অসমীয়াৰ সংজ্ঞা (পংকজ গোবিন্দ মেধি)

এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ পাল। গোটেই নিশা ওজাগৰে থাকি ৰামায়ণ শুনিলে, প্ৰভাত ফেৰীৰ সময়ত সুধিলে বোলো ৰামৰ পিতৃ কোন আছিল? অসমীয়া জাতিৰ ইতিবৃত্ত, অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস ৰচিত হ’ল, এতিয়া প্ৰশ্ন উঠিল অসমীয়া কোন? এক আৱেগিক আৰু অনুভূতি সম্পন্ন প্ৰশ্ন। দূৰদৰ্শিতা আৰু জাতীয়তাবোধৰ অভাৱত সদুত্তৰ নিৰ্ণয় কৰিব নোৱাৰিলে নিয়তিৰ ওচৰত এটা সংগঠিত জাতিয়ে হাৰ মানিব লাগিব, ই ধূৰূপ কথা।axomiya kun

‘অসমীয়াৰ সংজ্ঞা’ মূলতঃ ৰাজনৈতিক, য’ত অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপট জড়িত হৈ আছে। কেনেদৰে ৰাজনৈতিক, তাৰ এটা সৰু উদাহৰণ দিব পাৰি। সিদিনালৈ নিজকে বিহাৰী বুলি কোৱা মানুহখিনিয়ে ঝাৰখণ্ডত বসবাস কৰি এতিয়া আৰু নিজকে বিহাৰী বুলি কোৱাৰ প্ৰয়োজন বোধ নকৰে। কালৰ কুটিল গতিত অসমৰ পৰা আঁতৰি যোৱা নাগালেণ্ড বা মেঘালয়ৰ লোকসকল আজি অসমীয়া নহয়। তেনেদৰে কাহানিবা বৃহত্তৰ স্বাৰ্থ পৰিহাৰ কৰি ক্ষমতাকেন্দ্ৰিক ন্যস্ত ক্ষুদ্ৰ স্বাৰ্থত কোনো জনগোষ্ঠী অসমৰ পৰা আঁতৰি গৈ সুকীয়া ৰাজ্য গঠন কৰিলে তেওঁলোক অসমীয়া হৈ নাথাকে। তেনে অৰ্থত যিসকল ব্যক্তি অথবা সংগঠনে অসমৰ পৰা আঁতৰি যোৱা বক্তব্যৰ পোষকতা কৰে তেওঁলোক কেতিয়াও অসমীয়া হ’ব নোৱাৰে। ‘অসমীয়াৰ সংজ্ঞা’ৰ আওতাত তেওঁলোক পৰিব নালাগে।

‘অসমীয়াৰ সংজ্ঞা’ নিৰূপণ কৰিবলৈ যাওঁতে আমাৰ মনত এটা প্ৰশ্ন জাগে। ‘অসমীয়া’ৰ ধাৰণা ‘অসমীয়া ভাষা’ৰ পৰা উদ্ভূত নে ‘অসমতা বসবাস কৰা লোক’ৰ পৰা উদ্ভূত। নে কোনোটোৰে পৰা নহয়? প্ৰশ্নটো জাগিব নালাগিছিল। কিয়নো, ৰাজ্যৰ বিভাজন হৈছিল ভাষাভিত্তিক। সেই ভিত্তি তচনচ হ’বলৈ পিছে সৰহপৰ নালাগিল। অসমত ৰাজ্যভাষা অসমীয়া প্ৰৱৰ্তন অধিসূচনাৰ ধাৰণাতেই সীমাবদ্ধ হৈ থাকিল। তাৰ মাজত ভূতৰ ওপৰত দানহ পৰা দি ৰাজনৈতিক দুৰ্বলতাৰ সুযোগলৈ অতীত পৰম্পৰা ৰক্ষা কৰি অইন ভাষায়ো ৰাজ্য ভাষাৰ কান্ধত কান্ধ মিলাই সতিনীৰ ৰূপ ল’লে। ‘অসমীয়াৰ সংজ্ঞা’ নিৰূপণ ৰ ই এক প্ৰধান অন্তৰায়।

প্ৰতিজন অসমীয়াই ভাৰতীয়, কিন্তু সকলো ভাৰতীয়ই অসমীয়া নহয়। হয় জানো? আজিৰ অৰ্থত প্ৰতিজন অসমীয়াই ভাৰতীয় আৰু প্ৰতিজন ভাৰতীয়ই অসমীয়া। গুটখা, ধঁপাত, সুৰাৰ ব্যৱসায় কৰা আৰু চাউলটোৱে প্ৰতি শিলটো মিহলাব খোজা অসম প্ৰদেশৰ বাহিৰৰ পৰা আহি নিশাটোৰ ভিতৰত ‘এগ্ৰিকালচাৰেল লেণ্ড’ক ‘বস্তি লেণ্ড’লৈ পৰিবৰ্তন কৰি, মাটি-বৃত্তি আহৰণ কৰা বণিক সকলক অসমীয়া নহয় বুলি কোন পোৱালিয়ে ক’ব পাৰে! অসমীয়া খাই নে কাণত পিন্ধে তেওঁলোকে নাজানে বুলিয়েই তেওঁলোক অসমীয়া নহ’বনে? তেওঁলোকে নিজৰ অধীনস্থ এলেকাত নিজৰ ধৰণেৰে নিজস্ব সাংস্কৃতিক কাৰ্যক্ৰমণিকা অব্যাহত ৰাখি বিহুৱে-পূজাই দুটকা চাঁদা দিয়ে। তেওঁলোকৰ সংগঠনসমূহ তেওঁলোকৰ ৰাজ্য অথবা জাতিৰ নামেৰে চিহ্নিত। অসমৰ কেঁচা ঘা উগ্ৰপন্থীৰ আঁচোৰ এটা পৰিলেই তেওঁলোকৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক ‘হট লাইন’ত ততাতৈয়াকৈ যোগাযোগ কৰি আঙুলি টোঁৱায়। অথচ তেওঁলোকক আমি ‘অসমীয়াৰ সংজ্ঞা’ৰ আওতাত আনিব লাগে। কি বিড়ম্বনা।

যোৱা দুহাজাৰ বছৰ এই ভূখণ্ডলৈ যিমান প্ৰব্ৰজন হৈছিল, যোৱা দুশ বছৰত তাতকৈ অধিক প্ৰব্ৰজন ঘটিছে। ন-প্ৰব্ৰজনকাৰীসকলৰ নিজৰ ৰাজ্য বা দেশত মিতিৰ-কুটুম্ব বা আশ্ৰয়স্থল আছে। সময়ে ঢুকি নোপোৱা দিনত প্ৰব্ৰজন কৰাসকলেপূৰ্বপৰিচিতিহেৰুওৱাৰ শতাধিক বছৰ হ’ল। গতিকে হাজাৰ বছৰ আগত প্ৰব্ৰজন কৰা দেশী আৰু বিদেশী প্ৰব্ৰজনকাৰীসকলক একাকাৰ কৰি ন্যস্ত স্বাৰ্থ পূৰণৰ কৌশল ভেটিব নোৱাৰিলে ‘অসমীয়াৰ সংজ্ঞা’ নিৰূপণসম্ভৱপৰনহ’ব।

ঘৰৰ ভেটি মজবুত কৰিবলৈ গাঁত দকৈ খান্দিব লাগে। সেইবাবে কথা আৰু চিন্তাবোৰ কিছু ৰুক্ষ আৰু কৰ্কশ যেন লাগিব পাৰে। সেয়াও সময়ৰ দাবী। যা হওক, ‘অসমীয়াৰ সংজ্ঞা’ নিৰূপণৰ দুই ধৰণৰ সমাধান সূত্ৰৰ কথা এবাৰ উনুকিওৱা যাওক। এক, ধ্ৰুপদী বা প্ৰচলিত ধাৰা। এই ধাৰাৰ সমাধান-সূত্ৰউদ্ভাবনকাৰীসকল উদাৰ, অতিথ্যপৰায়ণ, সহমৰ্মী আৰু বহু ক্ষেত্ৰত বাস্তৱ দৃষ্টিভংগীৰ পৰা পলায়ন কৰা ব্যক্তি বা সংগঠন। তেওঁলোকে দূৰৈৰ দিল্লীলৈ চায়। দুই, আধুনিক বা সময়োপযোগী ধাৰা। এই ধাৰাত বিশ্বাসীসকল জাতীয়তাবাদ সম্পন্ন, আদৰ্শকেন্দ্ৰিক আৰু দূৰদৰ্শী। তেওঃলোকৰ বাবে দিল্লী-দিছপুৰৰ পাৰ্থক্যৰ সীমাৰেখাডাল অস্পষ্ট। পিছে, প্ৰচলিত ধাৰাতেই সকলোৱে কথাবোৰ পেঘেনীয়াই আছে। নিজৰ নিজৰ ভাগৰ মাছ ধৰাৰ বাবে পুখুৰীৰ পানী ঘোলা কৰিছে।

‘অসমীয়াৰ সংজ্ঞা’ৰ কথা উনুকিয়ালে স্বাভাৱিকতে’ খিলঞ্জীয়া’, ‘জনগোষ্ঠী’, ‘জনজাতি’ আদিঅভিধাই জুমুৰি দি ধৰেহি। বহুতৰ বাবে আকৌ অসমীয়া বুলি শুনিলেই পুৰণি খৰ-খজুৱতিয়ে উক দিয়ে। তাৰ উপান্ত কাৰণ হৈছে অতীজৰ’বৰ্ণ হিন্দু’ৰ বৰ্ণ বিদ্বেষ। তাৰো ঐতিহাসিক কাৰণ আছে। দিল্লীৰ মচনদত বৌদ্ধ আৰু ইছলাম ধৰ্মই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰাৰ পৰত হিন্দু ধৰ্মই বাৰুকৈ মুখথেকেচা খাইছিল। তাৰ পৰা উদ্ধাৰ হোৱাৰ বাবে প্ৰয়োজন হোৱা জাত্যাভিমান পৰৱৰ্তীসময়ত টুটক চাৰি বাঢ়িছিল। অসমতো তাৰ প্ৰভাৱ বিদ্যমান। ফলস্বৰূপে সুবিধা লৈছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকসকলে। তেওঁলোকে লক্ষ্য কৰি লৈছিল সৰু-সৰু জনগোষ্ঠীসমূহক। সেই প্ৰক্ৰিয়াৰ আজিও অন্ত পৰা নাই। ধৰ্মীয় সংকট সময়ত ভাষিক সংকটলৈ ৰূপান্তৰিত হ’ল। বৰ্ণ হিন্দুৰ অসমীয়া ভাষাক শত্ৰু শালিবলৈ সৰু-বৰ জনগোষ্ঠীক শিকোৱা হ’ল। তাতেই খৰ-বাগৰ মাৰি দুই এটা জনগোষ্ঠীয়ে সময়ে সময়েঅভব্য আচৰণ আৰ্জি বৃহত্তৰ ধাৰণাক স্থূল কৰি অনাবিল উত্ৰাৱল উপভোগ কৰাৰ তৃপ্তি লভে। তেওঁলোকৰ ৰূপত ন-ধনী, ন-শিক্ষিতৰ চাতুকাৰ চৰিত্ৰ চাক্ষুষিত হয়। আজি এই সকলোবোৰ সমস্যাৰ আশু সমাধানৰ প্ৰয়োজন। নহ’লে কুশৰ প্ৰহাৰত যদু বংশৰ ধ্বংশ হ’বৰ উপক্ৰম হৈছে। কেনেকৈ হৈছে সেই কথা জানিও আমি উলাই কৰিছোঁ। তাৰ কাৰণো জাত্যাভিমান। আজি অসমৰ সকলো জনগোষ্ঠীয়ে জাত্যাভিমানৰ মানসিকৰোগত পীড়িত।

এই জাত্যাভিমানৰ আলমতে আমি সমাধান-সূত্ৰ উলিয়াব লাগিব। অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ নিজস্ব ভাষা আছিল বা আছে। ভুলকৈ ক’লো নেকি? নাই কোৱা। কেইবাটাও জনগোষ্ঠীয়ে নিজস্ব ভাষা বিসৰ্জন দি অসমীয়া ভাষাক গ্ৰহণ কৰিছে। আহোমসকলৰ যেনেদৰে নিজস্ব ভাষা আছিল কলিতা-কায়স্থসকলৰো নিজৰ নিজৰ ভাষা আছিল। তেনেদৰে আজি প্ৰতিটো জনগোষ্ঠীয়ে এক বা একাধিক সংগঠন আছে। বৰ্ণ হিন্দু কলিতা-ব্ৰাহ্মণৰো আছে, বড়ো-কছাৰী-ৰাভা-শৰণীয়া সকলৰো আছে। মাথোন পৰিচয় দিওঁতে আমি কওঁ- এওঁ ৰাভা, এওঁ কছাৰী। নকওঁ এওঁ ব্ৰাহ্মণ, এওঁ কলিতা। সেইটো পৰিচয় আৰম্ভ কৰিলেই বৃহত্তৰ স্বাৰ্থত’অসমীয়া’ বুলি কোৱাত কাৰো আপত্তি থাকিব নালাগে। অসমত অতীজৰ পৰা বসবাস কৰি থকা সকলো জনগোষ্ঠী অসমীয়া হ’ব পাৰে। মাথোন কোনোবা এটা-দুটা জনগোষ্ঠীক ‘অসমীয়া’ বুলি কৈ অসমখন তেওঁলোকক উত্তৰাধিকাৰীসূত্ৰে অৰ্পণ কৰাৰ কোনো যুক্তি নাই। আনহাতে, যিসকলে অসমীয়া নহওঁ বুলিছে, তেওঁলোকেই অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰক! য’ত তেওঁলোকৰ অৱস্থান সুনিশ্চিত হয়। ভাৰতত থাকিলেই ভাৰতীয় হোৱাৰ সূত্ৰত অসমত থাকিলেই ‘অসমীয়া’ হোৱাৰ হক দাবী কৰক। পশ্চিমবংগত থাকিলে তেওঁলোক বাঙালী নহয়, কিন্তু পশ্চিমবংগীয় যে হয়, সেয়া নিশ্চিত। অসমত থাকি ৰাষ্ট্ৰীয়নাগৰিকপঞ্জীত তেওঁলোকে নিজক দুই-এদিনতে অন্তৰ্ভুক্ত কৰিব, কাজেই তেওঁলোকে এখন পৃথক ৰাজ্য দাবী কৰাৰ যুক্তিযুক্ততাও তিমানতে অন্তৰ্লীন হোৱা যুগুত।

আন এটা সমাধান-সূত্ৰ এনে ধৰণৰ হ’ব পাৰে। ত্ৰিবান্দমথিৰুঅন্তপুৰম, বাংগালোৰ-বাংগালুৰু, কলিকতা-ক’লকাতা হোৱাৰ দৰে অসমীয়া নামটোকে সলাই ‘অসমবাসী’ কৰা হ’ব পাৰে। দুদিনমান আভঁজা লাগিব, পিছত জিভা পোন হৈ যাব। ‘অসমবাসী’ সকলো জনগোষ্ঠীৰ জাত্যাভিমানো ৰ’ব আৰু বিচ্ছিন্নতামূলকচিন্তা-চৰ্চাও দূৰ হ’ব। পিছে কথাটো বৰ পছন্দৰ নহয়।

অৱশ্যেই আমি মনত ৰাখিবলগীয়া কথাটো হৈছে ভূমি আৰু ভূমা। অসমৰ ভূমি দখল কৰি ভূমামূলক চিন্তা-চৰ্চা কৰাসকলৰ বাবেহে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে অস্তিত্বৰ সংকটত ভুগিছে। অসমৰ জলবায়ু ভাৰতৰ বিভিন্ন প্ৰদেশতকৈ প্ৰসন্ন। ব্যৱসায়-বাণিজ্যত লক্ষ্মী কেনেকৈ বসতি কৰে নজনা অসমৰ জনগোষ্ঠীসমূহক ব্যৱসায় শিকাবলৈ এতিয়াও ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতিৰ লোকৰ অবিচ্ছিন্ন সোঁত বৈ আছে। লগতে অবাধ গতিত আহিছে নেপাল আৰু বাংলাদেশৰ প্ৰব্ৰজনকাৰীসকল। তেওঁলোকৰ ভূমাক ধৃষ্টতা জনোৱাৰ সাহস অসমবাসীৰ নাই। কাজেই বহিৰাগত সকলৰ বাবে দিল্লী-দিছপুৰ নিকট। অসমৰ কোনো ছফ্টৱেৰ ইঞ্জিনিয়াৰ জীৱনভৰ বাংগালুৰুত থাকিলে ‘কান্নাৰ’ হৈ নাযায়, চেন্নাইত থাকিলে ‘তামিল’ নহয়, কিন্তু অসমবাসীয়ে এই বণিয়াসকলৰ জোলোঙাৰ বাবে তেওঁলোকক ‘অসমীয়া’ কৰিবলৈ উঠিপৰি লাগে। তেওঁলোকৰ ভাষাত কথা পাতি ধন্য হ’ব খোজে। এয়াও অন্য এক বিড়ম্বনা। এই বিড়ম্বনাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীবলবৎ হোৱাৰ পৰা অসমৰ একঠা মাটিও যাতে অসমৰ ‘স্থায়ী নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ’ নোহোৱা কোনো ব্যক্তিয়ে খৰিদ্দাৰী কৰিব নোৱাৰে তাৰ বাবে সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। কোনে কৰিব? ভূমা নাই। তথাপি আমি যে আশাত বন্দী মৃত-প্ৰায় জীৱ।

পংকজ গোবিন্দ মেধি

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments