অনুভৱৰ প্রতিধ্বনি(-নিবেদিতা হাজৰিকা)

অলপতে পঢ়িলোঁ বিশিষ্ট লেখক তথা প্রৱন্ধকাৰ ময়ুৰ বৰা দেৱৰ প্রৱন্ধ সংকলন “অনুভৱৰ প্রতিধ্বনি”। তাৰেই কিছু অনুভৱ আপোনালোকৰ লগতো ভগাই লোৱাৰ প্রয়াস কৰিলোঁ। এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব যে এয়া কিতাপখনৰ ওপৰত কোনো আলোচনা-সমালোচনা বা মতামত নহয়। কিয়নো তেনে কিবা কৰিব পৰাকৈ নিজকে উপযুক্ত বুলি নাভাবো। কেৱল সাধাৰণ পাঠক হিচাপে মোৰ মনৰ অনুভৱহে ব্যক্ত কৰাৰ প্রয়াস কৰিলোঁ।

এই প্রৱন্ধ সংকলনটিত…ঐতিহাসিক,সাম্প্রতিক, ভাৱাত্মক আৰু কিছু ব্যক্তিগত এই চাৰিটা শিতানত মুঠ ৩১ টা প্রৱন্ধ সান্নিবিষ্ট হৈছে। প্রতিটো প্রৱন্ধতে লেখকে নিজা বিশ্লেষন আগবঢ়োৱাৰ লগতে পাঠক সমাজলৈও যেন এৰি দিছে কিছু প্রশ্ন, কিছু চিন্তাৰ খোৰাক। ইয়াৰে দুই এটা প্রৱন্ধ আগতে কাকত আলোচনীত পঢ়িছিলোঁ যদিও বেছি খিনিয়েই পঢ়া হোৱা নাছিল।
সংকলনটোত সান্নিবিষ্ট হোৱা প্রথম প্রৱন্ধটো হৈছে-‘মহাত্মা গান্ধীৰ দৃষ্টিত হিটলাৰ’। লেখকে এই প্রৱন্ধৰ জৰিয়তে গান্ধীয়ে হিটলাৰলৈ লিখা চিঠি দুখনৰ কথা উল্লেখ কৰি,গান্ধীজীৰ হিটলাৰৰ প্রতি থকা ধাৰণা সম্পৰ্কত এক সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। “গান্ধীৰ নিজৰ মতাদৰ্শগত গোড়ামিৰ বাবে গান্ধী নিজেও সমালোচিত হৈছিল” এই কথাষাৰৰ আঁত ধৰি প্রৱন্ধৰ শেষৰ ফালে লেখকে নিজৰ মনোভাৱ ব্যক্ত কৰিছে স্পষ্টভাৱে।anuvobor protidhoni

“ড০ সুনীতি কুমাৰ চেটাৰ্জীৰ দৃষ্টিত শ্রীমন্ত শংকৰদেৱ” শীৰ্ষক প্রৱন্ধটোৱে মন চুই গ’ল। সাধাৰণতে কিছু কিছু ক্ষেত্রত দেখা যায়, যি কাৰণতে নহওক অসমীয়া আৰু বঙালী লোক সকলৰ মাজৰ সম্পৰ্ক খুব বেছি সুখজনক নহয়। এই প্রৱন্ধৰ আৰম্ভনিতে লেখকে কোৱাৰ দৰেই ক’ব পাৰি- দুয়ো জাতিৰ তিক্ততাৰ মূল কাৰণ অনুধাৱন নকৰাকৈও গৰিষ্ঠসংখ্যক সাধাৰণ মানুহেই কিছু বদ্ধমূল ধাৰণা কৰি লয়,যাৰ ফলত অপ্রয়োজনীয় ভাৱেও কেতিয়াবা নানান সন্দেহ আৰু শংকাৰ বীজ ৰোপিত হয়। লেখকে আৰু কৈছে-বৰ্ত্তমানে তেনে তিক্ততাৰ বহুখিনি ওৰ পৰিছে আৰু ইয়াৰ বাবে কিছুসংখ্যক প্রগতিশীল বুদ্ধিজীৱিৰ যঠেষ্ট বৰঙণি আছে।

যি কি নহওক,ইমান খিনিৰ মাজতো কিন্তু আমাৰ দৰেই আৰু বহুতেই হয়টো বিচাৰি ফুৰে দুয়োটা জাতিৰ মাজত থকা এক সৌহাদ্যপূৰ্ণ মনোভাৱৰ অৱকাশ। আৰু তাৰেই এক সুন্দৰ অৱকাশ দিলে বৰা দেৱৰ এই প্রৱন্ধটোৱে। ইয়াত বংগৰ বিশিষ্ট লেখক ড০ সুনীতি কুমাৰ চেটাৰ্জীৰ মহাপুৰুষ শংকৰদেৱৰ ওপৰত লিখা এটি নিৱন্ধৰ সুন্দৰ বিশ্লেষণ আগবঢ়োৱা হৈছে। “The Eka-Sarana Dharma of Sankaradeva- The Greatest Expression of Assamese Spiritual Outlook” নামৰ নিৱন্ধত বংগৰ বিশিষ্ট লেখক গৰাকীয়ে বৰ সুন্দৰভাৱে শংকৰদেৱৰ মতাদৰ্শক ডাঙি ধৰিছে বুলি লেখক বৰা দেৱে উল্লেখ কৰিছে। গুৰুজনাৰ জন্মৰপৰা বৈকুন্ঠ প্রয়াণলৈকে শংকৰদেৱৰ সুদীৰ্ঘ জীৱন পৰিক্রমাক সংক্ষিপ্তভাৱে এই নিৱন্ধত সামৰি লোৱা হৈছে বুলি উল্লেখ কৰাৰ লগতে লেখকে এই ইংৰাজী নিৱন্ধটিত থকা বহু গুৰুত্বপূৰ্ণ কথাৰ বিশ্লেষণ আগবঢ়াইছে।
“স্বৰ্ণযুগ অতীতত নহয় ভৱিষ্যতত” সংকলনটিৰ এটি উল্লেখযোগ্য প্রৱন্ধ। ড০ হীৰেন গোহাঁইদেৱৰ একে নামৰ প্রৱন্ধৰ আঁত ধৰি ইয়াত লেখকে কিছু সমস্যাৰ ওপৰত নিজা মতামত আগবঢ়াইছে। তেখেতে কৈছে- আমি যদি ইতিবাছক মন এটা লৈ বিজ্ঞান আৰু যুক্তিৰ ওপৰত ভিত্তি কৰি বুৰঞ্জী অধ্যয়ণ আৰু বিশ্লেষণ কৰোঁ তেনেহ’লে হয়তো বৰ্ত্তমান সময়ৰ বহু প্রশ্নৰ শুদ্ধ উত্তৰ পোৱাৰ সহায়ক হ’ব।

আন এটি উল্লেখযোগ্য প্রৱন্ধ হ’ল- “ স্লাটৱাক- যৌনতাৰ প্রদৰ্শন নে নাৰীৰ সম অধিকাৰৰ প্রয়াস ?”
“স্লাটৱাক” হৈছে আমাৰ সমাজৰ ক্ষয়িষ্ণু আৰু আত্মধংসী প্রৱণতাৰ বিৰুদ্ধে এক তীব্র প্রতীকী প্রত্যহবান – বুলি উল্লেখ কৰি এই প্রৱন্ধৰ জৰিয়তে লেখকে এই নাৰীবাদী আন্দোলনটোৰ ওপৰত পাঠকৰ বাবে চিন্তাৰ সমল থকা এক নিৰপেক্ষ পৰ্যালোচনা আগবঢ়াইছে। প্রৱৱন্ধটোৰ আৰম্ভনিতে থকা কিছু কথাই মনত সাঁচ বহুৱাই গ’ল, সেয়া হৈছে- “গভীৰ অন্তদৃষ্টিৰে নিৰীক্ষণ কৰিলে উপলদ্ধি কৰিব পাৰি যে শৈশৱ কালৰ পৰা বৃদ্ধাৱস্থালৈ নাৰী আৰু পুৰুষৰ সম্পৰ্কটো বহুমাত্রিক বৈশিষ্টৰে পৰিপূৰ্ণ। তথাপি বৰ্ত্তমান সমাজত এই সম্পৰ্কৰ মূলতঃ তিনিটা ৰূপ সচেতন লোকৰ চকুত ধৰা দিয়ে। প্রথমতে উনুকিয়াব পাৰি সেই শ্রেণীৰ পুৰুষ আৰু মহিলাৰ কথা, যি ইজনে সিজনৰ প্রতি সদায় সহনশীল আৰু শ্রদ্ধাশীল। তেওঁলোকৰ মাজত প্রণয়জনিত সম্পৰ্ক থাকক বা নাথাকক,এইটো শ্রেণীৰ পুৰুষ-মহিলা আমাৰ সমাজৰ বাবে সম্পদস্বৰূপ। কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে পুৰূষ বা মহিলাৰ সংখ্যা খুব বেছি নহয়। দ্বিতীয়তে,ক’ব পাৰি আমাৰ সমাজৰ সেই বৃহৎসংখ্যক পুৰুষৰ কথা যিয়ে চলে-বলে-কৌশলে নাৰীৰ ওপৰত নিজৰ প্রভুত্ব খটুৱায়। উদ্বেগজনক কথা যে এনে লোক আজিও আমাৰ সমাজত সংখ্যাগৰিষ্ঠ। তৃতীয়তে, সমাজত আৰু একাংশ মহিলা আছে যাৰ ওচৰত পুৰুষ সকলো নিৰ্যাতিত হয়। কিন্তু মূলতঃ নিজৰ কৰ্তৃত্ব প্রদৰ্শন কৰিব বিচৰা পুৰুষৰ সাংখ্যাধিক্যৰ বাবেই নাৰীৰ সম-অধিকাৰৰ সংগ্রামখনৰ সমূখত বহুতো অন্তৰায় দৃষ্টিগোচৰ হয়।”

সংকলনটিত থকা আন এটি উল্লেখযোগ্য প্রৱন্ধ হ’ল- “পইতাচোৰা,স্বৰ্থপৰতা আৰু এইন্ ৰেণ্ড” – স্বাৰ্থপৰতা আৰু আত্মকেন্দ্রিকতাই আজি সমগ্র বিশ্বৰ অধিকাংশ মানুহকে কেনেকৈ মানসিকভাবে বিধস্ত কৰি পেলাইছে তাৰেই এক বিশ্লেষণ আগবঢ়াইছে এই প্রৱন্ধত লেখকে। ইয়াৰ উপৰিও এই প্রৱন্ধৰ জৰিয়তে প্রখ্যাত বিদেশী লেখিকা এইন্ ৰেণ্ডৰ “We The Living” নামৰ আত্মজীৱনীমূলক উপন্যাখনৰ বিষয়ে জানিব পৰাৰ লগতে লেখিকা গৰাকীৰ জীৱন দৰ্শনৰ বিষয়েও চমুকৈ হ’লেও কিছু কথা জানিব পাৰি ভাল লাগিল।

প্রতিজন সচেতন পাঠক মাত্রেই মনত প্রশ্ন তথা চিন্তা উদ্রেকাৰী আৰু ভাৱৰ বুৰবুৰণি তুলিব পৰা আন কেইটিমান প্রৱন্ধ হৈছে- মূলসূতিৰ চাকনৈয়াত অন্তৰ্ধান ‘শ্রেষ্ঠ অসমীয়া”, “মোৰ ল’ৰা ছোৱালী দুটা অসমীয়া হ’ব নে ?”, “ক্রমাত অপ্রাসংগিক হৈছে নেকি আউনিয়াটী সত্র”, “কীৰ্ত্তন পুথিৰ বিকৃতকৰণ বিতৰ্ক”, সৱৰমতী গান্ধী আশ্রমত অসমীয়া ভাষাৰ দুৰৱস্থা”, “অসমচুক্তিৰ ছয় নং ধাৰাঃ সংশয়,সম্ভৱনা আৰু অসম সাহিত্যসভা”, যোগাত্মক দৃষ্টিভঙ্গীয়েহে গ্রন্থ আন্দোলনৰ ভেটি শক্তিশালী কৰিব” “ফেচবুক আৰু শংকৰদেৱ” ইত্যাদি।

নিবেদিতা হাজৰিকা
১০/০৩/১৫

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!