পৰ্য্যটনঃ অসম আৰু গুজৰাট-এক তুলনাত্মক পৰ্য্যালোচনা – হিতেন্দ্র শৰ্মা

অসম আৰু গুজৰাট-ভাৰতৰ বিপৰীত প্ৰান্তত থকা দুখন ৰাজ্য । সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা, আৰ্থসামাজিক অৱস্থা,জনগাঠনি আৰু ভৌগোলিক গঠনৰ ফালৰ পৰাও কোনো মিল নথকা দুখন ৰাজ্য ।এখন ঔদ্যোগিকভাবে সম্পন্ন আনখন প্ৰকৃতিৰ ৰম্যভুমি ।এখন ৰাজ্যই সীমিত সম্পদেৰে বৈভবৰ শিখৰত আৰোহণ কৰিছে আনখনে সম্পদেৰে ঠাহ খাই থকাৰ পিছতো নিজকে নিচিনি দুখীয়া বুলি পিছ পৰি ৰৈছে। এয়াই বিধিৰ বিপাক যে স্বাধীনতাৰ অৰ্ধশতিকা পিছতো, গণতন্ত্ৰ আৰু সমাধিকাৰ সাব্যস্ত হোৱাৰ পিছতো ভাৰতত এই ভীষণ ভাৰসাম্যহীনতা বিদ্যমান । ইয়াত কেন্দ্ৰ চৰকাৰৰ কিমান কৰণীয় আৰু ৰাজ্য চৰকাৰৰ কিমান দায়িত্ব তাক লৈ কেতিয়াও শেষ নোহোৱা বিবাদ চলি আহিছে নিৰন্তৰ।

উদ্যোগ বুলিলে সাধাৰণতে উতপাদন আৰু নিৰ্মাণ সম্পৰ্কীয় উদ্যোগৰে কথা মনলৈ আহে । এনে উদ্যোগৰ বাবে কেচামাল, আন্তগাঠনি, প্ৰশিক্ষিত জনসম্পদ, প্ৰচুৰ প্ৰাৰম্ভিক মুলধন আদিৰ দৰকাৰ হয় । ইয়াক আৰম্ভ কৰাৰ বাবে যথেষ্ট চেষ্টা আৰু সহায়ৰো দৰকাৰ হয়, চৰকাৰ আৰু ৰাইজ উভয়ৰে পৰা। কিন্তু পৰ্য্যটন এনে এটা উদ্যোগ যত গোটেই সম্পদ আৰু আচনি প্ৰকৃতিয়ে ইতিমধ্যে পৰিকল্পিতভাবে সজাই ৰাখিছে, মাত্ৰ তাক চিনি, অলপ সুসজ্জিত কৰি বজাৰত মেলি দিয়াৰ দৰকাৰ । গ্ৰাহক(এই ক্ষেত্ৰত পৰ্য্যটক) ৰৈ আছে নিত্য নতুন ঠাই আৰু প্ৰকৃতিৰ অনাবিল বৈভবৰ ৰস পাণ কৰিবলৈ, মাত্ৰ তেওঁলোকক আকৰ্ষিত কৰা দৰকাৰ।

গুজৰাট প্ৰাকৃতিক সম্পদ বা সৌন্দৰ্য্যৰ ফালৰ পৰা বিশেষ ধনী নহয় । ইয়াৰ এটা অংশ কচ্ছৰ ৰাণ অঞ্চল, যি পাকিস্তান আৰু ৰাজস্থানৰ লগত সংলগ্ন, মৰুভুমিপ্ৰায় । ঘটনাক্ৰমে কচ্ছ এচিয়াৰ সৰ্ববৃহত জিলা । গুজৰাটত ডাঙৰ নদী বা পাহাৰাঞ্চলো নাই । কিন্তু যিখিনি আছে তাকে ইমান সুন্দৰকৈ সজাই পৰাই দেশ আৰু পৃথিবীৰ সন্মুখত উপাস্থাপন কৰিছে যে গুজৰাটৰ পৰ্য্যটন উদ্যোগ এতিয়া লেখত লব লগা । ইয়াৰ চৰকাৰে এখন বিখ্যাত মুখ, এজন বহুল জনপ্ৰিয় ব্যক্তিত্বক গুজৰাটৰ ব্ৰাণ্ড এম্বেচাদৰ হিচাপে নিযুক্ত কৰিছে যিয়ে সকলোকে কিছুদিন গুজৰাটত থাকি যাবৰ বাবে আহ্বান কৰে । যেতিয়া অমিতাভ বচ্চনে গুজৰাট পৰ্য্যটনৰ বাবে বিজ্ঞাপনত ওলাই ইয়াৰ আকৰ্ষণবোৰৰ বিষয়ে কোৱাৰ পিছত এই বুলি কয়, কুচ দিন টো গুজাৰিয়ে গুজৰাট মে, তেতিয়া নিশ্চয় মানুহৰ মনত এটা চাপ আৰু প্ৰভাব পৰে । কিন্তু সেই ক্ষেত্ৰত অসম তথা উত্তৰ-পুবে কি কৰিছে? কেন্দ্ৰ চৰকাৰে উত্তৰ পুব পৰ্য্যটনক একেলগে সাঙুৰি লয় কিন্তু অসম চৰকাৰে অসমৰ পৰ্য্যটনৰ কাৰণে নিজা চেষ্টা কৰিবই লাগিব, তেতিয়াহে অসমৰ এক সুকীয়া পৰিচয় গঢ়ি উঠিব।কোনো বিশিষ্ট জনপ্ৰিয় ব্যক্তিক অসম পৰ্য্যটনৰ ব্ৰাণ্ড এম্বেচাদৰ নিযুক্ত কৰিব নোৱাৰিনে? আৰু ব্ৰেণ্ড এম্বেচাদৰ এনে ব্যক্তি হোৱা উচিত যি অসম তথা উত্তৰ পুবৰ বাসিন্দা নহয়(মেৰী কম, জাহ্নু বৰুৱা, জুবিন,পাপন হব নোৱাৰে)। আমি ভাবাবেগত বৈ গলেই নহব ।বাহিৰৰ মানুহ এজনে, যাক সকলোৱে জানে আৰু জনপ্ৰিয়ও, অসমৰ বিষয়ে ভাল কলেহে তাৰ বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতা বাঢ়িব ।আজিকালিৰ বজাৰসৰ্বস্ব আৰু ভোগবাদী সমাজত ব্ৰাণ্ড বা নিজা পৰিচয় এটা গঠন কৰাটো খুবেই প্ৰয়োজনীয়।

আকৌ আহো কচ্ছৰ ৰাণ অঞ্চললৈ । ইয়াৰ মৰুভুমিৰ মাটি বগা আৰু পুৰ্ণিমাৰ ৰাতি জোনৰ পোহৰত দুৰ দুৰণিলৈ এই মাটি জিলিকি উঠি অপুৰ্ব দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰে ।এই বৈশিষ্টৰ আলমতে ইয়াত বছৰি ৰাণ মহোৎসব উদযাপিত হয় যত দেশ বিদেশৰ পৰা পৰ্য্যটক আহি ট্ৰিপালেৰে সজা অস্থায়ী কেম্পত খোলা মৰুভুমিৰ মাজত দিন কটায়।মেলাৰ নামত চিলা উৰোৱা, উটত উঠা, খাদ্য সামগ্ৰী আৰু হ্স্তশিল্পৰ বজাৰ ৰমৰমীয়া হয় ।ইয়াৰ ফলত কুটিৰ শিল্প, হস্তশিল্প আৰু ক্ষুদ্ৰ ব্যৱসায়ী আৰু বেপাৰী সকলৰ যথেষ্ট লাভ হয় আৰু নতুন কিবা কৰাৰ উদ্গণি পায় । সেইদৰে মকৰ সংক্ৰান্তি বা আমাৰ ভোগালী বিহুৰ সময়ত ইয়াত কাইট ফেষ্টিভেল বা চিলা মহোৎসব পালন কৰা হয় । ইয়াৰ আলমত পৰ্য্যটন আৰু স্থানীয় চিলা নিৰ্মাণ উদ্যোগৰ লগতে অন্য ক্ষুদ্ৰ শিল্প আৰু বাণিজ্যও গঢ়ি উঠিছে । কিন্তু আমি আমাৰ কুটিৰ শিল্প, হস্ত শিল্প, থলুৱা খাদ্য, পৰিধান, বস্ত্ৰ, অলংকাৰ আদিক পৰ্য্যটনৰ মাধ্যমেদি বিশ্ববজাৰলৈ মেলি দিব পৰা নাই এতিয়াও।অকল ভমকাফুলীয়া গামোচাখনেহে অলপ প্ৰচাৰৰ মুখ দেখিছে । অসমৰ পাট,মুগা আদি অতি উচ্চ মানদণ্ডৰ ফেব্ৰিক যিয়ে প্ৰচাৰ আৰু প্ৰসাৰ হলে অতি জনপ্ৰিয় হোৱাৰ সম্ভাবনা আছে। কাঞ্জীবৰম,বেনাৰসী শাৰী আদি যিমান বিখ্যাত আমাৰ পাট,মুগাইও তাৰ সমান হোৱাৰ যোগ্যতা আছে।ইয়াৰ উপৰিও থলুৱা অলংকাৰ (যেনে গামখাৰু,ঢোলবিৰি ইত্যাদি),থলুৱা বাদ্যযন্ত্ৰ(গগণা,শিঙা,টোকাৰী,টকা ইত্যাদি), পাৰম্পৰিক বাচন বৰ্ত্তন(বানবাতি,কাহৰ বৰ্ত্তন ইত্যাদি)আদিৰ শিল্পৰ উত্থান আৰু প্ৰচাৰ,প্ৰসাৰ পৰ্য্যটনৰ বৃদ্ধিৰ ফলত হব পাৰে অথবা ওলোটাকৈ এনেকৈও কব পাৰি যে এইসমুহকে পৰ্য্যটনৰ সমল হিচাবে ব্যৱহাৰ কৰিব পাৰি। এইক্ষেত্ৰত নাগালেণ্ডত হোৱা হৰ্ণবিল ফেষ্টিভেলক উল্লেখ কৰিব পাৰি,যত দেশী বিদেশে মানুহে নাগালেণ্ডৰ ঐতিহ্য,পৰম্পৰা আৰু সংস্কৃতিৰ এটা আভাস পায় । নাগালেণ্ড চৰকাৰৰ এই প্ৰচেষ্টা প্ৰশংসনীয় । অসমতো ব্ৰহ্মপুত্ৰৰ বালিত ভোগালী উত্সব পতা হয় যদিও ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ যথেষ্ট সীমিত। ৰাণ মহোৎসবৰ দৰে ৰঙালী বিহুৰ সময়ত ৰংঘৰৰ বাকৰিত হোৱা বিহু উদযাপনক আৰু বহল ভিত্তিত, পৰ্য্যটনকেন্দ্ৰিক কৰি পৰিবেশিত কৰিব পৰা নাযায়নে? সেইদৰে বৰপেটাৰ দৌল, মাজুলীৰ সত্ৰীয়া পৰ্ব্ব সমুহ, নলবাৰীৰ ৰাস আৰু এশ এবুৰি জনজাতীয় উৎসবেৰে ঐশ্বৰ্য্যশালী অসমত পৰ্য্যটনৰ বাবে সমলৰ অভাব নাই। মাত্ৰ তাক যথোপযুক্তভাবে সজাই পৰাই, উপভোক্তাৰ মনোগ্ৰাহীকৈ পৰিবেশন কৰাৰ দৰকাৰ । ই এটা বৃহৎ উদ্যোগ আৰু অৰ্থোপাৰ্জ্নৰ উৎস হব পাৰে।

গুজৰাটৰ সাবৰমতী নদী ব্ৰহ্মপুত্ৰৰ তুলনাত তেনেই দুগ্ধপোষ্য শিশু সদৃশ । কিন্তু আহমেদাবাদত এই নদীৰ পাৰ বান্ধি সাবৰমতী ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰা হৈছে । পৰ্য্যটনৰ উপৰিও ইয়াৰ বাসিন্দাসকলৰ বাবে এয়া অৱসৰ বিনোদনৰ এক আকৰ্ষণীয় কেন্দ্ৰ । আবেলি এই ৰিভাৰ ফ্ৰণ্ট লোকে লোকাৰণ্য হৈ উঠে, কোনোৱে বহি আদ্দা মাৰে, কোনোৱে খোজ কাঢ়ে,চাইকেল চলায় অথবা বোটিং কৰে । এই নদীৰ পাৰ ইমান সুপৰিকল্পিতভাবে নিৰ্মাণ কৰা হৈছে আৰু ইয়াক সেই ধৰণে পৰিস্কাৰ কৰিও ৰখা হয় যে অত্যন্ত সাধাৰণ এই নদীখনো এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। চীনৰ ৰাষ্ট্ৰপতি জিনপিং মোদীৰ সতে এই নদীৰ পাৰে পাৰে ফুৰা দৃশ্য সকলোৰে মনত আছে । এই সাধাৰণ কামটোৰ দ্বাৰাই তেওঁ এই সাধাৰণ নদীখনক আন্তৰাষ্ট্ৰীয় গুৰুত্ব প্ৰদান কৰিবলৈ আৰু তাৰ ফলশ্ৰুতিত দেশী বিদেশী পৰ্য্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে।এয়া হৈছে মাৰ্কেটিং আৰু নিজকে পৰিবেশন কৰা এটা শৈলী যিটো আমাৰ নাই। আন এটা গুৰুত্বপুৰ্ণ কথা এই যে, এই সৰু নদীখনেই আহমেদাবাদ আৰু গুজৰাটৰ বহু শক্তিৰ প্ৰয়োজনো পুৰণ কৰে । ইয়াৰ লগত তুলনা কৰি চালে অসমত অকল ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰিয়েই এটা পৰ্য্যটন উদ্যোগ গঢ়ি উঠিব পাৰে । ইয়াৰ গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্ট, সহযোগী নদী, চৰ, ইয়াৰ পাৰে পাৰে থকা ঐতিহাসিক স্থল আৰু তীৰ্থস্থানসমুহক সমল হিচাবে লৈ এটা চহকী পৰ্য্যটন উদ্যোগ গঢ়ি তোলাৰ পুৰামাত্ৰাই সম্ভাবনা আছে । সম্প্ৰতি, আমি দুখনমান ৰিভাৰ ক্ৰুজ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত থকা সাধাৰণ বাগিচাতে সন্তুষ্ট আছো ।মন কৰিবলগীয়া কথা যে, চৰ বা নদীদীপ অসমত দেখিবলৈ পোৱা কিন্তু বাহিৰৰ পৃথিবীত বিৰল এটা প্ৰাকৃতিক সৃষ্টি।এইটো থিম বা বৈশিষ্ট পৰ্য্যটনৰ কাৰণে কেনেকৈ ব্যৱহাৰ কাৰিব পাৰি সেয়া চিন্তা কৰা অতীব প্ৰয়োজন । ইয়াৰ ফলত পৰ্য্যটনৰ বৃদ্ধি হোৱাৰ উপৰিও চৰাঞ্চলৰ তুলনামুলকভাবে শিক্ষাগত আৰু আৰ্থিকভাবে পিছ পৰা শ্ৰেণীটোৰো উন্নয়ন হোৱাৰ সুযোগ আছে।

গুজৰাটৰ ধৰ্মস্থান আৰু তীৰ্থস্থানসমুহ অসমৰ তীৰ্থস্থানসমুহতকৈ কোনোগুণে বেছি ঐতিহাসিক গুৰুত্ব থকা নহয়। ইয়াৰ পাৱাগড়, আশাপুৰা মা, অম্বে মাৰ মন্দিৰ, সোমনাথ, দ্বাৰকা আদি তীৰ্থস্থানে যথেষ্ট ভক্ত আৰু পৰ্য্যটক আকৰ্ষণ কৰে। কিন্তু আমি অকল কামাখ্যা মাৰ মন্দিৰটোৰ কথাই কৈ থাকো । অসমত থকা অন্য ঐতিহাসিক আৰু ধাৰ্মিক গুৰুত্ব থকা কিছুমান থান চিনাক্ত কৰি পৰিকল্পিত ভাবে পৰ্য্যটনৰ বাবে প্ৰমোট(promote) কৰি বিজ্ঞাপন দিলে নিশ্চয় সুফল পোৱা যাব। আজিকালি ধৰ্মীয় পৰ্য্যটনে (religious tourism)যথেষ্ট গুৰুত্ব পাব ধৰিছে ।
আন এটা প্ৰতিশ্ৰুতিপুৰ্ণ খণ্ড হʼল ইকʼ টʼৰিজিম(eco tourisim)|ইকʼ টʼৰিজিম পাৰম্পৰিক পৰ্য্যটনতকৈ অলপ পৃথক । ইয়াত সাধাৰণতে প্ৰতিস্থিত পৰ্য্যটনস্থল সমুহতকৈ কম বিখ্যাত, আৰু অস্পৰ্শিত কিন্তু প্ৰাকৃতিক সৌন্দৰ্য্য থকা অঞ্চল সমুহ যত সাংস্কৃতিক গুৰুত্ব আৰু ঐতিহ্য আছে তেনে ঠাইকহে বাচি লোৱা হয় । আৰু অসম তথা উত্তৰপুবত এনে অখ্যাত কিন্তু সুন্দৰ আৰু ঐতিহ্যপুৰ্ণ স্থানৰ অভাব নাই ।অসমৰ পাহাৰীয়া জিলা কেইখনৰ একোখন সৰু গাওৰো ইকʼ টʼৰিজিমৰ আকৰ্ষণীয় স্থল হোৱাৰ যোগ্যতা আছে।

গুজৰাট এখন সমতল ৰাজ্য হোৱা বাবে ইয়াত উদ্যোগ আদি সহজে গঢ় লৈ উঠিছে । ইয়াত যাতায়াত আৰু যোগাযোগ সহজ। অসম পাহৰুৱা আৰু জটিল ভৌগোলিক গঠনৰ বাবে এইবিলাক ক্ষেত্ৰত পিছ পৰি ৰৈছে । কিন্তু প্ৰকৃতিয়ে দিয়া এই সম্ভাৰক অভিশাপ বুলি নলৈ আশীৰ্বাদ বুলি ভাবিলে অসমৰ সমান ধনী আৰু পৰ্য্যটকৰ চকুৰ মনি হব পৰা ৰাজ্য আৰু দ্বিতীয়খন নোলাব।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

Hosae…