সাহিত্যৰ বিকল অংগবোৰ – প্ৰদ্যুত বৰা

দিল্লীত ইংৰাজী সাহিত্যৰ ছাত্ৰ হৈ থকা কালত এটা অদ্ভুত নিচাই মোক আক্ৰান্ত কৰিছিল। সেয়া হ’ল ৰহস্য উপন্যাস পঢ়াৰ নিচা। হয়তো সেই বয়সৰ আন আন চেমনীয়াৰ নিচিনা সেয়া এক স্বাভাৱিক প্ৰবৃত্তি আছিল। মই পঢ়া প্ৰথম ৰহস্য উপন্যাসখনৰ নাম মোৰ মনত নাই, কিন্তু আৰ্থাৰ কনান ডায়েল, আগাথা ক্ৰিষ্টি, জেনচ হেডলি চেজ আদি বিশ্বখ্যাত ৰহস্য সাহিত্যিককেইজনৰ কেইবাখনো ৰহস্য উপন্যাস পঢ়া মোৰ মনত আছে। মানুহৰ জীৱনটো এক ব্যস্ত কৰ্মসূচী আৰু পৰিকল্পিতভাৱে আগবঢ়া, যদিও যথেষ্ট সংখ্যক মানুহে জীৱনৰ সৰহখিনি সময় চৰম অলসতাৰে পাৰ কৰে। ব্যস্ত মানুহৰ বাবে কেতিয়াবা অৱসৰ কটোৱাৰ ইচ্ছা হ্ঠাত্‍ উদগ্ৰীৱ হৈ উঠিব পাৰে। তেনে অৱসৰৰ মুহূৰ্তত এখন কিতাপ বা এখন চিনেমা বা মনে মিলা বন্ধুৰ সৈতে আড্ডাই দেহ-মনক সতেজ কৰি তুলিব পাৰে। মই পিছে এইকেইটা উপাদানৰ ভিতৰত কিতাপহে বেছি পছন্দ কৰিছিলোঁ। তাৰ বাবে অৱশ্যেই মই দেউতাৰ ওচৰত চিৰ কৃতজ্ঞ। দেউতাই আখৰ চিনা বয়সতে কিতাপৰ লগত সাহচৰ্য কৰাই নিদিলে মোৰ ৰুচি হয়তো আন কোনোবাপিনে ঢাল খালেহেঁতেন। সাংঘাতিক ব্যস্ততাৰ মাজত মই বেছি তত্ত্বগধুৰ বা মনস্তাত্ত্বিক বিষয়ত মূৰ ঘমাব বিচৰা নাছিলোঁ, কিন্তু ৰহস্য উপন্যাস পঢ়িবলৈ একধৰণৰ আকৰ্ষণ অনুভৱ কৰিছিলোঁ। কিতাপ এখন হাতত লৈ এটা ৰহস্যঘন কাহিনীৰ মাজত মই সোমাই পৰিছিলোঁ আৰু কিছু সময়ৰ বাবে চৰম উত্‍কন্ঠাত কটাই শেষত যেতিয়া ৰহস্যৰ ওৰ পৰে, তাৰ পাছত প্ৰফুল্লচিত্তেৰে মই মোৰ কৰ্মসূচীত পুনৰ ব্যস্ত হৈ পৰিছিলোঁ। খুজি মাগি অনাতকৈ নিজে কিতাপ কিনি আনি পঢ়িবলৈ মই বৰ ভাল পাইছিলোঁ।
 
অলপতে গুৱাহাটীত এজন বন্ধুৰ লগত সেই দিনবোৰৰ কথা ওলাল। তাৰ মুখতে গম পালোঁ যে অসমত ৰহস্য উপন্যাসৰ লেখক আৰু উপন্যাসৰ বৰ আদৰ নাই। মই বৰ আচৰিত হ’লোঁ। মই নিজৰ গাতে এবাৰ চিকুটি চালোঁ। হয়তো, মই দেখোন অসমীয়া ৰহস্য উপন্যাসৰ বিষয়ে ক’তো পঢ়া নাই, ক’তো সেই বিষয়ে আলোচনা হোৱাও শুনা নাই। কিন্তু পঢ়ুৱৈয়ে শুনি আচৰিত হ’ব যে ইংলেণ্ড, আমেৰিকা, জাৰ্মানী, ফ্ৰান্স আদি দেশত ৰহস্য সাহিত্যৰ আদৰ আন আন সাহিত্যৰ সমানেই। শিশু আৰু কিশোৰৰ বাবে তাত যথেষ্ট সংখ্যক কিতাপ ওলায়। ইয়াৰে বুজন সংখ্যক কিতাপেই ৰহস্যধৰ্মী। অসমীয়া কিশোৰ-কিশোৰীৰ বাবে ৰহস্য উপন্যাস কিমান আকৰ্ষণীয় জানিবলৈ মোৰ মনটো উচপিচাই উঠে।
 
অসমত ৰহস্য সাহিত্যৰ দৰে ব্যংগ সাহিত্য আৰু নাট্য সাহিত্যকো বৰ উচ্চ স্থান দিয়া নহয়। লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বেজবৰুৱা নাম লৈ হাস্যৰসেৰেই যেন অসমীয়া সাহিত্যৰ বৰপেৰাটো মুকলি কৰিব খুজিছিল, কিন্তু সেই পেৰা এতিয়াও টনকিয়াল নোহোৱাটো জানো শুভ লক্ষণ ? অথচ আমাৰ চুবুৰীয়া পশ্চিমবংগৰ দৰে ব্যংগ সাহিত্যৰ মাজেৰে মানুহক নিৰ্মল হাস্যৰস দিয়াৰ প্ৰচেষ্টা অসমীয়া সাহিত্যিকৰ মাজত খুব বেছি দেখা নাযায়। হাস্য-ব্যংগৰ আলোচনী এখন কেইবছৰমান আগতে দেখিছিলোঁ, এতিয়া চাগে’ বন্ধ হ’ল। ‘প্ৰান্তিক’ৰ ‘দৈনন্দিন’ আৰু ‘দৈনিক অগ্ৰদূত’ৰ ‘বিলাসনন্দন চ’ৰা’ শিতান দুটাহে কেৱল নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। ‘দৈনন্দিন’ৰ নিয়মীয়া লেখক ভৃংগেশ্বৰ শৰ্মাই এইক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ অব্যাহত ৰাখিছে। তেওঁৰ হাস্য-ব্যংগাত্মক কিতাপসমূহৰ সৈতে নিশ্চয় অসমীয়া পঢ়ুৱৈ পৰিচিত।
 
আনহাতে, নাটকক সাহিত্যৰ অবিচ্ছেদ্য অংগ কৰি চিৰকাললৈ বাট কাটি দিছে আমাৰ শংকৰ গুৰুৱে। ঠিক তেনেকৈ পাশ্চাত্যত শ্বেইক্সপীয়েৰে। মানুহৰ জীৱনবোধ আৰু অন্তৰাত্মাক স্পৰ্শ কৰা নাটক সাহিত্যৰ একোটা মহান অংগ। অসমীয়া সাহিত্যত এইবিধ কলাৰো অভাৱ জানো কাৰো অনুভূত নহয় ! জ্যোতিপ্ৰসাদৰ ‘ৰূপালীম’, ফণী শৰ্মাৰ ‘ছিৰাজ’, মহেন্দ্ৰ বৰঠাকুৰৰ ‘শৰাগুৰি চাপৰি’, সাৰদাকান্ত বৰদলৈৰ ‘মগৰীবৰ আজান’ আদি নাটকসমূহ সাহিত্যৰ ছাত্ৰৰ বাবে মনোনীত, কিন্তু সাহিত্য হিচাপে অসমীয়া পঢ়ুৱৈৰ বাবে কিমানখন নাটকে ছপা গ্ৰন্থৰ ৰূপ লৈছে বা কিমানখন নাটকে অসমীয়া সাহিত্যৰ ভঁৰালটোক টনকিয়াল কৰিছে, সেয়া ভাবি চাবলগীয়া কথা। অসমত ভ্ৰাম্যমাণ থিয়েটাৰ এটা উদ্যোগ হিচাপে গঢ় লৈছে। সংখ্যাৰ দিশত অসমত বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ সংখ্যা ২৩ টা। প্ৰতিটো দলে তিনিখনকৈ নাটক ল’লেও বছৰত মুঠ নাটকৰ সংখ্যা হয়গৈ ৬৯খন। তাৰমানে ৬৯খন নাটক ৰচনা হয় এটা বছৰৰ বাবে। তেন্তে যোৱা ১০ বছৰত নাটকৰ পৰিসংখ্যা কিমান হ’ব পাৰে সেয়া উলিয়াব পৰা যায়। প্ৰশ্ন হ’ল, এই নাটকসমূহ সাহিত্যৰ অন্তৰ্গত হ’ব নোৱাৰে নেকি ? মই সাহিত্যৰ বিশেষজ্ঞ নহয় যদিও অনুভৱ কৰোঁ, খুব কম, এখন বা দুখন নাটকক বাদ দি হয়তো সৰহসংখ্যক নাটকেই সাহিত্য হিচাপে মানসম্পন্ন হৈ নুঠে। তাৰ কাৰণ বিশ্লেষণ কৰিব গ’লে বহু কথাই আহিব, কিন্তু এয়া আমাৰ বাবে দুৰ্ভাগ্যজনক যে নাটকৰ গুণগত মান কমি যোৱাৰ লগে লগে আমি সাহিত্যৰো এটা দিশত নিশকতীয়া হৈ পৰিছোঁ। ভবেন্দ্ৰ নাথ শইকীয়া বা মহেন্দ্ৰ বৰঠাকুৰৰ দৰে নাট্যকাৰৰ নাটক দৰ্শকক উপহাৰ দিলে এহাতে দৰ্শক চিন্তন আৰু মননৰ দিশেৰে উপকৃত হয়, আনহাতে আমি পাওঁ সাহিত্যৰ আন এটি নৱৰস। যিয়ে নহওক, গল্প, কবিতা, প্ৰবন্ধ, নিবন্ধ, উপন্যাস, নাটক আদি সাহিত্যৰ প্ৰতিটো ক্ষেত্ৰ শক্তিশালী হ’লেহে সামগ্ৰিকভাৱে এটা জাতিয়ে সাহিত্যক লৈ গৌৰৱবোধ কৰিব পাৰে। কিন্তু আমি ৰহস্য সাহিত্য, ব্যংগ সাহিত্য আৰু নাট্য সাহিত্যৰ ক্ষেত্ৰত বহু কাম কৰিবলৈ এতিয়াও যেন বাকী।

One thought on “সাহিত্যৰ বিকল অংগবোৰ – প্ৰদ্যুত বৰা

  • July 27, 2016 at 12:20 pm
    Permalink

    কৃপাবৰ বেজবৰুৱা নে কৃপাবৰ বৰবৰুৱা?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!