বেংককৰ হোটেলৰ এটা হাঁহি উঠা ঘটনা -(অনামিকা বৰা)

বেংককৰ হোটেলৰ এটা হাঁহি উঠা ঘটনা

-অনামিকা বৰা

 

বেংককলৈ ফুৰিবলৈ গৈছিলোঁ এপ্ৰিল মাহত। তাৰ প্ৰায়বোৰ অঞ্চলত দোকান-বজাৰ ৰাতি ৮ বজাৰ লগে লগে বন্ধ হৈ যায়। এদিন আমি ফুৰি আহোঁতে বহুত পলম হ’ল। আমি আকৌ ৰাতিৰ আহাৰ সাধাৰণতে আমি থকা হোটেলখনৰ বাহিৰতেই কোনো “ভাৰতীয় হোটেল” বিচাৰিহে খাওঁ। সেইদিনা পলম হোৱাৰ বাবে হোটেল-ৰেষ্টুৰেণ্ট বন্ধ হৈ যোৱাত আমি থকা হোটেলখনলৈকে উভতি আহিলোঁ যিমান পাৰোঁ সোনকালে। কাৰণ তাতো যদি ৰন্ধা-বঢ়া বন্ধ হৈ যায়, ঠিকতো নাই! আচলতে ইয়াতো ভাৰতীয় আহাৰ দুই-এবিধ পোৱা যায় যদিও ভাৰতীয় মানুহৰ দ্বাৰা পৰিচালিত হোটেলবোৰৰ আহাৰৰ দৰে সোৱাদ নহয়। সেইবাবেই নাখাওঁ। কিন্তু সেইদিনা থকা হোটেলখনতেই খাম যেতিয়া, কিনো খাম বুলি ভাবি কেৱল ভাত, দাইল আৰু অমলেটৰ অৰ্ডাৰ দিয়াৰ কথা ভবা হ’ল। মই আকৌ ঘৰৰ বাহিৰলৈ ফুৰিবলৈ গ’লে সদায় নিৰামিষ আহাৰেই কৰোঁ। সেয়া ৰেলতেই হওক, বিমানতেই হওক বা হোটেল-ৰেষ্টুৰেণ্টতেই হওক। সেইদিনা মোৰ আৰু নবৌৰ বাদে দাদা আৰু ভতিজা দুটাই তিনিটা অমলেট অৰ্ডাৰ দিলে। পিছে খাই উঠি বিল দেখিহে আচৰিত আমি। এটা অমলেটৰ দাম ২০০ বাত (Baht)। তিনিটাত মুঠতে ৬০০ বাত। মানে ভাৰতীয় হিচাব মতে এটা অমলেটত ৪০০ টকাকৈ খৰছ হ’ল। কাৰণ টকাৰ হিচাবত বাত (Baht) ভাৰতীয় টকাৰ দুগুণ। ১ থাই বাত = ১.৮৭ ভাৰতীয় টকা (1 Thai Baht = 1.87 Indian Rupee)। তাতে আকৌ বিলখনত লিখা আছিল “অমলেট উইথ মিঞ্চড পৰ্ক” (Omlet with Minced Pork)। দাদা লগে লগে উঠি গ’ল আৰু আমাক আহাৰ পৰিৱেশন কৰা মহিলাগৰাকীক সোধাত, তেওঁ “বিলিভ মি চাৰ, বিলিভ মি” বুলি কৈ খুব বুজাবলৈ ধৰিলে যে, সেয়া সাধাৰণ অমলেটেই হয়, কিন্তু তেওঁলোকৰ মেনুত “অমলেট উইথ মিঞ্চড পৰ্ক” বুলি থকাৰ বাবে আৰু কম্পিউটাৰতো তেনেকৈয়ে লিখা আছে বাবেহে এনে হ’ল। কথাষাৰ যেনিবা বিশ্বাস কৰিলোঁ আমি। ভতিজাটোৱে মোক সুধিলে, “পেহী, মিছাকৈ কৈছে নেকি?” মই বোলোঁ, “হ’ব দে, খোৱা হ’ল যেতিয়া এতিয়া হজম হ’লেই হ’ল।”

যি কি নহওক, অমলেট খাবলৈ গৈ যি খৰচ হ’ল আৰু যিটো অভিজ্ঞতা হ’ল সেই কাহিনী ঘৰলৈ আহি ঘৰৰ মানুহক আৰু বন্ধু-বান্ধৱীৰ মাজত কৈ বেচ হাঁহিৰ খোৰাক যোগাইছিলোঁ। সদায় মনত থাকিব সেই ঘটনাটো। এটা অমলেটৰ দাম ২০০ থাই বাত মানে ৪০০ ভাৰতীয় টকা….. বাপৰে বাপ! গাত লাগিবৰে কথা। ভাগ্যে কোনো হৃদৰোগী নাছিল আমাৰ মাজত। নহ’লে খৰচটিয়ে সেইজনাৰ একেবাৰে হৃদয়তে খুন্দা মাৰিলেগৈহেঁতেন!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!