অসমীয়া সাহিত্যৰ বুৰঞ্জী (ড° মৃণাল জ্যোতি গোস্বামী)

 

২.৪.২ মাধৱদেৱ

 

মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত৷ পিতৃ গোবিন্দগিৰি ভূঞা আৰু  মাতৃ মনোৰমা৷ গোবিন্দগিৰিৰ আন এটি জনাজাত নাম আছিল লামকনা৷ জীৱিকাৰ সন্ধানত গোবিন্দগিৰিয়ে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হৈছিল৷ এনে দৰে ঘূৰি ঘূৰি আৰ্থিক দুৰৱস্থাৰ হেতু হাবুং নামৰ ঠাইলৈ আহি তাতে ঘাঘৰ মাজি নামৰ এজন লোকৰ আশ্ৰয়ত থাকিবলৈ লয়৷ পৰৱৰ্তী কালত তেওঁলোক ভটিয়াই ৰৌতা অঞ্চললৈ আহে৷ ইয়াতেই মাধৱদেৱৰ ভনীয়েক উৰ্বশীক গয়াপাণি ভূঞা (পাছলৈ ৰামদাস বুলি খ্যাত) নামৰ এজন লোকলৈ বিয়া দিয়ে৷ ৰৌতাত কিছু  কাল থাকি পিছত গোবিন্দগিৰিয়ে পূৰ্বৰ ঠাই বাণ্ডুকালৈ উভতি যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱৰ শিক্ষা আৰম্ভ হয়৷ ইতিমধ্যে বাপেক গোবিন্দগিৰিৰ দেহান্তৰ ঘটে৷ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠে৷

মাধৱদেৱ প্ৰথমাৱস্থাত শক্তি পন্থাত বিশ্বাসী আছিল আৰু এবাৰ তেওঁ মাকৰ ৰুগ্নাৱস্থাৰ পৰা হাত সাৰিবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিবলৈ আগ কৰি থৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল যদিও তেওঁ ছাগলী বিচাৰি নানি শংকৰদেৱৰ ধৰ্মৰ কথা মাধৱক অৱগত কৰে৷ এই ঘটনা সন্দৰ্ভতে ১৫২২ খ্ৰীঃত ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে তেওঁ শাস্ত্ৰযুদ্ধত প্ৰবৃত্ত হয় আৰু পৰিশেষত শংকৰদেৱক গুৰু মানি তেওঁৰ অভয় চৰণত শৰণ লয়৷ এই মিলনক ‘গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়৷মাধৱদেৱে সকলো ক্ষেত্ৰতে, সকলো সময়তে গুৰুৰ পদাংক অনুসৰণ কৰিছিল, ছাঁৰ দৰে গুৰু সেৱাত মনোনিৱেশ কৰিছিল৷ ১৫৬৮ খ্ৰীঃত মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণৰ আগে আগে গুৰুজনাই মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ অৰ্পণ কৰে৷ গুৰু আজ্ঞা কান্ধ পাতি লৈ ধৰ্মবস্তু প্ৰসাৰৰ উদ্দেশ্যে  বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদি ঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত ‘বৰপেটা সত্ৰ’ স্থাপন কৰে৷ শংকৰ গুৰুজনাৰ দৰে মাধৱদেৱেও বিভিন্ন সময়ত জনৰোষ আৰু ৰাজৰোষৰ বলি হৈছিল, সুখে-সন্তোষে ধৰ্ম প্ৰচাৰত ব্ৰতী হ’ব পৰা নাছিল৷ সেইবাবেই তেওঁ জীৱনৰ শেষৰফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ আশ্ৰয়ত কোচবিহাৰলৈ যায় আৰু ভেলা-মধুপুৰ সত্ৰত থকা অৱস্থাতেই ১৫৯৬ খ্ৰীঃত ইহলীলা সম্বৰণ কৰে৷গুৰুজনাক আদৰ্শ হিচাপে লৈ মাধৱদেৱেও নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ বাবে  বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি কৰি থৈ গৈছে৷ আলোচনাৰ সুবিধাৰ্থে তেওঁৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি

  • আখ্যানমূলকঃ ৰামায়ণৰ আদিকাণ্ড, ৰাজসূয় কাব্য৷
  • তত্ত্বমূলক ৰচনাঃ জন্ম ৰহস্য, নামঘোষা, নামমালিকা, ভক্তি ৰত্নাৱলী৷
  • নাটঃ চোৰধৰা, পিপৰা গুচোৱা বা পিম্পৰা গুচোৱা, দধিমথন, ভূমি লেটোৱা, ভোজনবিহাৰ, ভূষণ-হৰণ বা ব্ৰহ্মামোহন৷
  • গীতঃ বৰগীত, ভটিমা৷
  • আখ্যানমূলক ৰচনাঃ মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক ৰচনা দুখন৷ ইয়াৰে প্ৰথমখন এখন অনুবাদমূলক ৰচনা৷ প্ৰাক্‌-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰা কাণ্ডটো বিচাৰি নোপোৱা হেতু শংকৰদেৱৰ নিৰ্দেশ অনুসৰি মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ডটো অনুবাদ কৰে৷ উল্লেখযোগ্য যে মাধৱদেৱৰ  এই অনুবাদটি সৰ্ম্পূণৰূপে  বাল্মীকি ৰামায়ণৰ আদিকাণ্ডৰ আধাৰত ৰচিত হোৱা নাই, কাৰণ ইয়াত মাধৱদেৱে নিজস্ব ধৰণে ৰাম কথা সংযোগ কৰিছে৷ কবিজনাই নিজস্ব মৌলিক প্ৰতিভাৰ প্ৰমাণ দি  তদানীন্তন সমাজত মৌখিক পৰম্পৰাত প্ৰচলিত ৰামকথাৰ আধাৰত এই কাণ্ডটি নতুন ধৰণে সজাইছে৷ এই সন্দৰ্ভত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘আদিকাণ্ডৰ বহুখিনি কথা আৰু বৰ্ণনা কৃত্তিবাসী ৰামায়ণৰ লগত মিলে, বাল্মীকিত এইবোৰ কথা নাই৷ সম্ভৱতঃ বাণ্ডুকাত থাকোতে কৃত্তিবাসী ৰামায়ণৰ লগত মাধৱদেৱৰ পৰিচয় ঘটিছিল, তাৰ প্ৰভাৱ তেওঁৰ আদিকাণ্ডত লক্ষ্য কৰা যায়৷’’ মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ হ’ল দ্বিতীয়খন আখ্যানমূলক ৰচনা৷ তেওঁৰ কবিত্বৰ উজ্বল নিদৰ্শনস্বৰূপ এইখন কাব্যৰ বিষয়বস্তু শ্ৰীমদ্ভাগৱত পুৰাণৰ অন্তৰ্গত দশম স্কন্ধৰ ৭০-৭৫ অধ্যায়ৰ পৰা আহৃত৷ ইয়াৰ উপৰি কাব্যখন অধিক মনোগ্ৰাহী কৰি তুলিবলৈ কবিবৰে মাজে মাজে মহাভাৰতৰ সভাপৰ্বৰ বিষয়বস্তুও সংযোজন কৰিছে৷  মাধৱদেৱৰ সূক্ষ্ম আৰু ৰসাল বৰ্ণনা ৰীতিৰ নিদৰ্শন বহন কৰিছে এইখন কাব্যই৷ ইয়াৰ উদাহৰণ হিচাপে আমি কাব্যখনত সন্নিবিষ্ট  ‘শ্ৰীকৃষ্ণ সমদলে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ যাত্ৰাৰ বৰ্ণনা’, ‘ভীম-জৰাসন্ধৰ থৈয়া-নথৈয়া যুদ্ধ’, ‘পাণ্ডৱৰ যজ্ঞশালাত শিশুপালৰ গৰ্ববাক্য’ আদি বৰ্ণনালৈ আঙুলিয়াব পাৰোঁ৷ বিভিন্ন চিত্তচমৎকাৰী আৰু বীৰত্বব্যঞ্জক বৰ্ণনাই কাব্যখনত স্থান লভিছে যদিও কবিৰ মূল আদৰ্শ ভক্তি ৰসৰ প্ৰকাশ আন্তঃসলিলা ফল্গুৰ দৰে গোটেই কাব্যখনতে বিৰাজমান৷
  • তত্ত্বমূলক ৰচনাঃ মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনা চাৰিখিন৷ তাৰে এখন হ’ল ‘জন্মৰহস্য’ ৷ চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ অনুৰোধত মাধৱদেৱৰ ৰচনা কৰা এই সৰু গ্ৰন্থখনত সৃষ্টি আৰু প্ৰলয়ৰ বৰ্ণনাৰে হৰি শ্ৰেষ্ঠত্ব ঘোষণা কৰা হৈছে৷ মাধৱদেৱৰ তত্ত্বপূৰ্ণ ৰচনাৰ ভিতৰত ‘ভক্তি ৰত্নাৱলী’খনৰ স্থান ভক্ত সমাজত অতি ওপৰত৷ আনকি নৱ-বৈষ্ণৱ পৰম্পৰাৰ চাৰি পুথিৰ ভিতৰত ভক্তি ৰত্নাৱলীও এখন৷ মূল সংস্কৃত ‘ভক্তি ৰত্নাৱলী’খন ৰচনা কৰিছিল বিষুপুৰী সন্ন্যাসীয়ে৷ এইগৰাকী পণ্ডিতেই ভক্তি ৰত্নাৱলীৰ ‘কান্তিমালা’ নামৰ এখন টীকাও ৰচনা কৰিছিল৷ এই দুখন গ্ৰন্থৰ আধাৰত মহপুৰুষ মাধৱদেৱে ‘পদবন্ধে’ ভক্তি ৰত্নাৱলীখন অনুবাদ কৰে৷ নৱবিধাভক্তি আৰু সৎসংগৰ মাহাত্ম্য বৰ্ণনা কৰা এই পুথিখন নান্দনিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ নহয় যদিও তাত্ত্বিক দিশৰ পৰা অসমীয়া বৈষ্ণৱ পৰম্পৰাত বিশেষ তাৎপৰ্য বহন কৰিছে৷মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হিচাপে পৰিচিত পুথিখন হ’ল ‘নামঘোষা’৷ নামঘোষা প্ৰায় এহেজাৰ পদৰ সমষ্টি আৰু সেইবাবে এই গ্ৰন্থৰ আন এটা  নাম ‘হেজাৰী ঘোষা’৷ এই গ্ৰন্থখনৰ প্ৰায় ছশমান পদ বিভিন্ন সংস্কৃত শ্লোকৰ অনুবাদ আৰু বাকী চাৰিশ মাধৱদেৱৰ স্বকীয় সৃষ্টি৷ উল্লেখ্য যে বিভিন্ন পুৰাণৰ পৰা অনূদিত বিষয়খিনি  তেওঁ এনেদৰে আত্মভূত কৰি পেলাইছিল যে তাত অনুবাদৰ ক্লিষ্টতা মুঠেই অনুভৱ কৰা নাযায়৷ আনহাতে মাধৱদেৱ আছিল এগৰাকী সুপণ্ডিত, সুগায়ক আৰু সুকবি৷ এই তিনিওটা গুণৰ সমাৱেশ ঘটিছে তেওঁৰ আধ্যাত্মিক জীৱনৰ ছন্দোময় প্ৰকাশ নামঘোষাত৷ নামঘোষাখন মাধৱদেৱৰ ‘মহাপ্ৰস্থানিক গীত’ হিচাপেও বাণীকান্ত কাকতিয়ে আখ্যা দিছে৷ জীৱনৰ শেহৰ ফালে কোচবিহাৰত থকা সময়ছোৱাতে প্ৰণয়ন কৰা নামঘোষাখনত বাণীকান্ত কাকতিয়ে তিনিটা ভাবৰ ধাৰা মিহলি হৈ আছে বুলি কৈছে, যথা (ক) পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি (খ) মাধৱদেৱৰ আত্মলঘিমা আৰু (গ) কৃষ্ণ ভক্তি মাহাত্ম্য৷ অৱশ্যে এই ত্ৰিধাৰাৰো মূল উৎস এটাইসেইটো হৈছে মাধৱদেৱৰ ৰসময়ী ভক্তিৰ গভীৰ আবেগ৷সত্যেন্দ্ৰনাথ শৰ্মাই বিষয়বস্তু অনুসৰি নামঘোষাখনক তিনিটা খণ্ডত ভাগ কৰিছে৷  সেই কেইটা হ’ল প্ৰথম খণ্ডত নামধৰ্মৰ বৈশিষ্ট্যপূৰ্ণ মতবাদ প্ৰতিষ্ঠা, শৰণ ছন্দ নামৰ দ্বিতীয় খণ্ডত লেখকৰ ঐকান্তিক আৰু আত্মবিলুপ্ত হোৱা ভক্তিভাৱৰ কবিত্বময় প্ৰকাশ আৰু তৃতীয় খণ্ডত বিষু-নাৰায়ণৰ নাম, গুণ আৰু মাহাত্ম্য শৃঙ্খলাবদ্ধভাৱে কীৰ্তনৰ সুবিধাৰ বাবে দিয়া হৈছে৷ নামঘোষাৰ দাৰ্শনিক ভিত্তি বেদান্ত দৰ্শন৷ এই কাব্যখনত ‘মুক্তিতো নিস্পৃহ যিটো, সেহি ভকতকো নমো’ বুলি কৈ মাধৱদেৱে ৰসময়ী ভক্তিৰ ৰস প্ৰবাহত আত্মনিমজ্জন কৰি থাকিব বিচৰা ভকতৰ প্ৰতি নমস্কাৰ জনাইছে৷ আৰু তেওঁ কামনা কৰিছে ভগৱন্ত কৃষ্ণৰ চৰণ প্ৰান্তত আত্মবিসৰ্জন দি ৰসসিক্ত ভক্তিহে৷ মাধৱদেৱে ৰচনা কৰা চতুৰ্থখন তত্ত্বমূলক ৰচনা হ’ল ‘নাম-মালিকা’৷ মূলতঃ নামৰ মহিমা আৰু নামলোৱাৰ ফললাভ বৰ্ণনা কৰা এই পুথিখন লক্ষ্মীনাৰায়ণ ৰজাৰ পাত্ৰ বিৰূকাজীৰ অনুৰোধ মতে কৰা এখন অনুবাদ গ্ৰন্থ৷ কোচবিহাৰত থকা কালছোৱাতে মাধৱদেৱে পুৰুষোত্তম গজপতিৰ ‘নাম-মালিকা’ নামৰ গ্ৰন্থখন সৰল আৰু সৰসভাৱে একে নামেৰে অসমীয়ালৈ অনুবাদ কৰে৷
  • নাটঃ মাধৱদেৱে তেওঁৰ গুৰু শঙ্কৰদেৱক অনুসৰণ কৰি  ছখন নাট ৰচনা কৰিছিল— অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন ব্যৱহাৰ আৰু ভূষণ হৰণ (ব্ৰহ্মামোহন?)৷ ইয়াৰে প্ৰথম পাঁচখন নাট যে মাধৱদেৱৰ সৃষ্টি তাত সন্দেহ নাই; কিন্তু শেহৰ নাটখন সম্পৰ্কে নানা পণ্ডিতৰ নানা মত৷ কোনো কোনোৰ মতে ভূষণ হৰণ মাধৱদেৱৰ ৰচনা নহয়, ব্ৰহ্মামোহনহে মাধৱদেৱৰ নাট৷মাধৱদেৱৰ গুৰুজনাক অনুসৰণ কৰি নাট ৰচনাত প্ৰবৃত্ত হৈছিল যদিও নিজস্ব স্বকীয়তাৰ পৰিচয় দাঙি ধৰি ‘ঝুমুৰা’ নামেৰে এক নৱ-নাট্য ধাৰাৰ আৰম্ভ কৰে৷ মাধৱদেৱে ৰচনা কৰা অৰ্জুনভঞ্জন বা দধিমথনখনহে নাট বুলি কোৱাৰ বিপৰীতে বাকীখিনিক ঝুমুৰা নামেৰেহে জনা যায়৷ বাল-কৃষ্ণৰ লীলা-খেলা, ভেম-অভিমান, চৌৰ-চাতুৰি চৰ্চৗযক্রিয়াদিৰ মনোৰম বৰ্ণনাৰে মাধৱদেৱৰ নাট কেইখন সিক্ত৷ অৰ্জুনভঞ্জনৰ বাহিৰে বাকী কেইখনত পৰিপূৰ্ণ ঘটনাৰ চিত্ৰণৰ বিপৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিস্থিতি বিশেষৰহে বৰ্ণনা চিত্ৰিত হৈছে৷ বাৎসল্যভাৱৰ সুন্দৰ প্ৰকাশ আৰু লঘু কৌতুকপ্ৰদ পৰিস্থিতি বৰ্ণনা কৰি মাধৱদেৱে তেওঁৰ নাট কেইখন সজীৱ আৰু জনপ্ৰিয় কৰি তুলিছে৷
  • গীতঃ শঙ্কৰদেৱে ৰচনা কৰা বৰগীতসমূহৰ অধিকাংশই বনপোৰা জুয়ে পোৰাত তেওঁ মনৰ দুখত গীত ৰচনা নকৰোঁ বুলি কৈ মাধৱদেৱক গীত ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে৷ গুৰু আজ্ঞা শিৰপাতি লৈ মাধৱদেৱে সৰ্বমুঠ ১৫৭ টা গীত ৰচনা কৰে৷ দাস্য আৰু বাৎসল্য দুয়োটা ভাববিশিষ্ট গীত তেওঁ ৰচনা কৰিছে; যদিও মূলতঃ বাৎসল্য ভাব প্ৰধান গীতহে বেছি৷ এই গীতসমূহত মাধৱদেৱৰ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ ঘটিছে৷ বাল-গোপালৰ লীলা-খেলা আৰু চৌৰ-চাতুৰীৰ-বৰ্ণনাৰে মাধৱদেৱৰ বৰগীতসমূহ ঋদ্ধ হৈ উঠিছে৷ মাধৱদেৱৰ বৰগীত সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই কোৱা এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘গীতবোৰত (বৰগীতবোৰত) শিশু চৰিত্ৰৰ অভিব্যক্ত, বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য আৰু কবি প্ৰাণৰ উচ্ছাস আৰু হৃদয়ানুভূতি অতি সাৰ্থকভাৱে প্ৰকাশ পাইছে৷ এই ফালৰ পৰা মাধৱদেৱৰ এই বৰগীতবোৰ মহাৰাষ্ট্ৰৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ সুৰদাসৰ গীতসমূহৰ লগত ৰিজাব পাৰি৷’’ ইতিমধ্যে শংকৰদেৱৰ গীত সম্পৰ্কে কৰা আলোচনাত আমি উল্লেখ কৰিছোঁ যে শংকৰদেৱে তিনিবিধৰ ভটিমা ৰচনা কৰিছিল আৰু তাৰ লগতে মাধৱদেৱে আন এটি শ্ৰেণীৰ ভটিমা যোগ দিয়ে৷ এই শ্ৰেণীটোৰ নামেই ‘গুৰু ভটিমা’৷ মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ স্তুতি কৰিছে এই শ্ৰেণীৰ ভটিমাত৷

ক্ৰমশঃ

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
B . Bijoy Sinha
5 months ago

বহুত ভাল লাগিল । নজনা কথা আৰু বহু আপুৰুগীয়া কথা গম পালো । আগলৈ আৰু আশা কৰিলো। অশেষ ধন্যবাদ ….