“অনুৰাগ” (-মৌচুমী বৰি)

 

“মৌ-যেন ফাগুনৰ
গুণ গুণ এথোপা ফুল ৷”
হীৰু দা
হঠাৎ ৱাটচ আপত এটা বাৰ্তা আহিল এটি অচিনাকি নম্বৰৰ পৰা –
“কেনে আছা অনুৰাগ দা?”
অনুৰাগৰ এনে লাগিল হৃদয়ৰ খুউব ওচৰৰ কোনোবা শুভাকাংক্ষীয়ে যেন বাৰ্তাটো পঠাইছে ৷ অনুৰাগেও বাৰ্তাটোৰ উত্তৰ দিবৰ বাবে মবাইলৰ অসমীয়া আখৰৰ কী বৰ্ডখন উলিয়াই লিখিবলৈ ধৰিলে —
“মই ভালে আছোঁ ৷ পিছে মই আপোনাক চিনি পোৱা নাই ৷বেয়া নাপাই যদি আপোনাৰ চিনাকীটো দিব নেকি?”

অলপ পিছতে অনুৰাগৰ ছেমছাং গেলেক্সি গ্ৰেণ্ড২ মবাইলটোৱে পানীৰ টোপাল পৰাৰ দৰে শব্দ এটা কৰিলে –“টুপুক”
অনুৰাগে পুনৰ ৱাটছ আপ খুলিলে ৷অচিনাকি নম্বৰটোৰ পৰা উত্তৰ আহিছে –
“মই পদ্মা, মোক পাহৰি গ’লা?”
বাৰ্তাটো পঢ়ি অনুৰাগৰ কঁপাল থুপ খালে ৷
“পদ্মা ? কোন পদ্মা?”
কোনো পদ্মাক যেন সি মনত পেলাব পৰা নাই, তাৰ এনে লাগিল ৷ অনুৰাগৰ মনৰ প্ৰশ্নটো যেন সিপাৰৰ পদ্মাই পঢ়িহে পেলালে ৷ অনুৰাগৰ মবাইলটোৱে পুনৰ শব্দ কৰিলে –“টুপুক”
সি পুনৰ খুলি পদ্মাৰ বাৰ্তা পঢ়িলে –
“মই অৰূপদাৰ ভনীয়েক পদ্মা”
হঠাতে অনুৰাগৰ বুকুখন ঢক কৰি উঠিল ৷
“পদ্মা!পদ্মা!পদ্মা! মোৰ দেৱী!”
অনুৰাগে চকুমুদি ফুচফুচাই কৈ উঠিল৷

Anurag

০০০০০০০০০০০০০০০০০

“ভালপোৱা মোৰ মুঠিখোলা হাতৰ
একাঁজলি বগা ধকধকীয়া আখৈ
চাৰিওফালে সিঁচৰিত হৈ আছে ….”
–হীৰু দা

অনুৰাগে চকীখনত হেলান দি বহিল ৷চিলিঙত ওলমি ঘূৰি থকা ফেনখনলৈ চাই চাই সি উভতি গ’ল ২০-২৫ বছৰৰ আগৰ দিনবোৰলৈ ৷পদ্মা,পদ্মা তাৰ এসময়ৰ হৃদয়ৰ পৰী আছিল ৷প্ৰিয় বন্ধু অৰূপৰ ভগ্নী পদ্মা ; বন্ধু সূত্ৰে পদ্মাহঁতৰ ঘৰলৈ তাৰ প্ৰায়ে আহ-যাহ হৈছিল ৷ পদ্মাক তাৰ কব নোৱাৰাকৈয়ে ভাল লাগি গৈছিল ৷ধুনীয়া আছিল পদ্মা ৷গাল দুখন আছিল গাখীৰত সেন্দূৰসনাৰ দৰে ; হাঁহিলে চকুদুটাইও হাঁহিছিল ৷ সঁচা অৰ্থত সি প্ৰেমত পৰিছিল পদ্মাৰ!সেয়ে সি ঘনাই অহাযোৱা কৰিছিল অৰূপক লগ কৰাৰ ছলেৰে পদ্মাক চাবলৈ ৷
সি পদ্মাৰ ধুনীয়া চকুদুটালৈ চাই কয়—
“পানী এগিলাছ দিয়াছোন ৷”
পদ্মাইও লাজুক লাজুক ছাৱনিৰে পানীগিলাছ আনি অনুৰাগৰ হাতত তুলি দিয়ে ৷পদ্মাৰ হাতৰ পৰা পানীগিলাছ লওঁতে অনুৰাগৰ এনে লাগে তাৰ বুকুত যেন গীটাৰৰ এক মধুৰ ঝংকাৰ বাজিছে ! সি দুষ্টামি হাঁহি মাৰি পদ্মাক কয় –
“চাহ নুখুওৱা নেকি?”
পদ্মাই লাজুক হাঁহিটোৰে পাকঘৰলৈ বুলি খোজ দিয়ে ৷ অনুৰাগৰ বুকুখন ভৰি যায় ৷ পদ্মাইও তাক ভাল পায় যেন লাগে তাৰ !
পদ্মাৰ পৰীক্ষা আহিলে সি পদ্মাক শুভেচ্ছা ভৰা কাৰ্ড পঠাই আৰু পদ্মাইও তাৰ পৰীক্ষা বোৰত শুভেচ্ছা কাৰ্ড পঠায় ৷এনে কাৰ্ড পালে পদ্মাৰ মন কেনে লাগে সি নাজানে কিন্তু পদ্মাই দিয়া শুভেচ্ছা কাৰ্ডবোৰে তাৰ মনটোক অনাবিল আনন্দেৰে ভৰাই তোলে ৷সি শুভেচ্ছা ভৰা কাৰ্ড খনক দুবাৰমান চুমা খায়, দুবাৰ মান বুকুত সাৱটি লয় তাৰপিছত তাৰ একান্ত ব্যক্তিগত ফাইলত আলফুলে ভৰাই থয় ৷যেন সেইয়া এখন কাৰ্ড নহয় এক আপুৰুগীয়া সম্পদ৷সি ভাবে –“পদ্মাই বাৰু এনেকৈ ৰাখেনে তাৰ শুভেচ্ছা কাৰ্ডবোৰ?” কিয় জানো পদ্মাক তাৰ “দেৱী” বুলি মাতিবৰ মন যায়, কিন্তু কিবা এক সংকোচত সি মাতিব নোৱাৰে ৷

০০০০০০০০০০০০০০০০০০০০০০০০

“মুগ্ধ ৰাতিৰ দিলৰুবাত কাৰ জোনাকী হাত!
ৰূদ্ধশ্বাস অন্ধকাৰত অনুভৱ কৰিলো অকস্মাৎ
বৰ্ষণ-জাগ্ৰত বকুলৰ নিৰ্ভাৰ নিৰ্যাস ৷”
–হীৰু দা
বাহিৰত এজাক বৰষুণ পৰিছিল ৷ পদ্মাই ঘৰৰ বাৰান্দাত থিয় হৈ বৰষুণজাকলৈ চাই ৰ’ল ৷ তাইৰ বুকুত নূপুৰ বাজিছে ! প্ৰেমৰ নূপুৰ!বাৰান্দাৰ পৰা নামি চোতাল পালেগৈ তাই! বৰষুণজাকত চকু মুদি তিতি থাকিল তাই! বৰষুণৰ টোপালবোৰে জিৰ জিৰ শব্দ কৰি তাইৰ দেহৰ প্ৰতিটো অংগতে যেন আঙুলি বোলাই এক সুৰৰ সৃষ্টি কৰিলে৷ কিমান সময় এনেকৈ তিতি থাকিল পদ্মাই ক’ব নোৱাৰে ৷
“মাজনী,বৰষুণত কিয় তিতি আছ’?চৰ্দি-জ্বৰ হ’ব!”—এইবুলি কৈ মাকে তাইক হাতত ধৰি বাৰান্দালৈ টানি আনিল ৷
“যা, বাথৰূমলৈ গৈ কাপোৰ সলাগৈ ৷পাগলী হলি নেকি?” মাকে মৃদু ধমক দিলে তাইক!
সেইদিনা বৰষুণত তিতি জুৰুলি-জুপুৰি হোৱা পদ্মাই বাথৰূমত গৈ কাপোৰ সলাই লৈছিল ৷ মাকে কেনেকৈ বুজিব তাইৰ হৃদয়ত বাজি থকা নূপুৰৰ কথা ! নিশব্দ প্ৰেমৰ সুৰ!অনুৰাগ আৰু তাইৰ প্ৰেমৰ মৃদু ঝংকাৰ!—তাই ভাবিলে ৷
বৰষুণত তিতি তাইৰ সঁচাকৈয়ে চৰ্দি-জ্বৰ হৈছিল ৷ অনুৰাগ আহিছিল পিছদিনা ৷তাই কাপোৰ এখন গাত লৈ হাঁচিয়াই হাঁচিয়াই শুই আছিল ৷ অনুৰাগে তাইক দেখি বিমৰ্ষ হৈ পৰিছিল ! তাইৰ অকনমান চৰ্দি-জ্বৰেও যেন তাক দুখত কাতৰ কৰি তুলিব!প্ৰেম কিজানি এনেকুৱাই !কণ কণ কথাবোৰে প্ৰেমত কিমান গুৰুত্ব পায় তাক বুজাইহে বুজিব!
অনুৰাগক দেখি পদ্মাৰ কবলৈ মন গৈছিল –“অনুৰাগ দা!কালি তোমাৰ বাবেই মই বৰষুণজাকত তিতিছিলো ৷তোমাৰ বাবেই মোৰ বুকুত নূপুৰ বাজিছিল ৷তোমাৰ প্ৰেমৰ বৰষুণজাকত তিতি তিতি মই উন্মনা হৈ পৰিছিলো ৷”
কিন্তু অনুৰাগক কথাবোৰ কোৱা নহ’ল পদ্মাৰ, মনৰ কথা মনতে থাকি গ’ল৷
অনুৰাগে পদ্মালৈ চাই ক’লে – “তেন্তে আজি মোৰ পানী আৰু চাহ খোৱা বন্ধ!”
পদ্মাই হাঁহি এটা মাৰি ক’লে—“কিয়? মা আছে নহয়!মায়ে দিব আকৌ!”
অনুৰাগে পদ্মাৰ মাকক “মা মা” বুলি চিয়ঁৰি কোঠাৰ পৰা বাহিৰলৈ ওলাই গ’ল৷পদ্মাৰ তেতিয়াও বুকুত নূপুৰ বাজিছিল ৷ অজান পুলকত চকু দুটা মুদি দিছিল তাই!!

০০০০০০০০০০০০০০০০০০০০

“কোনে জানে আকাশৰ
ক’ত থূপ খাই থাকে
ইমান এন্ধাৰ!”
— হীৰু দা

অনুৰাগ আৰু পদ্মাৰ ককায়েক অৰূপে ইঞ্জিনিয়াৰিঙত চিট পাইছিল ৷ সুখবৰটো লৈ অনুৰাগ সেইদিনা পদ্মাহঁতৰ ঘৰ ওলাইছিলহি ৷ অনুৰাগ আৰু অৰূপৰ খবৰটোৱে দুয়োখন ঘৰকে বৰ আনন্দ দিছিল৷ আনন্দিত হৈছিল পদ্মাও ৷পদ্মাই আনন্দতে হাতেৰে বনোৱা কাৰ্ড এখন উপহাৰ দিছিল অনুৰাগক! অনুৰাগেও সদায় কৰাৰ দৰে ৰূমলৈ আহি সেই অভিনন্দন কাৰ্ড খনক চুমা খাইছিল, বুকুত সাৱটি লৈছিল আৰু আলফুলে ভৰাই থৈছিল তাৰ ব্যক্তিগত ফাইলত৷
অনুৰাগ ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ হোষ্টেললৈ গুচি গৈছিল পদ্মাক সদায় দেখিবলৈ নোপোৱাৰ দুখ বুকুত সাৱটি৷এনেকৈয়ে দিনবোৰ গৈ থাকিল ৷ পিছে পৰীক্ষাৰ সময়ত গ্ৰীটিংছ কাৰ্ড দিবলৈ দুয়োজনে নাপাহৰিছিল ৷ পদ্মাৰ কেতিয়া পৰীক্ষা হ’ব অনুৰাগে অৰূপৰ পৰা জানি লৈছিল আৰু পদ্মাইও ককায়েকৰ পৰা সকলো গম পাইছিল ৷পদ্মা আৰু অনুৰাগৰ মিলাজুলা সম্পৰ্কখিনিক পদ্মাৰ ঘৰখনে কেতিয়াও সন্দেহৰ চকুৰে চোৱা নাছিল, পৱিত্ৰ ককায়েক-ভনীয়েকৰ সম্পৰ্ক বুলিয়েই ভাবি থাকিল৷
এদিন হঠাৎ অৰূপে বিয়াৰ কাৰ্ড এখন অনুৰাগৰ হাতত গুজি দিছিল ৷ বিয়া!!পদ্মাৰ বিয়া!!অনুৰাগ স্তব্ধ হৈ গৈছিল৷ একো কব পৰা নাছিল সি!! পদ্মাক বিয়া কৰিবলৈ সি যে তেতিয়াও উপযুক্ত হৈ উঠা নাছিল!!পদ্মাইও তালৈ অপেক্ষা নকৰিলে কিয়??
বাৰান্দাৰ এন্ধাৰত বহি সি সেইদিনা হুকহুকাই কান্দিছিল৷ শুব পৰা নাছিল সি বহুদিন!দেৱী!তাৰ দেৱী! অনুৰাগৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল৷পাত সৰা গছৰ দৰে তাৰ মনটো শুকান হৈ পৰিছিল৷

০০০০০০০০০০০০

“ব্যৰ্থতাৰ আন নাম কি
মই নেজানো, হয়তো
এখন অনুজ্জ্বল আকাশ৷”
— হীৰু দা

পদ্মালৈ ইটো সিটোকৈ বিয়াৰ প্ৰস্তাৱ আহিব লৈছে ৷ পদ্মা চিন্তিত হৈ পৰিছে বিয়াৰ প্ৰস্তাৱবোৰ পায়৷তাই যে হৃদয়খন অনুৰাগকে দি থৈ দিছে৷ অনুৰাগৰ বাদে তাই কাকো তাইৰ প্ৰেম যাচিব নোৱাৰে !!

অনুৰাগেটো কাহানিও তাইক “ভাল পাওঁ” বুলি কোৱা নাছিল!সোধা নাছিল পদ্মাক কাহানিও –“তুমি মোক ভাল পোৱানে বা তুমি মোৰ স’তে বিয়াত বহিবানে?” অনুৰাগে মোক ভাল পায় বুলি ভবাটো মোৰ কি ভ্ৰম আছিল?কিজানি মইহে একপক্ষীয়ভাবে ভাল পাওঁ নেকি?”—অজস্ৰ উত্তৰহীন প্ৰশ্নই পদ্মাৰ মন থকা সৰকা কৰিলে৷এনেকৈ ভবা-গুণা কৰি থাকোঁতেই পদ্মাৰ দেউতাকে বিয়াৰ প্ৰস্তাৱ এটা ফাইনেল কৰি পেলাইছিল ৷ পদ্মাহঁতৰ ঘৰখনত পদ্মাৰ দেউতাকৰ কথা আছিল শিলৰ ৰেখা ৷
অনুৰাগে তাইক ভাল পাইছিল নে নেপাইছিল—এনে এক দুধোৰ-মোধোৰ অৱস্হাৰে তাই বিয়াৰ প্ৰস্তাৱ মানি ল’ব লগা হৈছিল বিনা প্ৰতিবাদেৰে৷ অৱশেষত বুকুত এবোজা নোপোৱাৰ দুখ লৈ পদ্মাৰ বিয়া হৈ গ’ল৷

০০০০০০০০০০
“প্ৰেমৰ কথাতো আৰু আনক কব নোৱাৰি৷
নিশ্বাসৰ দৰে নিশব্দে ই যেন বিচাৰি ফুৰে
শব্দ,বৰ্ণ আৰু পোহৰৰ উৎস৷”
হীৰু দা

পদ্মাৰ বিয়া হৈ গ’ল৷ অনুৰাগেও ইঞ্জিনিয়াৰিঙ পাছ কৰি দেউতাকৰ ব্যৱসায়ত ধৰিলে ৷কামৰ ব্যস্ততাৰে সি পদ্মাক পাহৰি থাকিব বিচাৰিলে৷অনুৰাগে কামত ইমানেই মনোযোগ দিব ধৰিলে যে এজন সফল ব্যৱসায়ী হিচাপে সি অতি সোনকালেই স্বীকৃতি লাভ কৰিলে৷মাক-দেউতাকে তাক বিয়া পাতিবলৈ জোৰ কৰাত প্ৰথমে অনিচ্ছা প্ৰকাশ কৰিছিল ৷কিন্তু মাক-দেউতাকৰ মুখলৈ চাই দেউতাকৰ বন্ধুৰ ছোৱালী তনয়াক সি বিয়া পাতিব লগা হ’ল৷
তনয়া আছিল ধনীৰ দুলালী৷ প্ৰেম-ভালপোৱাতকৈ আগস্হান দিছিল বাহ্যিকতাত৷ নতুন মডেলৰ ধুনীয়া ধুনীয়া গাড়ী কিনা, বছৰত এবাৰকৈ বিদেশভ্ৰমণ—এইবোৰ আছিল তনয়াৰ অনুৰাগৰ ওচৰত আবদাৰ ! তনয়াৰ ইচ্ছাবোৰ পূৰণ নকৰিলে অনুৰাগৰ লগত কাজিয়া কৰিছিল তাই৷
অনুৰাগ-তনয়াৰ সংসাৰখনত প্ৰেম, ভালপোৱা, আবেগৰ স্হান নাছিল৷ যন্ত্ৰৱৎ দিনবোৰ পাৰ হৈছিল দুয়োৰে ৷ পাৰ্টী কৰা, ক্লাৱত ডান্স কৰা, ড্ৰিংক কৰা – এইবোৰ আছিল তনয়াৰ নিত্য নৈমিত্তিক দিনলিপি৷তনয়াৰ এনে আচৰনে অনুৰাগক পদ্মালৈ মনত পেলোৱাত সহায় কৰিছিল৷ এদিন সি তাৰ একান্ত ব্যক্তিগত ফাইলটো লৈ পদ্মাই দিয়া গ্ৰীটিংছ কাৰ্ড বোৰ চাই আছিল! তেনেতে তনয়াই সকলোবোৰ দেখা পালে আৰু “পুৰণি কথা পাহৰি যোৱা” বুলি কৈ সকলোবোৰ গ্ৰীটিংছ কাৰ্ড কাঢ়ি লৈ পুৰি পেলালে৷ কাৰ্ডবোৰ এনেকৈ জ্বলি যোৱাত অনুৰাগে মনত বৰ দুখ পাইছিল আৰু খুব কান্দিছিল সি তনয়াই গম নোপোৱাকৈ ৷

০০০০০০০০

“মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণ গুণ শব্দ
এনেকৈ ৰূ-ৰূৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে”
হীৰু দা

পদ্মাৰ বিয়াৰ ১৫ বছৰ পাৰ হ’ল; পদ্মাহঁতৰ সংসাৰলৈ দুটি সন্তান আহিল৷ সংসাৰৰ ব্যস্ততাৰ মাজতো পদ্মাই অনুৰাগক পাহৰিব পৰা নাছিল৷এদিন হঠাৎ ককায়েক অৰূপৰ পৰা অনুৰাগৰ ফোন নম্বৰটো ল’লে পদ্মাই আৰু ৱাটচআপত বাৰ্তা পঠালে –

“কেনে আছা অনুৰাগ দা?” – সেইয়াই আৰম্ভণি৷
“সংসাৰ পাতি মোক পাহৰি গ’লা অনুৰাগ দা?” পদ্মাই সুধিছিল অনুৰাগক ৷
“মই তোমাক পাহৰা নাছিলো পদ্মা!ভাবিছিলো তুমি নিজৰ সংসাৰ লৈ ব্যস্ত আছা ৷ সেয়ে তোমাক আমনি কৰিব খোজা নাছিলো৷”
পদ্মাৰ কিয়জানো বিয়াৰ আগৰ খুদুৱনি আজিয়েই মাৰ নিয়াবৰ মন গ’ল—
“অনুৰাগ দা, এটা কথা সুধোঁ?”
“সুধা পদ্মা?”
“তুমি মোক ভাল পাইছিলানে? মোক বিয়া পাতিম বুলি ভাবিছিলানে?”
“এনে প্ৰশ্ন কিয় কৰিলা পদ্মা?”
“তুমি মোক ভাল পাওঁ বুলি মুখ ফুটাই নোকোৱা বাবেই মই অন্য এজনৰ লগত বিয়াত বহিলো অনুৰাগ দা৷”
পদ্মাৰ কথাত অনুৰাগৰ দুচকু ভৰি আহিল৷ তাৰ নিজকে পদ্মাৰ ওচৰত জগৰীয়া অনুভৱ হ’ল৷
“তুমিওটো মোক কোনোদিন ভাল পাওঁ বুলি কোৱা নাছিলা পদ্মা! মই তোমাক ভালপাওঁ বুলিলে তুমি মোক ভাল নাপাওঁ বুলি কবা বুলি মোৰ ভয় হৈছিল৷”
“মই তোমাক ভাল পাইছিলো অনুৰাগ দা ৷ আজিও মোৰ প্ৰেম মাথোঁ তোমাৰ বাবে৷”
“তেনেকৈ নক’বা পদ্মা !এতিয়া তোমাৰ সংসাৰ আছে আৰু মোৰো সংসাৰ আছে!নিজৰ পতিৰ লগতে ল’ৰা-ছোৱালী হালৰ যত্ন লোৱা৷ মোৰ কথা আৰু নাভাবিবা৷”
“অনুৰাগ দা, মই মোৰ সংসাৰ ধৰ্ম পালন কৰিছো কিন্তু মোৰ প্ৰেম পাত্ৰ তোমাৰ বাদে অইন কাকো দিব নোৱাৰোঁ৷”
“মোৰ দেৱী! কিমান দিন তোমাক দেৱী, দেৱী বুলি মাতিম বুলিও মই মাতিব পৰা নাছিলো ৷ অকনমান ভুলৰ বাবেই আমাৰ মিলন নহ’ল দেৱী!”
এইবুলি লিখি বাৰ্তাবাকচৰ সিপাৰত অনুৰাগ আবেগত কান্দি উঠিল ৷ পদ্মাইও হেঁপাহ পলুৱাই কান্দিলে ৷
“নাকান্দিবা অনুৰাগ দা, আমি আজি আকৌ ইজনে সিজনক লগ পাইছো৷”
“দেৱী, আজি তোমাক পুনৰ লগ পাই নিজকে সম্পূৰ্ণ অনুভৱ কৰিছোঁ মই৷ তুমি আৰু মোৰ পৰা আঁতৰি নাথাকিবা দেৱী!আমি এনেকৈয়ে সদায় লগ হ’ম৷সুখ-দুখৰ কথা পাতিম ৷ দুখত-সুখত ইজনে সিজনৰ সমভাগী হ’ম৷”

অনুৰাগৰ বাৰ্তাটো পঢ়ি পদ্মাই মাথোঁ কান্দি থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments