বালিলেছা পুখুৰীৰ কুঁৱৰী -(ৰজিতা শৰ্মা)

বালিলেছা পুখুৰীৰ কুঁৱৰী (কিম্বদন্তীৰ সাধু)
ৰজিতা শৰ্মা
এটা মহিমামণ্ডিত প্ৰাচীন পুখুৰী, পাৰত মা চণ্ডিকাৰ প্ৰাচীনতম ইটানিৰ্মিত মন্দিৰ, পূব দিশত একা-বেঁকাকৈ বৈ যোৱা নৈ পাগলদিয়া। এই পুখুৰী, মন্দিৰ আৰু নদীখনক লৈ প্ৰচলিত আছে এটা কাহিনী। কাহিনীটোই জীপ লৈ উঠিছিল নলবাৰী চহৰৰ দক্ষিণ-পূবত প্ৰায় তিনি মাইল আঁতৰৰ বালিলেছা নামৰ এখন সৰু গাঁওত। এবাৰ এই গাঁৱৰে এজন পূজাৰীয়ে সপোন দেখিছিল যে গাঁৱৰ সীমান্তত এটি প্ৰাচীন গহ্বৰ-মন্দিৰত মা কালি সয়ম্ভূৰূপে আৱিৰ্ভুত হৈছে। তেওঁক যথা ৰীতি সংস্থাপন কৰি পূজা-সেৱা কৰিলে গাৱঁৰ শ্ৰীবৃদ্ধি হ’ব, অপায়-অমংগল, মাৰি-মৰক লেশমানো নাথাকিব। ইয়াৰ অন্যথাই দ্বিজ বংশহীন হ’ব, গাৱঁৰ ভেটি মাটি উছন হ’ব। পূজাৰীয়ে সপোনৰ কথা গঞা ৰাইজৰ আগত ব্যক্ত কৰাত সকলোৱে মিলি মন্দিৰ নিৰ্মাণ কৰি গহ্বৰৰ পৰা মা-চণ্ডীৰ মূৰ্ত্তি যথাবিধি সংস্থাপন কৰিলে। মন্দিৰত নিয়মিত পূজা-অৰ্চনা, বলি-বিধান হ’ব ধৰিলে।
পূজাৰীয়ে পুনৰ সপোন দেখিলে- মন্দিৰ প্ৰাংগণৰ আৱৰ্জনাপূৰ্ণ পুখুৰী পৰিস্কাৰ হ’ব লাগে। পুখুৰী পৰিস্কাৰ হ’ল আৰু তাৰ লগে লগে পুখুৰী গৰ্ভত স্থাপন কৰা হ’ল স্বৰ্ণখচিত নাগজাঠি। দিন গ’ল। লোকচক্ষুৰ আঁৰে আঁৰে পুখুৰীত থিতাপি ললেহি এক জল কুঁৱৰীয়ে। কুঁৱৰীৰ ৰূপৰ পোহাৰ এদিন আহুকাণে-পহুকাণে সকলোৰে মাজত সদৰি হৈ পৰিল। প্ৰতি মাজনিশা কুঁৱৰীয়ে পুখুৰীৰ চতুৰ্ভূজ ভ্ৰমণ কৰি, পদুম কলি খোপাত গুজি জলক্ৰীড়া কৰে। আন্ধাৰৰ আঁৰ লৈ কামদেৱ পাগলদিয়াই কুঁৱৰীৰ গতি অধ্যয়ণ কৰে। কুঁৱৰীৰ প্ৰহেলিকাময় ৰূপৰ জোৱাৰে পাগলদিয়াৰ মন ঢৌৱাই পেলালে।
আহাৰ মাহৰ কৃষ্ণচতুৰ্দশী। পাগলদিয়াত নৱ যৌৱনৰ বলীয়া বান। কোবাল সোঁতৰ জলধাৰাৰ একোচাটি পানী পাৰত খুন্দা খাই ইমান ওপৰলৈ চিটিকি আহে যেন পুখুৰীৰ পাৰ অতিক্ৰম কৰি প্ৰৱেশ কৰিব। এনেতে পুখুৰীৰ পানী চঞ্চল হৈ উঠিল। নাগজাঠি ডালৰ পৰা ওলাই আহিল কুঁৱৰী।
ঝাও গছৰ জোপোহাৰ আঁৰ লৈ থাকি সুদৰ্শন যুৱক পাগলদিয়াই সকলো লক্ষ্য কৰি আছিল। পানীৰ যুৱলিত স্নানোদ্যত কুঁৱৰীৰ ৰূপত আকৃষ্ট পাগলদিয়াই কুঁৱৰীৰ ওচৰত প্ৰণয় বিচাৰি উপস্থিত হ’ল। নিৰাভৰনা কুঁৱৰীয়ে লাজতে ম্ৰিয়মান হৈ সাউতকৰে পানীত বুৰ মাৰিলে। পাগলদিয়াই মনৰ শিহৰণ পাহৰিব নোৱাৰি অধিক পাগল হৈ পৰিল।
দিন যোৱাৰ লগে লগে লোক সমাজৰ পুখুৰীৰ প্ৰতি আগৰ সমান পৱিত্ৰ ধাৰণা নোহোৱা হ’ল। পুখুৰীৰ ওপৰত মানুহৰ অবাধ অত্যাচাৰ চলিল। প্ৰতি বছৰে বাৰিষা অহাৰ লগে লগে পাগলদিয়াই নৱ যৌৱনত মতলীয়া হৈ পুখুৰীত প্ৰৱেশ কৰিব খোজে। কোনোবা এটা বছৰত হেনো পাগলদিয়াৰ পানী পুখুৰীত কেইজোলোকামান সোমাইছিল। সেয়ে পুখুৰীৰ পানী অপৱিত্ৰ হলত কুৱঁৰী ফাঁট মাৰিলে। কোনোৱে কয়- কুৱঁৰী এতিয়াও পুখুৰীতে আছে, কিন্তু পৱিত্ৰ পানীৰ ওপৰত হোৱা অত্যাচাৰৰ হেতু কুৱঁৰীয়ে দেখা নিদিয়ে।
(উমেশ শৰ্মাদেৱৰ লিখনি এটাৰ সহায় লৈ)
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments