অনুৰণন (তিৰুজ্যোতি বৰা দাস)

“অসম্ভৱ…একেবাৰে অসম্ভৱ। সেই ৰাৱণ দৈত্যটোৰ ওচৰলৈ যোৱাতকৈ নোযোৱায়েই ভাল। ইমান ৰাফ মানুহ। জীৱনত আজিলৈকৈ পোৱা নাই এনে মানুহৰ সংগ। বিয়া-চিয়া পাতিছে যদি মানুহগৰাকীৰ কি অৱস্থা হৈছে বাৰু। নাই নাই এই বপুৰাই আৰু কি বিয়া পাতিব। কঠুৱা দুশাসনৰ নিচিনা হৃদয়ৰ মানুহক কোনোবাই ভাল পাব পাৰেনে। নোৱাৰে নোৱাৰে একেবাৰে অসম্ভৱ৷”

“নীলাক্ষী, তুমিও অদ্ভুত কথা কোৱা। ৰাৱণ আৰু দুশাসন দুয়োজনেই বিয়া পাতিছিল। বেচেৰা এঞ্জেল’ মাৰটনক তুলনা কৰিবলৈ তুমি বাৰু মহাকাব্য দুখন উঠাই আনিব লাগেনে। শুদ্ধ হ’লেও ঠিক আছিল সব ভুল তথ্য। আকাশে হাঁহি হাহি ক’লে”।

হ’ব হ’ব দিয়া। তেখেত বেচেৰা মুঠেই নহয়। কথা কৈ কৈ নীলাক্ষীয়ে জোতা আৰু কোটটো খুলি ৱাৰড্ৰপত ভৰালে। “বুজিছা আকাশ। এঞ্জেল’ৰ ওচৰত আৰু ড্ৰাইভিং নিশিকো। মৌমিতাজনীয়ে নোকোৱা হ’লে মই নগ’লোয়েই হেঁতেন নহয়। তুমিও দেখোন মোক শিকাব পাৰা। চমাৰভিলৰ আশে পাশে অত’বোৰ পার্ক আছে আৰু এই মার্চাৰ ষ্ট্ৰীটটো, ইয়াতেই দেখোন সহজ শিকিবলৈ। সেইজনাৰ লগত গাড়ীত উঠি চমাৰচেটলৈকে যাব লাগে। তুমি শিকাবানে কোৱাছোন। গালিবোৰ খাই মোৰ মুঠেই ভাল লগা নাই অ’।

‘মৌমিতাই তোমাক কি কৈছিল মনত আছেনে। ৰাফ হ’লেও এঞ্জেল’ই তোমাক একেবাৰে পৰীক্ষাতো পাছ কৰাব। গীতকটো এইবাৰ স্কুলত দিবই লাগিব। ড্ৰাইভিং লাইচেঞ্চখন কিমান জৰুৰী ভাবাছোন”।

‘জৰুৰী বুলি বুজিছোঁ। কিন্তু তুমিওটো ভাল চলোৱা। মই কেৱল তুমি শিকোৱাৰ কথা কৈছোঁ৷ বেছিকৈ কৈ থাকিলেও নার্ভাচ হৈ যাওঁ বুজিছা”।

“তোমাক শিকাবলৈ লোৱা, তুমি গাড়ী চলাবলৈ শিকা আৰু মোৰ গাড়ীত টিকট লগা একে কথা”।
“কিনো অকাই পকাই কথাবোৰ কৈ থাকা বাৰু”।

“আচলতে কি জানা নীলাক্ষী। আজিকালি সকলো নাৰীয়েই গাড়ী চলাব জানে। চোৱাছোন গাড়ী চলাবলৈ শিকিলে কিমান সুবিধা। তুমি ঘণ্টাজুৰি মোৰ বাবে ৰৈ থাকিব নালাগে। গাড়ী উলিয়ালা আৰু গ’লা, বজাৰ কৰিলা-উভটি আহিলা, পার্লাৰ গ’লা -উভটি আহিলা, কিটি পার্টিনে কি সেইটোত গ’লা উভটি আহিলা। মুঠৰ ওপৰত সুবিধাই সুবিধা”।

“এস টুনী চৰাইৰ সাধু মোক শুনাব নালাগে দিয়া। জানো নহয় তুমিযে দায়িত্বৰ পৰা আজৰি হ’ব বিচাৰিছা। ভালকৈয়ে বুজিছোঁ৷ সিদিনা ভন্টীৰ আগত কি কৈ আছিলা শুনিছো নহয়। “…ভন্টী নীলাক্ষীয়ে গাড়ী চলাব পাৰিলে মই একেবাৰে ৰক্ষা পৰিম বুজিছ। বজাৰৰ ভয়ানক লিষ্টখন লৈ দোকানৰ পৰা বাৰেপতি ফোন কৰিব নালাগে আৰু সেই লগৰ কেইজনীযে নিত্যনতুন প্লেন বনোৱাত ওস্তাদ-আজি অলৈ কালি তলৈ, ৰাম ৰাম লেমটো হৈ ওলমি থকাৰ পৰা ৰক্ষা পৰিম বুজিছ”।

“তুমি যে এনে চোৰ জনাই নাছিলো নীলা। মই ভন্টীৰ লগত কিনো কথা পাতো তাকো হ’বলা তুমি শুনি থাকা। তোমালোকে বাথৰুমত গা ধুবলৈ যোৱানে বাহিৰত কোনে কি কথা কৈছে তাক শুনিবলৈ যোৱা। অ সেয়ে মহিলা কমিটীৰ স্নানাগাৰত ইমান বিলম্ব হয়”।

“হ’ব হ’ব দিয়া। মই তোমাৰ দৰে নহয়। শুনি থকা নাছিলোঁ৷ ভন্টীয়ে দুপৰীয়া ফোন কৰিছিল যে, তোমাৰ ভাষণৰ বিশদ বিৱৰণ দিছে৷”

“ হায়ৰে কলিকাল। মোৰ তেজৰ ভগ্নীও আজি বিশ্বাসঘাটিনী।“

“ভাওনাৰ বচন থোৱা। আলুচ’প খাবানে কোৱাছোন।‘

“আও আলুচ’প নাখামনে। তাৰমানে গাড়ী চলাবলৈ শিকাবই লাগিব। গুৰু দক্ষিণাৰ তেল ভাগৰ আৰম্ভনি হ’লেই৷”

“ ইচ আলুচ’প, চাট, পকৰিৰ ফৰমাইচ আনদিনা নকৰেহে যেনিবা৷”

নীলাক্ষীয়ে ল’ৰালৰিকৈ ভৰি হাত ধুই পাকঘৰলৈ গ’ল। যাবৰ সময়ত, আলুকেইটা তাই কুকাৰত সিজাই থৈ গৈছিলেই। বেছি সময় নালাগে। গীত উঠাৰ আগতেই, চাহৰ যোগাৰ হৈ যাব।
আকাশে পাকঘৰ সংলগ্ন বেলকনিখন বোধহয় খুলি থৈছিল। পাকঘৰ সোমায়েই নীলাক্ষীৰ মনটো ভৰি পৰিল। অক্টোবৰ মাহৰ চঞ্চল বতাহজাকে, পিছফালৰ মেপলজোপাৰ গোটেইসোপা ৰঙ যেন তাইৰ অকণমানী পাকঘৰটোত সুমুৱাই থৈ গৈছেহি। সৰু –ডাঙৰ-মজলীয়া, ৰঙা, কমলাবুলীয়া, মুগাৰঙী অসংখ্য মেপল পাতৰ, মজলিচ বহিছে পাকঘৰটোত। চপলা বতাহজাকে কোনোৱাটোক মাতিছে-মেল এৰি পখিলাৰ দৰে উৰা মাৰিছে কমলাৰঙী মেপল পাত। চো মাৰি আকৌ উভটি আহিছে। মেমচাহাবৰ দৰে কেইখিলামান পাতে চক্ৰাকাৰে বহি উদভ্ৰান্ত পখিলাবোৰক নিৰিক্ষণ কৰি আছে। বাৰেৰঙী পখিলাৰ জাক! পখিলা পখিলা বাৰেৰঙী পখিলা…তাই অনুভৱেৰে দহোটা বছৰৰ আগৰ দিনবোৰলৈ যেন উভটি গ’ল।…বিশ্ববিদ্যালয়ৰ আৱাসৰ একেবাৰে ওপৰৰ কোঠাটো দুজনী ছোৱালীয়ে আটোমটোকাৰীকৈ সজাইছে। নাম ৰাখিছে ‘আলফুল’। আলফুলৰ গৰাকী দুয়োগৰাকীৰে, মনযে খুউব কোমল আৰু স্পর্শকাতৰ। খিৰিকীৰ সিপাৰে থকা অন্যন্য জগতখনত দুয়োগৰাকীয়ে খুৱেই ব্যস্ত। পানীমেটেকাৰ বুকু জুৰোৱা বেঙুনী ফুল, সখীয়তি চৰাইজনী, ৰাধাচূড়াজোপা, শৰালী হাঁহৰ জাক, কের্কেটুৱাকেইটা সেইয়া যে এক অন্যন্য মায়াময় জগত। খিৰিকীৰে আলফুলৰ বুকুলৈ সোমাই আহিব বিচৰা, নামবিহীন গছজোপা-তাৰ পাতবোৰযে কেনেকৈ সৰি থাকে বতাহত..টুপুৰ টুপৰকৈ। খিৰিকীৰ ৰেলিংত ধৰি দুয়োগৰাকী ৰৈ থাকে, লেথেৰী নিচিগা অজস্ৰ কথা…এই পৰিল পৰিল আৰু এটি পখিলা হামখুৰি খাই পৰিল। উচ্ছল, চিন্তাবিহীন, নিষ্কলুষ মৰমৰ জীৱন। বিদায় বেলাত, আলফুলৰ ডাঙৰ গৰাকীয়ে সৰুগৰাকীলৈ বুলি ‘সোঁৱৰণিৰ সঁফুৰাত’ লিখিলে, “ছাদখন মোৰ প্ৰাণৰ বাটচ’ৰা। ইয়াৰপৰাই দেখি কৃষ্ণচূড়াৰ পাহি, শিমলুফুলৰ হাঁহি…বুকুজুৰি উজ্জলি থাকিব মোৰ স্মৃতিৰ জোনাকী… আলফুলক দৌৰি আহি খৱৰ এটা দি যামহি…গছজোপাৰ পাত আৰু সৰিব বুজিছা…হালধীয়া পাত এতিয়াও বহুত আছে…বতাহজাক ক’ৰবাৰ পৰা আহিলেই হ’ল এতিয়া”।

“নীলা তোমাৰ ফোন” আকাশৰ চিঞৰত তাইৰ তন্ময়তা ভাগিল। আলুচ’প বনাবলৈ আহি, কিযে ভাবি আছে তাই।
“কাৰ ফোননো?”

“তোমাৰ শিক্ষক এঞ্জেল”

“তুমিয়েই কথা পাতি থৈ দিয়া নহ’লে। আজি এখুন্দা লাগি আহিছোঁ আকৌ বা কিয় ফোন কৰিছে”।

“হেল’ এঞ্জেল’। হাও আৰ ইউ। হল্ড ফৰ এ চেকেণ্ড”…দ্বিতীয় বাৰৰ বাবে বাজি উঠা ফোনটো ৰিচিভ কৰি, আকাশে তাইৰ ফালে চাই ফুচফুচাই ক’লে
“তোমাক বিচাৰিছে। আৰজেন্ট হেনো”।

সামান্য ইতস্তত ভংগীমাৰে নীলাক্ষীয়ে ফোনটো ল’লে
হেল’
“আই নিড ইউৰ হেল্প। কেন ইউ হেল্প মি৷”

‘হুৱাট’ অস্বাভাৱিক ভাবে ওলাব বিচৰা মাতটো কোনোমতে চেপিধৰি নীলাক্ষীয়ে সুধিলে” হুৱাট কাইন্ড অফ হেল্প। অফক’র্চ ইউ কেন টেল মি”

পাচমিনিটতকৈ বেছি হ’ল। আকাশে চটফটাই থাকিল। আও দেখিব নোৱাৰা মানুহটোৰ লগত নীলাই বাৰু কি কথা পাতিছে। আকাশে কাণ উনাই থাকিল। নাই শুনাৰ একো উপায় নাই। নীলাই কেবল য়েচ, অ’কে এই শব্দকেইটা কৈ আছে। মাজতে তাই জেচমিন জেচমিন বুলি দুবাৰ দোহাৰিলে। ইহঁতে কিবা চাৰপ্ৰাইজ প্লেন কৰা নাইতো। পৰহিলৈ যে আকাশৰ বার্থডে।

“চাৰপ্ৰাইজ, চাৰপ্ৰাইজ”…আকাশৰ বুকুত গুমগুমাই থকা শব্দটো কাঢ়ি, মুখত লৈ নীলাক্ষী ধহমহাই চোফাখনত বহিল।

“চাৰপ্ৰাইজ কি চাৰপ্ৰাইজ”

“এঞ্জেল’ৰ বিপদ। সহায় লাগে। আস মোৰ গুৰুজনাই তেওঁৰ নিকিন, গর্ধপ ছাত্ৰীৰ পৰা সহায় বিচাৰিছে। “আকাশে দেখিলে মুহূর্তৰ ভিতৰতে নীলাক্ষীৰ বাদামী চকুযুৰি তগবগাই উঠিল। হয়তো তাই গর্বিত হৈছে –ভাবিছে ইমানকেইজনীৰ ভিতৰত এঞ্জেল’ই তাইৰ পৰাহে সহায় বিচাৰিছে৷”

“এঞ্জেল’ৰ মাকৰ অসুখ। বষ্টনত থাকে। বৰ জৰুৰী- এঞ্জেল’ যাব লাগে। যাব মানে যাবলৈ ওলালেই-ঘৰৰ পৰা ওলাইছে হেনো। মাউনটেইন এভিনিউ হৈ যাওঁতে আমাৰ মেইলবস্কত তেওঁ ঘৰৰ চাবিপাট ভৰাই থৈ যাব। মোক তেওঁৰ মৰমৰ মেকুৰীজনী, খুওৱাৰ দায়িত্ব দিছে। তাই বোলে নিজে নাখায়। খোৱাবস্ত দি তাইক তিনিবাৰ নামকাঢ়ি মাতিব লাগে। চেহ মেকুৰীজনীৰ নামটোবা কি আছিল। তুমি মনত ৰাখিবা বুলি মই নামটো জোৰেৰে কৈছিলো৷”

“অ মই শুনিছিলো-জেচমিন জেচমিন৷”

“সেইয়া মই জানিছিলোয়েই নহয়, তুমি যে কাণ উনাই মনে মনে শুনি থাকিবা। কোনো, কাৰ ফোনৰ কথা শুনে এতিয়া ধৰা পৰিলা?
ৰ’বা পিছৰখিনি শুনা। জেচমিনে যদি এবাৰত মাতিলে খাবলৈ নাহে, তেতিয়াহ’লে তাইক হেনো চুইটি কিউটি বুলি মাতি, অলপ তেলাব লাগে। বেটীৰ বোলে বৰ ভেম। এঞ্জেল’ৰ ৰবার্ট নামৰ কুকুৰ এটাও আছে। তাক বোলে বষ্টনলৈকে লৈ যাব। সমস্যা বোলে জেচমিনক লৈহে। তাই হেনো বৰ লাজকুৰীয়া স্বভাবৰ, মানুহৰ লগত বেছি হ’লিগলি নাই। ঘৰৰ পৰা বাহিৰ নোলায়েই। ইচ ৰাম এই দেশৰ মানুহৰো যে কথা!

ৰক্ষা বুজিছা, দুদিন মোৰ চুটি। গাড়ী শিকিব নালাগে। দুদিন সুখত থাকিম। মহাপুৰুষজনাৰ ডাইলগ শুনিব নালাগে৷” আকাশে নীলাক্ষীৰ চকুৰ তিৰবিৰণিৰ ৰহস্য এতিয়াহে বুজি পালে।

“অ আজিৰ ঘটনাটোৰ কথা কোৱাই নাই নহয়। এঞ্জেল’ই পেৰেলেল পার্কিং শিকাই আছিল-বাজিল নহয় মোৰ ফোনটো। মৌমিতাৰ ফোন। বাৰে বাৰে কৰিয়েই আছে। ফোনটো উঠালো, বেচেৰীয়ে হুৰাওৰাওে কান্দিব লাগিছে। তাই বোলে সুশান্তৰ লগত বিবাহ বিচ্ছেদ কৰিব। বহুত সহ্য কৰিলে তাক৷”

“তুমিওযে আৰু মৌমিতাৰ কথা শুনিব লাগেনে। তাইৰ বিবাহ বিচ্ছেদটো শুকুৰবাৰৰ স্পেচিয়েলেই। তাই দেখোন প্ৰতি শুকুৰবাৰেই তোমাক বিবাহ বিচ্ছেদৰ কথা কয় আৰু শনি, দেওবাৰে, দুয়োটাই মিলি চিনেমা চায়, ফুৰিবলৈ যায়। মৌমিতাৰ কথা চিৰিয়াচলি নল’বা” আকাশে ক’লে৷

“নহয় ৰবাছোন আজি অলপ বেছি চিৰিয়াচ। সুশান্তৰ মৌমিতাৰ কাৰণে বোলে অলপো সময় নাই । অফিচৰ পৰা আহিয়েই লেপটপ লৈ বহি যায়। বেচেৰী কান্দি কাটি হায়ৰাণ। মই ফোনতে তাইক অলপ বুজাই আছিলো বুজিছা, এঞ্জেল’ আহি ফোনটো খুজিলে আৰু ডিকিত ভৰাই লক কৰি দিলে৷”

ইমান পৰে খুকখুকাই আমনি দি থকা হাঁহিটো আকাশে আৰু ৰখাব নোৱাৰিলে। সি অট্ৰহাস্য কৰি উঠিল। “তাৰপিছত?”

“তাৰপিছত আৰু কি হ’ব। মই এঞ্জেলৰ লগত এঘৰি যুঁজিলো। মই ক’লো – সেই প্ৰথমদিনাৰ পৰাই মই এঞ্জেলৰ সকলো নির্দেশ মানি চলিছো-গাড়ী চলাওতে চেন্দেল আৰু হিল পিন্ধা মানা, বেয়া পালেও স্পটচ্ চু পিন্ধিছো, ষ্টেৰিংৰ পৰা হাত এৰি চুলি ঠিক কৰা মানা-মুৰ বিষাই যোৱাকৈ পনিতেইল বান্ধিছোঁ৷ কিন্ত আজি বাৰু বেছি হোৱা নাইনে – ফোনত কথা পতাও মানা।

মোৰ কথা শুনি এঞ্জেলই কি ক’লে জানানে- আই কেন আণ্ডাৰষ্টেণ্ড হিন্দী। সদায় শুকুৰবাৰে ঠিক এই সময়টোতে তোমাৰ বান্ধৱীৰ ফোন আহে আৰু তুমি তাইক সান্তনা দি থাকা। আজি এমাহ ধৰি একে কাণ্ডই হৈ আহিছে…সেইবাবেই মই ফোনটো ডিকিত ভৰাই দিছো৷”

“ৰাম ৰাম ! এঞ্জেল ই হিন্দী বুজি পালে কেনেকৈ৷” আকাশে ক’লে।

“তাকেইটো, মই সেই কথাটোও সুধিলো এঞ্জেল’ক। তেওঁৰ বোলে তাজমহল চাবলৈ বৰ মন। সেয়েহে হেনো ভাৰতলৈ ফুৰিবলৈ যোৱাৰ আগতে হিন্দী শিকাৰ ক্লাচত নামভর্তি কৰিছে।

লক্ষ্মীয়ে কি কৰিছিল জানানে আকাশ?”
“লক্ষ্মী আকৌ কোন?”

“লক্ষ্মী ত্ৰিবান্দমৰযে, জেফাৰচনত থাকে। তাই আকৌ৷”

“তোমাৰ ইমানবোৰ বান্ধৱী, তেওঁলোকৰ ধুনীয়া ধুনীয়া চেহেৰা কেইটাহে মনত থাকে। নামবোৰ পাহৰিয়েই যাওঁ। কোৱাছোন কি হ’ল৷”

“মৌমিতাৰ লগত তাইয়ো গৈছিল-দুয়ো বান্ধৱীয়ে একেলগে গাড়ী শিকিব। ৬ ফুট ওখ প্ৰকাণ্ড চেহেৰাৰ এঞ্জেলক দেখি লক্ষ্মীৰ প্লেন কেঞ্চেল।
হাতোৰৰ দৰে ডাঙৰ হাতখনেৰে কৰমর্দন কৰি এঞ্জেল’ই লক্ষ্মীক সুধিলে-

লার্ন টু ড্ৰাইভ?

ভয়ত বিতত হৈ তাইৰ মুখেৰে ‘Archer’s Goon’ ৰ ডাইলগ ওলাই গ’ল- Never, My mission in life is to be a passanger.” সেইকেইদিনতে বোলে তাই Archer’s Goon’ পঢ়ি অতাইছিল। ৰাম ৰাম বিচিত্ৰ মানুহ ,বিচিত্ৰ পৃথিৱী!”

“নীলা আজি আলুচপ খাবলৈ পামনে?”

“হ’লেই দেখোন। এইয়া চাহো বাকিলো চোৱা”।

*************************************************************

শনিবাৰৰ ৰাতিপুৱাটো নীলাক্ষীৰ ব্যস্ততাৰে পাৰ হ’ল। ৯ বজাত তাই, তাইৰ মৰমৰ সংগী, বহু এডভেঞ্চাৰৰ সাৰথি চাইকেলখন লৈ ওলালে। আকাশে থৈ আহিম নেকি সুধিছিল। তাইয়েই মানা কৰিলে। এঞ্জেল’ৰ ঘৰটো বিচাৰিবলৈ তাইৰ মুঠেই অসুবিধা নহয়। গুগুল মেপটো তাই চাই আহিছে আৰু এঞ্জেল’ই নস্কা এখনো চাবিপাটৰ লগতে তাইলৈ বুলি থৈ আহিছে। মাউনটেইন এভিনিউৰে চমাৰভিল ব্ৰকৰ সৰু দলংখন পাৰ হৈয়েই, অকির্ড ষ্টীটেৰে সোমায়েই একেবাৰে শেষৰ ঘৰটো। চমাৰভিলখনৰ সকলোবোৰ ৰাস্তাই তাইৰ চিনাকী। আকাশ আৰু গীতৰ সৈতে প্ৰতি সন্ধিয়াই তাই খোজকাঢ়িবলৈ যায়। সেয়ে চমাৰভিলখন প্ৰতিটো চুক কোণেই তাইৰ চিনাকী হৈ পৰিছে। অর্কিড ষ্টীটটো ফুলৰ বাবে জনপ্ৰিয়। বসন্তকালত এই ৰাস্তাৰ কাষৰ ঘৰবোৰত কমখন ফুল নুফুলে। এই ৰাস্তাটোত ইমান বেছি মেগনলিয়া ফুল ফুলে যে মাউনটেইন এভিনিউৰ পৰাই তাৰ সুগন্ধি পোৱা যায়। টিউলিপ,ডেফ’ডেল, জিনিয়া, ব্লুবেল, ৰড’ড্ৰেনড্ৰন ফুলবোৰৰ যেন প্ৰতিযোগিতাহে চলে, ইঘৰতকৈ সিঘৰত বেছি-সিঘৰতকৈ ইঘৰত বেছি!

ধেনুভিৰীয়া ৰাস্তাটোৰ ঠিক শেষ অংশটোতেই আছিল এঞ্জেল’ৰ ঘৰটো। ঘৰ বুলিলে আচলতে ভুল কোৱা হ’ব, সেইটো আছিল তিনিমহলীয়া এটি দালান। গাঢ় মটীয়া ৰঙী ঘৰৰ মূধচ। সন্মুখ অংশ ঠিক গীর্জাঘৰৰ আর্হিৰ। শুকুলা ৰঙী কাঠৰ ঘৰটোৰ, খিৰিকী আৰু দুৱাৰৰ কাঠৰ বাটামৰ ৰং আছিল পাতল বেঙুনীয়া। নীলাক্ষীয়ে দেখিলে ঘৰলৈ সোমোৱা ৰাস্তাটোৰ কাষৰ বুঢ়া ওকজোপাৰ বুকুত, ফলক এখন আৰি থোৱা আছে-‘ন’ ট্ৰেচপাচিং’। অনাদৃত হৈ পৰি ৰোৱা ৰাঙল বগ’নভেলীয়া জোপাই ইচ্ছামতে বগাই সেই ফলকখন আগুৰি ধৰিছে। বগ’নভেলীয়াজোপা ইমানকৈ ফুলিছে, হয়তো কিছুদিনৰ পিছত ফলকখনৰ আখৰকেইটাও ঢাকি পেলাব। এনেধৰণৰ ফলক থকা ঘৰবোৰলৈ নীলাক্ষীৰ এক অজান আংশকা। হয়তো দুৱাৰৰ কাষতেই লুকাই আছে ঘৰৰ গৰাকী…হাতত ৰিভলভাৰ লৈ হুংকাৰ কৰি আগবাঢ়ি আহিব। এই দেশৰ মানুহবোৰযে, প্ৰকাণ্ড চৌহদ আৰু বৃহৎ দালানবোৰৰ মাজত কেনেকৈ অকলে অকলে থাকিব পাৰে সেই ভাবি তাই প্ৰায়েই আচৰিত হয়। অৱশ্যে এঞ্জেল’ৰ ঘৰটোৰ চৌহদটো, বাওঁফালেহে বেছি ডাঙৰ। তাই মন কৰিলে সোঁফালে, বেৰাৰ নিচেই কাষতেই আন এঘৰ মানুহ আছে। বহুদিন প্ৰতিপাল নকৰা, লেংলেংকৈ বাঢ়ি আহিব বিচৰা ঘাঁহখিনিৰ ওপৰেৰে তাই আগবাঢ়িল। ঘাঁহখিনিৰ বুকুত কিছুমান সৰু সৰু হালধীয়া আৰু বেঙুনী বনৰীয়া ফুলে নিজৰ পচন্দত ঘৰ বনাই লৈছিল। সেই দৃশ্য তাইৰ চকুত মোহনীয় হৈয়ে ধৰা দিলে। বাওঁফালে আপেল গছ দুজোপামানো আছে। হয়তু সেই আপেল গছজোপাৰ তলতেই ফুলৰ এখন মনোৰম বাগিছা আছিল। তাত তাই দুডালমান গোলাপৰ গছ দেখা পালে। যত্নৰ অভাৱত গোলাপকেইজোপা ঠন ধৰি উঠিব পৰা নাই। ফুলবোৰ তেনেই শেতা পৰা, বৰ কষ্টৰেহে যেন মুখত হাঁহি বুলাই সিহঁতে ফুলিবলৈ আৰম্ভ কৰিছে।

হঠাই তাই অনুভৱ কৰিলে কোনোবাই যেন তাইক চাই আছে। হয়তো! কাষৰ ঘৰৰ খিৰিকীমুখত কেইবাটাও কিশোৰ। তাই উভটি চোৱা দেখি হাই বুলি কৈ আটাইকেইটা ফৰিং চিটিকা দিলে।

খিৰিকীমুখত এইবাৰ বৃদ্ধা এগৰাকীয়ে দেখা দিলেহি। তেওঁ নীলাক্ষীক উদ্দেশি ক’লে, “বেয়া নাপাবা। এইকেইটা বৰ দুষ্ট। মাক মেডিকেললৈ গৈছে বাবে মোৰ তাতে থৈ গৈছে”।

নীলাক্ষীয়ে মিচিকিয়াই হাঁহিলে, “ নাই নাই মুঠেই বেয়া নাপাওঁ। মই এঞ্জেল’ৰ মেকুৰীজনীক খুৱাবলৈ আহিছো৷”

“অ জেচমিন! তাই বৰ মৰমলগা। আগতে দুই এবাৰ মই তাইক খুৱাই পাইছো। ঠিক আছে মাজনী, জেচমিনৰ চাগৈ ৰৈ আছে। তুমি খুৱাই আহাছোন। মই কথা পাতিম তোমাৰ লগত৷”

বৃদ্ধাগৰাকীৰ এনে অহেতুক আগ্ৰহ দেখি নীলাক্ষী আচৰিত হ’ল। তাই ভাবিলে, অকলে অকলে থাকি আমনি পাই চাগৈ তাইৰ লগত কথা পাতিব বিচাৰিছে। বিশেষ একো নাভাবি তাই দুৱাৰৰ চাবি খুলি সোমাই গ’ল। এটি অত্যন্ত সুন্দৰ, শৃংখলিত লিভিংৰুমে তাইৰ বাবে অপেক্ষা কৰি আছিল। নাই নাই হ’বই নোৱাৰে, সেই দৈত্যকায় মানুহটোৰ পচন্দ ইমান সুন্দৰ হ’বই নোৱাৰে। কোঠাৰ প্ৰতিটো বস্তয়েই আছিল নিখুঁট আৰু পৰিপাটি। ঠিক ৰাজকীয় আড়ম্বৰতাৰ পৰা মুক্ত, কিন্ত কোঠাৰ প্ৰতিটো বস্তৰ নির্বাচনে গৰাকীৰ কলাসুলভ মনৰ পৰিচয় দিছে। পর্দাৰ পৰা আৰম্ভ কৰি, পেইন্টিং, ফুলসজ্জা, আচবাব সকলোতে আছিল গৰাকীৰ স্বাভাৱিক গাম্ভীয্য আৰু সুন্দৰ ৰুচীবোধ। কোঠাৰ একোণত সজাই থোৱা আছিল পিয়ানো এখন। নীলাক্ষী আগুৱাই গ’ল। তাই অবাক হৈ চাই ৰ’ল- পিয়ানোখনৰ কাষতেই সজাই থোৱা ৰূপালী ফ্ৰেমৰ ডাঙৰ ফটোখনলৈ। সেইখন এঞ্জেল’ৰ পৰিয়ালৰ ছবি। তাই দেখোন এঞ্জেল’ৰ পৰিয়ালৰ বিষয়ে একোয়েই নাজানে। অৱশ্যে সেইকথা কেতিয়াও সোধাও হোৱা নাছিল। দুটা ল’ৰা, এজনী গোলাপৰ দৰে অকণমানী ছোৱালী আৰু কণমানীজনীৰ শৰীৰত লাগি ৰোৱা ফ্ৰকটোৰ ৰঙেৰে সুগঢ়ী, ওখ এগৰাকী যুৱতী। কান্ধলৈকে বৈ পৰা সোণালী চুলি আৰু নীলা ডাঙৰ চকুহালেৰে যুৱতীগৰাকী অত্যন্ত সুন্দৰ সেই কথা সহজেই অনুমান কৰিব পাৰি।

নীলাক্ষীয়ে হঠাত নিজৰ ওপৰতে লজ্জিত অনুভব কৰিলে। আজি এমাহ হ’বৰ হ’ল অথচ তাই এবাৰো এঞ্জেল’ক তেওঁৰ পৰিয়ালৰ বিষয়ে সোধা নাই। সদায় ৰাফ বুলি মানুহজনক গালি পাৰি থাকোতেই গৈছে। বেচেৰা- ইমান ল’ৰালৰিকৈ বষ্টন যাব লগা হ’ল, পৰিয়ালে, টালিয়ে টোপোলাই কমখন হুৰামূৰা হৈছেনে বাৰু।

তাই পাকঘৰৰ ফালে আগবাঢ়িল। টেবুলৰ ওপৰতে কেইটামান বাতি আৰু কেট ফুড লিখা পেকেটতো আছিলেই। তাই নীলা ৰঙী বাতিটোত খোৱাবস্ত আৰু আনটো বাতিত পানী ভৰাই ল’লে।

…জেচমিন, জেচমিন তাই চিঞৰিলে। নাই জেচমিনৰ দেখাদেখিয়েই নাই।

জেচমিন চুইটি…এইবাৰ বগা পর্দাখন সামান্য লৰিল। কোনোবাই ভুমুকিয়াই চাইছে। আস মেকুৰীও ইমান ধুনীয়া হ’ব পাৰেনে। কি ৰঙ বাৰু এইটো! ঠিক হালধীয়াও নহয়. হালধীয়া আৰু ঘিউ ৰঙৰ মাজৰ এটি ৰং…ডিঙিত এডাল নীলা ৰিবনেৰে জেচমিন আহি নীলাক্ষীৰ সন্মুখত ওলালহি। তাই নীলাক্ষীক ওপৰৰ পৰা তললৈ নিৰিক্ষণ কৰি, নাকটো কাঠৰ মজিয়াত ঘহি জিভাখনেৰে নীলাক্ষীৰ ভৰিৰ আঙুলিকেইটা চেলেকিবলৈ লাগিল। হয়তো এইটো তাইৰ পুৰণি অভ্যাস।

সামান্য চাপৰি নীলাক্ষীয়ে তাইক ধেমালী কৰিলে “ বুজিছ তোৰো যে ভাগ্য। তোক খুৱাবলৈ মই বিদেশৰ পৰা আহিছো৷” জেচমিনে কথাষাৰ বুজি পালেনে নাপালে নীলাক্ষীয়ে নাজানিলে, কিন্ত তাই জাপ মাৰি চিধাই নীলাক্ষীৰ কোলাত সোমাল।

“আও তইও কম নহয় দেই, একেবাৰে কোলাতে উঠিলিহি। ব’ল ব’ল খাব লাগে নহয়। নীলাক্ষীয়ে বাতি দুটা জেচমিনৰ আগত দিলেহি – “খা আকৌ৷”

কিন্ত খোৱাৰ বাতিদুটাৰ প্ৰতি জেচমিনে কোনো আগ্ৰহ নেদেখুৱালে। তাই নীলাক্ষীৰ মুখলৈ তধা লাগি চাই ৰ’ল। “আকৰী খা আকৌ। মই যাব লাগে নহয়৷” এইবাৰো মেকুৰীজনীয়ে তাইৰফালে তধা লাগি চাই তলমূৰ কৰিলে।

“অ মিছা নহয় এই বেটীৰ সচাই বৰ ভেম… “জেচমিন চুইটি ইউৰ ফুড, ইট-বি কুউক”
এইবাৰ মেকুৰীজনী জাপ মাৰি নীলাক্ষীৰ কোলাৰ পৰা নামি চলৌপ চলৌপকৈ পানী অলপ খাই, খোৱা বাতিটোত মুখ গুজিলৈগে। তাইৰ চাগৈ বৰ ভোক লাগি আছিল। নীলাক্ষীয়ে মনতে ভাবিলে।

“তই খা দে। মই যাওগৈ৷” তাই দুৱাৰৰ ফালে খোজ দিলে।
মেকুৰীজনীয়ে কিবা যেন বুজিহে পালে। খোৱা এৰি আকৌ জাপ মাৰি তাই নীলাক্ষীৰ কোলাত উঠিলহি। মিৱাও মিৱাও!

অ’ বুজিলো দে। তাৰমানে মইও থাকিব লাগিব। উপায়বিহীন হৈ নীলাক্ষীয়ে মেকুৰীজনীৰ কাষতে, চকী এখন পাৰি ল’লে। জেচমিনে তাইৰ এৰি অহা খোৱা বাতিটোত মনোনিবেশ কৰিলে। মাজে মাজে তাই পিৰিক পাৰাককৈ নীলাক্ষীলৈ নোচোৱাকৈ নাথাকিল।

নীলাক্ষীয়ে দূৰৰ পৰাই ফ্ৰীজটোৰ ওপৰত লগাই থোৱা ফটোবোৰ চোৱাত লাগিল। সাগৰৰ পাৰ, স্কুলৰ প্ৰথম দিন, বার্থডে এনেধৰণৰ অসংখ্য ফটোৱে ফ্ৰীজতোত ভিৰ কৰিছিলহি। ওচৰৰ পৰা ফটোবোৰ চোৱাৰ হেঁপাহ এটা বাঢ়ি আহিছিল যদিও তাই ৰিস্ক নল’লে। খোৱা শেষ কৰি জেচমিনে মিৱাও মিৱাও কৰি নীলাক্ষীৰ ভৰিদুখন চেলেকীবলৈ লাগিল। তাইৰ কোমল নোমখিনিত হাত বুলাই নীলাক্ষীয়ে তাইক চোফা এখনৰ ওপৰতে শুৱাই দিলে।

“এইবাৰ যাওঁ দে। তই শুই থাক৷” জেচমিনক তাতে এৰি তাই দুৱাৰ বন্ধ কৰিলে।
“মাজনী তোমাৰ হ’লনে। মই তোমাৰ বাবেই ৰৈ আছিলো৷”

নীলাক্ষীয়ে বৃদ্ধাগৰাকীৰ কথা একপ্ৰকাৰ পাহৰিয়েই গৈছিল। তাই হতভম্ব হ’ল- খিৰিকী এৰি বেৰাৰ সিটো পাৰেই ৰৈ আছিল শতৰোধৰ এগৰাকী বৃদ্ধা। পিন্ধনত বগা টপ আৰু চাইৰঙী চুটি স্কার্ট। বয়সৰ আঁচোৰে তেওঁৰ শৰীৰ মষিমূৰ কৰিলেও চকুৰ তিৰবিৰণিক মুঠেই ম্লান কৰিব পৰা নাই।

“অ আপুনি। আই এম নীলাক্ষী৷” তাই বৃদ্ধাগৰাকীৰ কোমল হাতখন স্পর্শ কৰিলে।
“নাইচ টু মিট ইউ নীলাক্ষী। মই ৰ’জ”। ৰ’জে অকণমানী ছোৱালী এজনীৰ দৰেই আমোলমোলাই হাঁহিলে।

“ইউ ন’ We are very happy for you and Angelo.” এক ৰহস্যময় হাঁহিৰে ৰ’জৰ চকুহাল তিৰবিৰাই উঠিল।

“আই এম চৰি ৰ’জ। মই বুজি পোৱা নাই৷”

“তুমি জানো এঞ্জেল’ৰ নতুন গার্লফ্ৰেন্ড নোহোৱা। আস্ এই গোটেই চুবুৰীটোৱেই, কিমান দিনৰ পৰাইযে বাট চাই আছে, এই বিশেষ ক্ষণটোলৈ! তুমি নাজানা মৰমী তুমিযে কিমান মৰম পাবা। সেই ভয়াবহ দিনটোৰ পৰাযে এঞ্জেল’ই হাঁহিবলৈয়ে পাহৰি পেলালে”।

“অহ চৰি ৰ’জ আপোনাৰ ভুল হৈছে। মই এঞ্জেল’ৰ ড্ৰাইভিং স্কুলৰ ছাত্ৰীহে। স্বামী আৰু সন্তানৰ সৈতে মার্চাৰ ষ্ট্ৰীটত থাকো৷”

ক্ষণিকৰ ভিতৰতে ৰ’জৰ চকুৰ তিৰবিৰণি নোহোৱা হৈ গ’ল। তাৰ ঠাইত দেখা দিলেহি এক অদ্ভুত অসহায়বোধ, আশ্চৰ্যকৰ কাতৰতাই। তেওঁ ম্ৰিয়মাণ হৈ পৰিল। নেদেখাজনৰ প্ৰতি প্ৰচুৰ অভিমানত তেওঁ উলটি খোজ দিবলৈ ধৰিলে।

“প্লিজ ৰ’জ আপোনাৰ মনত দুখ দিয়াৰ বাবে মই খুবেই দুখিত। এঞ্জেল’ৰ অতীতৰ বিষয়ে যে মই একোৱেই নাজানো৷” নীলাক্ষীয়ে আতুৰ হৈ ক’লে।

বৃদ্ধাই তাইৰ ফালে উলটি চালে। তেওঁ ৰৈ গ’ল। চলচলীয়া চকুৰে তেওঁ নীলাক্ষীৰ হাতখন খামুচি ধৰিলে। সেই স্পর্শও নীলাক্ষীৰ মাতৰ আতুৰতাৰ দৰেই আছিল।

“মাজনী সৌযে কাঁইটীয়া গোলাপকেইজোপাৰ কংকালবোৰ দেখিছা, এবছৰৰ আগতে তাতে জকমকীয়া, এখন গোলাপৰ বাগিছা আছিল। সৌ ওকজোপাত আছিল দুখন ঝোলনা। এইযে বেৰাখন, তাৰ কাষতেই আছিল হালধীয়া ডেফ’ডেল এঢৰা। প্ৰতিটো থেংকচগিভিং এঞ্জেল’ৰ ঘৰত উদযাপিত হৈছিল। মোৰ ছোৱালী গ্ৰেচী, মাইক, মেক্স আৰু মার্থাৰ সৈতে এঞ্জেল’ৰ আছিল এখন ভৰপূৰ সংসাৰ। গ্ৰেচীয়ে খুউব সুন্দৰ পিয়ানো বজাইছিল। গীর্জাঘৰৰ প্ৰতিটো অনুষ্ঠানতে গ্ৰেচী নহ’লে নহৈছিল। এঞ্জেল’ৰো ‘Blue Floyd’ নামৰ এটা বেণ্ড আছিল। সি গীতাৰ বজাইছিল আৰু গীত গাইছিল৷”

“চেন্ট প্ৰেটিক পেৰেডত মই সেই বেণ্ডটোৰ সংগীত উপভোগ কৰিছোঁ৷ এঞ্জেল’ তাতে আছিল বুলি জনা নাছিলো৷” নীলাক্ষীয়ে কি ক’লেনো ভাল হ’ব, ভাবি নাপালে। অসহায়বোধে তাইক কোঙা কৰি তুলিছিল।

“ ৩১ ডিচেম্বৰৰ সেই কালসন্ধিয়াটোৰ পৰাই, এঞ্জেল’ অন্য মানুহ হৈ গ’ল। সংগীত ভাল পোৱা ল’ৰাটোৱে সকলো এৰি দিলে। তাৰ চাকৰি- তাৰ সংগীত সকলো। চাকৰি এৰি সি বহুদিন টেক্সাচত আছিলগৈ। বন্ধু-বান্ধৱ, পৰিয়াল কাৰোৰে লগত যোগাযোগ নাছিল। হঠাত এদিন আহি ঘৰ ওলালহি। চেহেৰাৰ অৱস্থা ভয়াৱহ হৈ পৰিছিল। সেই দিনবোৰৰ কথা বর্ণনা কৰা মোৰ বাবে অসম্ভব। মার্চৰ শেষৰফালে এঞ্জেল’ই ড্ৰাইভিং স্কুলখন আৰম্ভ কৰিলে। টেক্সাচতনো সি কৰি আছিলগৈ, সেই কথা আমি তাক কেতিয়াও সোধা নাছিলো৷” বহুসময় একেলেথাৰীয়ে কথা কৈ ৰ’জে এটি হুমূনিয়াহ কাঢ়িলে। দীঘলকৈ উশাহ লৈ তেওঁ ক’লে-

“ আজি মার্থা জীয়াই থকাহ’লে, এই ঘাঁহনিডৰাতে তাই দৌৰি ফুৰিলেহেঁতেন। সিহঁত চাৰিওটাই একেলগে গ’লগৈ। ৩১ ডিচেম্বৰৰত গ্ৰেচী, মাইক, মেক্স, মার্থা ভার্জিনীয়াৰ পৰা আহি আছিল। সকলোৱে একেলগে মিলি, নতুন বছৰটোৰ প্ৰথম দিনটো উদযাপন কৰাৰ কথা। বৰফৰ ধুমুহাত সিহঁতে বাট হেৰুৱাইছিল। দুদিন সংযোগবিহীন হৈ পৰিছিল। এঞ্জেল’ পগলাৰ দৰে ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল। দুদিনৰ পিছত পুলিচে, অৰণ্যৰ মাজত চাৰিটা মৃতদেহ বিচাৰি পাইছিল। শীতে গাড়ীৰ ভিতৰতে, চাৰিওকে জঠৰ কৰি তুলিছিল। গ্ৰেচীয়ে বৰফ বৰ ভাল পাইছিল। সেয়ে যে তাইৰ কাল হ’ব আমি ভাবিবই পৰা নাছিলো… মই যাওঁগৈ মাজনী, তুমি ভালে থাকা। ঈশ্বৰে তোমাক মংগল কৰক৷”

বৃদ্ধাক ৰখোৱাৰ সাহস নীলাক্ষীৰ নহ’ল। গোলাপৰ কাইটবোৰে তাইৰ বকুখন চিৰাচিৰ কৰি পেলাইছিল। তাই এঞ্জেল’ৰ ঘৰখনলৈ উভটি চালে। জেচমিন খিৰিকী মুখত বহি আছে। তাইৰ কোমল নাকটোৰে, বাৰে বাৰে খিৰিকীৰ আইনাত মোহাৰি নীলাক্ষীক যেন কিবা ক’ব বিচাৰিছে, তাই যেন নীলাক্ষীক ৰখাব খুজিছে। নীলাক্ষী নৰ’ল…হালধীয়া ফুলবোৰ গছকি তাই ঘাঁহনিৰে ৰাস্তাৰ ফালে আগবাঢ়িল। ওক গছৰ শুকান পাতবোৰ তাইৰ গছকৰ স্পর্শত খৰমৰাই উঠিল। অক্টোবৰৰ কোমল ৰ’দজাকে আউলি বাউলি হৈ বগ’নভেলীয়াজোপাক সাৱটি ধৰিছিল। ঘণচিৰিকা কেইটামানে তাতে সুহুৰিয়াই সুহুৰিয়াই নাচোন জুৰিছিল। তাই একোফালে নাচালে। ৰ’জে তাইক বাৰাণ্ডাৰ পৰা হাত জোকাৰিলে। তাই সেয়াও নেদেখিলে। তাই এবাৰো উভটি নাচালে। অকির্ড ষ্টীটটোৰ শেষবিন্দুতটোত তাই চাইকেলখনৰ সৈতে অদৃশ্য হৈ গ’ল। বাগিচাৰ গোলাপকেইজোপাৰ বুকুত অনুৰণিত হৈ ৰ’ল তাইৰ উশাহ আৰু খোজৰ শব্দ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments