বাট-ঘাটৰ উদ্যমী চৰিত্ৰ (অৰিন্দম তালুকদাৰ)

কৰ্ম সংস্কৃতি, স্ব-নিয়োজন, দক্ষতা ইত্যাদি শব্দ বোৰ এতিয়া আমাৰ বহুতৰে মাজত বৰকৈ চৰ্চিত শব্দ,একপ্ৰকাৰ buzzword যদিও দৰাচলতে আমি এই বিষয়বোৰনো কিমান গুৰুত্ব সহকাৰে জীৱনত প্ৰয়োগ কৰিছোঁ সেয়াহে অধিক গুৰুত্বপূৰ্ণ কথা। অসমৰ ইমূৰৰ পৰা সিমূৰ ঘুৰি ফুৰোঁতে বাটে- পথে হঠাৎ এনে একো একোজন ব্যক্তি লগ পাওঁ যি সকল প্ৰকৃতাৰ্থত একোজন প্ৰকৃত কৰ্ম সংস্কৃতি বা স্বনিয়োজনৰ জ্বলন্ত উদাহৰণ।
সেয়া আছিল ২০০১ চন মানৰ কথা। গুৱাহাটীৰ নাৰেংগী অঞ্চলৰ এজন যুৱকে ঘৰুৱা আৰ্থিক দুৰ্বলতাৰ বাবে নৱম মান শ্ৰেণীতে পঢ়া-শুনা সামৰি জীৱিকাৰ সন্ধান আৰম্ভ কৰিলে আৰু সেই সময়তে তেওঁ ফাঁচী বজাৰলৈ অহা-যোৱা কৰোঁতে ফাঁচী বজাৰৰ ফুটপাথৰ সৰু-সৰু চাহৰ গুমটি বোৰলৈ চকু গল। ঘাইকৈ অনা অসমীয়া লোকে চলাই থকা এই চাহৰ দোকানৰ ব্যৱসায়টোৰ বিষয়ে জানিবৰ বাবে তেওঁ কেইবাদিনো ফাঁচী বজাৰলৈ গল আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ এই লোক সকলে কিদৰেনো চাহ বনাই সেয়াও আয়ত্ব কৰিব যত্ন কৰিলে। কেৱল চাহ বিক্ৰী কৰিয়েই এনে একোজন চাহৰদোকানীয়ে যদি একোখন ঘৰ চলাই থাকিব পাৰিছে তেন্তে তেওঁনো নোৱাৰিব কিয় ? বুকুত সাহ বান্ধি তেওঁ নাৰেংগী তিনিআলিৰ বাছষ্টেণ্ড, ট্ৰেকাৰ ষ্টেণ্ডৰ ওচৰতে সৰু গুমটি এখনত চাহৰ দোকান এখন আৰম্ভ কৰিলে। ৰাইজক ফাঁচী বজাৰৰ দোকানবোৰৰ নিচিনা শুদ্ধ গাখীৰৰ থপথপীয়া চাহ খুৱাবলৈ তেওঁ প্ৰচেষ্টা আৰম্ভ কৰিলে অৱশ্যে অনাঅসমীয়া সকলৰ লেখিয়াকৈ তেওঁ কমকৈ চাহপাত আৰু সৰহকৈ গাখীৰ আৰু গৰম-মচলা দি বনোৱা চাহৰ পৰিৱৰ্তে সৰহকৈ চাহপাত,গাখীৰ আৰু মিঠা কমকৈ দি কাঢ়াকৈ চাহ বনাবলৈ ল’লে। কাৰণ তেওঁ গম পাইছিল যে অসমীয়া মানুহে গাখীৰ মছলা দিয়া চাহৰ সলনি এনে লিকাৰ থকা চাহহে খাবলৈ ভাল পায়। নতুনকৈ দোকান খন আৰম্ভ কৰোঁতে কিছু দিন তেওঁ বৰ ভাল দৰে চাহ বনাব পৰা নাছিল,লাহে লাহে তেওঁৰ হাতত চাহৰ পাগ উঠিল আৰু আজি পাথৰ কুৱেৰীৰ পৰা আৰম্ভ কৰি একেবাৰে ফৰেষ্ট গেটলৈ প্ৰায় চাৰি কি.মি. এলেকাত তেওঁৰ চাহৰ সৰবৰাহ হয়।
এদিনাখন নাৰেংগীৰ পিনৰ পৰা আহি থাকোঁতে মোৰ গা়ডী চালক বিপুলে মোক তেওঁৰ দোকানলৈ চাহ খুৱাবলৈ লৈ গৈছিল, চাহৰ প্ৰতি মোৰ দুৰ্বলতাৰ কথা মোৰ লগত ঘুৰা গাড়ী চালক সকলে ভালদৰে জানে আৰু তেওঁলোকৰ জৰিয়তে মই অসমৰ বহু ঠাইৰ বাটৰ কাষৰ ভাল ভাল চাহৰ দোকানৰ লগত পৰিচিত হৈছোঁ।

BaatGhaat
নাৰেংগীৰ ডেকা জনৰ চাহৰ দোকানখন আৰু তাৰ চাহৰ সোৱাদতো মোৰ ভাল লাগিল। সেইপিনে গলে মই মাজে মাজে গাড়ীখন ৰখাই তেওঁৰ দোকানত চাহ একাপ খাওঁ আৰু লক্ষ্য কৰো তেওঁৰ কাম-কাজ বোৰ… সদা ব্যস্ত তেওঁ। গুমটি খনৰ ভিতৰত টুল এখনত বহি গেছটোত এফালে চাহ আৰু আনফালে ২০ লিটাৰ মান গাখীৰ ডাঙৰ চচপেন এটাত গৰম কৰি থাকে। ইয়াৰ সমানকৈ দোকানলৈ অহা গ্ৰাহক সকলক চাহৰো যোগান ধৰি থাকে। মাজে মাজে কাপ, চচপেনো ধুই আনেগৈ। কি এক ব্যস্ত জীৱন। আমি পুণেত পঢ়ি থাকোঁতে এনে সৰু সৰু চাহৰ দোকান বোৰ দেখিছিলোঁ… একো একোজন মাৰাঠীলোকে সৰু সৰু দোকানবোৰত কেৱল চাহকেই বনাই বিক্ৰী কৰে… সেই দোকান বোৰত জ্বলি থকা পাম্প দিয়া ষ্টোভ বা ক্লিক গেছৰ শব্দৰ লগতে চাহত দিবলৈ সৰু সৰু উৰলত ইলাচি খুন্দি থকা শব্দবোৰ এতিয়াও কাণত ভাহি থাকে। সেই দোকানী বোৰে সকলো কাম নিজাকৈ কৰি অতি চাফ-চিকুণকৈ সুন্দৰ বগা পিৰিচ-পিয়লাত গ্ৰাহকক আগবঢ়াই দিয়ে ইলাচি দিয়া একো পিয়লা চাহ যাৰ সোৱাদ আজিও আমাৰ জিভাত লাগি আছে। নাৰেংগী তিনি আলিৰ উল্লিখিত চাহৰ গুমটিখন দেখি সেয়ে ভাল লাগিছিল, হওক তেওঁ অসমীয়া যুৱক এজনেও যে এনে দৰে চাহৰ দোকান এখন দি প্ৰতিষ্ঠিত হব পাৰিছে। মানুহ জনৰ বিষয়ে মোৰ ভালদৰে জানিবৰ মন গল। আজি কেইদিন মান আগতে তেওঁ বনোৱা চাহ একাপ হাতত লৈ মৃণাল মালাকাৰৰ সৈতে কথা পাতি জানিলোঁ মৃণালৰ কৰ্মজীৱনৰ সংগ্ৰাম খনৰ কথা। এৰা, তেওঁৰ নাম মৃণাল মালাকাৰ, ঘৰ নাৰেংগীৰ কমলাবাগানত। ঘৰুৱা অৱস্থাৰ বাবে পঢ়া-শুনা আধাতে এৰি মৃণালে চৈধ্য বছৰ মান আগতে আৰম্ভ কৰা সৰু চাহৰ দোকানখন এতিয়া যথেষ্ট ডাঙৰ হল। ৰাতি পুৱা ৬ বজাৰে পৰা নিশা ৯ বজালৈ মৃণালৰ চাহৰ চৰু জ্বলি থাকে। মাজত দুপৰীয়া কিছু সময়ৰ বাবে মৃণালে ভাত খোৱাৰ লগতে অকণ জিৰণি ল’বলৈ ঘৰলৈ যায়। যোৰাবাটৰ পৰা মৃণালৰ দোকানলৈ নিতৌ ৮০-৯০ লিটাৰ গাখীৰ আহে, দৈনিক দুই কেজি চাহ –পাত আৰু আঢ়ৈ কিলো মান চেনীৰে মৃণালে ১২০০-১৩০০ কাপ মান চাহ বনায়। সন্ধিয়া আকৌ পিছ দিনাৰ বাবে গাখীৰ আহে আৰু আহে বেকাৰীৰ বিস্কুট, মিঠাই ইত্যাদি। দিনটোৰ খা-খৰচ বাদ দি মৃণালৰ হাতত ৭০০ মান টকা ৰয়গৈ। বাছ ট্ৰেকাৰত অহা যাত্ৰী, আন আন লোককে আদি কৰি তেওঁৰ দোকানলৈ যিমান গ্ৰাহক আহে তেনেদৰে ওচৰ- পাজৰৰ দোকান, বেংক , অফিচ ইত্যাদিলৈ বহুতেই তেওঁৰ দোকানৰ পৰা চাহ লৈ যায়। “কি আছে তোমাৰ চাহত? কিয় ইমান প্ৰিয় তোমাৰ চাহ?-“- প্ৰশ্ন কেইটাৰ উত্তৰ আমি জানো যদিও তেওঁৰ মুখেৰে কথাখিনি শুনিবলৈ আমি তেওঁক প্ৰশ্ন কৰিছিলোঁ। “কোৱালিটি! মই চাৰ লাভ কমকৈ লৈছোঁ কিন্তু মোৰ চাহৰ সোৱাদ আৰু গুণাগুণ সলনি হব দিয়া নাই। মই চাহ বনাবলৈ ব্যৱহাৰ কৰা গাখীৰ ভাল, চাহ পাত ভাল, পানী পৰিষ্কাৰ, বাচন-বৰ্তন চাফাকৈ ধুই পখালি চাহ বনাওঁ সেয়ে চাহ খিনি মানুহে ভাল পায়।“ মাতৃ, তিনিজন ভাই ,পত্নী আৰু ডেৰ বছৰীয়া পুত্ৰৰ সৈতে মৃণালে একেলগে আছে। ককায়েককো কিছুদিন আগতে এখন চাহৰ দোকান খুলি দিছে, সৰু ভায়েকক কলেজত পঢ়াই আছে। ভৱিষ্যতে ইয়াতকৈ ভাল আৰু ডাঙৰকৈ দোকান এখন খোলাৰ মন আছে মৃণালৰ… ইতিমধ্যে বেংকৰ বিষয়াই মৃণালক ঋণ দিবলৈ আগবাঢ়ি আহিছে যদিও উপযুক্ত স্থানৰ অভাৱত মৃণালে তেনে এক প্ৰকল্প হাতত ল’ব পৰা নাই। তথাপিও সোনকালেই আৰু উন্নত ধৰণে তেওঁৰ ব্যৱসায়তো আগবঢ়াই লৈ যাব পাৰিব বুলি তেওঁ আশাবাদী। “এই যে অসমীয়া ল’ৰাবোৰে কাম-কাজ কৰি খাব নোখোজে বুলি কোৱা হয় এই বিষয়ত তোমাৰ মতামত কি?- মৃণালক আমি শেষটো প্ৰশ্ন কৰিছিলোঁ। “চাওক সকলোৱে যে এনেকুৱা সেইটো সত্য নহয়। গুৱাহাটীত আজি-কালি এনে সৰু সুৰা ব্যৱসায় কৰি আমাৰ দৰে বহুত মানুহে পৰিয়াল চলাই আছে- কিন্তু আমাৰ লৰা বোৰ অলপ এলেহুৱা বুলি মই নভবা নহয়। আমাৰ লৰা বোৰে কিন্তু জীৱিকাৰ সন্ধানত এনেই অনাই বনাই ঘুৰি থকাতকৈ হাতে –কামে কাম কৰি খাবলৈ যত্ন কৰা হে ভাল। নহ’লে আমাৰ হাতত যিখিনি আছে সেয়াও নোহোৱা হব। স্ব-নিয়োজনৰ যথাৰ্থতাক এই দৰে প্ৰমাণ সহ ব্যাখ্যা কৰি দি মৃণাল আকৌ কৰ্মত ব্ৰতী হল। মৃণাল মালাকাৰৰ লগত কটোৱা সময় খিনিৰ মধুৰ স্মৃতি বুকুত লৈ আমি লাহে লাহে গৃহাভিমুখী হলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments