বাটে-ঘাটে – ইন্দিৰা গোস্বামী

টেম্পুখনত মই আৰু এগৰাকী মহিলা৷ টেম্পুখন চলোৱা ল’ৰাটো দেখাত অলপ জেং টাইপৰ — ছুলি হাইলাইত কৰা, কাণফুলি আৰু অনিয়ন্ত্ৰিত গতি৷ দুবাৰ মান ক’লোৱেই ভাইটি অকণমান লাহে লাহে চলোৱা৷ নাই; শুনাৰ লক্ষণ নাই৷ এঠাইত আনগৰাকী যাত্ৰী নামি গ’ল৷ য’ত নামিল তাতেই এগৰাকী বিকলাঙ্গ মগনীয়া উঠিল৷ প্ৰথমে মই ভাবিলোঁ ল’ৰাটোৱে তাক নমাই দিব৷ নিদিলে প্ৰয়োজনতকৈ অকণমান সময় বেছিকৈ ৰয় দি মানুহটোক সুবিধা কৰি বহি ল’ব দিলে৷ দুটামান ষ্টপেজৰ পাছত মানুহজন নামি গ’ল৷ ভাড়াটো দিওঁতেও ল’ৰাটোৱে নাৰাখিলে৷ মই মোৰ ষ্টপেজ পোৱাৰ পাছত নামি যাওঁতে তাক ক’লো দুজনৰ ভাড়া ৰাখা৷ সি মোৰ মুখলৈ চালে৷ মই ক’লো মৰমতে দিছোঁ, লওঁ -নলওকৈ ৰাখিলে৷ আৰু ক’লে “ বাইদেউ! এই গৰিব মানুহবোৰক আমি যদি সহায় নকৰোঁ কোনে কৰিব! ?

তাৰ চিন্তা, মানসিকতা, মানৱতাবোধ দেখি মনটো ভৰি পৰিল৷
এনেকুৱা একো একোটা সুন্দৰ মনৰ মানুহ আছে কাৰণে পৃথিৱীখন এতিয়াও সুন্দৰ হয় আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments