বাহাৰুল ইছলামৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, অভিনেতা বাহাৰুল ইছলামৰ সৈতে সাহিত্য ডট্ অৰ্গৰ এক আছুতীয়া সাক্ষাৎকাৰ

বাহাৰুল ইছলাম

সাহিত্য ডট্ অৰ্গৰ ‘অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যত- প্ৰত্যাশা আৰু প্ৰত্যাহ্বান’ শীৰ্ষক বিষয়বস্তুৰে সজোৱা জানুৱাৰী সংখ্যাৰ বাবে দুআষাৰ জানিবলৈ আমি কাষ চাপিছিলো বিশিষ্ট নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, অভিনেতা বাহাৰুল ইছলাম চাৰৰ৷ ১৯৬৩ চনৰ ১০ অক্টোবৰ তাৰিখে গোৱালপাৰা জিলাৰ ৰংজুলিত জন্মগ্ৰহণ কৰা বাহাৰুল ইছলাম ডাঙৰীয়াই ১৯৯০ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰি অসমলৈ উভতি আহে আৰু ‘ছিগাল’ নামেৰে এটি নাট্য অনুষ্ঠানৰ জন্ম দি যোৱা ২৫ টা বছৰে নাটক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে ।

 

ছাত্ৰ জীৱনৰ পৰাই মঞ্চ আৰু অভিনয়ৰ সৈতে জড়িত হৈ পৰৱৰ্তী সময়ত ‘ছিগাল’ৰ যোগেদি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত নাট্য চৰ্চাৰ লগতে সুষ্ঠ ৰুচিবোধৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে যি নিৰলস প্ৰচেষ্টা চলাই আহিছে সেয়া নিত্যান্তই শলাগ ল’বলগীয়া৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অন্যতম স্নাতক তথা বাহাৰুল ইছলামৰ পত্নী ভাগীৰথীৰ সৈতে অসমৰ অপেছাদাৰী নাট্য আন্দোলনটোক এক অনন্য মাত্ৰা প্ৰদান কৰি ভাৰতীয় প্ৰেক্ষাপটত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে।

 

আগতে কৈ থোৱা সময় অনুসৰি আমি উপস্থিত হৈছিলো জু-ৰোডস্থিত চাৰৰ ঘৰত৷ এক অনন্য পৰিৱেশ। ঘৰ, নাটঘৰ, অভিনয় সকলোবোৰে যেন আমাক দূৰৈৰ পৰাই হাত বাউলি মাতিছিল। যথেষ্ট ব্যস্ততাৰ মাজতো, নাটৰ আখৰা আৰু বঙালী চলচ্চিত্ৰ এখনৰ শ্বুটিং চলি থকাৰ পিছতো ব্যস্ত সময় সূচীৰ মাজেতেই তেখেতে এঘণ্টাৰো অধিক সময় আমাৰ লগত অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যত সম্পৰ্কে বহু কথা পাতিলে৷ সেই কথোপকথনৰেই সম্পাদিত ৰূপ তলত দাঙি ধৰা হ’ল । আহকচোন, বাহাৰুল ইছলাম চাৰৰ চকুৰে অসমৰ চলচ্চিত্ৰ জগতখনত এভূমুকি মাৰোঁ৷

 

১)সাহিত্য ডট্ অৰ্গ: প্ৰথমতেই সাহিত্য ডট্ অৰ্গৰ ফালৰ পৰা আমাক সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ ।

বাহাৰুল ইছলামঃ মই গৌৰৱ অনুভৱ কৰিছো তোমালোক মোৰ কাষলৈ আহিছা৷

 

২) সাহিত্য ডট্ অৰ্গ:আৰম্ভণিতেই জানিব বিচাৰিম, যি সময়ত ল‘ৰা-ছোৱালী, যুৱক-যুৱতী পঢ়া-শুনা কৰি উচ্চ পৰ্যায়ৰ চাকৰিৰ আশা কৰে বা অভিভাৱকেও সেইটোৱেই বিচাৰে, সেই সময়ত আপুনি অভিনয়ক নিজৰ জীৱনৰ অংগ হিচাপে বাচি ল’লে, ইয়াৰ কিবা বিশেষ কাৰণ?

বাহাৰুল ইছলামঃ প্ৰথমেই মই কওঁ, সকলোৰে বদমাচি বা ফিল’চফী এটা থাকে নহয়; ফিল’চফী আৰু বদমাচি ‘পেৰেলেলি’ যায় দেই। যেনেকৈ দুখ আৰু কান্দোন একেলগে৷ মোক যদি দুটা অপচন দিয়া হয় এতিয়াও – যদি এইটো ৰাস্তাৰে যোৱা, তুমি অনায়াসে যাব পাৰিবা, কোনো বাধা-বিঘিনি নাই, আৰু যদি কয়- এইটো ৰাস্তাৰে যদি যোৱা তাত বহুত ‘ভেৰাইটি’ আছে কিন্তু বৰ কষ্টকৰ; মোৰ নাজানো সেই বদমাচি বা ফিল’চফীয়ে সদায় সেই কষ্টকৰ পথটো বুলি ক’ব৷ (হয়তো লাষ্ট বেঞ্চত বহা কাৰণেও হ’ব পাৰে মোৰ। লাষ্ট বেঞ্চৰ ধূৰ্তালি বা লাষ্ট বেঞ্চত বহিলে কি লাভ- মানুহৰ মুখখন নেদেখাকৈও পিছফালৰ পৰা চাই চুলি, কাপোৰ কানি চাই অনুধাৱন কৰিব পাৰি এই মানুহজন কেনেকুৱা!)  সেই বদমাচিটো শিকি গ’লো৷  চাগে সেইটোৱে মোৰ শক্তি যে মই এই নাটক আৰু চিনেমাক নিৰ্বাচন কৰিলো৷ কিন্তু নিৰ্বাচন কৰিম বুলি মই যোৱা নাছিলো আচলতে মই এটা সুখকৰ লাইফলৈহে গৈছিলো চাগে– সুখকৰ লাইফ মানে কি, মা-বাবাইতো বিচাৰিছিলে তুমি কোৱা নিচিনা নিশ্চিত দৰমহাযুক্ত চাকৰি এটা হওঁক৷ সেইমতেমই ৰেঞ্জাৰৰ পৰীক্ষাও দিছিলো৷ আৰু দেউতাইও যোগাযোগ কৰিছিলে কনজাৰভেটৰ-চনজাৰভেটৰ লগাই টকা-পইচা দি হয়তো কৰিব পাৰিলেহেতেঁন আৰু ৰেঞ্জাৰৰ চাকৰি মই পালোহেঁতেন বা কিবা এটা হৈ গ’লোহেঁতেন বা নহ’লোহেতেঁন ! কিন্তু মোৰ তাগিদা দেখি বা মোৰ বদমাচি দেখি ভাবিলে যে ইয়াৰ নাটকৰ বাহিৰেচোন বেলেগ একো গতি নাই৷ তেতিয়া দেউতাই মাতি ক’লে যে বাবা তই যদি সঁচাকৈ নাটক কৰিব খুজিছ, তই ভালকৈ যা আৰু… দেউতাৰ সেই হাতচাপৰি বা কান্ধত যিখন হাত পালোঁ, আৰু মোৰ নাট্যগুৰু কৰুণা ডেকা ছাৰে মোক পৰামৰ্শ দিলে যে, তুমি ভালকৈ যোৱা৷ নেচনেল স্কুল অৱ ড্ৰামালৈ যোৱা৷ নেচনেল স্কুল অৱ ড্ৰামালৈ যোৱা সময়তো মোৰ ধাণ্ডা এটাই আছিল, লক্ষ্য এটাই আছিল– মিঠুন চক্ৰৱৰ্তী হোৱা!! মই মুম্বাইলৈ যাম৷ নাট্য বিদ্যালয়, এন এচ ডি এটা বাহানা আছিল মোৰ বাবে ! মোৰ লক্ষ্য মুম্বাই৷  নেচনেল স্কুল অৱ ড্ৰামাত যোৱাৰ পিছত মোৰ ভিতৰৰ মিঠুনটো আঁতৰি গ’ল৷ থাৰ্ড ইয়েৰত বাহাৰুল জাগ্ৰত হ’ল৷ ভাবিলো- বেটা, মুম্বাই তোৰ ৰাস্তা নহয়৷ মনৰ ভিতৰত দেখোন বহুত আইডিয়া কিলবিল কৰি আছে৷ আৰু আচৰিত কথা যে নেচনেল স্কুল অৱ ড্ৰামাত যোৱাৰ আগতেই মই অসম সাহিত্য সভাত কবি সন্মিলনত দুবাৰ প্ৰতিনিধিত্ব কৰিছো, যুৱ কবি হিচাপে৷ এবাৰ কোকৰাঝাৰত হৈছিল নবীন কবি সন্মিলনত তেতিয়া ৰীতা বাইদেউহঁতো(ৰীতা চৌধুৰী)গৈছিল, এম কামালুদ্দিন আহমেদকে আদি কৰিকেবাজনো গৈছিল৷ আৰু এবাৰ ভগৱতী প্ৰসাদ ভৱন,গুৱাহাটীত হৈছিল৷ কবিতাৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া৷ এতিয়া মই নিলিখো৷ আগতে লিখা মেলা কৰিছিলো, সাহিত্যৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া৷ মই আলোচনী সম্পাদক আছিলো৷ গতিকে এই কবিতাই, সাহিত্যই মোক হেল্প কৰিলে,লগতে নিজকে চোৱাৰ ক্ষেত্ৰত এন.এচ.ডিয়ে বহুত সহায় কৰিলে৷ তেতিয়া ভাবিলো যে, এই বিস্তাৰিত জীৱনতকৈ সূক্ষ্মতালৈ যোৱাতো দৰকাৰ৷ জীৱনটোত বহুত ‘লেয়াৰ’ আছে৷ স্তৰ আছে৷ গতিকে মই অসমলৈ গুচি আহিলো, মুম্বাইলৈ মিঠুন হ’বলৈ নগ’লো৷ গুৱাহাটীলৈ আহিলো আৰু আহি এটা অনুষ্ঠান খুলিলো, ‘ছিগাল’৷ ‘ছিগাল’ খুলি মোৰ জীৱনটো আৰম্ভ কৰিলো। য়েছ্, আজিলৈকে মই নাভাবো দৰমহা কিমান পাম, কালিলৈ কি হ’ব নাভাবো৷ আজিতো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ৷ মোৰ আজি সম্পৰ্কে যদি ‘ক্লীয়াৰ’ ধাৰণা থাকে, মোৰ ৰ’জি-ৰুটি আহি থাকিব৷ মই ভাবো যে মোৰ সংসাৰো ভালেই চলি আছে- in terms of money.

 

৩) সাহিত্য ডট্ অৰ্গ:অসমৰ গ্ৰাম্যাঞ্চল পৰা দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়। এক দীঘলীয়া পৰিক্ৰমা। দীঘলীয়া যাত্ৰা। সুদীৰ্ঘ সময়ৰ পিছত আজিৰ দিনটোত ৰৈ আপোনাৰ অনুভৱ?

বাহাৰুল ইছলামঃ প্ৰথম কথা, এইটো উত্তৰ দিওঁতে মই কেইছেকেণ্ডমান ৰৈ দিবলগা হ’ল– মই আজিলৈ উভতি চোৱাই নাই৷ আৰু চাবও খোজা নাই৷ কাৰণ চালেই মই নষ্টালজিক হৈ যাম৷ যেতিয়া শ্বিলঙৰ পৰা ৰাজধানী গুৱাহাটীলৈ আহে তেতিয়া মই ‘খ’মানত পঢ়ি আছিলো৷ ৰংজুলিত মোৰ জন্ম, কিন্তু পঢ়া শুনা মোৰ আৰু ভিতৰুৱা গাওঁত৷ লক্ষীপুৰৰ আওলাতলি বুলি গাওঁ এখনত৷ দেউতাই ৰাজধানী নামি আহোতে চিৰিয়াখানাত চাকৰি পালে৷ ফৰেষ্ট ডিপাৰ্টমেন্টৰ কোৱাৰ্টাৰ৷ কেৰাণী দেউতাই যদি সেই সময়ত গুৱাহাটীলৈ উঠাই নানিলেহেঁতেন চাগে মই নাটকৰ মানুহ নহ’লোহেতেঁন৷ ক’ৰবাত চাগে খেতি বাতি কৰিলোহেতেঁন বা এল পি স্কুল নাইবা হাইস্কুলৰ মাস্তৰ হ’লোহেতেঁন৷ মুঠতে আন কিবা এটা কৰিলোহেঁতেন। গতিকে, all credit goes to my father আব্দুছ চামাদ,তেওঁ ঢুকাল৷ আব্দুছ চামাদ যদি নাথাকিলহেতেঁন…… দেউতা…… ৰিয়েলী দেউতা… মোৰ চবকুছ মোৰ দেউতা৷ সেয়ে কোনো দিন মই উভনি চাবও খোজা নাই,চালেই মই ৰোমান্টিক হৈ যাম, মোৰ প্ৰতিটো কৰ্ম ভাল লাগিবলৈ আৰম্ভ কৰিব! প্ৰতিটো ক্ষেত্ৰতে মই মোৰ বেছিভাগ কামকেভুল দেখো আৰু নিজেই নিজৰ আটাইতকৈ ডাঙৰ সমালোচক হৈ পৰো । মোৰ আত্মসন্তুষ্টি খুব কম৷ শুনি তুমি টান পাবা, কেবাখনো নাটক, কেবাখনো দেই– এটা শ্ব’ বা দুটা শ্ব’ বা ৰিহাৰ্চেল কৰি উঠিও বন্ধ কৰি দিছো৷ মোৰ শ্ব’ ৰাইজলৈ মেলি দিয়া নাই৷ বন্ধ কৰি দিওঁ৷ য়েছ, আজিলৈ এটা অনুভৱ,  যদি এটা শব্দত কোৱা তুমি- যে আজিৰ এই দীৰ্ঘ পৰিক্ৰমাত মোৰ অনুভৱ কি– মোৰ ভাৱ হয়, চাগে মই সঠিক পথেৰেই গৈ আছো৷ সেইটোৱে মোৰ শক্তি আৰু মোৰ বিশ্বাস৷ সেইটো মোৰ স্বাভিমান৷ অহংকাৰ নহয়, স্বাভিমান৷

 

৪)সাহিত্য ডট অৰ্গ: আমি জনাত আপুনি১৯৭৮-৭৯চনতে‘পানীমলাৰ বিয়া’ নামৰেপ্ৰথমখন নাটত কৰিছিল ক্ষীৰোদ চৌধুৰিৰ পৰিচালনাত । সম্ভৱতঃ সেইসময়ত আপুনি অষ্টম-নৱম মানৰ ছাত্ৰ আছিল । গতিকে প্ৰথমে পঢ়া-শুনা আৰু অভিনয় আৰু পিছলৈ সংসাৰ আৰু অভিনয় – একেলগে চলাই নিয়াত অসুবিধা পাইছিল নেকি?

বাহাৰুল ইছলামঃ বঢ়িয়া প্ৰশ্ন৷ জু ৰোডৰ পুজাৰ সাংস্কৃতিক সন্ধিয়াত ‘পানীমলাৰ বিয়া’ নামৰ নাটকখন আমি কৰিছিলো৷ সেইখনেই মোৰ জীৱনৰ প্ৰথম নাটক৷ পঢ়া শুনাৰ ক্ষেত্ৰত মই মধ্যমীয়া ধৰণৰ ছাত্ৰ আছিলো৷ কিন্তু মই বাকীবোৰ কামত আগৰণুৱা আছিলো৷ চাৰহঁতে মোক তীক্ষ্ণবুদ্ধিৰ বুলিয়েই কৈছিল  সেইসময়ত৷ পঢ়া শুনাৰ বাবে যি একাগ্ৰতা, মনসংযোগ লাগে, সেইটো হয়তো মোৰ অলপ কাম আছিল৷ কিন্তু ৰাজহুৱা কাম আদিত মই আগত আছিল৷ মোৰ এক্সট্ৰা এক্টিভিটিজ, বিচক্ষণতাৰ বাবে চাৰহঁতে চাগে মোক ভাল পাইছিল৷ সকলো কথাতে মই আগৰণুৱা আছিলো৷ আন্দোলনৰ সময়ত ‘আহ ঐ আহ’ চিঞৰিবলৈ মোক মাতিছিল৷ মই এনেকুৱা ধৰণৰ মানুহ আছিলো৷ যা হওঁক, এই যে পঢ়া শুনা আৰু নাটকৰ মাজৰ সম্পৰ্কটো, আচৰিত ধৰণে নাটকৰ লগত জড়িত হোৱাৰ পিছত মোৰ পঢ়া শুনাত উন্নতি হে হ’ল৷ নাটক কৰোতে মোৰ পঢ়া শুনাত উন্নতি হোৱা বুলি এই কাৰণেই ক’লো যে নাটক কৰোতে কৰুণা ডেকা চাৰ, ক্ষীৰোদ চৌধুৰী চাৰ আদি যিসকল গুৰু পালো, তেওঁলোকৰ সান্নিধ্যত বহুত কথা শিকিবলৈ পালো৷ প্ৰথমতেই মূল্যায়ন কৰিবলৈ শিকিলো৷ লাহে লাহে বিশ্লেষণ ক্ষমতা বাঢ়িলে৷ ডাইলগ বোৰ লিখাৰ পিছত বুজি উঠি মঞ্চত ৰুপায়ণ কৰিব লগা হয়৷ তেতিয়া দেখিলো যে যদি ডাইলগবোৰ নুবুজাকৈ মঞ্চত উঠা হয় তেনেহ’লে সেয়া মিছা অভিনয় হয়৷ সঠিক ৰুপায়ণ কৰিবলৈ যাওঁতে বুজি উঠা দৰকাৰ,ৰূপায়ণ কৰোতে সততাৰ দৰকাৰ৷ তাকেই কৰিবলৈ যাওঁতে অধ্যয়ন কৰিব লগা হ’ল, মনোযোগ দিব লগা হ’ল৷ বিভিন্ন স্ক্ৰীপ্ট, প্ৰবন্ধ আদি পঢ়িব লগীয়া হ’ল৷ গতিকে মই ভাবো যে, মোৰ অধ্যয়নটো বাঢ়িছে৷

দ্বিতীয়তে সংসাৰৰ কথা কওঁ৷ ঘৰটো মোৰ দেখিছাই, মোৰ ঘৰ মোৰ নাটক মোৰ পৰিবাৰ সকলোতে থিয়েটাৰ আৰু নাটক, চিনেমা৷ দেখাত একেলগে গৈছে৷ তথাপি তাৰ সীমাৰেখাডাল আছে, নিশ্চয়৷ যিহেতু আমি দুয়োজনেই নাটক কৰো৷ ৱাস্তৱ জীৱনতো বেলেগ বেলেগ ৰোল প্লে কৰিবলগীয়া হয়, মই বুলিয়েই নহয় চবেই৷

 

৫)সাহিত্য ডট অৰ্গ: আপোনালোক দুয়োজনৰে উমৈহতীয়া সপোনৰ বাস্তৱ ফচল ‘ছিগাল’ থিয়েটাৰৰ বৰ্তমান ৰূপালী জয়ন্তী বৰ্ষ। ২৫ টা বছৰে এই অনুষ্ঠানটি চলাই নিয়াত কেতিয়াবা কিবা অসুবিধাৰ সন্মুখিন হৈছিল নেকি ? লগতে জানিব বিচাৰিম ইয়াৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়েও ।

বাহাৰুল ইছলামঃএইটো এটা ডিপ্ল’মেটিক কথা নহয়, আমাৰ ‘ছিগাল’ৰ যে ২৫ বছৰ হৈ গ’ল মই ভবাই নাছিলো । আৰু আটাইতকৈ ডাঙৰ কথা, আমি এতিয়ালৈ কমিটি ফৰ্ম কৰা নাই কমিটি ফৰ্ম নকৰাকৈও আমি বহুত কাম কৰি গৈ আছো৷ নতুনকৈ নাটক আৰম্ভ কৰিছো, ক্লাছ আৰম্ভ হ’ব, নাটকৰ শ্ব’বোৰবিভিন্ন ঠাইত কৰি আহি আছোঁআৰু বহুত আছে কৰিবলৈ, কাম কৰিব লাগে মাথোঁ, কেৱলকামেই কৰিব লাগে৷ কামটোৱেই আচল কথা, মানুহক এন্টাৰটেইন কৰিম থিয়েটাৰৰ জৰিয়তেসেৱা কৰিম৷ প্ৰথমেই যে ক’লো, এটা দিশত আমি ঠিকেই গৈ আছো, যদিও পাব্লিচিটি বা পেপাৰে পত্ৰই আজিকালি নিউজ নিদিওঁ আৰু মই ভাবো যে এই ২৫ বছৰে শিক্ষা হ’ল -কাম কৰিব লাগে, মানুহৰ সেৱা কৰিব লাগে আৰু নিজৰ সন্তুষ্টি পাব লাগে ! That’s enough. আমি জীৱনটো বৰ উপভোগ কৰিছো৷ আৰু তুমি যে সুধিলা- সুবিধা অসুবিধাৰ কথা, এটাই কওঁ- যেনেকৈ তুমি সংসাৰ এখন চলাবা–  দুৰ্যোগ আছেই, আমাৰ ২৫ বছৰীয়া ‘ছিগাল’ৰ সংসাৰতো বহুত খেলিমেলি হৈছে৷ এক্টৰক নাটক কৰি থাকোতে ঘপহকৈ চিৰিয়েলে টানে, আমি নাটকত পইছা দিব নোৱাৰো সিমান, শ্ব’বোৰতো অলপ অলপ দিওঁ, ঘৰতো কিজানি মাক দেউতাকহঁতে ল’ৰাটো বা ছোৱালীজনীক, “এহ্ দুবছৰ তই ছিগালত থাকিলি, তোক টিভিত দেখাই নাপাওঁ” এনেকুৱা পৰিয়ালকেন্দ্ৰিক কথাবোৰো থাকে গতিকে আমাৰ বেছিভাগ ল’ৰা ছোৱালী আজিকালি চিৰিয়েলতে কৰে৷ ফলত বৰ্তমান আমি এটা কঠিন সময়ৰ মাজেৰে গৈ আছো, নাটকত ল’ৰা ছোৱালী ধৰি ৰাখিব পৰা নাই৷ বৰ্তমান instant success এটা বিচাৰে চবেই, মই কাকো দোষ দিয়া নাই, কিন্তু এইটো খন্তেকীয়া সন্তুষ্টিচিৰিয়েলআদিৰ কথাবোৰ৷ আকৌ ঘূৰি আহিব৷ rootটো থিয়েটাৰেই৷ তথাপি কিন্তু সাংঘাটিক সংকটত আমি ভোগা নাই৷ আমি বহুত লাকী৷ কাৰণ আমাৰ আৰম্ভণিৰে পৰা প্ৰশিক্ষণ কেন্দ্ৰ আছে, বহুত ল’ৰা ছোৱালী আমাৰ পৰা ওলাই গৈছে… সতি সন্তান বহুত আমাৰ৷ গতিকে কিছুমানে যিমান suffer কৰে, আমাৰ সিমান হোৱা নাই৷ লাগ বুলিলে ল’ৰা ছোৱালী আমি পাইও যাওঁ, কিয়নো আমাৰ সম্প্ৰসাৰণত বহুত সতি সন্তান আছে গতিকে আমি লাকী৷

 

৬)সাহিত্য ডট অৰ্গ: এতিয়া আহোঁ চলচ্চিত্ৰলৈ ।বৰ্তমান মুক্তি পাই থকা অসমীয়া চলচ্চিত্ৰসমূহকলৈ আপুনি সুখী নে ?

বাহাৰুল ইছলামঃসুখী, অসুখী বা সমালোচনা কৰাৰ পৰ্য্যায় আমি আচলতে পোৱাগৈ নাই। তাৰ কাৰণ মই প্ৰায় ১০-১২ বছৰৰ পিছত চিনেমা এখন কৰিছিলোঁ। কাৰণ তুমি যিটো সময় ক’লা, যোৱা পাঁচ বছৰত গোটেই চিনেমা বনোৱা ‘ট্ৰেণ্ড’টোৱে সলনি হৈছে।’ডিজিটেল’ হ’ল।’চেলুলয়েড’ উঠি গ’ল।’ডিজিটেল’ হোৱাৰ পিছত অলপ খৰছ কমি গ’ল। আমি সোনকালে চাব পাৰোঁ। আমি ৰিজাল্ট সোনকালে পোৱা হ’লোঁ। যদিও ‘ডেফ্ট’টো কমি গ’ল।’চেলুলয়েড’ৰ যিটো ‘পাৰ্ছপেক্টিভ’ থাকে সেয়া ‘ডিজিটেল’ত পোৱা নাযায়। তথাপি মনৰ তাগিদা, মনৰ খূদুৱনি মাৰিবলৈ চবেই চিনেমা কৰা হ’ল। ‘ছিনিয়ৰ’বোৰে চিনেমা নকৰা হ’ল। কাৰণ তেওঁলোকে ‘চেলুলয়েড’ত কৰি কৰি নতুন মাধ্যমত অভ্যস্ত হ’ব পৰা নাই বা মানি ল’ব পৰা নাই। ইয়ং ল’ৰা-ছোৱালীয়ে বেছিকৈ কৰিছে। কৰিবই। দ্বিতীয়তে, যিহেতু আজিকালি সাহিত্যৰ ক্ষেত্ৰতো বহুত পৰিবৰ্তন আহিছে- যেনেকৈ ছন্দৰ ক্ষেত্ৰত পৰিবৰ্তন আহিছে, অভিব্যক্তিত পৰিবৰ্তন আহিছে। চবতে পৰিবৰ্তন আহিছে। এনেকৈ চিঠি লেখা কমি গৈছে। প্ৰেমৰ ৰূপ সলনি হৈছে। ৰাতিপুৱা যদি ‘হাই কয় ‘ৱাট্‌ছএপ’ত গধূলিলৈ ‘বাই’ হৈ যায়। ‘হাই’ বানান HI হ’ব লাগে। এতিয়া Hiiiiiiiiiiকৈ দিয়ে। Distiortionও আহিছে সাহিত্যত। ইয়াৰ কাৰণ হৈছে ‘ফেচবুক’ৰ যোগেদি ‘Personal’ আৰু ‘Public’ জীৱনত পাৰ্থক্য নোহোৱা হৈছে- গুদ মৰ্নিং, তুমি এইমাত্ৰ বিস্কুইট খালা, মই বিস্কুইট খালোঁ আদি। গতিকে পাব্লিক লাইফ আৰু ‘personal life’ৰ অভিব্যক্তি সলনি হৈছে। আজিকালি ৰাতিটো সলনি হৈছে। আগতে ৰাতি উজাগৰে থাকি চিঠি লিখিছিলোঁ প্ৰেমত। এতিয়া সেয়া দৰকাৰ নাই কাৰণ মুখামুখি দেখিয়েই আছোঁ। আজিৰ ‘জেনেৰচন’ দেৰিকৈ শুৱে আৰু দেৰিকৈ উঠে। এইটো এটা পৰিক্ৰমা। এয়া হ’বই। দোষ দি লাভ নাই। বৰ্তমানত এক অন্য পিৰিয়ড চলি আছে। সেইখিনি সময়ত চিনেমাৰ যিটো সৃষ্টি হৈছে তাক আগৰ লগত তুলনা কৰিব নোৱাৰি- যিহেতু সময় সলনি হৈছে, যিহেতু যুৱ প্ৰজন্মৰ মানসকিতা সলনি হৈছে, যিহেতু সাহিত্যৰ ৰূপ সলনি হৈছে। এতিয়া মই ৫২ বছৰ বয়সত, ২২ বছৰীয়া যুৱকক সমালোচনা কৰিব নোৱাৰোঁ। তেওঁলোকৰ অভিব্যক্তিক সন্মান কৰা উচিত। তৃতীয়তে, ব্যৱসায়িক কথা।

অসমীয়া চিনেমাৰ ব্যৱসায়ৰ মূল ‘Culprit’ হ’ল অসম চৰকাৰ। তেওঁলোকৰ কোনো নীতি নাই। মোৰ ‘ৰ’দৰ চিঠি’ত খৰছ আছিল ৩০লাখ টকা। ‘Gate Collection’ আছিল ২৬ লাখ টকা। মই পালোঁ ৫লাখ টকা। মই ৩০লাখ টকাৰে চিনেমা বনালোঁ, ২৬লাখ টকা আহিলে, ৪লাখ টকা মনৰ শান্তৰি বাবে বাদেই দিলোঁ। ৩০লাখটকাৰে চিনেমা বনাই যদি ৫লাখটকা পাওঁ তেন্তে পিছৰ চিনেমাখন কিয় বনাম অসমীয়াত? মই বনামেই চিনেমা। কিন্তু অসমীয়াত কিয় বনাম। মই অসমীয়া বাবেই অসমীয়াত চিনেমা বনাম নেকি? মোৰ ঘৰ-বাৰী বিক্ৰী কৰি চিনেমা বনাম নেকি? চৰকাৰী নীতিত মই অসন্তুষ্ট। আমাৰ চিনেমাহল নাই। চিনেমাহল বনাব অনুমতি নিদিয়ে। মদৰ দোকান বনাব অনুমতি দিব। কাৰণ তাত মুনাফা আছে। ৰাইজক মদৰ ৰাগীত মতলীয়া কৰি ৰাজনীতি কৰিব। চৰকাৰে মন্ত্ৰী কাক বনাই? যাৰ কাম নাই। কাৰোবাৰ গিৰিয়েক মৰি গ’ল বাবে ঘৈণীয়েক জিকি আহিলে তেওঁক মন্ত্ৰী দিব লাগিব। যাৰ সুদূৰপ্ৰসাৰী জ্ঞান নাই সংস্কৃতিৰ তেওঁক দিয়া হয় সাংস্কৃতিক মন্ত্ৰী। আৰু অফিচাৰ ‘Culprit’ বিলাকে হয়। ৰবীন্দ্ৰ ভৱনৰ মানুহ বিলাকে পইছাৰ অংকৰে খেল খেলি থাকে। ডিৰেক্টৰ হওক বা কমছিনাৰ হওক সেই বাবে উন্নতি নাই। গতিকে অসমীয়া চিনেমাৰ উন্নতি ধূসৰ। ভৱিষ্যত ধূসৰ। একদম ‘প্ৰেক্টিকেল’ কথা কৈছোঁ। সৰ্বসাধাৰণে কথাটো নাজানে। তেওঁলোকে বিচাৰিব অসমীয়া চিনেমা লাগে। নিজৰ সীমাবদ্ধতাৰে আমি বনালোঁ। ভাল-বেয়াটো আপেক্ষিক। চতুৰ্থতে, তুমি যিমানে কোৱা, অসমীয়া মানুহে অসমীয়া চিনেমা নাচায়। গুৱাহাটীতে হওক বা গাঁওতে হওক। নাচায়। বেংগলী মানুহে বেংগলী চিনেমা চায়। চাউথৰ মানুহে চাউথৰ চিনেমা চায়। অসমীয়া মানুহৰ ভ্ৰাম্যমান চোৱাৰ বাবে হেঁপাহ আছে তাৰ বাবে পইছা থয় দিয়ে কিন্তু অসমীয়া চিনেমা নাচায়। সমালোচনা খুউৱ কৰে কিন্তু নাচায়। শেষ কথা অসমীয়া চিনেমা যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ চৰিত্ৰৰে উদ্ভাসিত হ’ব লাগিব। যেনে- ‘তৰামাই’, ‘ডাঃ বেজবৰুৱা’, ‘আজলী নবৌ’। আমাৰ নিজস্ব যিটো চন্দ আছে। আৰু দৰ্শকক সন্মান কৰিব লাগিব।

 

৭)সাহিত্য ডট অৰ্গ: সততে এটা অভিযোগ শুনা যায় যে অসমীয়া চলচ্চিত্ৰৰ কাহিনী যথেষ্ট একঘেয়ামী হোৱাৰ সমান্তৰালভাৱে কাৰিকৰী কৌশলৰ ক্ষেত্ৰতো যথেষ্ট পিছ পৰি ৰৈছে। কথাষাৰত কিমানদূৰ সত্যতা আছে বুলি ভাবে?

বাহাৰুল ইছলামঃ অসমীয়া চিনেমা নিৰ্মাণ কেইখন হয়? আমাক যদি চিনেমাহলবোৰ দি দিয়া। শুনা, এটা চাবোন। তুমি চাবোন বনাবা। এটা product,চাবোন বিক্ৰী কৰিবলৈ দোকান লাগিব। মই চিনেমা বনাম, দোকান মানে চিনেমাহলতো লাগিব। চিনেমাহল নাই। এতিয়া তুমি যদি মহাৰাষ্ট্ৰত যোৱা ষাঠি লাখমান টকা দিয়ে ‘Subsidy’। Promotion ৰ বাবে সহায় কৰে। ইমান জনা মানুহ আছে। ডাঙৰ-ডাঙৰ Director সকল কিয় মনে মনে বহি আছে? বনোৱা নাই। জানে লোকচান হ’ব।Black money আছে কাৰোবাৰ। কাৰ নো ইমান Black money আছে আমাৰ? আৰু Black Money থাকিলে কিয় বনাব? মনৰ তাগিদাত ইফাল-সিফাল পইছা মিলাই মানুহে চিনেমা বনায় মনৰ তাগিদাত। আমাৰ স্পষ্ট নীতি নাই। চৰকাৰে সহায় কৰক, চিনেমাহল বিলাক খুলি দিয়ক, তুমি চাবা কিমান ভাল-ভাল চিনেমা হ’ব। মই কৈছোঁ নিৰ্মাতাক দোষ দি লাভ নাই। দ্বিতীয়তে যদি কাহিনী একঘেয়ামী হৈছে, সঁচা কথা। কাৰণ পঢ়াশুনা কমি গৈছে আমাৰ। নিৰ্মাতাবিলাকে পঢ়াশুনা নকৰে। পঢ়াশুনাৰ গভীৰতা থাকিব লাগিব।

 

৭)সাহিত্য ডট অৰ্গ: আমি দেখিছো, হিন্দী চলচ্চিত্ৰত অতি কম বাজেটত মাঝি, গেং অৱ ৱাছিপুৰ, চিল্ডৰেন অৱ ৱাৰ আদি এনে কেতবোৰ চলচ্চিত্ৰ নিৰ্মাণ হৈছে যাৰ পটভূমি ইতিহাসৰ কেতবোৰ সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত । এই ধৰণৰ চলচ্চিত্ৰবোৰে বহুতো সময়ৰ সোঁতত বিলিন হৈ যাবলৈ ধৰা ক’লা অধ্যায় কিছুমানক দৰ্শকৰ মাজলৈ লৈ আনিছে আৰু ব্যৱসায়িক ফালৰ পৰা সফলো হৈছে । অসমতো নেলীৰ গণহত্যা, অসম আন্দোলন আদি নানা বিষয়ত আজিও বোলছবি নিৰ্মাণ নহ’ল । বলিউডে মেৰিকম নিৰ্মাণ কৰাৰ দৰে অসমতো ইৰম শৰ্মীলাক লৈ বোলছবি নিৰ্মাণৰো থল আছে । কিন্তু কাৰ্যতঃ হৈ উঠা নাই । ইয়াৰ আঁৰত অসমত অধ্যয়নভিত্তিক বোলছবি নিৰ্মাণৰ অৱহেলা নে অন্য কিবা কাৰণ ?

বাহাৰুল ইছলামঃ বৰ ভাল কথা ক’লা। প্ৰথম কথা নেলীৰ ঘটনাৰ ওপৰত চিনেমা হোৱা নাই, নাটক হোৱা নাই বা সাহিত্যও হোৱা নাই নাইবা গল্প কবিতাও লিখা হোৱা নাই সিমান। অসম আন্দোলনৰ ওপৰতো কেইখননো লিখা হৈছে? উগ্ৰবাদৰ সম্পৰ্কত, আলফা বুলি ক’বলৈ মানুহে ভয় খায়। সাহিত্যিক সকলে ভয় খায়। আমিবোৰ ফাঁকে ফাঁকে যোৱা সাহিত্যিক, ফাঁকে ফাঁকে যোৱা আমি নাট্য নিৰ্মাতা, ফাঁকে ফাঁকে যোৱা আমি চিত্ৰ-নিৰ্মাতা। এবাৰ মই অসম আন্দোলনৰ ওপৰত নাটক এখন কৰিম বুলি কৈছিলোঁ। তাৰ পিছত মই ৰীতা বাইদেউক (ৰীতা চৌধুৰী) ক’লোঁ। তেখেতে কেইবাখনো অসম আন্দোলনক লৈ গ্ৰন্থ লিখিছে আৰু নিজে আন্দোলনৰ লগত জড়িত আছিল। কিন্তু তেখেতে নাটক ৰচনা কৰিব নোৱাৰো বুলি ভদ্ৰ ভাৱেই ক’লে। তেখেতে যিহেতু নাটক লিখা নাই সেয়া হৈ নুঠিল। সাহিত্যৰ আন সৃষ্টি আৰু নাটকৰ মাজত পাৰ্থক্য আছে। মুঠতে সেয়া হৈ নুঠিল। অসম আন্দোলনকলৈ যি দুই এখন নাটক আছে, ধৰা ৰফিকুল হুছেইনৰ নাটকেই হওক বা আন নাটকেই হওক, কৰবাত যেন অসমাপ্ত নাটক। অৰুণ শৰ্মাদেৱেও লিখিছে, কিন্তু সেয়া অসমাপ্ত নাটক। বিৰাট ‘ডিপ্ল’মেটিকেলী’ আঁতৰি যায়। তেনেদৰে ঠিক নেলী হত্যাকাণ্ড। যদি মই ‘নেলী’ক লৈ নাটক বা চিনেমা নিৰ্মাণ কৰোঁ, চাবা মোক বাংলাদেশী বুলি কৈ দিব। আজিকালি সহজতেই বহুতো কথা ‘প্লাবিকলী’ ক’ব পৰা জেগা আছেতো। বাতৰিবিলাক আজিকালি কেনেকৈ আহে? এতিয়া নিউজৰ কিমান স্তম্ভ আছে মোৰ সন্দেহ হয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কৈছিল নহয় আগতে সংবাদ মাধ্যমক! মোৰ সন্দেহ হয়, কেইবাটাও স্তম্ভ তেওঁলোকৰ। চাৰিৰ পৰা দহলৈকে সাংবাদিকৰ স্তম্ভ। তুমি বৰভাল কথা কৈছা যে আমাৰ বৰ বৈচিত্ৰ্যময় ইতিহাস আছে যাৰ পুনৰ উদঘাটন হ’ব লাগে। মই একদম তোমাৰ লগত একমত। ইমান বৈচিত্ৰ্যময়, ইমান মানৱীয় আবেদন থকা সৰু-সৰু বস্তু আছে! আমি সৰু-সৰু বস্তুত নাযাও, এই ডাঙৰত গুছি যাওঁ। ডাঙৰ-ডাঙৰ হৈছে। শৰাইঘাট হৈছে, লাচিত বৰফুকনৰ ওপৰত হৈছে, কনকলতাৰ ওপৰত হৈছে, তাত দেখিছোঁ মই কনকলতাই ‘ফ্লেগ’ নচুৱাই-নচুৱাই নাচি আছে। সদ্যহতে ‘পূৰৱ কি আৱাজ’ নামৰ এখনো হ’ল। কিন্তু মই ভাবো যে ‘মাঝী’ৰ যি গভীৰতা তাৰ কাৰণেও অধ্যয়নৰ প্ৰয়োজন। আমাৰ অধ্যয়নত অলপ গণ্ডগোল আছে। কৰবাত কৰবাত আমি দুখীয়া।

 

৮)সাহিত্য ডট অৰ্গ: অসমীয়া চিনেমাৰ কথা যেতিয়াই ওলাই, এটা কখা প্ৰায়ে শুনা যায়, মিনি চিনেমা হল। অসমীয়া চলচ্চিত্ৰৰ সুদিন ঘুৰাই অনাৰ স্বাৰ্থত মিনি চিনেমাহল কিমান দূৰ সফল হ’ব বুলি ভাবে ? এখন ব্যয়বহুল চলচ্চিত্ৰ মিনি চিনেমা হলৰ সহায়ত ব্যৱসায়িক সফলতা লাভ কৰিব পাৰিবনে ?

বাহাৰুল ইছলামঃ প্ৰথম কথা আমাক দৰ্শক লাগে। তুমি আজি ইয়াৰ পৰা তেজপুৰলৈ যোৱা। মঙলদৈত চিনেমাহল নাই (মঙলদৈত নতুনকৈ এটা হৈছে)। বাইহাটাত চিনেমাহল নাই। গুৱাহাটীৰ পৰা তেজপুৰলৈ ১৫০ কিলোমিটাৰ ধৰা। ১৫০কিলোমিটাৰত যদি মাত্ৰ এটা চিনেমা হ’ল থাকে তেন্তে মানুহবিলাকে ক’ত চিনেমা চাব? মই প্ৰথমতেই যে কৈছিলোঁ অসমীয়া মানুহে চিনেমা নাচায়, আৰে বাবা, মোৰ ঘৰতে যদি ভ্ৰাম্যমান আহে মই ঘৰতে চাম। যতীন বৰাৰ অভিনয় যদি মই ঘৰতে চাব পাৰো, প্ৰস্তুতি পৰাশৰৰ নাচ যদি ঘৰতে চাব পাৰোঁ, মই ঘৰতে চাম। আকৌ টকা ভাঙি, টাইম নিমিলাকৈ মই গুৱাহাটীলৈ যাম চিনেমা চাবলৈ? মঙলদৈৰ মানুহ গুৱাহাটীলৈ আহিব নেকি চিনেমা চাবলৈ? যেতিয়া ঘৰৰ কাষত চিনেমাহল এটা হ’ব মানুহৰ অভ্যাস এটা হ’ব চিনেমা চাবলৈ। অভ্যাস হ’লে মানুহে চিনেমা ‘ৰেগুলাৰ চাব। দেখিলো এতিয়া দোকান মানে চিনেমাহল অসমত মাত্ৰ বিশ-বাইশখন আছে। বিশ-বাইশটা হলত যদি এসপ্তাহমান চিনেমা চলে মোৰ পইছা ইমানখিনি আহিব। মই অংকটো জানোঁ। এতিয়া দেখা পালোঁ যে এশটা চিনেমাহল আছে। এশটা চিনেমাহলত যদি ৫০ শতাংশ দৰ্শক হয় এসপ্তাহত মোৰ ইমান ‘কালেকচন’ হব। মই কিন্তু ইমানতকৈ বেছি টকা লগাব নোৱাৰো মোৰ চিনেমাত, তেতিয়া মই অংকটো জানিম। চিনেমাটো এক ব্যৱসায়। ব্যৱসায়ত মই ‘কেল্কুলেচন’ কৰিব লাগিব নহয়। কেতিয়াবা ‘ৰিস্ক’ ল’ম কেতিয়াবা নল’ম। বেছি ব্যয়বহুল হ’লেই যে ব্যৱসায়িক সফল হ’ব তেনেকুৱা কথা নাই। তুমি অলপ আগতে কৈছিলা, ভালকৈ যদি সুস্থভাৱে তুমি পৰিকল্পনা কৰা কম খৰছত ভাল চিনেমা হ’ব পাৰে। উদাহৰণ- বেদেৰ মেয়ে জ্যোত্স্না। এটি সামান্য কাহিনী লৈ কৰা চিনেমা কেনেকৈ ‘হিট’ হ’ল? ‘জয় সন্তোষী মা’ কেনেকৈ ‘হিট’ হ’ল?ইৰাক ইৰাণৰ চিনেমাবোৰ? তুমি কল্পনাই কৰিব নোৱাৰা। চিনেমাহল যদি হয় নহয়, ভাল ‘ইয়ং এনাৰ্জী’ বহুত আছে। অসমত বহুত ভাল-ভাল গল্প আছে, ভাল-ভাল কাহিনীও আছে। এতিয়া ‘প্ৰদিউচাৰ’ৰ কথামতেই পৰিচালক চলি আছে। ‘প্ৰদিউচাৰ’ৰ কথা মতে ‘হংকং’ত গুচি যায়। ‘প্ৰদিউচাৰ’ৰ কথামতে ‘জীয়েক’ক লয়। বুজা নাই? গতিকে চিনেমাখন বেয়া হয়। ‘প্ৰদিউচাৰ’এ কাহিনীৰ ‘লাইন’ দি দিয়ে। ‘ডিৰেক্টৰ’এ উপায় নাপায়। মই চিত্ৰ-নিৰ্মাতাসকলক বৰ দোষাৰোপ নকৰো। আমি নিজকে ‘বেচেৰা’ বুলিয়েই ক’ব খোজো। মূল ‘কালপ্ৰীট’ হ’ল চৰকাৰ। চৰকাৰে আমাক বৰ বেয়াকৈ মাৰিছে। ৰাস্তা এটা বেয়া হ’ল কোনে ভাল কৰিব? PWD বা GMC য়ে। এখন চিনেমা বেয়া হ’ল কোনে ভাল কৰিব লাগিব?কোন ‘ডিপাৰ্টামেন্ট’এ ভাল কৰিব লাগিব? ‘কাল্ছাৰেল ডিপাৰ্টামেন্ট’?সাংস্কৃতিক বিভাগে কি কৰিছে? শিল্পীৰ পেঞ্চনে দিব পৰা নাই। শিল্পী পেঞ্চনৰ বাবে তেওঁলোকে পইছা খোৱা আৰম্ভ কৰে। য’ত ‘Construction’ৰ কাম হয় তাত তেওঁলোকে বুকু ফিন্দাই আহি থাকে। সাংস্কৃতিক নীতিৰ ক্ষেত্ৰত তেওঁলোকৰ ধাৰণাও নাই আৰু সদিচ্ছাও নাই।

 

৯)সাহিত্য ডট অৰ্গ: আপুনি প্ৰথমখন চলচ্চিত্ৰ পৰিচালনা কৰাৰ বহু বছৰৰ পিছত ৰ‘দৰ চিঠি নামেৰে এখন নতুন চলচ্চিত্ৰ অসমৰ দৰ্শকক উপহাৰ দিলে । এই দীৰ্ঘবিৰতিৰ পিছত পুনৰ চিনেমা পৰিচালনাৰ কাম হাতত লোৱাৰ কিবা বিশেষ কাৰণ ?

বাহাৰুল ইছলামঃ  প্ৰথম কথা চিনেমা নিৰ্মানতো মোৰ জীৱনৰ হঠাৎ সিদ্ধান্ত নহয়, কাৰণ NSD যোৱাৰ আগতে মই পুণেত Apply কৰিছিলো, মই ফিল্ম এডিটৰ হ’ম৷ তেতিয়া ফিল্ম মেকিঙৰ ইচ্ছা আছিল৷ তাৰ পাছত যেতিয়া NSD পালো তেতিয়া ভাবিলো NSD  ৰ পাছত মুম্বাই যাম আৰু এডিটিঙৰ ট্ৰেইনিং ল’ম৷ চিনেমা মেকিঙৰ ধান্দাতো মোৰ আগৰ পৰাই আছিলে অলপ অলপ৷ তাৰপাছত ‘আছেনে কোনোবা হিয়াত’ কৰোতে চিনেমাৰ প্ৰডিউচাৰে ৰঞ্জু হাজৰিকাৰ কিতাপ এখনৰ আধাৰত কৰিবলৈ ক’লে। মই অৱশ্যে বেলেগ এখন- অৰুণ শৰ্মাৰ ‘পৰশুৰাম’ খন কৰিম বুলি ভাবিছিলো৷ শেষত মোৰ প্ৰডিউচাৰজনে নহ’ব বুলি ক’লে৷ শেষত প্ৰডিফচাৰৰ মতেই ‘আছেনে কোনোবা হিয়াত’ কৰিলো৷ তেতিয়া নতুনকৈ শিকিবৰ মন আৰু, তাৰাতাৰিকৈ কৰিলো৷ সেইখন বেয়া হ’ল comparatively, তাৰ পাছত মই নাটকৰ মানুহ নাটককে কৰিম বুলি নাটকত মন দিলো । সমান্তৰালকৈ বেলেগৰ চিনেমাত অভিনয় কৰিলো৷ তাৰ পাছত সেই আকৌ চিনেমা নিৰ্মাণ কৰা হাবিয়াসতো জাগি উঠিল৷ সেইকাৰণে ছবি কৰিবলৈ আকৌ ওলালো নিজৰ কাহিনীৰেই কিবা এটা different হ’ব বুলি চেষ্টা কৰিলো৷  তেতিয়া মই ভাবিলো মোৰ চাবজেক্ট থিয়েটাৰ, থিয়েটাৰ মই ব্লেণ্ডিং কৰো৷ মই বহুত হলিউডৰ চিনেমা আৰু ইৰানৰ চিনেমা চাওঁ ৷ ইৰানৰ চিনেমাৰ পৰা মই বহুত প্ৰভাৱিত৷ কিন্তু ইয়াতে মই ভাবিলো যে মই যিহেতু থিয়েটাৰৰ মানুহ, মই থিয়েটাৰ ব্লেণ্ডিং কৰিব চেষ্টা কৰিলো৷ বিষয়টো অলপ টান আছিলে, থিয়েটাৰ ব্লেণ্ডিং কৰাতো মানুহে পচন্দ নকৰিলে৷ সাধাৰণ মানুহে জুবিন আৰু পাপনক চাবলৈ গ’ল৷ আচলতে এইখন ক’মাৰ্চিয়েল ছবি৷ আৰু দ্বিতীয়তে বহু দিনৰ পাছত কৰা কাৰণে মানুহে মোৰ যিবোৰ ভুল ধৰিলে সেইবোৰত পিছে মোৰ ভুল নাই হোৱা৷ য’ত মই ভূল কৰিছো তাত ধৰা নাই মানুহে৷ মোৰ বহুত ভুল আছে ছবিখনত৷ আটাইতকৈ ডাঙৰ মোৰ জ্ঞান হ’ল যে আজিকালি ডিজিটেল মিডিয়াত মই কালাৰ কাৰেকচন জানো, 5.1 sound system ৰ বিষয়ে জানো, মই বহুত শিকিলো৷ পৰৱৰ্তী সময়ত মই এইবোৰ ভুল নকৰো৷ আৰু কাহিনী মোৰ অলপ ডিফ’কাচ হ’ল, ফলত যেনেকৈ যাব লাগিছিল তেনেকৈ নগ’ল৷ বহুত ক’বলৈ গ’লো, বহুত সুবিধা পালো৷ থিয়েটাৰৰ নিচিনা নহয়তো, বহুত experiment কৰিব গ’লো সেইকাৰণে অলপ জাৱৰ হ’ল, অলপ খেলিমেলি হ’ল, কাহিনী বহুদিশে গ’ল৷ বহুদিশে যোৱাৰ কাৰণে মানুহ কনফিউজ হ’ল৷ মই আৰু সৰল ভাৱে ক’ব পাৰিলোহেঁতেন, সেইটো মই নিজেই গম পাওঁ৷ সেইকাৰণে আৰু এবছৰ মই চুপ হৈ থাকিলো, এতিয়া মই আকৌ যাম ছবিলৈ, এইবাৰ চাগে তেনেকুৱা ভুল নকৰো, হয়তো আন ভুল বহুত কৰিম৷

 

১০)সাহিত্য ডট অৰ্গ: ৰ‘দৰ চিঠি এনে এখন চিনেমা য’ত বহু বছৰৰ পিছত অসমীয়া চলচ্চিত্ৰ চাবলৈ দৰ্শকৰ হেতা ওপৰা লাগিছিল । দৰ্শকৰে পৰিপূৰ্ণ হলত অসমীয়া চিনেমা এখন চলিছিল । চিনেমাখন বহুত দৰ্শকে আদৰি লৈছিল । জুবিন-পাপনক একেলগে অভিনয় কৰোৱাৰ দৰে কষ্টকৰ কাম এটাও সম্ভৱ কৰি তুলিছিল ।আনকি চিনেমাখনে আন্তঃৰাষ্ট্ৰীয় সন্মান আৰু প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল । ইমানৰ পিছতো কিন্তু একাংশ দৰ্শকে চিনেমাখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল । তেওঁলোকৰ অসন্তুষ্টি আছিল যে চিনেমাখনত যথেষ্ঠ নাটকীয় প্ৰভাৱ আছিল । এয়া কিছুংখ্যক সাধাৰণ দৰ্শকৰ মনৰ কথা। এই কথাত কিমানদূৰ সত্যতা আছে বুলি ভাবে৷

বাহাৰুল ইছলামঃ সেই ছবিখন বহুত অসমীয়া মানুহে ভালো পাইছে বেয়াও পাইছে, বেয়া বেছি পাইছে যদিও ভাল পোৱাৰ সংখ্যাও যথেষ্ট আছে৷ বাহিৰতো সমাদৰে পাইছে ছবিখনে মোৰ, কানাডাৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত বেষ্ট ফিল্ম এৱাৰ্ডো পাইছে৷ ‘প্ৰান্তিক’তো বহুত ভাল মানুহে লিখিছে, মই অসমীয়াক দোষ কেতিয়াও নিদিও, দৰ্শকক দোষ দিলে মইতো ২৬ লাখ গেট কালেকচন কেতিয়াও নাপাওঁ৷ যোৱা ১০ বছৰত কোনো চিনেমাই ২৬ লাখ টকা আহৰণ কৰিব পৰা নাই৷ মই জুবিন অৰু পাপনক লোৱাৰ কাৰণেও মাৰ্কেটিঙতো অলপ ভাল হৈছে৷ আটাইতকৈ ডাঙৰ কথা মোৰ বাজেট আছিল মাত্ৰ ৩০ লাখ টকা, কোনেও বিশ্বাস নকৰিব৷ বিশ্বাস কৰিব পাৰানে জুবিন, পাপন আছে৷ সবেই এনেয়ে কৰি দিছে, ইমান ভাল ঘৰুৱা সম্পৰ্ক আছে পাপন আৰু জুবিনৰ লগত৷ আচলতে তুমি যে ক’লা ব্যায়বহুল  হ’ব লাগে, মই ভাবো যে চিনেমাৰ কাৰণে ব্যায়বহুলতো সিমান ডাঙৰ কথা নহয় যিমান ডাঙৰ কথা পেপাৰ ৱ’ৰ্ক আৰু ফিল্ড ৱ’ৰ্ক, পোষ্ট প্ৰডাকচনৰ কাম৷ এক উপযুক্ত চিত্ৰনাট্যৰ প্ৰয়োজন৷ হয়, টেবুলত বহুত সময় দিব লাগে৷ শ্বুটিঙত কেমেৰা লোৱাৰ আগতে বহুত কাম কৰিব লাগে৷

 

১১)সাহিত্য ডট অৰ্গ: অসমত এতিয়া ভ্ৰাম্যমাণ চিনেমা হলৰ কথাও সঘনাই উত্থাপিত হৈছে।এই ক্ষেত্ৰত সম্ভৱতঃ আপুনি বহু আগেয়েই এটা প্ৰচেষ্টা হাতত লৈছিল- ৰ’দৰ চিঠি প্ৰদৰ্শনৰ বাবে আপুনি মেডিয়াৰ মাধ্যেমেৰে বিভিন্ন ঠাইৰ উদ্যোক্তাসকলক আহ্বান জনাইছিল ।এয়া নিত্যন্তই এক মহৎ প্ৰচেষ্টা । জানিব বিচাৰিম এই আহ্বানৰ প্ৰতি আপুনি কেনে ধৰণৰ সহাৰি পাইছিল ?
বাহাৰুল ইছলামঃ দুই এজনে চাইছে, দুই এজনে যেনেকৈ ওদালগুৰিত চাইছে৷ ভ্ৰাম্যমানৰ কথাতো সুকিয়া, মই কৈছো ভ্ৰাম্যমান থিয়েটাৰ অসমত সফল হৈছে কিন্তু ভ্ৰাম্যমান চিনেমা হল সফল নহয়, যিয়ে যিমানেই কওঁক৷ কাৰণ সেইটো হ’বলৈ হ’লে বহুত সময় লাগিব৷ ভ্ৰাম্যমানে আজিৰ পৰ্যায় পাইছে গাঁৱে ভুঞেঁ গৈ গৈ মানুহক অভ্যাসলৈকে পৰিণত কৰিছে৷ ধান বিক্ৰি কৰিব, পইছা সাঁচি থব আৰু তাৰ পইছাৰে অমুক ডকাইত,তমুক নপুংসক নাটক খন চাম বুলি ভাবি থাকে৷ এইবোৰৰ All credit goes to ভ্ৰাম্যমান থিয়েটাৰৰ owner বিলাকলৈ৷ কিন্তু ভ্ৰাম্যমান চিনেমা হ’লে সেইটো পৰ্যায় পাবলৈ বহুত সময় লাগিব৷

 

১২)সাহিত্য ডট অৰ্গ: আশী বছৰ গৰকা অসমীয় চিনেমা উদ্যোগটো যিহেতু বয়সৰ তুলনাত যথেষ্ঠ পিছ পৰি ৰৈ গৈছে, ইয়াক সুষ্ঠিৰ অৱস্থালৈ ঘুৰাই আনিবলৈ এজন সক্ৰিয় চলচ্চিত্ৰ কৰ্মী হিচাপে আপনি কোনকেইটা দিশত গুৰুত্ব দিব লাগে বুলি ভাৱে ।

বাহাৰুল ইছলামঃ প্ৰথম আৰু প্ৰধান কাম, চৰকাৰৰ এটা সুস্পষ্ট নীতি আৰু সমৰ্থন তথা সহযোগিতা৷ চৰকাৰে আমাৰ চিনেমা উদ্যোগটিক support কৰিবই লাগিব৷ এখন বা দুখন চিনেমাত যি অলপমান পইচা দিয়ে তেনেকৈ সমৰ্থন কৰাতো নুবুজাই৷ তেওঁলোকে ইমান টকা ৰাস্তা পদুলিৰ নামত খৰচ কৰে চিনেমাৰ নামত তেওঁলোকে বছৰত ৫০ লাখকৈ হ’লেও ২০ জন পৰিচালকক দিব নোৱাৰেনে ? এখন ৰাজ্য চৰকাৰে বছৰত ১০ বা ২০ কোটি টকা চিনেমাৰ নামত খৰচ কৰিব নোৱাৰেনে ? সেইকাৰণে কৈছো সদিচ্ছাৰ অভাৱ এইবোৰ৷ মাৰাঠী চিনেমাত এইবাৰ ভাগিৰথী জুৰি বোৰ্ডৰ মেম্বাৰ আছিল৷ তুমি কল্পনা কৰিব নোৱাৰিবা মাৰাঠী চিনেমাৰ কাৰণে ৬০ লাখকৈ টকা দিয়ে৷ নতুন চামে ইয়াৰ কাৰণে সুবিধা পাইছে৷ নতুন ল’ৰাৰ সাহিত্য নাই বুলি ক’লে কেনেকৈ হ’ব !  আজিৰ সময়ত, আজিৰ যুগত তোমালোকৰ প্ৰজন্মই বেছি বুজি পোৱা, তোমালোকে বেছিকৈ explore কৰিব পাৰিবা আৰু মাৰাঠী চিনেমাত সেইটোৱেই কৰিছে৷ ৬০ লাখকৈ দিয়ে, নিজৰ ঠাইতে শ্বুটিং কৰিব লাগে, এইবাৰ maximum মাৰাঠী চিনেমা আৰু maximum চিনেমা ব

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments