আধুনিক অসমীয়া সমাজ, সাহিত্য আৰু বেজবৰুৱা (ড° শৈলেন ভৰালী)


Sailen Bharali_Article_Bez

বেজবৰুৱা বুলিলেই এখন বিশাল সাগৰ। বেজবৰুৱাৰ বিষয়ে আলোচনা কৰিবলৈ ল’লেই সেই বিশাল সাগৰখনত পাৰ নোপোৱা অৱস্থা হয়। বেজবৰুৱাৰ বিচৰণ-ক্ষেত্ৰ ইমান বহল যে তাৰ আটাইবোৰ দিশ সামৰিবলৈ চেষ্টা কৰিলে দিশহাৰা হ’ব লাগিব। আনকি, যিটো বিষয় এই দুদিনীয়া আলোচনা-চক্ৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে সেই বিষয়টোৰ পৰিসৰো যথেষ্ট বহল। তদুপৰি, পাহৰিব নালাগিব, বেজবৰুৱা আছিল এটা যুগৰ সৃষ্টি। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, ৰুচি-অভিৰুচি আদি সলনি হয়। সেই হিচাপে বেজবৰুৱাৰ সময়ৰ সমাজ আৰু সাহিত্যৰ গতি-প্ৰকৃতি পৰৱৰ্তী সময়ত সলনি হৈছে। অসমীয়া সমাজ আৰু সাহিত্যত বেজবৰুৱাৰ স্থান নিৰ্ণয় কৰোঁতে সেই যুগটোৰ কথা মনলৈ আনিব লাগিব। সেই যুগটোৰ ভাষিক, সামাজিক, সাংস্কৃতিক পটভূমিক চেৰাই গৈ বেজবৰুৱাৰ চিন্তা-চৰ্চাৰ বিষয়ে আলোচনা কৰিলে বেজবৰুৱাৰ প্ৰতি সুবিচাৰ কৰা নহ’ব আৰু বেজবৰুৱাৰ ব্যক্তিত্বৰ প্ৰকৃত পৰিচয়ো প্ৰকাশ নাপাব।

ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত অসমত দুটা ঐতিহাসিক ঘটনা সংঘটিত হৈছিল। প্ৰথমটো আছিল, ১৮২৬ চনত অসম ইংৰাজৰ অধীন হোৱা আৰু দ্বিতীয়টো আছিল, অসমৰ প্ৰশাসন তথা আদালত আৰু বিদ্যালয়ৰ পৰা অসমীয়া ভাষাৰ অপসাৰণ। ১৮৩৬ চনত অপসাৰিত অসমীয়া ভাষা ১৮৭৩ চনত প্ৰধানকৈ আমেৰিকাৰ বেপ্টিষ্ট মিচনেৰিসকলৰ প্ৰচেষ্টাৰ স্বস্থানত প্ৰতিষ্ঠিত হৈছিল। কিন্তু তাৰ পিছতো অসমীয়া ভাষাৰ সংকট আঁতৰ হোৱা নাছিল। অসমীয়া ভাষাৰ বিৰুদ্ধে এচাম লোকৰ ষড়যন্ত্ৰ অব্যাহত আছিল। অসম-প্ৰৱাসী দুই-এজন লোকে অসমীয়া ভাষাক বাংলা ভাষাৰ প্ৰাদেশিক সংস্কৰণ অথবা গ্ৰাম্যৰূপ বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। গৌৰীপুৰত বহা উত্তৰবংগ সাহিত্য-সন্মিলনত সভাপতিৰ আসনৰ পৰা কটন কলেজৰ অধ্যাপক পদ্মনাথ বিদ্যাবিনোদৰ ভাষণ ইয়াৰ এক উদাহৰণ। অসমৰ বাহিৰৰ কোনো কোনো লোকেও অসমীয়া ভাষাক আক্ৰমণ কৰি প্ৰবন্ধ-পাতি লিখিছিল। এই প্ৰসংগত উৰিষ্যাৰ কটকৰ পৰা প্ৰকাশিত ‘মৃন্ময়ী’ নামৰ আলোচনীত প্ৰকাশিত ‘আসামেৰ ও উৎকলেৰ বংগভাষা’ শীৰ্ষক প্ৰবন্ধ আৰু কলিকতাৰ পৰা প্ৰকাশিত ‘প্ৰবাসী’ নামৰ আলোচনীত প্ৰকাশিত ‘আসামী ভাষা’ শীৰ্ষক প্ৰবন্ধৰ নাম ল’ব পাৰি। শত্ৰুৰ এই আক্ৰমণ প্ৰতিহত কৰি অসমীয়া ভাষা-সাহিত্যৰ গৌৰৱ ৰক্ষা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল বেজবৰুৱাই। বেজবৰুৱাই প্ৰয়োজনীয় তথ্য-পাতিৰে অসমীয়া ভাষাৰ স্বকীয়তা, প্ৰাচীনতা আৰু ঐতিহ্যত আলোকপাত কৰি প্ৰতিপক্ষৰ মুখ বন্ধ কৰিছিল। ভাবিলে আচৰিত হ’ব লাগে, যিগৰাকী ব্যক্তিয়ে স্কুলত বাংলা ভাষাৰ জড়িয়তে শিক্ষা লাভ কৰিছিল, স্কুলীয়া শিক্ষা লাভৰ পিছৰে পৰা যিগৰাকী ব্যক্তিয়ে কলিকতাত প্ৰৱাসী জীৱন কটাইছিল, যিগৰাকী ব্যক্তিয়ে পাৰিবাৰিক জীৱনত বাংলা ভাষা ব্যৱহাৰ কৰিছিল আৰু পাৰিবাৰিক জীৱনৰ বাহিৰত বাংলা, ইংৰাজী অথবা হিন্দী ভাষা ব্যৱহাৰ কৰিছিল, যিগৰাকী ব্যক্তিয়ে জীৱিকাৰ বাবে দিনে-নিশাই ব্যৱসায়িক কাম-কাজত মনোযোগ দিবলগীয়া হৈছিল সেইগৰাকী ব্যক্তিয়ে প্ৰতিপক্ষৰ বিৰূপ মন্তব্য ততালিকে খণ্ডন কৰিব পৰাকৈ অসমীয়া ভাষা-সাহিত্যৰ ইমানবোৰ তথ্য-পাতি কিদৰে নিজৰ নখদৰ্পণত ৰাখিছিল।

বেজবৰুৱাই উপলব্ধি কৰিছিল, ভাষাৰ উন্নতি নিৰ্ভৰ কৰে সাহিত্যৰ উন্নতিৰ ওপৰত। গতিকে, অসমীয়া ভাষাক আনৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিব লাগিব। সেই উদ্দেশ্যে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালাৰে সৈতে লগ লাগি ১৮৮৯ চনত ‘জোনাকী’ নামৰ মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। বেজবৰুৱাৰ আহ্বানক্ৰমে লেখকৰ এটা বাহিনী আগবাঢ়ি আহিছিল। ফলস্বৰূপে, আধুনিক গঢ়ৰ কবিতা, নাটক, উপন্যাস, চুটিগল্প, আদিৰ বৈচিত্ৰ্যময় সাহিত্য-সম্ভাৰেৰে অসমীয়া সাহিত্যত দ্বিতীয়টো সোণালী যুগ সৃষ্টি হৈছিল। বেজবৰুৱাই নিজে সাহিত্যৰ আটাইকেইটা ঠালতে হাত দিছিল আৰু সমানে নহ’লেও প্ৰতিটোত স্বকীয় প্ৰতিভাৰ পৰিচয় দিছিল। আনকি, ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি নিজে সন্দেহ প্ৰকাশ কৰা বেজবৰুৱাৰ কবিতাসমূহৰ মাজতো আছে ‘প্ৰিয়তমা’, ‘প্ৰিয়তমাৰ সৌন্দৰ্য’, ‘বীণ-বৰাগী’ৰ দৰে আৱেগসঞ্চাৰী কবিতা, ‘ধনবৰ আৰু ৰতনী’ৰ দৰে মনোৰম মালিতা আৰু ‘মোৰ দেশ’ৰ দৰে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা লাভ কৰা গীতি-কবিতা। সন্দেহ নাই, বেজবৰুৱাৰ সমুখত আছিল ইংৰাজ ৰোমাণ্টিক কবিসকলৰ আৰ্হি। ইংৰাজী কবিতাৰ আৰ্হিত লিখা বাংলা কবিতাৰ পৰাও হয়তো তেওঁ প্ৰেৰণা লাভ কৰিছিল। কিন্তু বেজবৰুৱাই কোনো ক্ষেত্ৰতেই আনক অনুকৰণ কৰা নাছিল। বাহিৰৰ প্ৰভাৱ সম্পূৰ্ণৰূপে আয়ত্ব কৰি লৈ বেজবৰুৱাই প্ৰতিটো সৃষ্টিকৰ্মকেই অসমীয়া সাঁচত ঢালিছিল। অসমৰ জাতীয় জীৱনৰ লগত বেজবৰুৱাৰ সম্পৰ্কে ইমানেই নিবিড় আছিল যে তেওঁৰ আটাইবোৰ সৃষ্টিকৰ্মৰ মাজেদি প্ৰকাশ পাইছিল অসমৰ মাটি-পানী-বায়ু,  অসমৰ চহা জীৱন, অসমৰ লোকসংস্কৃতিৰ সুবাস। তেওঁৰ কবিতাত এফালে আছে ইংৰাজ কবিৰ কবিতাৰ ধ্বনি আৰু আনফালে আছে অসমীয়া লোকগীতৰ ধ্বনি। অৰ্থাৎ বাহিৰৰ পৰা সংগ্ৰহ কৰা উপাদানেৰে সৈতে বেজবৰুৱাই থলুৱা উপাদানৰ সমন্বয় ঘটাইছিল। বেজবৰুৱাৰ দুই-এটা কবিতাত ৰবীন্দ্ৰনাথৰ প্ৰভাৱো জড়িত হৈ থাকিব পাৰে। কিন্তু তেওঁৰ কবিতাত অসমৰ লোকগীতৰ সুবাস এনেদৰে বিয়পি আছে যে বাহিৰৰ প্ৰভাৱৰ কথা পাঠকৰ মনলৈ আহিবই নোৱাৰে। বেজবৰুৱাই কবিতাৰ সমলো সংগ্ৰহ কৰিছিল অসমৰ বুকুৰ পৰাই, বাহিৰৰ পৰা নহয়। তেওঁৰ কবিতাত আছে অসমৰ গৌৰৱৰ কাহিনী, অসমৰ বীৰ-বীৰংগনাৰ কাহিনী, অতীত-অসমৰ শৌৰ্য-বীৰ্যৰ কাহিনী। ‘বীণ-বৰাগী’ কবিতাত তেওঁ ব’ৰাগীৰ গীতত শুনিবলৈ বিচাৰিছিল বাণ, ভগদত্ত, নৰকাসুৰ, ভীষ্মকৰ গুণ, ভাস্কৰবৰ্মাৰ কীৰীতি কাহিনী:

বাণ, ভগদত্ত,

নৰকাসুৰ,

ভীষ্মকৰ গুণ গা,

ভাষ্কৰবৰ্মাৰ কীৰীতি সুন্দৰ

শুনো হেৰ বীণ বা।

ব’ৰাগীক তেওঁ অনুৰোধ কৰিছে মাতৃভূমিৰ আনন্দৰ কাহিনী শুনাবলৈ, অসমৰ গৌৰৱময় কাহিনী শুনাবলৈ। সাহিত্যৰ অন্যান্য ক্ষেত্ৰতো তেওঁ আনক অন্ধভাবে অনুকৰণ কৰা নাছিল, দেশীয় ঐতিহ্যৰ পৰা বিচ্ছিন্ন হোৱা নাছিল।

অসমীয়া সাহিত্যত চুটিগল্পৰ তেৱেঁই জন্মদাতা। চুটিগল্প পাশ্চাত্য সাহিত্যৰ অৱদান বুলি কোৱা হয়। কিন্তু বেজবৰুৱাই চুটিগল্পত পাশ্চাত্যকো অবিকলভাবে অনুকৰণ কৰা নাই অথবা তেওঁৰ অলপ আগতে বাংলা সাহিত্যত চুটিগল্পৰ জন্ম দিয়া ৰবীন্দ্ৰনাথকো অনুসৰণ কৰা নাই। আনকি, চুটিগল্প নামটোও বেজবৰুৱাই তেওঁৰ গল্পৰ ক্ষেত্ৰত ক’তো ব্যৱহাৰ কৰা নাই, গল্প আৰু সাধুকথা নাম দুটাহে ব্যৱহাৰ কৰিছে। বেজবৰুৱাৰ বহুতো চুটিগল্প আমাৰ প্ৰাচীন সাধুকথাৰ ওচৰ চপা। ‘ভদৰী’, ‘মুক্তি’ৰ দৰে কেইটামান চুটিগল্পত ইউৰোপীয়া চুটিগল্পৰ লক্ষণসমূহ আছে যদিও, সেইবোৰতো সাধুকথাৰ দুই-এটা লক্ষণ নথকা নহয়। আচলতে, বেজবৰুৱাই পাশ্চাত্যৰ চুটিগল্পৰ লগত আমাৰ প্ৰাচীন সাধুকথাৰ সমন্বয় ঘটাবলৈ বিচাৰিছিল। সেইদৰে, নাটকৰ গঠন-ৰীতিত তেওঁ শ্বেইক্সপীয়েৰক অনুসৰণ কৰাই নহয়, শ্বেইক্সপীয়েৰৰ নাটকৰ চৰিত্ৰৰ আৰ্হিৰে কেইবাটাও চৰিত্ৰও নিৰ্মাণ কৰিছিল। ইয়াৰ দুটা উদাহৰণ, ‘চক্ৰধ্বজ সিংহ’ নাটকৰ গজপুৰীয়া চৰিত্ৰ আৰু ‘বেলিমাৰ’ নাটকৰ ভুমুক বহুৱা চৰিত্ৰ। শ্বেইক্সপীয়েৰৰ বিখ্যাত ফলষ্টাফ আৰু ফুলৰ আৰ্হিত ক্ৰমে গজপুৰীয়া আৰু ভুমুক বহুৱা চৰিত্ৰ সৃষ্টি কৰা হৈছে। কিন্তু বেজবৰুৱাৰ চৰিত্ৰ দুটা ভাৱ-ভংগীআদি সকলো ফালৰ পৰা হাড়ে-হিমজুৱে অসমীয়া। তাত ইংৰাজ-চৰিত্ৰৰ সামান্য গোন্ধো নাই।

বেজবৰুৱাই দুমুখীয়া উদ্দেশ্য লৈ সাহিত্যৰ সাধনা কৰিছিল। এটা হ’ল, অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ লগতে অসমীয়া জাতীয়তাবোধ জাগ্ৰত কৰা। এইবাবেই তেওঁ সাহিত্যত ঐতিহ্যৰ সন্ধান কৰিছিল। অতীত অসমৰ গৌৰৱৰ কাহিনী সোঁৱৰাই দি অসমীয়াক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু মন কৰিবলগীয়া কথা যে অতীত অসমৰ জয়গান গালেও বেজবৰুৱা অতীততে খামুচি ধৰি থকা লোক নাছিল। তেওঁৰ আছিল এটা আধুনিক মন। পুৰণিৰ ভেটিত তেওঁ নতুনক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল, বৰ্তমানৰ লগত অতীতৰ সংযোগ স্থাপন কৰিবলৈ বিচাৰিছিল। ‘বীণ-বৰাগী’ কবিতাটোৰ অন্তিম শাৰীকেইটাতে বেজবৰুৱাই ইয়াৰ ইংগিত দিছে এইদৰে:

নতুন প্ৰাণৰ,

ন চকুজুৰি

দীপিতি ঢালি দে তাত,

পুৰণি পৃথিৱী

নকৈ চাই লওঁ

হে বীণ এষাৰি মাত।

অসমীয়াক সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ কৰাৰ চেষ্টাৰে তেওঁ শংকৰদেৱে স্থাপন কৰি থৈ যোৱা অসমৰ সংস্কৃতিৰ বৰভেটিটো আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছিল, শংকৰদেৱক সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই আনি জনমানসত প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছিল। সেই উদ্দেশ্যে তেওঁ শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ আধাৰত গ্ৰন্থ ৰচনা কৰাৰ উপৰি শংকৰদেৱৰ ধৰ্ম আৰু দৰ্শনৰ সহজ-সৰল ব্যাখ্যা আগবঢ়াই শংকৰদেৱ-চৰ্চাৰ পথ মুকলি কৰি দিছিল। বেজবৰুৱাৰ সাহিত্য-সৃষ্টিৰ আনটো উদ্দেশ্য আছিল, অসমীয়া সমাজক অন্ধকাৰৰ পৰা মুক্ত কৰা। অৰ্থাৎ অসমীয়া সমাজৰ সংস্কাৰ সাধন কৰা। ইয়াৰ বাবেই তেওঁ বিখ্যাত কৃপাবৰ চৰিত্ৰ সৃষ্টি কৰিছিল। কৃপাবৰ বেজবৰুৱাৰ এক অমৰ সৃষ্টি। ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ আৰম্ভ কৰি ‘বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’লৈকে বিশাল সাহিত্য-সম্ভাৰ বেজবৰুৱাই অকল হাস্যৰস সৃষ্টিৰ বাবেই ৰচনা কৰা নাছিল। অসমীয়া সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, হীনমন্যতা, অনুকৰণ-প্ৰিয়তা আদি আঁতৰ কৰি নতুন ধ্যান-ধাৰণাৰে পুষ্ট আধুনিক চেতনাযুক্ত সমাজখন গঢ়াৰ চেষ্টাৰে বেজবৰুৱাই কৃপাবৰৰ ভাও লৈ হাঁহিৰ ছলেৰে অসমীয়া সমাজৰ দুৰ্বলতাসমূহক নিন্দা কৰিছিল। বেজবৰুৱাৰ সমাজ-সংস্কাৰৰ মনোভাব স্পষ্ট হৈ আছে তেওঁৰ গল্পসমূহতো। ইংৰাজী শিক্ষা লাভ কৰি চাহাব হ’বলৈ বিচৰা এচাম লোকৰ অৰ্থহীন গৰ্ব-অহংকাৰক ব্যংগ কৰিছে ‘ভোকেন্দ্ৰ বৰুৱা’, ‘মলক গুইন গুইন’ৰ দৰে গল্পত। আভিজাত্যৰ আঁৰত থকা ভণ্ডামী আৰু ৰক্ষণশীলতাক ইতিকিং কৰিছে ‘জাতিৰামৰ জাত’ত, সামাজিক অবিচাৰৰ স্বৰূপ উদঙাইছে ‘ভদৰী’, ‘পাতমুগী’, ‘লাওখোলা’ৰ দৰে গল্পত। আনকি, বিমল হাস্যৰসৰ সৃষ্টিৰ বাবে লিখা প্ৰহসন কেইখনতো বেজবৰুৱাই সংস্কাৰকৰ ভূমিকাৰ পৰা সম্পূৰ্ণভাবে আঁতৰি থকা নাই। তাতো ঠায়ে ঠায়ে সুৰুঙা উলিয়াই অসমীয়া সমাজৰ দোষ-ত্ৰুটিক ব্যংগ কৰিছে। বৈষ্ণৱ-সত্ৰসমূহত জাত-পাতৰ নামত চলা ৰক্ষণশীলতাৰ উপৰি অন্যান্য দুৰ্নীতিৰ স্বৰূপ উদঙাই দিয়া হৈছে ‘নোমল’ নামৰ প্ৰহসনখনত। সত্ৰাধিকাৰগৰাকীৰ অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাত লিখা অংকীয়া নাটৰ অভিনয়ৰ প্ৰতি আগ্ৰহকো পৰোক্ষভাবে নিন্দা কৰা হৈছে। ‘পাচনি’ আৰু ‘চিকৰপতি-নিকৰপতি’তো জাত-পাতৰ বিচাৰক পৰোক্ষভাৱে আক্ৰমণ কৰা হৈছে।

কৃপাবৰী ৰচনাসমূহকে আদি কৰি বেজবৰুৱাৰ আটাইবোৰ সৃষ্টিকৰ্মৰ মাজেদি প্ৰকাশ পাইছে তেওঁৰ উদাৰনৈতিক মানৱীয় দৃষ্টিভংগী। এই প্ৰসংগত বেজবৰুৱাৰ জীৱনক গভীৰভাবে আলোড়িত কৰা তিনিটা বিশিষ্ট প্ৰভাৱৰ কথা আমি মনত ৰাখিব লাগিব। ইয়াৰ প্ৰথমটো হ’ল, বৈষ্ণৱ ধৰ্ম আৰু দৰ্শনৰ প্ৰভাৱ। বেজবৰুৱাৰ জীৱনত শংকৰদেৱৰ প্ৰভাৱ ইমানেই গভীৰ আছিল যে তেওঁৰ সমগ্ৰ চিন্তা-চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল শংকৰদেৱৰ ধৰ্মীয় দৰ্শন আৰু আদৰ্শ। এটা নৈষ্ঠিক বৈষ্ণৱ পৰিয়ালত জন্ম লাভ কৰা আৰু সম্পূৰ্ণ বৈষ্ণৱ পৰিবেশত ডাঙৰ হোৱা বেজবৰুৱাই স্কুলীয়া দিনতে শংকৰদেৱৰ চিন্তা-চৰ্চাৰ লগত আত্মীয়তা স্থাপন কৰিছিল। ‘কীৰ্তন-ঘোষা’, ‘নাম-ঘোষা’ প্ৰমুখ্যে শংকৰ-মাধৱৰ গ্ৰন্থসমূহ তেওঁ তেতিয়াই অধ্যয়ন কৰিছিল। ইয়াৰ জড়িয়তে শংকৰদেৱৰ ধৰ্মীয় দৰ্শনৰ কেন্দ্ৰত থকা মানৱতাবোধৰ প্ৰভাৱ বেজবৰুৱাৰ জীৱনত স্থায়ী হৈ ৰৈছিল আৰু তাৰেই প্ৰতিফলন ঘটিছিল তেওঁৰ সাহিত্যকৃতিত। দ্বিতীয়তে, বাইছ বছৰ বয়সতে উচ্চ শিক্ষা লাভৰ বাবে কলিকতালৈ যোৱা বেজবৰুৱা ঘনিষ্ঠভাবে পৰিচিত হৈছিল কলিকতাৰ বংগীয় সমাজখনৰ লগত। ভাৰতীয় নৱজাগৰণৰ স্নায়ুকেন্দ্ৰ কলিকতাৰ বংগীয় সমাজত আধুনিক যুক্তিনিষ্ঠ দৃষ্টিভংগীয়ে ইতিপূৰ্বে গা কৰি উঠিছিল। ইয়াৰ প্ৰভাৱে বেজবৰুৱাক অসমীয়া সমাজৰ আধুনিকীকৰণৰ বাবে চেষ্টা কৰিবলৈ প্ৰেৰণা যোগাইছিল। বেজবৰুৱাৰ জীৱনক গভীৰভাবে স্পৰ্শ কৰা তৃতীয়টো প্ৰভাৱ হ’ল, ইংৰাজী সাহিত্যৰ প্ৰভাৱ। ইংৰাজী ৰোমাণ্টিক সাহিত্যৰ অধ্যয়নে তেওঁক নতুন গঢ়ৰ কবিতা, নাটক আদি লিখিবলৈ আগ্ৰহী কৰি তোলাই নহয়, উদাৰ মানৱীয় দৃষ্টিভংগী গ্ৰহণতো সহায় কৰিছিল। বেজবৰুৱাৰ আটাইবোৰ সৃষ্টিকৰ্মৰ পটভূমিত এই তিনিটা প্ৰভাৱ কম-বেছি পৰিমাণে জড়িত হৈ আছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল, প্ৰতিটো সৃষ্টিকৰ্মতে বেজবৰুৱাই নিজস্ব চিন্তাৰ চাপ ৰাখি থৈ গৈছে। সংকটপূৰ্ণ কালত অসমীয়া ভাষাৰ স্বাৰ্থ ৰক্ষাৰ হকে অক্লান্তভাবে যুঁজ দিয়া, অসমীয়া সাহিত্যৰ সমৃদ্ধি আৰু অসমীয়া সমাজৰ আধুনিকীকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰা বেজবৰুৱা শংকৰদেৱৰ পিছতে অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্মৰণীয় ব্যক্তি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments