অসমৰ বিদেশী সমস্যাটো: -এটি পুনৰাৱলোকন (অভিজিৎ কলিতা)

শিৰোনামটো দেখিয়ে পাঠকৰ অলপ ঋণাত্মক ধাৰণা হব, এইবুলিয়েই যে, এইটো হয়তো, অসমীয়াত যোৱা দুটামান দশকৰ আটাইতকৈ বেছিকে ব্যৱহাৰ হোৱা প্ৰৱন্ধৰ শিৰোনাম, অলপ সালসলনিৰে সৈতে৷ এই প্ৰৱন্ধত কোনো নতুন আৱিষ্কাৰ কৰা হোৱা নাই, আচলতে আৱিষ্কাৰ কৰিবলৈয়ো সুৰুঙাও নাই৷ প্ৰৱন্ধৰ উদ্দেশ্য কেৱল ’বেক টু ডা বেছিকচ’ ..মূল ধাৰণাখিনিৰ ওপৰত আকৌ এবাৰ আলোকপাত কৰা৷ আমি প্ৰায়ে কৰা এটা ভুল হ’ল- আমি প্ৰমাণ আৰু তথ্যৰ ওপৰত ইমান নিৰ্ভৰশীল হৈ যাও যে, প্ৰায়ে আমাৰ মূল লক্ষ্য বা কাৰণসমূহ কালক্ৰমত আচুতীয়া হৈ পৰেগৈ৷ দুই তিনিটা মান সৰু ডাঙৰ আন্দোলনত ভাগ লোৱা অভিজ্ঞতাৰ পৰা ইমানখিনি কব পাৰোঁ যে- কোনোবাই যদি সকীয়াই থাকে যে “এইটোহে তোমাৰ কাম, এই কাৰণেহে তুমি যুঁজি আছা“- শুনিবলৈ ভাল নেলাগিলেও, বা আমি চোন জানোৱেই বুলি ভাব হ’লেও- কামটো বৰ অপ্ৰয়োজনীয় নহয়৷ পাঠকসকলৰ লেখাটি সেই দিশৰ পৰাই গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ৷

অসমীয়া কোন, বিদেশী কোন?
আধুনিক মেনেজমেণ্ট সূত্ৰসমূহৰ মতে সমস্যা সমাধানৰ প্ৰথম ঢাপটো বোলে সদায় ’ সমস্যাৰ সংজ্ঞা’ বা Problem Definition’. এই ক্ষেত্ৰত সদায় সকলোতকৈ বেছি গুৰুত্ব দিব লাগে, তাৰ বাবে সমস্যাটোৰ সকলো দিশ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰি, আলোচনা কৰি, তাৰ এটা সৰ্বাত্মক সংজ্ঞা তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে৷ সংজ্ঞা যিমান শুদ্ধ হব, বুজিব পৰা হব, সকলো দিশ সামৰি লব পৰা হব, সমাধান সূত্ৰ সিমানে সহজ হব৷ তাৰ বাবে সমস্যাটোৰ সংজ্ঞা দিয়াৰ সময়ত প্ৰয়োজন হোৱা প্ৰতিটো শব্দৰ নিশ্চিত আৰু অদ্বিতীয় অৰ্থ নিৰ্ণীত হোৱা দৰকাৰ৷ কিন্তু উল্লেখিত সমস্যাটোৰ ক্ষেত্ৰত এইখিনিতে বহু বৈপৰীত্য আছে, বহু কথা সৰ্বজন গৃহীত নহয়৷ গতিকে প্ৰথমতে এই দিশটোৰ ওপৰত আলোকপাত কৰা হওক, আৰু ইয়াৰ বাবে অসমীয়া জাতিগঠনৰ প্ৰক্ৰিয়াটোৰ ওপৰতো চকু ফুৰোৱা প্ৰয়োজন হব৷
অসমীয়াৰ সংজ্ঞা নিৰূপণ বুলি এটা আজিলৈকে নিষ্ফল প্ৰচেষ্টা চলি আহিছে বিভিন্ন মঞ্চৰ পৰা৷ পিছে কথাটো হ’ল কোনেও ইজনে সিজনৰ কথা মানি নলয়, বিধানসভাৰ অধ্যক্ষই দিয়া সংজ্ঞাটো, শাসনাধীস্থ দলেই নেমানে, বাকী বাদেই দিলোঁ৷ হয়, কামটোত সমস্যা আছে, অসমীয়া বোলা শব্দটোৰ গাঁঠনি বৰ জঁটিল৷ গতিকে অলপ ওলোটাফালৰ পৰা চেষ্টা কৰি চোৱা হওক, কোন অসমীয়া নহয়, তাকে বিচাৰ কৰি চোৱা যাওক, যদি পাৰি, তেনে অনা-অসমীয়া সংজ্ঞাৰ বাহিৰৰ মানুহখিনিকে অসমীয়া বুলি বুজাই দিব পৰা যাব৷

সমস্যাটো আৰম্ভ হৈছিল ’ভাষা ভিত্তিক ৰাজ্য গঠন’ৰ পৰম্পৰাৰ পৰাই৷ ভাৰতৰ আন ভাষাবোৰৰ দৰে অসমীয়া কোনো নিৰ্দিষ্ট নৃ-গোষ্ঠী বা জাতি-জনজাতিৰ একচেটিয়া ভাষা নহয়, (আন ভাষাবোৰতো সমস্যা নথকা নহয়) ই আচলতে এটা সংযোগী ভাষাহে, Lingua Franca. আনকি ধাৰ্মিক, সাংস্কৃতিক বা ৰাজনৈতিক ভাৱেও এক নোহোৱা অঞ্চল এটাৰ ভাষা৷ গতিকে অসমীয়াৰ সংজ্ঞা ভাষাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা প্ৰায় অসম্ভৱ৷ পিছে আমি আজিও ’ভাষা ভিত্তিক সংজ্ঞা’ টোকে মানিবলৈ চেষ্টা কৰাৰ বাবে আমি অসমীয়াৰ সংজ্ঞাটো সংকীৰ্ণহে কৰি আনিছো৷ অসমীয়া একেবাৰে কব নোৱাৰা দিচাং মুখৰ মিছিং লোক এজন অসমীয়া হয়নে নহয়? সেয়ে এই আলোচনাত ভাষাৰ সংজ্ঞাটো আঁতৰি চলাৰ চেষ্টা কৰা হব৷

আকৌ ব্ৰেইনষ্টৰ্মিং কৰাৰ প্ৰয়োজন হ’ল, কোন অনা-অসমীয়া বিছাৰি উলিয়াবলে আকৌ ’অসমীয়া কোন’ প্ৰশ্নটো আহি পৰিল, সমস্যাটোৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ৷ Cascade এফেক্ট বুলিও কব পাৰি৷ অলপ ঐতিহাসিক আলোচনা কৰা হওক৷ অসমভূমিত(ব্ৰহ্মপূত্ৰ আৰু বৰাক উপত্যকা) বসবাস কৰিবলে লোৱা প্ৰথম নৃ-গোষ্ঠী ’অষ্ট্ৰিক’ সকল বুলি বহুতে কয়৷ তেওলোক মূলতঃ মংগোলীয় যদিও, অষ্ট্ৰেলিয়াৰ এব-অৰিজিনেল সকলৰ লগত মিল থকাৰ বাবে এই নামেৰে জনা যায়৷ পাপুৱা-নিউগিনি আদিত থকা আদিবাসী সকল এই নৃ-গোষ্ঠীৰ বুলি পণ্ডিত সকলে থাৱৰ কৰিছে৷ আজিৰ উত্তৰপূৱৰ খাছীয়া, জয়ন্তীয়া আদি লোকসকল সেই গোষ্ঠীৰেই বংশধৰ৷ ’অসমৰ ’তামোল’খোৱাৰ পৰম্পৰাও এই নৃ-গোষ্ঠীৰে অৱদান৷ কিনতু তাৰো আগতেই অসমত ’নেগ্ৰইড’ বুলি ধাৰণা কৰা নৃ-গোষ্ঠীৰ কিছুলোক আছিল৷ ইতিহাসৰ সেই অধ্যায় এতিয়াও প্ৰায় আন্ধাৰত, অসুৰ বংশ বুলি, নৰকাসুৰ আদিক সেইখিনি লোকৰ মাজত ৰখা হৈছে, কিছুলোকে আকৌ এইখিনি লোকক ’আলপাইন ’ গোষ্ঠীৰ লোক বুলিও কয়, ইয়াৰ ওপৰত বেছি আলোচনা কৰিব বিছৰা নাই, কাৰণ লেখাটোৰ মূল উদ্দেশ্য পৃথক৷ ৷ তাৰ পাছত কিৰাট, মানে বড়ো-কছাৰী মূলীয়া সকল, পিছলৈ তিব্বতমূ্লৰ বহু লোক, আলপাইন সকল, শেহতীয়াকৈ শান বংশৰ আহোমসকল, ’মান’ বা মানৰ ওচৰ সম্পৰ্কীয় লোকসকল, কনৌজৰ পৰা অহা পাৰস্যমূলীয় সংস্কৃত আৰ্যসকল, মোগলৰ স’তে অহা পাঠানসকল, শেহতীয়াকৈ চাহখেতিৰ বাবে বৃটিছে লৈ অহা মধ্য আৰু পূৱ ভাৰতীয় জনজাতিয় লোকসকল, আদি সকলো নৃ-গোষ্ঠী বিভিন্ন কাৰণত এইভূমিত বসবাস কৰিবলৈ ধৰিছিলহি৷ আৰু সকলো মিলি, সকলো মিলি জুলি থকাৰ প্ৰয়োজনত, এটা উমৈহতীয়া ভাষা, উমৈহতীয়া সংস্কৃতিৰে অসমীয়া নামৰ জাতি এটা সৃষ্টি হ’ল৷ শক্তিশালী আহোমসকলে অসমক এটা ৰাজনৈতিক পৰিচয় দিলে, শংকৰদেৱকে আদি কৰি সংস্কাৰক সকলে এটা ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয় দিলে, ইয়াৰ বাদেও তান্ত্ৰিক বৌদ্ধসকলৰ লগতে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অৱদানেৰে পৃথিৱীৰ ভিতৰতে এটা বৈশিষ্টপূৰ্ণ জাতি গঢ়ি তুলিলে যাৰ নাম- ’অসমীয়া’৷ কিন্তু এই সকলোৰে মাজত এটা সমন্বয় বা সাদৃশ্য আছিল৷ কোনেও নিজৰ বৈশিষ্টপূৰ্ণ ভাষা-সংস্কৃতি-ধৰ্ম আদি অসমৰ ওপৰত জাপি দিয়া নাছিল, কেৱল নিজৰ ফালৰ পৰা অৱদান দি গৈছিল আৰু ’অসমীয়া জাতিগঠন’ নামৰ প্ৰক্ৰিয়াটোত অংগ্ৰহণ কৰিছিল৷ আগৰ পৰা থকা স্থানীয় লোকসকলৰ জীৱনধাৰা, সংস্কৃতি আদিক সন্মান কৰিছিল, আৰু নিজকে তাৰ লগত মিলাই দিছিল৷ আৰু সেইটেৱেই অসমীয়া জাতিগঠনৰ মূলমন্ত্ৰ৷ এইখিনিতে অকণমান ব্যক্তিগত কথা কও- মই মোৰ শ্ৰীমতীক মাজে মাজে কও, -“আচৰিত কথা নহয়নে, তোমাৰ গাত আছে চীনৰ পৰা অহা মংগোলীয় শান বংশৰ তেজ ( E disease! ! ) মই আকৌ শ্লাভসকলৰ লগত সাদৃশ্য থকা আলপাইন মালভূমিৰ আধা-আৰ্য মানুহ৷ পিছে বিহুত ঢোলটো বাজিলে দুইটাৰে একেলগে গা উঠে কিয়? “ কথাটো হাঁহি উঠিবলৈ কোৱা যদিও ইয়াতে অসমীয়া জাতিৰ প্ৰাণ সোমাই আছে বুলি মোৰ ধাৰণা৷ প্ৰসিদ্ধ লেখিকা ড° ৰীতা চৌধুৰীয়ে কোৱা এষাৰ কথা মনত পৰে, – Assam is the place where the East meets the West, in a global scenario.
আলোচনা বেছি আগ-নবঢ়াই পোনে পোনে মূল কথালৈ অহা যাওক, অসমীয়া জাতি গঠন হৈছেই ’প্ৰব্ৰজন’ৰ যোগেদি, তেতিয়া হ’লে যোৱা শতিকাটোত হোৱা কিছুমান প্ৰব্ৰজনে কিদৰে অসমীয়া নামৰ জাতিটোৰ অস্তিত্ত্বৰ প্ৰতিয়েই সংকট সৃষ্টি কৰিলে? কিয় কিছুশতিকা আগতে এই ভূমিলৈ অহা কিছু লোকক ’সাংবিধানিক ৰক্ষা কৱচ’ৰ দৰে বস্তুৰ প্ৰয়োজন হ’ল? এইটো কাৰ ঐতিহ্য যাক ৰক্ষা কৰিবলৈ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে নিজৰ প্ৰাণ পৰ্যন্ত আহুতি দিব লগা হ’ল? আজি অসমীয়া নামৰ এটা ’মালিক নোহোৱা’ ’ভাষা’ই ইউনিক’ডত স্বীকৃতি নোপোৱাৰ বাবে যিসকল লোকে প্ৰাণপনে যুদ্ধ কৰি আছে, তেওলোকো দেখোন এসময়ত কৰবাৰ পৰা নহয় কৰবাৰ পৰা অসমলৈ প্ৰব্ৰজন কৰি অহা লোকেই, যাৰ স্বকীয় ভাষা-সংস্কৃতি-ধৰ্ম আছিল৷ গন্দগোলটো ক’ত?

গন্দগোল নথকা নহয়, আছে! অসমীয়া জাতি গঠনত ভাগ লোৱা প্ৰত্যেক নৃ-গোষ্ঠীৰে আগতে কোৱাৰ দৰে এটা সাদৃশ্য আছিল, এইবিলাকৰ কোনো ৰাজনৈতিক, ধাৰ্মিক বা সাংস্কৃতিক সাম্ৰাজ্যবাদী নাছিল৷ নিজৰ লগতে সকলোৰে সুবিধাজনক এটা সুষম পৰিবেশ সৃষ্টি কৰিবৰ বাবে তেওলোকে নিজৰ সৰ্বস্ব বিসৰ্জন দিছিল৷ কিন্তু যোৱা শতিকাত অসমলৈ প্ৰব্ৰজন কৰা সকলে(সকলো নহয়, প্ৰায়বোৰেই) এই কামটো কৰা নাই৷ তেওলোকে কেতিয়াও থলুৱা অসমীয়া সংস্কৃতিৰ লগত নিজকে খাপ খুৱাবলে চেষ্টা কৰা নাই, আৰু এই থলুৱা জীৱনধাৰাৰ প্ৰতি সন্মানো প্ৰদৰ্শণ কৰা নাই৷ থলুৱা ভাষা-সংস্কৃতি গ্ৰহণ কৰা নাই, নিজৰ নিজৰ ধৰ্ম-ভাষা-সংস্কৃতিকে থলুৱাতকৈ উত্তম বুলি প্ৰতিষ্ঠা কৰিবলে যিকোনো পন্থা লবলৈ পিচ হোঁহোকা নাই, আৰু সেইকাৰণেই ’অসমীয়া’ নামৰ সত্ত্বাটোৰ প্ৰতি ভাবুকি হৈ পৰিছে৷

অসম বোলা ধাৰণাটোৱেই এখন নদীৰ দৰে, যৰে পৰা যি সূঁতি-নিজৰা বৈ আহিছে তাকে নিৰ্বিবাদে গ্ৰহণ কৰিছে৷ কিন্তু নদীত পোৱা মাছৰ সোৱাদ সলনি কৰিবলৈ দিয়া নাই, ; পাৰৰ মাটিত পেলোৱা পলস বিষাক্ত হবলৈ দিয়া নাই৷ কথা হ’ল, “শেহতীয়াকৈ“ এই নদীত লগ হোৱা কিছুমান জুৰি নিজৰাই নিজকে নদীখনতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে, তেওলোকে মূল নদীখনৰ অস্তিত্ত্বকে নস্যাৎ কৰিবলৈ চেষ্টা কৰিছে৷ তাতোতকৈয়ো ডাঙৰ কথা, নদীখনৰ উৎস যিবিলাক ঝৰ্ণা নিজৰা, তাৰে বহুতেই নদীখনতকৈ নিজৰ পানীখিনিৰ ওৰপতহে বেছি গুৰুত্ব দিছে, কিন্তু পাহৰিছে যদি মূল নদীখন নহ’লে তেওলোকে মাত্ৰ এটা সৰু সুঁতি বা নিজৰা হৈহে জীয়াই থাকিব লাগিব, মানুহে প্ৰয়োজনীয় গুৰুত্ব নিদিব৷ মূল নদীখনৰ পানী বিষাক্ত হ’লে তেওলোকৰ স্বচ্চ নিৰ্মল পানীয়েও বৰ বেছি উপকাৰ কৰিব নোৱাৰিব৷ অৱশ্যে ইয়াত নদীখনক আপোন বুলি কোৱা জান জুৰিবিলাকৰো বহুত ভুল আছে, কিন্তু সেইটো আন এটা বিষয়৷

হাইপ’থেটিকেলী, আমি সেই জীন যাবলে অনিচ্ছুক অসমবাসীসকলকে অনা-অসমীয়া বুলি কব পাৰো, ইয়াত জাতি- ধৰ্ম- বৰ্ণৰ কথা নাহে, লগতে ঐতিহ্যকো হয়তো একাষৰীয়া কৰিব লগা হব পাৰে৷ আলোচনাটো যিহেতু অসম আৰু অসমীয়াক লৈ গতিকে ভাৰতীয়ত্বৰ ধাৰণাটো আলোচনাৰ মাজলৈ অনা হোৱা নাই৷ এই সূত্ৰ মতে শান বংশীয় চুকাফা, কনৌজৰ পৰা অহা কুসুম্বৰৰ বংশধৰ শংকৰদেউ, মাৰোৱাৰ প্ৰদেশৰ জ্যোতিপ্ৰসাদ, এইসকলো সকলো শ্ৰেষ্ঠতম অসমীয়াসকলৰ লেখত পৰে৷ আজান ফকীৰে অসমত ইচলাম প্ৰচাৰ কৰাৰ পদ্ধতিও ইয়াৰ এক অন্যতম উদাহৰণ; ফকীৰে ইছলাম ধৰ্মৰ তত্ত্বসমূহ প্ৰচাৰ কৰিবলৈ অসমীয়া থলুৱা গীত মাতৰ আধাৰত জিকিৰ জাৰী আদিৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছিল৷ সেইকাৰণেই ইছলাম অতি সুষম ভাৱে ’অসমীয়া’ নামৰ মূলসূঁতিটোত মিলি যাব পাৰিছিল৷
সমস্যাৰ সংজ্ঞাটো যিহেতুকে হাইপ’থেটিকেল হ’ল, গতিকে সমাধানৰ কথা উলিওৱাৰ আগতেই আৰু কিছু বিশদ আলোচনাৰ প্ৰয়োজন হৈছে৷ এই নিজকে অনা-অসমীয়া বুলি আকোঁৰ-গোজকৈ ধৰি, কিন্তু অসমীয়া বুলি সুবিধা লবলৈকো পিছ নোহোহোঁকা থকা সকলৰ মাজত কোন অসম বোলা সত্ত্বাটোৰ প্ৰতি বেছি ভয়ংকৰ? যিহেতু সমস্যাটোৰ বহুতো খলপা আছে, গতিকে আকৌ মেনেজমেণ্টৰ সূত্ৰ প্ৰয়োগ কৰি ’প্ৰায়ৰিটাইজ’ কৰাৰ প্ৰয়োজন আহি পৰিছে৷ আটাইতকৈ ভয়ংকৰ আৰু একেবাৰে জোৰ পুৰি হাত পোৱা যেন দিশটো প্ৰথমতে বিচাৰ কৰিব লাগিব৷ আৰু সকলোৰে মতে এইটো হ’ল “বাংলাদেশী প্ৰবজনকাৰীৰ সমস্যাটো“৷

বাংলাদেশী প্ৰবজনকাৰীসকলৰ সমস্যাটো আটাইতকৈ গুৰুতৰ বুলি ভবাৰ কাৰণ কেইটা তলত উল্লেখ কৰাৰ আগতে এই প্ৰবজনৰ অলপ ঐতিসাহিক আলোচনাৰ প্ৰয়োজন হব৷ বৰ্তমান বাংলাদেশ আৰু বৰ্তমানৰ অসম, এই দুইখন ঠাইৰে লোক সকলৰ মাজত প্ৰাক ঐতিহাসিক কালৰে পৰা সম্পৰ্ক আছে৷ সংস্কৃতিৰো মিল আছে৷ চান্দ সদাগৰৰ দৰে সাধু দুইখিনি মানুহৰে লোক কথা, আমাৰ ধুবুৰীত ’নেতাই ধুবুনী’ ঘাট থকাৰ দৰে বাংলাদেশৰ সুন্দৰবন অঞ্চলত ’নেতি-ধোপনী’ ঘাট আছে৷ বৃটিছৰ আমোলত অসমৰ ৰাইজে চিটাগঙত গৈ উচ্চ শিক্ষা লাভ কৰিছিল৷ মুঠতে অহা-যোৱাৰ সম্পৰ্ক চলি আছিল৷ অসমতকৈ বহু আগতে বাংলাদেশত ইছলাম ধৰ্ম প্ৰৱৰ্তন হৈছিল, আৰু কোনো কাৰণত তাত হিন্দু আৰু মুছলমান সকলৰ মাজৰ সম্পৰ্কটো অসমৰ দৰে সুস্থ নাছিল৷

১৯৪৭ চন ভাৰত আৰু পাকিস্তানৰ তথাকথিত স্বাধীনতা আহিল, আৰু মূলতঃ ইছলাম ধৰ্মীলোকৰ প্ৰাধান্য থকাৰ বাবেই বৰ্তমানৰ বাংলাদেশ পাকিস্তানৰ অন্তৰ্গত হল৷ ইয়াৰ পাছতে বাংলাদেশৰ পৰিস্থিতিত হিন্দু আৰু মুছলমানৰ সম্পৰ্কটো একেবাৰে স্খলিত হৈ পৰিল৷ ইতিমধ্যে এটা চক্ৰই অসমকো সেই পূৱ-পাকিস্তানৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলালে, পিছে স্থানীয় লোকৰ অসন্মতি আৰু গোপীনাথ বৰদলৈকে আদি কৰি কিছুলোকৰ প্ৰচেষ্টাত অসম ভাৰতৰ অংগে হৈয়েই ৰৈ গ’ল৷ কথাখিনি কোৱাৰ অৰ্থ হ’ল যে স্বাধীনোত্তৰ কালছোৱাত অসম বাংলাদেশৰ অংগ হব লাগে বুলি কিছুলোকে যুক্তি বিছাৰি পাইছিল, আৰু সেইসকল লোক আজিও অসমত আছে, আনকি আগতকৈ ৰাজনৈতিক ভাৱে শক্তিশালীহে হৈছে৷
বাংলাদেশ পূৱ-পাকিস্তান বুলি জনাজাত সময়ছোৱা বাংলাদেশৰ ইতিহাসৰ ক’লা অধ্যায়৷ সেই সময়তে এই প্ৰবজনে এক বহুল ৰূপ ধাৰণ কৰিলে, জীৱনৰ মোহত মৌলবাদী সকলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বাংলাদেশী হিন্দুসকল আৰু জীৱিকাৰ প্ৰয়োজনত মুছলমানসকল৷ অসমত এলাগী হৈ পৰি থকা অপৰ্যাপ্ত সাৰুৱা মাটি, ভাৰতৰ তুলনামূলক ভাৱে সুস্থিৰ ৰাজনৈতিক পৰিবেশ, আৰু সকলোতকৈ ডাঙৰ কথা, অসমীয়া মনুহৰ অকৰ্মণ্য স্বভাৱে এইসকল অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰিলে৷ লগতে অৰিহণা যোগালে কংগ্ৰেছৰ ভোটবেংকৰ ৰাজনীতিয়ে৷ বাংলাদেশত জীৱন জীৱিকাৰ বাবে হাঁহাকাৰ কৰা লোকসকলে খোলা সীমান্তইদি অসমৰ প্ৰবেশ কৰিয়েই সংস্থাপন পালে, ভোট দিয়াৰ অধিকাৰ পালে, অসম চৰকাৰক ধমকি দিব পৰা অধিকাৰো পালে৷ ইয়াত আগৰে পৰা থকা ’থলুৱা’ সকলে কথাটো বৰ গুৰুত্ব নিদিলে, কাৰণ অসমবাসী ’প্ৰবজন’ ৰ ওপৰত অভ্যস্ত৷
এইটোৱে এটা সমস্যাৰ ৰূপ নললেহেঁতেন, যদিহে এইসকল অনুপ্ৰবেশকাৰীয়ে অসমৰ মূলসূঁতিৰ লগত নিজকে মিলাই দিবলৈ চেষ্টা কৰিলেহেঁতেন৷ কিন্তু তেওলোকে সেই কাম নকৰিলে, (একেবাৰে ১০০% কৰা নাই বুলি ক’লে ভুল হব, ইয়াত সংখ্যাগৰিষ্ঠৰ কথাহে কোৱা হৈছে)৷ কাৰণটো হয়তো ধৰ্ম আৰু ভাষা৷ বৃটিছৰ লেমটৌ হৈ অহা অৰ্ধশিক্ষিত, অসমত জংঘলৰ বাদে একো নাই বুলি ভবা বাঙালীসকলে অসমীয়া ভাষা-সংস্কৃতিক সম্পূৰ্ণ নস্যাৎ কৰিবলৈ চেষ্টা কৰাৰ পৰাই সমস্যটোৰ সৃষ্টি হ’ল আৰু পিছলৈকো, বাংলাদেশৰ পৰা প্ৰবজন কৰা হিন্দু মুছলমান নিৰ্বিশেষে প্ৰায় সকলোৱে এই ধাৰণাটোকে খামুচি ধৰি থাকিল৷ তাৰ মাজৰ বহুসংখ্যক মূছলমানধৰ্মীলোকে বাংলাদেশৰ মৌলবাদী সকলে বুজাই দিয়া “ইছলাম“ৰ ধাৰণাটোৰ পৰাও মুক্ত হব নোৱাৰিলে৷ গতিকে তেওলোক ইয়ালৈ আহি বসবাস কৰি, পৰিয়াল চলাই জীয়াই থাকিলেও অসমৰ ভাষা-সংস্কৃতি আৰু ধৰ্ম সহিষ্ণুতাক গ্ৰহণ কৰিব নোৱাৰিলে৷
বাংলাদেশৰ পৰা প্ৰবজন কৰা হিন্দুয়েই হওক বা মুছলমানেও হওক, তেওলোকে অসমত মূলতঃ দুটা বিষাক্ত ভাৱধাৰাৰ প্ৰচলন কৰিলে, যাৰ ফল আজি আমি আলোচনা কৰি থকা সমস্যাটো৷
১৷ ধৰ্মীয় অসহিষ্ণুতাঃ- বাংলাদেশত যিদৰে মুছলমানে হিন্দুক অত্যাচাৰ কৰে, সেইয়া বাংলাদেশী হিন্দুসকলে পাহৰিব নোৱাৰিলে, আৰু মৌলবাদেৰে দীক্ষিত মুছলমানখিনিয়েও হিন্দু বা আন ধৰ্মীসকলক সহ্য কৰিবলৈ নিবিছাৰিলে৷ অসমৰ কৌটিকলীয়া ধাৰ্মিক সম্প্ৰীতিৰ ব্যৱস্থাটোক উপলব্ধি কৰিবলৈ চেষ্টা নকৰি তেওলোকে নিজৰ মতটোকে খামুছি ধৰি থাকিল, আৰু ইয়াৰ কিছু লোকেও ক্ষুদ্ৰস্বাৰ্থত সেই ভাৱধাৰ বৰ্তি থকাত সহায় কৰিলে৷
২৷ স্থানীয় ভাষা-সংস্কৃতিৰ প্ৰতি অৱজ্ঞাঃ- বাঙালী সকল ভাষাপ্ৰেমী লোক, বাংলাদেশৰ সৃষ্টিয়েই ভাষা সম্পৰ্কীয় সমস্যাক লৈ৷ পাকিস্তানী শাসনে বাংলাদেশত জোৰ কৰি ’উৰ্দু’ ভাষা জাপি দিয়াৰ বাবেই বাংলাদেশত প্ৰতিবাদ হৈ শেষত স্বাধীন বাংলাদেশৰ জন্ম হ’লগৈ৷ তেওলোকৰ সেই ভাষা-সংস্কৃতি প্ৰেম অসমলৈ অহাৰ পাছতো অটুত থাকিল, ততে ৰবীন্দ্ৰনাথ ঠাকুৰ, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, সুনীতি কুমাৰ ছট্টোপাধ্যায়, ৰাখাল দাস বেনাৰ্জীৰ পৰা আদি কৰি সত্যজিত ৰায়লৈকে বাঙালী পণ্ডিত সকলে অসমৰ ভাষা-সংস্কৃতিক পদ্ধতিগত ভাৱে উলংঘা কৰা প্ৰচেষ্টাই এই সকল ভগনীয়া লোককো নিজৰ ভাৱধাৰা শুদ্ধ বুলি ধৰি থাকিবলৈ উৎসাহ জনালে৷ যতেই সুবিধা পালে তাতে তেওলোকে নিজৰ কথাটোহে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিল, আৰু আজিও লাগি আহিছে৷

এই দুটা বিষাক্ত বস্তুৱে অসমৰ জাতিগঠন প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত কৰিলে৷ ইয়াৰ আগলৈকে সকলো নিয়ম মতেই আছিল, বিৰোধ বৈপৰীত্য থাকিলেও ’জাতিগঠন’ বোলা প্ৰক্ৰিয়াটো বৰ বিশেষ বাধাগ্ৰস্ত হোৱা নাছিল৷ সৰু জাতি জনজাতি বিলাকে তেতিয়াও অপমান পাইছিল, জাতিভেদ ব্যৱস্থাই সকলোকে এক হোৱাত বাধা দিছিল, কিন্তু সকলোৰে সুবিধাৰ বাবেই প্ৰক্ৰিয়াটো চলি আছিল৷ এইসকল অনুপ্ৰবেশকাৰীয়ে সেই প্ৰক্ৰিয়াটো বন্ধ কৰি দিলে৷ লগতে আহিল, সুবিধাবাদী কিন্তু কষ্টসহিষ্ণু কিছুমান মানুহ, অসমীয়া মানুহৰ সোৰোপা স্বভাৱ আৰু আগবাঢ়ি যোৱাৰ অনিচ্ছাক মূলধন হিচাপে লৈ৷ লগতে অৰিহণা যোগালে জাতি ভিত্তিক চৰকাৰী ব্যৱস্থাবোৰে আৰু ’ভোট’ বেংক তৈয়াৰ কৰাৰ ৰাজনীতিয়ে৷
এইসকলোবিলাক কাৰণ মিলি অসমীয়া নামৰ চিনাকীটোকে মূল ধাৰণাৰ পৰা আঁতৰাই এক ধূসৰ-ধূলিময় পৰিস্থতিলৈ নিক্ষেপ কৰিলে৷ আৰু আজি অসমীয়াই নিজৰ সুবিধাৰ বাবে গঢ়ি লোৱা চিনাকীটোৰ প্ৰতিয়েই শংকিত হৈ পৰিল৷

এই আলোচনাৰ শেষ নাই, ইতিমধ্যে লেখনিটো ভবাতকৈ দীঘল হ’লগৈ৷ গতিকে আমি পোনে পোনে অসমৰ বাংলাদেশী সমস্যাটোৰ সাম্ভাব্য সমাধানৰ বিষয়ে আলোচনা কৰিব বিছাৰিম৷

অসমত প্ৰায় ৪০-৪৫ লাখ ’অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী’ আছে বুলি কোৱা হয়, অৱশ্যে তাৰ ভিতৰত ৯৯.৯% শতাংশই ’অচিনাক্ত’৷ তেওলোকৰ চিনাক্তকৰণ কৰা বৰ সহজ নহব, কাৰণ তেওলোকে আজিকালি শক্তিশালী ৰাজনৈতিক সমৰ্থন লাভ কৰিছে, গতিকে সেই প্ৰক্ৰিয়াটোক ভাৰতৰ দূৰ্বল আমোলাতান্ত্ৰিক ব্যৱস্থাটোৰ সুযোগ লৈ এচাম লোকে সদায় বাধাগ্ৰস্ত কৰি আহিব৷ কিন্তু সহজ নহলেও, অসম্ভৱ নহয়৷ National Citizenship Registrar বা এন আৰ চি য়েই যথেষ্ট ভাল ফল দেখুৱাবলে সক্ষম হব বুলি আশা জাগিছিল৷ চৰকাৰৰ সদিচ্ছা আৰু ৰাইজৰ সহযোগীতাৰে এই চিনাক্তকৰণ ১০০ % শুদ্ধকৈ নহ’লেও গ্ৰহণযোগ্য মানলৈ সম্পূৰ্ণ কৰিব পৰা যাব৷
কথা হ’ল পোন প্ৰথমে এই চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবই লাগিব, যি কোনো প্ৰকাৰে৷ হয়তো পোনে পোনে অবৈধ আৰু বৈধ বুলি ভাগ নকৰি, সন্দেহযুক্ত আদি মাজা-মাজি কিছুমান চিনাকীও গ্ৰহণ কৰিব লগা হব, এইটো সুবিধা ইতিমধ্যে আছেই৷ কিন্তু সকলোৰে স্বাৰ্থত এই কামটো সততাৰে কৰিব লাগিব৷ সমান্তৰাল ভাৱে ভাৰত-বাংলাদেশৰ সীমা সুনিশ্চিত কৰি বেৰা দিয়া কামটো কৰি পেলাব লাগিব, প্ৰয়োজন হ’লে অলপ এৰাধৰা কৰিবলৈ আমি সাজু হব লাগিব৷ ইতিমধ্যে যথেষ্ট হৈছেগৈয়ে, আৰু সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত বৰ্তমান বহুলাংশে সফলতা লাভ কৰা হৈছে৷

এতিয়া আহো আৰু এটা গম্ভীৰ সমস্যালৈ৷ যুক্তিৰ খাতিৰত ধৰি ললোঁ, অসমৰ সকলো অবৈধ বিদেশী নাগৰিক চিনাক্ত কৰা হ’ল আৰু সীমান্তও ’চীল’ কৰি দিয়া হ’ল? এতিয়া কি কৰা যাব? সেইখিনি নাগৰিকক বাংলাদেশলৈ ওভোটাই পথাব লাগিব? ই প্ৰায় অসম্ভৱ কথা৷
প্ৰথম কথা, ভাৰত আৰু বাংলাদেশৰ মাজত ’শৰণাৰ্থী বা অপৰাধী প্ৰত্যাৱৰ্তন’ সম্পৰ্কীয় কোনো চুক্তি নাই, গতিকে অসমৰ “অবৈধ বাংলাদেশী“ সকলক গ্ৰহণ কৰিবলৈ বাংলাদেশ বাধ্য নহয়৷ আৰু ইতিমধ্যে জনসংখ্যাৰ সমস্যাৰে ভাৰাক্ৰান্ত দেশখনে এই অতিৰিক্ত দ্বায়িত্ব লবই বা কিয়? দ্বিতীয়তে, এইখিনিক লোকক বাৰু ভাৰতৰ অবৈধ অনুপ্ৰবেশকাৰী বুলি প্ৰমাণ কৰা হ’লেই, কিন্তু সেইসকল বাংলাদেশৰ নাগৰিক বুলি কেনেকৈ প্ৰমাণ কৰা যাব? প্ৰমাণ কৰাৰ সুবিধা থাকিব একমাত্ৰ বাংলাদেশৰ, কিন্তু তেওলোকে কিয় কৰিব নিজৰ বিপদ মতা কাম এটা? কেতিয়াও নকৰে৷ কোনো কোনো চৰমপন্থীয়ে হয়তো কব- “আমি কি জানো, যি হয় হব; খেদি দিম, যলৈ যায় যাব৷ নহ’লে আৰু কঠোৰ ব্যৱস্থা লম৷ “ কিন্তু বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতত সেই ’অবৈধ নাগৰিক’ সকলৰ প্ৰতি ভাৰত চৰকাৰে কোনো কঠোৰ স্থিতি লব নোৱাৰিব, যদিহে বাংলাদেশ বা আন কোনো দেশে তেওলোকক গ্ৰহণ নকৰে৷ মানৱ অধিকাৰকে ধৰি আন বহুতো ব্যৱস্থাই তেওলোকৰ প্ৰতি কঠোৰ স্থিতি লোৱাৰ সুবিধা নিদিব৷ গতিকে কি কৰা যাব? কি লাভ হব চিনাক্তকৰণ কৰি?

এইখিনিতে আকৌ সমস্যাটা এবাৰ জুঁকিয়াই চোৱা যাওক-

অবৈধ বাংলাদেশীসকলৰ বাবে অসমৰ কি কি সমস্যা হৈছে?
১৷ তেওলোকৰ অভুতপূৰ্ব জনসংখ্যা বৃদ্ধিয়ে জনগাঁঠনি ভাৰসাম্যহীন কৰিছে
২৷ ৰাজনৈতিক ভাৱে শক্তিশালী হৈ তেওলোকে সমস্যাটো সমাধানৰ দিশত বাধাৰ সৃষ্টি কৰিছে৷
৩৷ তাৰে মাজৰ কিছুলোকে ধৰ্মীয় বা আন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ অসমত অপৰাধমূলক কাৰ্য সংঘটিত হোৱাত সুবিধা প্ৰদান কৰিছে৷
৪৷ অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক সৌহাৰ্দৰ পৰিবেশ বিনষ্ট কৰিছে৷
৫৷ থলুৱা লোকক বহু ঠাইৰ পৰা অপসাৰিত হবলৈ বাধ্য কৰিছে৷ ফলত থলুৱা জীৱনধাৰাৰ বিস্তৰ ক্ষতি হৈছে৷
৬৷ ভাৰত বা অসমে তেওলোকক দিয়া সুবিধাৰ বাবে কৃতজ্ঞ হোৱা বাদেই, তেওলোকে আন কাৰোবাৰ প্ৰতিহে নিজৰ বিশ্বস্বতা প্ৰদৰ্শন কৰিছে৷
ইত্যাদি৷
কিন্তু সকলো কথাৰে ভাল বেয়া দুটা দিশ থকাৰ দৰে, এই সমস্যাটোৰো অলপ ভাল দিশ নথকা নহয়৷ মূলতঃ পেট দায়ত প্ৰবজন কৰা এই লোকসকলে,
১৷ অসমৰ অব্যৱহৃত মাটিত খেতি বাতি কৰি সুলভ মূল্যত শস্য উৎপাদন কৰিছে৷
২৷ থলুৱা লোকে সাধাৰণতে কৰিবলৈ বেয়া পোৱা শৰীৰিক শ্ৰমযুক্ত কিছুমান কাম তেওলোকে গাত পাতি লৈছে৷
৩৷ গৃহনিৰ্মাণৰ দৰে বহুতো উদ্যোগলৈ সস্তাত শ্ৰমিকৰ যোগান ধৰিছে
৪৷ ব্যৱসায় বাণিজ্যৰ যোগে অসমৰ থলুৱা উৎপাদন কিছুমান আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ গৈছে৷
ইত্যাদি৷

সমস্যাৰ আটাইতকৈ ভাল সমাধান হ’ল বেয়াখিনি আঁতৰাই ভাল খিনি সদব্যৱহাৰ কৰিব পৰাতো৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে, অসমৰ পৰা সকলো অবৈধ বাংলাদেশী লোকক ঘূৰাই পথোৱা প্ৰায় অসম্ভৱ কথা৷ কিন্তু একো নকৰিলেও অদূৰ ভৱিষ্যতে অসম অন্ধকাৰৰ কৰাল গ্ৰাসলৈ নিক্ষেপ হোৱা প্ৰায় নিশ্চিত৷ গতিকে তেওলোকক নিৰ্দিষ্ট গণ্ডীৰ ভিতৰত অসমতে থাকিবলে দিয়া হওক৷
সকলো দিশ চালিজাৰি চাই, তলৰ সমাধান সূত্ৰটি পাঠকৰ বিবেচনাৰ বাবে আগবঢ়োৱা হ’ল৷ পাঠকৰ পৰা যুক্তিসংগত সমালোচনা আশা কৰিলোঁ৷

১৷ ভাৰতত ’Uniform Civil Code’ প্ৰচলন কৰা হওক, কোনো লোকে ধৰ্ম বা আন কোনো গইনা লৈ বহুবিবাহ বা দুটাতকৈ অধিক সন্তান জন্ম দিয়া বে-আইনী বুলি ঘোষণা কৰা হওক, আৰু আইন ভংগকাৰীসকলৰ বিৰূদ্ধে সকলো চৰকাৰী সা-সুবিধা কৰ্তনকে ধৰি, চাকৰি বা কোনো ব্যৱসায়ৰ বাবে অযোগ্য থাৱৰ কৰা হওক, আনকি প্ৰয়োজন সাপেক্ষে আন কঠোৰ আইনী বা পুলিচী ব্যৱস্থা লোৱা হওক৷ বৈধ বা অবৈধ সকলো লোকৰে জনসংখ্যা বৃদ্ধিত অংকুশ লগোৱা হওক৷
২৷ ভাৰত বাংলাদেশ সীমান্ত নিশ্চিদ্ৰ ভাৱে “চীল“কৰা হওক৷
৩৷ সকলো নাগৰিককে চিনাক্তকৰণ কৰা হওক, বৈধ, অবৈধ ৰ লগতে সন্দেহযুক্ত (প্ৰথম স্তৰ), সন্দেহযুক্ত (দ্বিতীয় স্তৰ), আদি চিনাকী প্ৰদান কৰি সেইমতে পৰিচয়পত্ৰ প্ৰদান কৰা হওক, আৰু এটা কম্পিউটাৰ ডেটাবেছ নিৰ্মাণ কৰা হওক, যাতে যিকোনো সময়তে এজন লোকৰ সকলো তথ্য ইণ্টাৰনেটৰ যোগে পাব পাৰি৷
৪৷ বৈধ সকলক বাদ দি আন সকলোৰে ’সকলো ধৰণৰ’ ৰাজনৈতিক অধিকাৰ আঁতৰাই দিয়া হওক৷ নিজকে বৈধ বুলি প্ৰমাণ কৰিব নোৱাৰা সকলে কেতিয়াও ভোটদান আদি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰা হওক৷
৫৷ চৰকাৰী চাকৰি বা আন চৰকাৰী আঁচনি সমূহৰ ক্ষেত্ৰটো তেওলোকক নিষিদ্ধ কৰা হওক৷ প্ৰয়োজন হ’লে কেৱল তেওলোকৰ বাবে সূকীয়া আঁচনি তৈয়াৰ কৰা হওক৷
৬৷ অবৈধ বুলি চিনাক্ত হোৱা লোকসকলৰ বাবে কিছুমান স্থান নিৰ্দিষ্ট কৰি সীমা নিৰ্ধাৰণ কৰা হওক৷ তেওলোকে সেই সীমাৰ বাহিৰৰ কোনো ঠাইতে স্থায়ীভাৱে থাকিব বা আন কোনো কাম কৰিব নোৱাৰিব৷ অৱশ্যে সেই সীমাৰ ভিতৰৰ ঠাইখিনিত তেওলোকে ইচ্ছামতে গৃহনিৰ্মাণ, ব্যৱসায় বা কৃষিকাৰ্য আদি কৰিব পাৰিব৷
৭৷ সেই নিৰ্দিষ্ট স্থানসমূহ চৰকাৰৰ ফালৰ পৰ সঘনে পৰিদৰ্শন কৰা যাওক, যাতে কোনো অবৈধ বা অপৰাধমূলক ঘটনাৰ সূচনা হব নোৱাৰে৷
৮৷ অবৈধ বুলি প্ৰমাণিত হোৱাসকলৰ সন্তানসকলেও ভাৰতৰ নাগৰিকত্ব নেপাব বুলি নিয়ম কৰা হওক৷ অৱশ্যে যদি তেওলোকে আন কোনো দেশত গৈ বসবাস কৰিবলৈ বিছাৰে তাৰ সুবিধা দিয়া হওক৷ কিন্তু এবাৰ ভাৰতৰ পৰা ওলাই গ’লে তেওলোকক আকৌ ঘূৰি অহাৰ অনুমতি দিয়া নহব৷
৯৷ তেওলোকৰ শ্ৰমৰ বিনিময়ত চৰকাৰী ন্যূনতম হাৰত বেতন দিয়া হওক আৰু তেওলোকৰ উপাৰ্জনৰ হিচাপ ৰখা যাওক৷ বাধ্যতামূলক বেংক একাউণ্টৰ যোগে এই কাম সহজেই কৰিব পাৰি৷
১০৷ পঢ়া -শুনা, যোগাযোগ বা স্বাস্থ্যৰক্ষাৰ সুবিধাখিনি অবৈধ নাগৰিক সকলকো প্ৰদান কৰা হওক, আৰু তাৰ খৰচখিনি তেওলোকৰ পৰা আয়কৰ, বিক্ৰীকৰ আদিৰ মাধ্যমত উলিয়াই লোৱা হওক৷
১১৷ সন্দেহযুক্ত নাগৰিক সকলক তেওলোকৰ বৈধতা প্ৰমান কৰিবলৈ সময়সীমা বান্ধি দিয়া হওক, আৰু নোৱাৰিলে তেওলোকক অবৈধ বুলি ঘোষণা কৰা হওক৷ অৱশ্যে পিছতো তেওলোকে নিজৰ বৈধতা প্ৰমাণ কৰা সুবিধা পাই থাকিব, কিন্তু প্ৰমাণ নোহোৱালৈকে অবৈধ সকলে লাভ কৰা সা-সুবিধাখিনিহে লাভ কৰিব৷
১২৷ অবৈধ নাগৰিক সকলে নিজৰ স্বকীয় কলা-সংস্কৃতি-ভাষা-ধৰ্মৰ ব্যৱহাৰ কেৱল সেই নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰতহে কৰিব পাৰিব৷ তাৰ সংৰক্ষণ বা প্ৰসাৰৰ বাবে তেওলোকে বাহিৰত কোনো প্ৰচেষ্টা চলাব নোৱাৰিব৷
১৩৷ কোনো অবৈধ নাগৰিক অপৰাধমূলক কাৰ্যত জড়িত হোৱাৰ প্ৰমাণ পালে ’বিশেষ আদালত’ৰ যোগে কঠোৰতম শাস্তি প্ৰদান কৰা হওক৷
১৪৷ সেই নিৰ্দিষ্ট স্থানসমূহৰ বাহিৰত থকা অবৈধ নাগৰিকসকলৰ সকলো স্থাৱৰ বা অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হওক৷
১৫৷ তেওলোকক ভাৰতীয় সংবিধান, সংস্কৃতি, ৰীতি-নীতি বুজাবলৈ আৰু সন্মান কৰিবলৈ শিকাবলৈ বিশেষ শিক্ষাৰ প্ৰৱৰ্তন কৰা হওক৷
সমাধানসমূহ সহজ নহয়, বৰঞ্চ অতি কঠিন বুলিহে অনুমান হয়, কিন্তু সদ্যহতে আমাৰ ওচৰত আন কোনো সহজ উপায়ো নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!