অসম সাহিত্য সভাৰ সভাপতিৰ ‘নিৰ্বাচন’: বাহিৰলৈ ওলাল জোলোঙাৰ মেকুৰী- অজয় লাল দত্ত

“ব্যক্তি গুৰুত্বপূৰ্ণ নহয়, কিন্তু সংস্থা আৰু প্ৰক্ৰিয়াটো অপৰিসীম!”

অসম সাহিত্য সভা অসমৰ জাতীয় সংগঠনৰ স্বীকৃতি অসমৰ ৰাইজে মনে-প্ৰাণে দি আহিছে আৰু সেইবাবেই এই সভালৈ হিলদল ভাঙি মানুহ আহে, মানুহে দান-বৰঙণি দি সহযোগ কৰে৷ সভাখন অসমৰ ৰাইজৰ, কাৰো ব্যক্তিগত সম্পত্তি নিশ্চয় নহয়৷ অসম ভাষা-সাহিত্যৰ ইতিহাসত অসম সাহিত্য সভাৰ অৰিহণা আৰু ভূমিকাক কোনেও নস্যাৎ কৰিব নোৱাৰে৷ যদিও অসমৰ ভিন্ন জনগোষ্ঠীয় সংগঠনে এই সভাই সংমিশ্ৰিত জনগোষ্ঠীয় ভাষা-সাহিত্যক সভাৰ মঞ্চত সঠিকভাৱে প্ৰতিনিধিত্ব কৰিবলৈ নিদিয়া তথা এই পৰিপূৰক অংশীদাৰসমূহক পৰিপুষ্ট কৰিবলৈ চেষ্টা নকৰাৰ অভিযোগ তুলিলে আৰু বিভিন্ন নৃগোষ্ঠীয় ভাষিক সাহিত্য সভাৰ জন্ম হ’ল তথাপি, এতিয়াও মূলসুঁতি হিচাবে অসম সাহিত্য সভাৰ মুখলৈকে আশাৰে চোৱাতো অসমৰ মানুহৰ হাড়ে-হিমজুত স্থিতি লোৱাৰ অভ্যাসেই হৈ আছে৷ সেয়ে অসম সাহিত্য সভাৰ বৰেণ্য সভাপতিসকলৰ ফটোৰ সংকলনে এতিয়াও অসমৰ মানুহৰ চ’ৰাঘৰ শুৱনি কৰে৷ সেই সূত্ৰেই এগৰাকী সাধাৰণ, সচেতন অসমীয়া হিচাবে আগ্ৰহ জন্মাইছিল, এইবাৰ সভাপতিৰ এই ‘সন্মানিত’ আসনত কোন অধিষ্ঠিত হ’ব সেই সন্দৰ্ভত৷ বিশেষকৈ বিগত সময়চোৱাত সাহিত্য সভাৰ মজিয়াৰ অনাহুত বিতৰ্কয়ো ৰাইজক সভাৰ সম্পৰ্কত সচেতন দৃষ্টি ৰাখিবলৈ বাধ্য কৰিছে৷

অসম সাহিত্য সভাৰ পদবী নিৰ্বাচনকেন্দ্ৰিক কাম-কাজবোৰত যে লবীবাজিৰ দৰে ’ৰাজনীতি’ সোমাই পৰিছে, সেয়া সংবাদ পত্ৰৰ বাতৰি, মুকলি খাম-খেয়ালি, মাৰপিট, পদত্যাগৰ ভাওনা আদিয়ে অতি স্পষ্ট ৰূপত ফুটাই তুলিছিল৷ যেতিয়া সকলোৱে আশা নহয় আশংকা কৰাৰ দৰেই সভাপতিৰ পদত এগৰাকী ‘বিতৰ্কিত ব্যক্তি’ নিৰ্বাচিত হোৱাৰ খবৰ ওলোৱাৰ লগে লগেই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সচেতন ৰাইজে অসম সাহিত্য সভাৰ এশ বছৰীয়া গৰিমা আৰু ঐতিহ্য এতিয়া বিপদাপন্ন আৰু আমি সকলোৱে এই বৌদ্ধিক আৰু জাতি বচোৱাৰ আন্দোলনত সহযোগ কৰাৰ বাবেও সমজুৱা আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে৷ আনফালে, এয়া এটা সংগঠনৰ ভিতৰুৱা বিষয় আৰু সংগঠনৰ সদস্য সকলে কৰা নিৰ্বাচনৰ বিষয়টো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু ইয়াত সংগঠনৰ সদস্য নোহোৱা সকলে মাত-মতাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰিছে৷ কথাটো নিশ্চয়কৈ চিন্তনীয়, যে সঁচাই সংগঠনটোৰ আনুষ্ঠানিক সভ্য নোহোৱা সকলৰ এই অধিকাৰ আজিৰ তাৰিখত আছেনে নাই? কোনোৱে আকৌ সংগঠনটোৰ সদস্য হৈ বৰ্তমানে সন্মান বিপন্ন হোৱা সাহিত্য সভাৰ উদ্ধাৰৰ বাবে নৱ-প্ৰজন্মই শক্তিশালী ৰূপত যোগদান কৰাৰ বাবে ৰাজ্যজোৰা অভিযান চলোৱাৰ বাবেও আগবাঢ়ি আহিছে৷ ইয়াৰ দ্বাৰা এই কথাই প্ৰতিপন্ন হৈছে যে অসম সাহিত্য সভাৰ বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত নতুন প্ৰজন্মৰ সাহিত্য চৰ্চা কৰা সকলৰ লগতে অসমৰ জনগণেও সক্ৰিয় ভূমিকা লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷ আৰু এয়া নতুন বছৰটোৰ বাবেই এক ইতিবাচক কথা৷

এইখিনি কথাৰ বিশ্লেষণৰ মাজতে সামাজিক যোগসূত্ৰৰ মঞ্চত প্ৰচাৰ হোৱা এখন ভোট লাভৰ তালিকাই সকলোৰে চকু কপালত তুলিলে৷ সেই পোষ্টত লিখা হৈছে-“লবী পকাব নোৱাৰা সাহিত্যিকৰ অৱস্থা চাওক! অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ ফলাফলঃ পৰমানন্দ ৰাজবংশী-৩৯০, প্ৰহ্লাদ তাচা-১৭৪, কৰবী ডেকা হাজৰিকা-৩৬, য়েছে দৰজে ঠংচি-৩৫, ডঃ অমৰ জ্যোতি চৌধুৰী-১৭, নাহেন্দ্ৰ পাদুন-১৬, কুলধৰ শইকীয়া-৩, ৰতি মোহন দাস-৩, ডঃ ৰমেশ পাঠক-২, হৰেকৃষ্ণ ডেকা-২, হোমেন বৰগোহাঞি-১, ফণীন্দ্ৰ দেৱ চৌধুৰী-১, নৰেন কলিতা-১৷” এই ফলাফল প্ৰচাৰ হোৱাৰ লগে লগেই চৰ-চাপৰি সাহিত্য পৰিষদৰ দায়িত্বশীল সাহিত্যিকে কৰা ‘অসমৰ নমস্য সাহিত্যিক সকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজলৈ টানি নি এটা দুটা ভোট দি তেওঁলোকক সাহিত্য সভাই অপমান কৰিলে কিয়?’ বুলি তোলা প্ৰশ্নই আমাৰ মন-মনন জোকাৰি গ’ল৷ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ নাম দেখাৰ লগে লগেই আৰু সন্দেহ জাগিল৷ এই সকল কিদৰে প্ৰাৰ্থী হ’ল৷ সিদিনা য়েছে দৰজে ঠংচি ডাঙৰীয়াই সংবাদ মাধ্যমত লেখাৰ যোগেদি তেওঁ এই পদবীৰ বাবে আগতীয়াকৈ অনিচ্ছুকতা ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ কথাও প্ৰত্যক্ষ কৰিছিলো৷

ঘনীভূত সন্দেহ মৰিষণ কৰিবলৈ উপৰ্যুক্ত তালিকাত থকা এগৰাকী সন্মানীয় লেখকলৈ ফোন যোগে যোগাযোগ কৰিলো আৰু তেওঁ যে দহৰ তলত ভোট পাই অসম সাহিত্য সভাৰ সভাপতিৰ নিৰ্বাচনত ’সফল ভাৱে পৰাজিত কৰা’ হৈছে সেই খবৰ প্ৰদান কৰিলো৷ কিন্তু যেতিয়া তেখেতে ক’লে যে, তেওঁতো সেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িতই নহয় আৰু তেখেতৰ আজিৰ তাৰিখত সাহিত্য সভাৰ সদস্য পদো নাই৷ তেতিয়াই জোলাঙাত “মেকুৰী” থকাৰ কথাটোত পতিয়ন গ’লো৷ অন্য এক সূত্ৰৰ মতে ওপৰৰ প্ৰাৰ্থী তালিকাত নাম থকা ব্যক্তি সকলৰ কেইবাজনো ব্যক্তি আনুষ্ঠানিক ভাৱে সভাৰ আজিৰ তাৰিখৰ বৈধ সদস্যও নহয়! তেন্তে, মনত এই কথা স্বচ্ছ হৈ পৰিল আৰু মন প্ৰফুল্ল হৈ পৰিল এই কথা ভাবি যে, এই নিৰ্বাচন কোনো এটা ‘সংগঠনৰ সদস্য সকলৰ ভিতৰুৱা নিৰ্বাচন নহয়’! সংগঠনৰ বাহিৰৰ ব্যক্তিক যদি নিৰ্বাচনী প্ৰাৰ্থী কৰিব পাৰি, তেন্তে সদস্য নোহোৱা অসমৰ আন ৰাইজেও এই নিৰ্বাচনৰ বৈধতাৰ প্ৰশ্ন এশ শতাংশই তোলাৰ অধিকাৰ আছে৷

সেই সময়তে এগৰাকী সচেতন ব্যক্তিয়ে এই কথা উনুকিয়াই দিলে যে, অসম সাহিত্য সভাৰ সভাপতিৰ পদ আচলতে এক ‘সন্মানীয় পদ’হে৷ সেয়ে অসমৰ জনমানসত সন্মানীয় ব্যক্তি সকলক এই পদত অধিষ্ঠিত কৰাই ‘এক জীৱনজোৰা সাধনা’ৰ সন্মান দিয়াৰ দৰে ‘সন্মান’ প্ৰদান কৰাৰ স্বাৰ্থতে অন্ততঃ এই পদটো মনোনয়নৰ ভিত্তিত আৰু সৰ্বজনগৃহীত ৰূপতেই ৰাখিব লাগে৷ আৰু এনে ‘বিতৰ্কিত’ ব্যক্তিৰ আৰোহণে যাতে আসনখনৰ সন্মান হানি কৰিব নোৱাৰে তাৰ নিশ্চিতি লোৱাৰ ব্যৱস্থা কৰিব লাগে৷ এতিয়া প্ৰশ্ন হ’ ল এয়ে যে, ইমান বছৰে বিতৰ্কৰ উৰ্ধৰ ব্যক্তিয়ে লাভ কৰা ‘সন্মানজনক আসন’খন এইবাৰ ‘বিতৰ্কিত ব্যক্তি’ৰ হাতলৈ গলেইবা কেনেকৈ? তাৰো উত্তৰ পোৱা গ’ল৷

আন এগৰাকী ওপৰত উল্লিখিত ‘সভাৰ দ্বাৰা ঘোষিত প্ৰাৰ্থী’ তালিকাত নাম থকা ব্যক্তিৰ সৈতে যোগাযোগ কৰিলো৷ তেখেতেও নিজে যে প্ৰাৰ্থী গমেই নাপায়৷ তেখেতে অৱশ্যে আমাক লগা তথ্যখিনি যোগান ধৰিলে যে পূৰ্বতে ‘কেৱল বিতৰ্কৰ উৰ্ধত আৰু সৰ্বজনগৃহীত সন্মানীয়’ ব্যক্তিয়ে কেৱল এই আসন আৰোহণ কৰাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে কিছুদিন পূৰ্বে সাহিত্য সভাই ‘সংবিধান বা নিয়ম’ সা-সলনি কৰি বাতিল কৰি দিলে৷ আগতে থকা প্ৰক্ৰিয়া মতে এখন নিৰ্বাচক সমিতিয়ে তেনে ‘বিতৰ্কৰ উৰ্ধৰ আৰু সৰ্বজনগ্ৰাহ্য’ ব্যক্তিৰ সম্ভাব্য পাঁচ গৰাকীমানৰ তালিকা প্ৰস্তুত কৰে আৰু তাৰ ভিতৰৰ পৰাই এই চূড়ান্ত মনোনীত কৰাৰ প্ৰক্ৰিয়া চলোৱা হয়৷ কিন্তু শেহতীয়াকৈ কৰা সংশোধনী(?)য়ে সেই বাট ৰুদ্ধ কৰি পেলালে৷ সেই মনোনীত প্ৰক্ৰিয়া বন্ধ কৰাৰ সম্পৰ্কত শক্তিশালী যুক্তি হিচাবে ‘কেৱল কোনোবা কেইজনমানক মনোনীত কৰাৰ অধিকাৰ সভাক কোনে দিলে?’, এই প্ৰশ্নৰেই অৱতাৰণা কৰা হৈছিল৷ ই কাৰোবাৰ মন থাকিলেও যে খেয়ালখুচি মতে সভাপতি হব নোৱাৰিব, সেই স্বাৰ্থৰ বাটত হেঙাৰ হৈ আছিল৷ সেয়ে ইয়াক হেনো ‘গণতান্ত্ৰিক’ ৰূপ দিবলৈ নতুন ব্যৱস্থাৰ অৱতাৰণা কৰা হ’ল৷ সেয়ে ‘সংশোধনী(?)’ কৰি নতুন নীতি নিয়ম সাজি লোৱা হ’ল৷ সেই মতে এতিয়া শাখা/জিলা সাহিত্য সভা পৰ্য্যায়ৰ পৰা তিনি তৰপীয়া নতুন সাংগঠনিক পদ্ধতিৰে নিজৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আগবঢ়াব পাৰে, সভাপতিৰ বাবে৷ যিয়ে বেছিকৈ এনে প্ৰস্তাৱ লাভ কৰিব তেৱেঁই হৈ পৰিব সভাপতি! এক অৰ্থত একদম চিম্পোল, সৰল আৰু পাৰফেক্ট গণতান্ত্ৰিক!

কিন্তু প্ৰকৃতাৰ্থত সেয়া নহয়৷ যদি এইদৰে নিৰ্বাচিত হোৱা গৰাকীৰ পাঁচখনতকৈ অধিক প্ৰকাশিত গ্ৰন্থ নাথাকে, বয়সো যদি পাঁচ দশকমান পূৰ্ণ নহয় আৰু সভাৰ বৈধ সদস্যতা নাথাকে তেন্তে তেওঁ নিৰ্বাচিত হলেও সেই ‘সভাপতি’ৰ নিৰ্বাচন মান্য নহব! অৰ্থাত অসম সাহিত্য সভাৰ সভাপতিৰ আসনত বহিবলৈ নাপায়! তেন্তে প্ৰাৰ্থী সকল প্ৰথমে এইবোৰ ন্যূনতম অৰ্হতাৰ হয়নে নহয় জনাতো অতীৱ প্ৰয়োজনীয়৷ বিশেষকৈ এই স্তৰৰ গুৰুদায়িত্ব থকা পদত আসীন হবলৈ ব্যক্তিগৰাকীৰ নিশ্চয়কৈ প্ৰথম আগ্ৰহ, সময় দিব পৰা ব্যৱস্থা, স্বাস্থ্যই লগ দিয়া, চাকৰিত আছে যদি ’লিয়েন’ আদি ল’ব পাৰিবনে নাই (পুৰণা লিয়েন লোৱা চৰকাৰী পদবীৰ ব্যক্তি আছে বাবে উল্লেখ কৰিছো) আদি সুবিধা অসুবিধাৰ কথা জানি লোৱাটো নিশ্চয়কৈ দৰকাৰ৷ তাতোকৈ অধিক ন্যায়িকভাৱে প্ৰয়োজনীয় কথাটো হৈছে, ব্যক্তিগৰাকীৰ নিজৰ স্বাধীন মতৰ কথা, তেওঁৰ এই ‘বিতৰ্কিত নিৰ্বাচনী প্ৰক্ৰিয়া’ত নাম জড়িত কৰিবলৈ আগ্ৰহী নে, সেই সন্মতিটোৰ৷ কিন্তু এই কথা নিশ্চিত হৈছে যে এই ভোট লাভ কৰাৰ প্ৰাৰ্থী তালিকাত নাম থকা ব্যক্তি সকলৰ পৰা ব্যক্তিগত ‘অনুমতি’ লোৱাৰ কোনো ব্যৱস্থা সভাৰ এই তথাকথিত ‘গণতান্ত্ৰিক প্ৰক্ৰিয়া’ত কৰা হোৱা নাই বা লোৱা নাই! আজিলৈকে আপুনি কোন গণতান্ত্ৰিক প্ৰক্ৰিয়াত এনে নিৰ্বাচন দেখিছে, যে তাত প্ৰাৰ্থীয়ে মনোনয়নত চহী কৰা নাই, এনে নিৰ্বাচন সঁচাকৈ ভেলিডনে? প্ৰশ্নটো এতিয়া কোন আদালতত বিচাৰ হব, সেয়াই ৰাইজেই ঠিক কৰক৷

ওপৰৰ কথাবোৰৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে, নামৰ বিপৰীতে নামমাত্ৰ ভোটদান কৰি বৰেণ্য ব্যক্তি সকলক ‘বিতৰ্কিত’ ব্যক্তিৰ হাতত শোচনীয় পৰাজয়ৰ ব্যৱস্থা সভাই কৰিলে, বিষয়ববীয়াই কৰিলে৷ কিয় কৰিলে, তেওঁলোকৰ অনুমতি অবিহনে সন্মান হানিকাৰক এনে ‘অনুমতিবিহীন বিতৰ্কিত নিৰ্বাচনী প্ৰক্ৰিয়াত’ নাম ব্যৱহাৰৰ কৰাৰ বাবে হয়তো মানহানিৰ গোচৰো ৰুজু হব পাৰে৷

যিটো ‘গণতান্ত্ৰিক প্ৰক্ৰিয়া’ৰ নিৰ্বাচন বুলি দাবী কৰা হৈছে, তাত আচলতে দুজনমান প্ৰাৰ্থীৰ বাহিৰে বাকী সকলে তেওঁলোকো যে প্ৰাৰ্থী গমেই নাপায়৷ তাৰে ভিতৰৰ বিতৰ্কিত প্ৰাৰ্থীসকলে চলে-বলে কৌশলে প্ৰথমে নিজে নিজৰ মতে নিয়ম বনোৱাৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰতে ’মেনিপুলেচন’ৰ কাৰণে আত্মোসৰ্গাই কৰি দিছে, অথচ প্ৰতিদ্বন্দ্বী বুলি নাম দিয়া সকলে গমেই নাপায়! এয়া কেনে নিৰ্বাচন! না এয়া নিৰ্বাচন, না এয়া মনোনয়ন! এই এক অনুমতিবিহীন ভাৱে চলোৱা এক অবৈধ প্ৰক্ৰিয়া এটাহে! যাৰ বাবে জবাবদিহি এতিয়া সংগঠনটো হ’বই লাগিব৷

এয়া মনোনয়নৰ প্ৰক্ৰিয়াও নহয়, চহী কৰি প্ৰাৰ্থীত্ব দিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াও নহয়, না-প্ৰাৰ্থীয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰি চহৰে চহৰে জিলাই জিলাই নিজৰ আনে নজনা সাহিত্য কৰ্মৰাজিৰ, গুণৰাজিৰ প্ৰচাৰ কৰিছে, তাৰে ভিত্তিত মানুহে জ্ঞানীৰ মোল বুজি ভোটদান কৰিছে তেনে কথাও নাই৷ নাই প্ৰস্তাৱ কৰা নামৰ ব্যক্তিৰ পৰা তেওঁৰ জীৱনপঞ্জী সংগ্ৰহ হৈছে, তাৰ অধ্যয়ন কৰি অনুমতি সাপেক্ষে নাম প্ৰস্তাৱ কৰিছে! প্ৰাৰ্থীৰ পৰা গোপনে ৰাখি গোপনে গোপনে কৰা হৈছে খালী গোপন বেলটৰ খেলা! এয়া কেনে কথা? সেয়ে, কেৱল এজন ব্যক্তি আৰু তেওঁৰ অনুগামীৰ মনৰ মৰ্জিত আভুৱা ভাৰিবলৈ পতা এটা প্ৰক্ৰিয়া হিচাবে ওলাই পৰিল, শেহতীয়া অসম সাহিত্য সভাৰ সভাপতি ’নিৰ্বাচনৰ আচল ৰূপটো!’ এই নিৰ্বাচনক অবৈধ ঘোষণা কৰি পুনৰ নিৰ্বাচনৰ বাবেও সচেতন ৰাইজে মাৰ বান্ধি থিয় হব পাৰে৷ হয়তো, এয়া এক সাংগঠনিক ভিত্তিত কেৱল সংগঠনৰ সদস্যৰ মাজৰ পৰা লিখিত প্ৰাৰ্থীত্ব লৈ মুকলি নিৰ্বাচন কৰক, নহ’লে বিতৰ্কৰ উৰ্ধৰ সৰ্বজনগৃহীত ব্যক্তিক ‘সন্মানীয় সভাপতি’ৰ ৰূপত মনোনীত কৰক৷

যদি প্ৰাথমিকভাৱে শাখা বা জিলাই প্ৰস্তাৱিত নামৰ ভিতৰত ’চূড়ান্ত বাছনি’ৰ তালিকা ৰাজহুৱা কৰাৰ পাছত মুকলি ভোটদান পাতিলেহেঁতেন, তেতিয়াও ’জিকিও সভাপতি হব নোৱাৰা, এই নামমাত্ৰ প্ৰাৰ্থীসকল লজ্জাত নপৰিলেহেতেন’ বা কাৰোবাৰ পক্ষে ’জনমত’ গঠন হ’লহেতেন! পিছে কোনো এটা পদক্ষেপেই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বুলি ’নিৰ্বাচন’টোক বৈধতা প্ৰদান কৰিব নোৱাৰিলে৷

এইদৰে অবৈধ এক প্ৰক্ৰিয়াৰে কাৰোবাক অসমৰ জাতীয় সংগঠনৰ ‘সন্মানীয় আসন’ত অধিষ্ঠিত কৰিবলৈ চেষ্টা কৰিলেই ৰাইজে মানি ল’বনে, সেয়া হৈছে আজিৰ তাৰিখৰ আটাইতকৈ স্পৰ্শকাতৰ প্ৰশ্ন৷ আমি সচেতন ৰাইজৰ মতামত আহ্বান কৰিছো৷ এগৰাকী হিতৈষী সদস্যই জাতীয় সংগঠনটোৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত আদালতৰ দ্বাৰস্থ হোৱাৰ বাবেই আগ্ৰহ প্ৰকাশ কৰিছে৷ এই বিষয়ে অনাগত সময়ত ৰাইজৰ পৰামৰ্শৰে সঠিক দিশৰ সন্ধান কৰা হব৷ ৰাইজৰ বিবেকৰ আহ্বানেই এতিয়া অসম সাহিত্য সভাক ‘বিতৰ্কৰ’ গৰাহৰ পৰা উদ্ধাৰ কৰি পুনৰ গৌৰৱোজ্জল কৰি তোলাৰ একমাত্ৰ পথ হিচাবে যে দেখা দিছে, সেই কথাও কিন্তু নিশ্চিত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!