অনুলেখন – বিকাশ দত্ত

Ok ! Take1, lights……camera……and…Go!
ডাইৰেক্টৰৰ অনুমতি পোৱাৰ লগে লগে অনুকম্পাই সিদ্ধাৰ্থক প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলে।
“ছাৰ, প্ৰথমতে আপোনাক আমাৰ আজিৰ এই বাৰ্তালাপলৈ আমন্ত্ৰণ জনালোঁ।”
— তাই অতি বিনয়েৰে কথাখিনি কৈ গ’ল।
“ধন্যবাদ!”
— এটি মৃদু হাঁহিৰে সি কৈ গ’ল।
“ছাৰ প্ৰথমতে কওঁ যে মই আপোনাৰ ভীষণ ফেন। আপোনাৰ প্ৰতিখন কিতাপেই পঢ়িছোঁ। কিবা এটা অন্য সোৱাদ পাওঁ‌।”
— তাই অতি আগ্ৰহেৰে কথাখিনি কৈ গ’ল।
লগে লগে ডাইৰেক্টৰে তাইৰ হেডফোনত ক’লে,
“This is not a family show Anu. focus on your questions only. Or I’ll cut down the telecast!”
“এই টকলা বুঢ়াৰ কথা আৰম্ভ হ’লেই।”
— তাই মনতেই খঙেৰে ভাবিলে।
“থেংকিউ, থেংকিউ!”
— সি পুনৰ ক’লে।
“ছাৰ, আপোনাৰ “প্ৰেম নিবেদন” কিতাপখন এইবছৰৰ এখন অতি বিখ্যাত কিতাপ। উন্মোচনৰ এমাহৰ ভিতৰতেই প্ৰায় ৫০০০ কপি বিক্ৰী হৈ এক অভিলেখ সৃষ্টি কৰিছে। আপুনি এই কিতাপখনৰ বিষয়ে কি ক’ব খোজে? কাহিনী সম্পৰ্কে আপোনাৰ আইডিয়াটো কেনেদৰে আহিল?”
— তাই সুধিলে।
এটা সাধাৰণ কটনৰ বগা কুৰ্ত্তা, ব্লু জিন্স লগতে এযোৰ ‘ফৰ্মেল’ চেণ্ডেলেৰে অহা সিদ্ধাৰ্থই সামান্য চকীখনৰ পৰা হালি আহি পানীৰ গিলাচটো ল’লে আৰু এটা চিপ লৈ কৈ গ’ল,
“আচলতে তেনেকুৱা আইডিয়া নাছিল। এখন নতুন কিবা লিখিম বুলি এদিন হঠাৎ শ্বিলং যাবলৈ মন মেলিলোঁ আৰু প্ৰায় তিনি সপ্তাহ তাত থাকিও একো এটা আইডিয়া নাহিল বাবে ডায়েৰীখন ফালি-ছিৰি শ্বিলং পিকৰ পৰা দলিয়াই দিলোঁ‌। গধুলি এখন বাৰলৈ গৈ দুটা পেগ লৈ ল’লো আৰু মোৰ ডায়েৰীখনৰ ফেয়াৰৱেল পাৰ্টি হিচাপে মুখত দিলোঁ গিলাচটো। এনেতে চকুত পৰিল এজনী ৱেইট্ৰেছ। বেছ ধুনীয়া আৰু দেখাত খাচী ছোৱালী যেন লগা নাছিল। অলপ অসমীয়া ঠাঁচ আছে। তেতিয়া ভাবিলোঁ এবাৰ মাত লগাও। ওচৰলৈ আহিলত ক’লো,
“হাই!”
তাই মিচিকিয়া হাঁ‌হিৰে ক’লে, “Hello. Do you need anything sir?”
“No no. Are you from Assam?”
– মই সুধিলোঁ।
“হয়। লখিমপুৰৰ। আপুনিও অসমৰেই নেকি?”
তাই উজ্বল হাঁহিৰে কাষতেই বহি দি সুধিলে।
“উম। গুৱাহাটীৰ। চাকৰি সূত্ৰে আৰু এনেই অলপ ফুৰা-চকাৰ বাবে শ্বিলং আহি থাকো।”
— মই ক’লো।
“অ অ। মোৰ দেউতা এই বাৰখনৰ মালিক। ইয়াতেই থাকোঁ আজি ১০বছৰ হ’ল।”
— তাই ক’লে।
মই সুধিলোঁ যে তুমি মালিকৰ ছোৱালী হৈও ৱেইটাৰৰ দৰে আছা যে?
তাই ক’লে,”আচলতে মই এনেকুৱা ভাগ-বতৰাবোৰ ভাল নাপাওঁ‌। ইয়াতে যিসকল ল’ৰা-ছোৱালীয়ে কাম কৰে সিহঁত অতি দুখীয়া ঘৰৰ হয়। ওচৰ-পাজৰৰ গাঁৱৰ বাসিন্দা। লগতে মোৰ কিবা এটা ইমোচনেল বণ্ডিং শ্বিলং আৰু ইয়াৰ মানুহৰ লগত সেইবাবেই নিজকে এওঁ‌লোকৰ মাজতে ৰাখি জীয়াই থাকিব বিচাৰোঁ।”
তাইৰ কথা শুনি কিবা এটা ভাল লাগি গ’ল। এনেদৰে আৰু বহুত কথাৰ জৰিয়তে তাইৰ লগত ভালদৰে চিনাকি হ’লোঁ, ঘূৰা-ফুৰা কৰিলোঁ কিছু। সপ্তাহত প্ৰায় তিনিবাৰকৈয়ে শ্বিলং যোৱা আৰম্ভ কৰিলোঁ। তাইৰ কাহিনীবোৰৰ আলম লৈয়েই এই কিতাপখন লিখিম বুলি ভাবিলোঁ।”
Ok break time Anu.
— অনুকম্পাই ডাইৰেক্টৰে হেডফোনত কোৱা শুনিলে আৰু ফৰ্মেলি টেলিভিছনৰ দৰ্শকসকললৈ বিনয়েৰে ক’লে,
“প্ৰিয় দৰ্শক, সিদ্ধাৰ্থ দত্তৰ সৈতে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম। কিন্তু সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। ক’লৈকো নাযাব। We will be right back Stay tuned to Nescafe presents “বাৰ্তালাপ” অনুৰ সৈতে।”
ধেন ধেন ধেন ধেন, মিউজিক বাজিল।
সিদ্ধাৰ্থক তাই সুধিলে,
“ছাৰ আপুনি মানে আপোনাৰ কাহিনীবোৰ বাস্তৱ জীৱনৰ লগতেই মিলাই লিখে?”
সি হাঁ‌হিলে আৰু পানী এক চিপ লৈ ক’লে,
“বিৰাট বেয়া লিখোঁ হে। আৰু ইমান কল্পনা শক্তি নাই দেই মোৰ। বাস্তৱ জীৱনক লৈয়ে লিখোঁ কিন্তু তাতে অলপ চলপ কিবা কিবি গাৰ্নিচিং কৰি লিখি দিওঁ‌ আৰু। আৰু আচৰিত কথা, মানুহবোৰে চোন কি ইমান ভাল পাই বা! বুজি নাপাওঁ‌। লাজেই লাগে পাই!”
অনুৱে ভাবিলে, ” কি আচৰিত মানুহ হে। ইমান নামজ্বলা লিখক আৰু ইমান সাধাৰণ চিন্তাধাৰা আৰু চিম্পল। তাই ক’লে, “নহয় ছাৰ আপুনি হাজাৰ ক’লেও আপোনাৰ নিচিনা নৱপ্ৰজন্মৰ লেখক-লেখিকা সকলে আমাৰ নিচিনা ২৫-২৬ বছৰীয়া ল’ৰা-ছোৱালীক অনুভৱ কৰাই যেন আমি নিজৰ জীৱনৰ প্ৰতিফলন চাই আছোঁ।”
এনেতে ব্ৰেক শেষ হোৱাৰ জাননী পোৱাৰ লগে লগে তাই পুনৰ বাৰ্তালাপ আৰম্ভ কৰিলে আৰু প্ৰায় এঘন্টামান পিছত শ্ব’ খতম হ’ল। তাৰ পিছত দুয়ো বেকষ্টুডিঅ’ত গ’ল আৰু কফি একাপেৰে সৈতে ইটো সিটো কথা পাতিবলৈ আৰম্ভ কৰিলে।
এই এঘন্টাত তাই এটা কথা লক্ষ্য কৰিলে যে প্ৰতিটো প্ৰশ্নৰ আগে আগে সিদ্ধাৰ্থই পানী খায়েই।
তাই কথাটো সুধিয়েই পেলালে, “ছাৰ আপুনি পানী খুব খায় নেকি?”
সিদ্ধাৰ্থই পুনৰ হাঁ‌হিলে,”নহয়। মানে মোৰ ডিঙি শুকাই যোৱা যেন লাগি থাকে প্ৰতি সময়ত। সেইবাবে খায়ে থাকো পানী।”
“অাচ্ছা ছাৰ, আপোনাৰ কিতাপখনত এজনী ছোৱালীৰ কথা বাৰে বাৰে উল্লেখ আছে, নাম মেৰী। এই মেৰীয়েই আপুনি লগ পোৱা ছোৱালীজনী নেকি?”
সিদ্ধাৰ্থই তেতিয়া ক’লে, “মানে তাই নহয় যদিও তায়ে হয়। তাইক লৈ লিখা হোৱা নাই যদিও তাইক লৈয়েই গোটেইখিনি কথা আছে কিতাপখনত কেনেদৰে তাইৰ প্ৰেম হয় ৰঞ্জনৰ লগত ইত্যাদি ইত্যাদি।”
তাই সুধিলে, “আচলতে সুধিলোঁ‌ কিয় যে আপুনি যিদৰে মেৰীক ডেছক্ৰাইব কৰিছে, তেনেকুৱাই লাগিল তাইকো। তাইৰ নামো মেৰী নেকি?”
“হয় তাইৰ নামো মেৰীয়েই। ৰঞ্জনৰ প্ৰেম নিবেদন আৰু তাৰ লগত তাইৰ প্ৰেমৰ আৰম্ভণিক লৈয়েই কিতাপখন আগবঢ়াই নিছোঁ। তুমি যদি পঢ়িছা গম পাবা নিশ্চয়।”
এইবুলি কৈ সি বহাৰ পৰা উঠিলে ক’লে,
“অকে। এতিয়া মই বিদায় মাগোঁ। এখন চেমিনাৰ আছে। তাতো যাব লাগে। শ্ব’টো কেতিয়া টেলিকাষ্ট হ’বনো?”
“ছাৰ ২৫ ডিচেম্বৰত হ’ব। আৰু এমাহ পিছত।”
— অনুৱে ক’লে।
এইবুলি কৈ দুয়ো কৰমৰ্দন কৰিলে আৰু সিদ্ধাৰ্থ ওলাই আহিল। এনেতে পিছফালৰ পৰা অনুৱে আকৌ সুধিলে,
“ছাৰ ৰঞ্জনো কোনোবা লগ পোৱা মানুহেই নে কাল্পনিক চৰিত্ৰ?”
সিদ্ধাৰ্থই হাঁ‌হিলে আৰু গাড়ীত বহিল। দৰ্জাখন মাৰি খিৰিকীৰ গ্লাছখন খুলিলে,
“সেইজন ময়েই। হা হা, হেভ এ গুড দে অনু!
ড্ৰাইভাৰক ক’লে,”ব’লা গৌতম!” আৰু গাড়ীখন সোঁ‌-সোঁৱাই গুছি গ’ল।
অনুৱে হাঁ‌হি হাঁ‌হি গাড়ীখনৰ ফালে চাই থাকিল আৰু অফিচৰ ভিতৰলৈ সোমাই গ’ল।
■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক