অনুভৱ : ময়ূৰী দত্ত


ভাল লগাৰ পৰা ভালপোৱালৈ দূৰত্ব কিমানৰ?
হয়তো বাট এপৰৰ
হয়তো বহু যোজনৰ
কেতিয়াবা স্নিগ্ধ জোনাকৰ
কেতিয়াবা ৰৌদ্ৰোজ্জল দুপৰৰ।
খেলা ছাঁ-পোহৰৰ 
উশাহ ক্লান্তিকৰ 
কোলাহল মৌন ওঁঠৰ
নৈশব্দতাত চৌপাশৰ
হৃদয় হৈ উঠে মুখৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!