃ মাতৃয়ে ভাবে, আশা কৰে যাতে তেঁওলোকৰ সন্তানে ভাল, সামাজিকভাৱে প্ৰশংসিত বৃত্তি বাচি লয়, শ্ৰেস্থত্ব অৰজন কৰে, সমাজত সন্মানেৰে জীয়াই থকাৰ গৌৰৱ অৰজন কৰিব পাৰে৷ নিজ সন্তানে যাতে সপোনবোৰ চুই চাব পাৰে, তাৰ বাবে নিজৰ কৰণীয় অকণো বাকী ৰাখিব নিবিচাৰে৷ বিনিময়ত সন্তানে তেওলোকক কিবা দিয়ক বা নিদিয়ক, সেই কথা তেওলোকে নাভাবে৷ দহজনে যদি তেওলোকৰ সন্তানসকলক প্ৰশংসা কৰে, অন্তৰত কিমান যে শান্তি পায়! ! ! তেওঁলোকে যদি সন্তানৰ কৰমৰপৰা সন্মান লাভ কৰে, তাতকৈ বেছি শান্তি আন একোৱেই দিব নোৱাৰে৷ সচাঁই, সন্তান ৰ বাবে সকলো ত্যাগ কৰিব পৰা, হেলাৰঙে নিজৰ সকলো চখ, সুখ স্বাচ্ছ্যন্দ্য বিসৰ্জন দিব পৰা পিতৃ মাতৃসকলৰ প্ৰতি মোৰ গভীৰ শ্ৰৰ্দ্ধা জাগি উঠে৷
এই ছেগতে মোৰ পূজনীয় পিতৃ মাতৃলৈ মোৰ হিয়াভৰা শ্ৰদ্ধা যাচিঁলো৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!