সাম্প্ৰতিক অসমীয়া সাহিত্য : নৈৰাশ্যময় যাত্ৰা নে বৰ্ণিল ভৱিষ্যত – বিনীতা বৰা দেৱচৌধুৰী

লোকসাহিত্যৰে চহকী অসমীয়া সাহিত্য জগত৷ বিহুগীত, বিয়ানাম, আইনাম, গোৱালপৰীয়া লোকগীত, কৰ্মিষয়ক বিভিন্ন গীত, সাধুকথা, ফকৰা যোজনাৰে সজীৱ হৈ থাকোতেই চতুৰ্দশ শতিকাত ‘ৰামায়ণ”ৰ অনুবাদেৰে মাধৱ কন্দলিয়ে সূচনা কৰিলে এক নতুন সম্ভাৱনাৰ৷ মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ নেতৃত্বত গঢি উঠিল অসমীয়া সাহিত্যৰ স্বৰ্ণসৌধ৷ তাৰ পিচত আৰম্ভ হ’ল ধাৰাবাহিকতা৷”
অৰুণোদয়”ৰ প্ৰকাশেৰে মিচনাৰী সকলে বোৱাই আনিলে পাশ্চাত্য প্ৰৱাহ, সোমাই আহিল সেই দুৱাৰেৰে ভাৰতীয় অন্যান্য ভাষাৰ সাহিত্যৰো প্ৰৱাহ৷ আৰম্ভ হ’ল অসমীয়া সাহিত্যৰ আধুনিক যুগটোৰ৷ বিভিন্ন দৰ্শন,বাদ আদিয়ে ভাৰাক্ৰান্ত কৰিলে অসমীয়া আধুনিক সাহিত্যক ৷বৌদ্ধিক বিলাস আৰু বৌদ্ধিক কচৰতে যেন অসমীয়া সাহিত্যক লাহে লাহে পাঠকৰ পৰা,জনসাধাৰণৰ পৰা আঁতৰাই নিলে৷ কিন্তু আশীৰ দশকৰ পৰা আকৌ সলনি হ’বলৈ ধৰিলে প্ৰেক্ষাপট, ৷সাহিত্য যেন পুণৰ মানুহৰ আবেগ অনুভূতিৰ প্ৰকাশ হৈ পৰিল৷ ৰোমান্টিক যুগ আৰু জয়ন্তীয়ে আৰম্ভ কৰা আধুনিক যুগৰ সাহিত্যৰ বিপৰীতে নতুন সময়ৰ অসমীয়া সাহিত্যত এই দুয়োৰে সংমিশ্ৰিত ৰূপৰ প্ৰতিফলন দেখা গ’ল৷ আধুনিক প্ৰকাশভংগীৰে ৰোমান্টিক ভাৱধাৰাৰ প্ৰকাশে সাহিত্যক সাধাৰণ পাঠকৰ ওচৰ চপাই নিলে৷ অসমীয়া সাহিত্যত সাম্প্ৰতিক সময়ত এক নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে৷ নতুন নতুন বিষয়বস্তু আৰু আংগিকে সাম্প্ৰতিক অসমীয়া সাহিত্যত বহু নতুন পৰীক্ষা নিৰীক্ষা চলাইছে ৷বিশেষকৈ কবিতাৰ ক্ষেত্ৰত প্ৰচূৰ সম্ভাৱনা পৰিলক্ষিত হৈছে৷
পুৰাণ, ইতিহাস, লোকসাহিত্যৰ পুণৰ নিৰ্মাণে অসমীয়া উপন্যাস, চুটিগল্প, নাটক, কবিতা সকলো দিশতে এক আশাৰ পৰিস্হিতিৰ সৃষ্টি ইতিমধ্যেই কৰিছে৷ নৈৰাশ্য নহয়, প্ৰচুৰ সম্ভাৱনীয়তাৰে আগুৱাই গৈছে৷
অসমীয়া সাহিত্যত প্ৰচুৰ সম্ভাৱনীয়তাৰে প্ৰবেশ কৰি এচাম নতুন লিখকে ইতিমধ্যেই নিজৰ স্হান দখল কৰিছে৷ নাটক আৰু চুটিগল্পৰ ক্ষেত্ৰত কিছু কম কাম হোৱাৰ বিপৰীতে কবিতা আৰু উপন্যাসৰ জগতত প্ৰখৰ প্ৰতিভাসম্পন্ন নতুন প্ৰজন্মই আত্মপ্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷
ন- ন আংগিক, বিষয়বস্স্তু আৰু সুকোমল অনুভূতিৰ প্ৰকাশে অসমীয়া কবিতাৰ কাব্যিক সৌন্দৰ্যৰ লগতে মানুহক নিজৰ শিপালৈ উভতি চাবলে বাধ্য কৰাইছে৷ গজদন্ত মিনাৰত বহি নাথাকি কবিসকলে পথাৰৰ বোকা,মাটিক আঁকোৱালি লোৱাৰ ফলত কবিতা সাধাৰণ পাঠকৰ মনৰ ওচৰ চাপি গৈছে৷ সকলোতকৈ ডাঙৰ কথা নৱ প্ৰজন্মৰ কবি সকলে কবিতাক ব্যণজ্নাময় কৰি তুলিছে ,যিটো কবিতাৰ অন্যতম লক্ষণ৷ কাৰণ, মাজৰ এছোৱা সময়ত এচাম কবিয়ে আধুনিকতাৰ নামত কবিতাত অশ্লীলতাৰ মুকলি পোহাৰ মেলিছিল৷ যাৰ বাবে তাৰ কাব্যিক সৌন্দৰ্য ব্যাহত হৈ পৰিছিল যেন অনুভৱ হয়৷
উপন্যাস সাহিত্যতো নতুন চিন্তাৰ পৰিপক্কতাৰ ফচল অসমীয়া সাহিত্যই পাইছে৷ যাৰ ফলত ‘ নাংফা’, ‘ সাঁচিপাতৰ কথকতা’, ” দাওচিমাং’, বুদ্ধজায়া’, ‘মানুহকৃষ্ণ ভগৱান কৃষ্ন’,’গান্ধাৰী’, ‘জটাধাৰী’, তেজীমলাৰ মাকৰ সাধু’ আদিৰ দৰে ভিন্ন বিষয়বস্তুৰ সুন্দৰ বিশ্লেষণ আৰু উপস্হাপনেৰে অসমীয়া উপন্যাসে যিকোনো ভাষাৰ উপন্যাসৰ লগত ফেৰ মাৰিবলে সক্ষম হৈছে৷
চুটিগল্পৰ ক্ষেত্ৰতো অনামিকা বৰা,সন্জীৱ পল,প্ৰশান্ত দাস,গীতালি বৰা,মৃণাল কলিতা, প্ৰাৰ্থনা শইকীয়া,ৰত্নোত্তমা দাস বিক্ৰম আদিয়ে পাঠকক ন ন সোৱাদ দিবলে সক্ষম হৈছে ৷গতিকে অসমীয়া সাহিত্যৰ বৰ্তমান সময়ছোৱাত নৈৰাশ্যজনক কোনো পৰিস্হিতিৰ সৃষ্টি হোৱাতো দূৰৰে কথা এক প্ৰচুৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰ ইতিমধ্যেই জীপাল হৈ উঠিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!