অনুভৱ -জ্যোৎস্না ভূঞা

ৰাতি বাৰমান বজাত হো-হোৱাই অহা ধূমুহাজাকে জিতাহঁতৰ ফুলনিখন তচনচ কৰি থৈ গ’ল৷ ধূমুহাৰ লগতে অহা গাজনি আৰু ঢেৰেকনিৰ কাণ তাল মৰা শব্দত সিহঁতৰ ঘৰৰ বিজুলী সংযোগ বিচ্ছিন্ন হৈ গ’ল৷ ভয়তে আটাইবোৰ একেঠাইতে থুপ খালে৷ তেনেতে ভয়ানক শব্দ কৰি গছৰ ডাল এটা ভগাৰ শব্দ শুনিলে৷ ওপৰলৈ উৰুৱাই আকৌ জাৰৌপকৈ সিহতৰ গাড়ীৰ গেৰেজটোৰ ওপৰতে পৰিল৷ জিতাই লৰালৰিকৈ “টমি“ক সাবটি দুৱাৰ চুকত সোমাল৷ মাক দেউতাকে ভগবানৰ নাম ল’লে “দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জঁটাধৰ, বাতবৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে” ৷ লাহে লাহে বতৰ শাম কাটিলে৷

দেউতাক মাক টৰ্চ লৈ ওলাই গ’ল বাহিৰত কিমান কি হৈছে চাবৰ বাবে৷ অলপ পাছতে দুখ মনেৰে সোমাই আহি ক’লেহি “আপদীয়া ধুমুহাজাক আমাৰ অনিষ্ট কৰিবলৈহে আহিল৷ গোটেই ফুলৰ টাব বোৰ পৰি ভাগিল৷ গছৰ ডাল পৰি গেৰেজৰ টিনপাত পোতোকা পৰি গ’ল৷ ঠাণ্ডাদিনত জুই পুৱাবলৈ দি থোৱা চালিখনত কাষৰ ঘৰৰ ভীমকল এজোপা পৰি আছে৷ বাথৰূমৰ টিনপাত এচলা এৰুৱাই নিলে৷ মুঠৰ ওপৰত ভগবানেও সিহঁতকহে চকু দেখে৷ লগে লগে জিতাক ক’লে “কাইলৈ কামকৰা মানুহ অহাৰ আগতে আমাৰ কেম্পাচৰ দুখনমান ফটো তুলি থ’বি৷ আৰু ৰাতিপুৱাই বিক্ৰমক ফোন কৰি গাওঁবুঢ়াক প্ৰথমে আমাৰ ঘৰলৈ আহিবলৈ কবি৷ চৰকাৰে ক্ষতিপূৰণ দিব নহয়৷ লৈ ল’ব লাগিব৷ গোটেই ৰাতি টো এইদৰেই পাৰ হ’ল৷ ক্ষয় ক্ষতিৰ হিচাপ কৰি থাকোতেই ৰাতিপুৱালে৷

পুৱা সোনকালেই জিতা ওলাই গ’ল৷ লগত টমি৷ জিতাই লক্ষ্য কৰি গ’ল ধুমুহাত ভগা গছৰ ডালবোৰ নিবলৈ সৰু ল’ৰা ছোৱালী কেইটামানৰ টনা আঁজোৰা লাগিছে৷ কিছুমানে তলত সৰা ফল বুটলিছে৷ হাতত দা এখন লৈ কাম বিচাৰি মানুহ আহিছে৷ কিছুদুৰ আগুৱাই গৈ হঠাৎ টমিয়ে কু-কুৱাই কিবা এটা শুঙি আগবাঢ়ি গৈ ৰৈ দিলে৷ জিতাই দেখিলে পদপথত থকা চালি এখনৰ তলত কুছি-মুছি কোনোবা এটা শুই আছে৷ গাত এখন ফটা কম্বল৷ ওচৰত কেইটামান খুচুৰা পইচা সিঁচৰতি হৈ পৰি আছে৷ নাতি দূৰৈত ধূমুহাত ভগা গছডালৰ লগতে সৰি পৰা আমৰলি পৰুৱাৰ বাহ এটা পৰি আছে৷ বৰষুণৰ চিটিকনি পৰি চালিখনৰ আধা লৈকে তিতি আছে৷ সৰাপাতে সমগ্ৰ গাটোত যেন ফুলহে বাচিছে৷ কিন্তুু ইমান গভীৰ টোপনি৷ ইমান প্ৰশান্তিৰে কেনেকৈ শুব পাৰিছে? জিতাৰ এনে লাগিল যেন এইমূহূৰ্তত এওঁতকৈ সুখী মানুহ আৰু কোনোৱেই নাই৷ মনত হাজাৰ প্ৰশ্ন লৈ টমিৰ লগত জিতা ঘৰমুৱা হ’ল৷ এৰা তাৰ ইমান টোপনি নহ’ব কিয়? সিহঁতৰ মগজুত কেইটামান খুচুৰা পইচাৰ বাহিৰে আমাৰ দৰে বিলাসী গাড়ী, অট্টলিকা, মাটি আৰু টকাৰ চিন্তাই কিলবিলাই থকা নাই৷
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!